অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ
অৱতৰণিকা: অসমীয়া কাব্য সাহিত্যত অম্বিকাগিৰী ৰায়চৌধুৰী স্বকীয় বৈশিষ্ট্যৰে প্ৰতিষ্ঠিত এগৰাকী প্ৰতিভাসম্পন্ন কবি৷ পাঁচখন কাব্য পুথিৰে খ্যাতি লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যত নিঃসন্দেহে মাইলৰ খুঁটি স্বৰূপ৷ কবিতাসমূহৰ মাজত এফালে আধ্যাত্মিকতাৰ অভিব্যক্তি আৰু আনফালে বিপ্লৱী চিন্তাৰ মূৰ্তমান প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়৷ আধ্যাত্মিক চিন্তা আৰু সামাজিক-ৰাজনৈতিক চেতনা এই দুই দিশৰ কবিতাবোৰ তেওঁৰ লগত নিবিড়ভাৱে জড়িত৷ লগে লগে তেওঁৰ কবিতাসমূহৰ মাজত গভীৰ দেশপ্ৰেমৰ ছবিও ফুটি উঠা দেখা যায়৷ দেশৰ সমস্যাসমূহ দেখি, দেশৰ অন্যায়, অত্যাচাৰ দেখি খঙাল হৈ পৰা ৰায়চৌধুৰীৰ কেইটিমান কবিতাৰ আধাৰত তেওঁৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম৷
দেশপ্ৰেম কবিতাৰ এটি পুৰণি বিষয়৷ দেশপ্ৰেমৰ কবিতাসমূহৰ মাজত সাধাৰণতে দুটা ৰূপ লুকাই থকা দেখা যায়৷ এটা বিদ্ৰোহ আৰু আনটো আশাবাদ৷ দেশপ্ৰেমৰ প্ৰেমেৰে জাগ্ৰত কবিসকলৰ ভিতৰত এগৰাকী অন্যতম কবি অম্বিকাগিৰী ৰায়চৌধুৰী৷ বিদ্ৰোহ আৰু বিপ্লৱৰ ফিৰিঙটিৰে উদ্বুদ্ধ তেঁওৰ কবিতাসমূহৰ গুৰুত্ব বৰ্তমান সময়ত যথেষ্ট৷ বৰ্তমান সময়ৰ তুলনাত ৰায়চৌধুৰীৰ দেশপ্ৰেম আছিল অনন্য আৰু অনুপম৷ কিদৰে তেওঁৰ দেশপ্ৰেম তথা জাতীয়তাবোধৰ ছবি কবিতাসমূহত জাগি উঠিছিল এই সম্পৰ্কে ফঁহিয়াই চোৱাই আলোচনাৰ গুৰুত্ব আৰু উদ্দেশ্য৷
কবিতাত দেশপ্ৰেম: স্বদেশভাবনা কবিতাৰ এটি পুৰণি বিষয়৷ দেশপ্ৰেমৰ কবিতাৰ মাজত সাধাৰণতে দুটা ৰূপ থকা দেখা যায়৷ সেয়া বিদ্ৰোহ আৰু আশাবাদ৷ কবিৰ মনত দেশৰ প্ৰতি থকা সীমাহীন প্ৰীতিয়ে যিদৰে স্পন্দন তোলে, দেশ আৰু জাতিৰ দুৰ্দশাই মনত ক্ষোভৰো সৃষ্টি কৰে৷ এফালে প্ৰীতি আনফালে দুৰ্দশা: এই দুয়ো ৰূপেই কবিক দি যায় সবল আৰু সুন্দৰ মাতৃভূমি গঢ়ি তোলাৰ এক দুৰ্বাৰ সাহস৷ নিজ দেশৰ প্ৰতি থকা হিতৈষী মনোভাব, দেশ ভক্তিৰ প্ৰৱণতা, স্বদেশৰ ভালৰ বাবে কৰা চেষ্টা আদিয়েই দেশপ্ৰেম অথবা স্বদেশ ভাবনাৰ সমাৰ্থক অৰ্থ বিশেষ৷ দেশপ্ৰেম এক গভীৰ অৰ্থবোধক অভিধা য'ত নিহিত হৈ থাকে দেশৰ প্ৰতি থকা শ্ৰদ্ধা-ভক্তি আনুগত্য আৰু দেশবাসীৰ ঐক্য, আবেগ আৰু সাৰ্বজনীন অনুভূতি৷ জন্মভূমিৰ প্ৰতি থকা ভাল পোৱাতো মানুহৰ এক সহজাত প্ৰবৃত্তি৷
অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ: অসমীয়া কাব্য-সাহিত্যত অম্বিকাগিৰী ৰায়চৌধুৰী স্বকীয় বৈশিষ্ট্যৰে বিৰাজমান৷ উদ্দেশ্যৰ সততা, দৃষ্টি-ভংগীৰ উদাৰতা, কাৰ্য সম্পাদনাত দৃঢ়তা আৰু কৃতকাৰ্যতাৰ আত্মসংযমে ৰায়চৌধাৰীৰ বৈপ্লৱিক ভাবাদৰ্শক মহীয়ান কৰি তুলিছিল৷ অসমীয়া জাতিৰ ন্যায্য স্বাৰ্থ, সংকটাক্ৰান্ত অস্তিত্ব নিজৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি ডেকা শক্তিক জগাই তুলি সকলোকে আত্মচেতনাৰে সজাগ কৰি জাতীয়তাবোধৰ ভাব জগাই দিয়াটোৱেই আছিল কবিগৰাকীৰ একমাত্ৰ উদ্দেশ্য৷ 'অগ্নি-বীণাৰ তান', অসমীয়া ডেকাৰ উক্তি, জাগ বেথা মোৰ জাগ, দেশেই জনম, গঢ়া কৰি মোক ঝাড়ুদাৰ কবিতাত গভীৰ দেশপ্ৰেম তথা জাতীয়তাবোধৰ সুৰ শুনা দেখা যায়৷
দেশৰ বাবেই অহৰ্নিশে চিন্তা কৰোঁতা অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত বিপ্লৱৰ ফিৰিঙতি আনফালে বিদ্ৰোহ দেখা যায়৷ পৰাধীন দেশৰ মানুহৰ গ্লানিত তেওঁ অগ্নি-শিখাৰ দৰে জ্বলি উঠিছিল৷ সমাজৰ মানুহৰ ভণ্ডামি, শঠতা ধুই মচি নিকা কৰি এখন সুস্থ-সবল দেশ গঢ়াত তেওঁৰ প্ৰাণ ব্যাকুল হৈ পৰিছিল৷ পৰাধীনতাৰ শিকলি ছিঙিবৰ বাবে মাতৃপূজালৈ তেওঁ সতীৰ্থসকলক আহ্বান কৰা 'অগ্নি-বীণাৰ তান' কবিতাত দেখা যায়:
ই যে মুক্ত জীৱন বন্ধন কৰা কঠোৰ বেথাৰ হান, ই যে মানৱতা অৱমাননাকাৰীৰ মৰ্দিত কৰা ধ্যান ই যে শত আঘাতৰ ৰক্ত ধুউৱা শ্ৰাৱণৰ মহাবান ই যে মাতৃ আদেশ, সন্তান প্ৰাণ দিবলকে বলিদান৷
ৰায়চৌধুৰীয়ে সমাজত উদ্ভৱ হোৱা সমস্যাবোৰ দেখি হতবাক হৈ পৰিছিল৷ সামাজিক বৈষম্য, অবিচাৰ, দুৰ্নীতি, শাসকীয়বৰ্গৰ আপোনপেটা স্বভাৱ তথা ভ্ৰষ্টাচাৰ, দেশবাসীৰ মাজত দেশপ্ৰেম আৰু আত্মবিশ্বাস তথা আত্মচৈতন্যৰ অভাৱ দেখি তেওঁৰ বিপ্লৱী সত্তা জাগি উঠিছিল৷ দেশত ভৰি পৰা জৰ্জৰিত সমস্যা দেখি স্বদেশপ্ৰেমী মন ক্ষন্তেকৰ বাবে হ'লেও খং আৰু ক্ষোভৰে ভৰি পৰা "অসমীয়া ডেকাৰ উক্তি" কবিতাত দেখা যায়:
তোৰ সভ্যতা, ভাষা গৌৰৱময় সোণভৰা ইতিহাস দেখা নাই নেকি পিটিকি কৰিলে নাচ জাতিৰ আবুৰ ইজ্জত মান চেঁচা হ'ল মাটি খাই চকুৰ আগতে তথাপি চেতনা নাই৷
এই সমস্যাবোৰ কেৱল দেশৰ মাজতে আৱদ্ধ নাথাকি সমগ্ৰ মানৱ সমাজলৈ ঢাপলি মেলা কবিয়ে দেখা পাইছিল৷ মানৱ সমাজৰ ঠগ প্ৰৱঞ্চনাই পবিত্ৰপূৰ্ণ আধাৰ স্বৰূপ অজলা শিশুটিকো ভুল পথেৰে পৰিচালিত কৰাৰ বাবে উদ্গণি যোগোৱাত কবি যেন চিন্তাম্বিত হৈ পৰিছিল৷ জগতৰ এশ এবুৰি সমস্যা দেখি, মানুহৰ কৰুণ অৱস্থা দেখি কবিৰ বিপ্লৱী সত্তা জাগি উঠিছিল৷ দেশৰ সমস্যা দেখি তেওঁ পলায়ণবাদী ভূমিকা নলৈ সেই সমস্যা সমাধানৰ বাবে চিন্তিত হৈ পৰা দেখা যায়৷ দৰাচলতে ৰায়চৌধুৰী হ'ল সংস্কাৰধৰ্মী কবি, সমাজ সংস্কাৰক৷ গঢ়া কৰি মোক ঝাড়ুদাৰ কবিতাত সমাজ সংস্কাৰৰ ছবিখন ফুটি উঠা দেখা যায়৷ সমাজৰ কদৰ্য আৰু জাতিৰ অস্বাস্থ্যকৰ পৰিস্থিতি দেখি তেওঁ নিজকে এজন ঝাড়ুদাৰ ৰূপত গঢ়ি তুলিছে৷ তেওঁ দেখিলে জাতিৰ জীৱনত জাহি-জাবৰ ভৰি পৰিছে৷ মনোৰম দেশত ধূলি-মাকটিৰ কদৰ্যতা দেখি তেওঁ ঝাড়ুদাৰ হৈ আগবাঢ়ি আহিল৷ বিশ্বক মনোৰম কৰি পবিত্ৰ কৰি তুলিবৰ বাবে তেওঁ বিশ্ব ঝাড়ুদাৰৰ মহৎ কামটো মূৰত লৈ নিজে আগবাঢ়ি আহিল:
হেৰা বিশ্ব কৰ্মকাৰ তোমাৰ ৰুদ্ৰ-ৰোষ হাতুৰীৰে পিটি পিটি মোক ভাঙি তৃপিতিৰে গঢ়ি তোলা কৰি বিশ্বৰ ঝাড়ুদাৰ হেৰা বিশ্ব কৰ্মকাৰ৷
বিশ্ব সেৱাই সুন্দৰ সৃষ্টি কদৰ্য কৰা ধূলি-মামৰৰ দম তেওঁ বিশ্বৰ পৰা সোলোকাই নিজতে ভৰাই ল'বলৈ হাবিয়াস কৰিছে৷
দৰাচলতে কবিৰ অন্তৰত আশা আৰু হতাশা দুয়োতাই খেলা কৰে৷ ৰায়চৌধাৰীৰ আশা জগত সুন্দৰ কৰিবলৈ প্ৰথমে দেশৰ অস্তিত্ব ৰক্ষা হ'ব লাগিব৷ কবিৰ ইচ্ছা সকলো জনগণে দেশৰ বাবে স্বাৰ্থ ত্যাগ কৰিব লাগিব নিঃস্বাৰ্থভাৱে দেশৰ বাবে যৎপৰোনাস্তি উন্নয়ন সাধন কৰিব লাগিব৷ তেওঁ জানিছিল দেশৰ অবিহনে জীৱনৰ মূল শূন্য৷ জনগণৰ উন্নতি সাধনৰ বাবে প্ৰথমে দেশৰক্ষাৰ বাবে জনগণক উদ্দেশ্যি কবিয়ে 'দেশেই ভগৱান' কবিতাত কৈছে:
"দেশৰ বিহনে জনম নাই জনম নহ'লে জীৱন নাই৷৷ জীৱন হেৰালে ভগৱান নাই৷৷ জীৱনতেইতো ভগৱানৰ পূৰ্ণ অধিষ্ঠান দেশ নহ'লে জীৱন গ'লে ভগৱান হয় অন্তৰ্ধান"
সমাজৰ অৱক্ষয়ৰ অনুভূতিৰ ছবি তেওঁৰ কবিতাত দেখা পোৱা যায়৷ দিনে দিনে বাঢ়ি অহা মানুহৰ পশুত্বই জনজীৱন বিষাক্ত কৰি তুলিছে৷ সেই বিষে চৌধুৰীদেৱক স্পৰ্শ কৰিছিল৷ তেওঁৰ দৃষ্টিত দেশৰ উপকাৰ সাধন কৰিবলৈ হ'লে মানুহ কৰ্মশীল হ'ব লাগিব৷ কৰ্মনিপুণ মানুহেহে দেশৰ উপকাৰ সাধন কৰিব পাৰে৷ দেশৰ শোচনীয় অৱস্থা দেখি স্পৰ্শকাতৰ চৌধুৰীদেৱে স্বদেশ আৰু স্বজাতিৰ তিল তিল কৈ ঘটা অপমৃত্যু গভীৰ ক্ষোভৰে অনুভৱ কৰিছে৷ দেশৰ জনগণৰ এচামে দেখিও নেদেখা ভাও ধৰা বিধৰ কবি নাছিল সেইবাবেই তেওঁ নতুন উদ্যমেৰে পুনৰাই দেশৰ জনগণক সজাগ কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ হোৱা 'জাগা বেথা মোৰ জাগ' কবিতাত দেখা যায়:
"হায় হায় হায় দেশৰ নো মোৰ কিয় এনে হ'ল! যাৰবাবে মই কৰোঁ ধৰোঁ সিয়ে ধৰি মাৰে, যাৰ বাবে মই পৰি মৰোঁ সিয়ে গালি পাৰে৷ কোনোৱে চোন নুশুনে মোৰ আটাহ, আৰ্তনাদ, তথাপি তো নাই কোনো মোৰ ক্লান্তি, অৱসাদ৷"
অম্বিকাগিৰী ৰায়চৌধুৰী কবিতাসমূহ বিচাৰ কৰি চালে দেখা যায় তেওঁৰ ভালেসংখ্যক কবিতাত দেশপ্ৰেম তথা স্বদেশ চেতনা জাগি উঠা দেখা যায়৷ কবিতাসমূহৰ মাজৰ পৰা তুলি লোৱা এয়া মাত্ৰ এক উদহৰণহে৷ অসমী আইক হাড়ে-হিমজুৱে ভাল পোৱা মনে-প্ৰাণে মাতৃভূমিক আপোন কৰি লোৱা একনিষ্ঠ সেৱক তথা স্বদেশপ্ৰেমী গৰাকীৰ ভালেসংখ্যক কবিতাত নতুন দেশ গঢ়াৰ প্ৰয়াসো দেখা যায়৷ প্ৰকৃততে প্ৰায়সংখ্যক কবিতাই সমন্বয় তথা স্বদেশানুভৱৰ সুৰেৰে চিৰদীপ্তমান৷
সামৰণি আৰু ব্যক্তিগত মতামত: দেশপ্ৰেম কবিতাৰ এটি প্ৰধান বিষয়৷ অম্বিকাগিৰী ৰায়চৌধুৰী কবিতাটোত এই দেশপ্ৰেম তথা জাতীয়তাবোধৰ ছবি অংকিত হৈছে৷ এই প্ৰেম প্ৰধানকৈ ফুটি উঠিছে প্ৰতিবাদৰ কবিতাবোৰত৷ এই প্ৰতিবাদ সমাজৰ প্ৰতি, শোষণৰ প্ৰতি এক প্ৰত্যাহ্বান স্বৰূপ৷ ভালেসংখ্যক কবিতাত বিদ্ৰোহ, বিপ্লৱ, আৰ্তনাদ, তাণ্ডৱ, ৰক্ত আদি বহু ব্যৱহৃত শব্দৰ প্ৰাচুৰ্য লক্ষ কৰা যায়৷ স্বদেশপ্ৰেম কেৱল দেশৰ আকাশ, মাটিৰ বন্দনাই নহয়৷ খং, ঘৃণা, প্ৰতিবাদ বিপ্লৱ আৰু আশাভৰা দৃঢ় সংকল্পই তেঁওৰ কবিতাত দেশপ্ৰেমৰ ইংগিত দিয়ে৷ তেখেতৰ কবিতাৰ মাজত সোমাই থকা এই দেশপ্ৰেম এক বিশ্লেষণৰ বিষয়, যি নতুন প্ৰজন্মৰ এক আদৰ্শময় বাহক৷ আপোনা-আপুনি তেখেতৰ কলমেৰে নিগৰা কবিতাসমূহৰ মাজৰ পৰা কেইটিমান কবিতাত দেখা পোৱা দেশপ্ৰেম তথা জাতীয়তাবোধ এই আলোচনাত আগবঢ়োৱা এক প্ৰয়াস মাত্ৰহে৷
সহায়ক গ্ৰন্থপঞ্জী: মুখ্য গ্ৰন্থ:
শৰ্মা, সত্যেন্দ্ৰ নাথ [সম্পা] : অম্বিকাগিৰী ৰায়চৌধাৰী ৰচনা সমগ্ৰ, অসম প্ৰকাশন পৰিষদ, তৃতীয় সংস্কৰণ, ডিচেম্বৰ, ২০০৯
গৌণ গ্ৰন্থ:
কলিতা, সমীন : শতাধিক অসমীয়া সাহিত্যিক, ষ্টুডেণ্ট ষ্ট'ৰচ, গুৱাহাটী - ২০০১
ডেকা হাজৰিকা, কৰবি : অসমীয়া কবিতা, বনলতা, গুৱাহাটী - ১৯৯২
পূজাৰী, অৰ্চনা [সম্পা] : অসমীয়া কবিতাৰ বিচাৰ বিশ্লেষণ, জ্যোতি প্ৰকাশন, গুৱাহাটী - ২০০০
বৰুৱা, ভবেন : অসমীয়া কবিতাৰ ৰূপান্তৰ পৰ্ব, গুৱাহাটী - ২০০২
ভট্টাচাৰ্য, পূৰ্ণ : আধুনিক অসমীয়া কবিতা, চন্দ্ৰ প্ৰকাশন, গুৱাহাটী - ২০০১
Comments
Post a Comment