লীলা গগৈৰ শিশু সাহিত্যঃ এক পৰিচয়মূলক আলোচনা

ড॰ বনদীপা শইকীয়া

সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
ডুমডুমা মহাবিদ্যালয়

[সাৰাংশ - অসমীয়া সাহিত্য জগতৰ এগৰাকী বহুমুখী প্ৰতিভাধৰ সাহিত্যিক হিচাপে লীলা গগৈয়ে শিশু সাহিত্যৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷ তেওঁৰ ৰচনাসমূহত শিশুৰ মনোজগত, কল্পনা, আনন্দ আৰু শিক্ষাৰ সমন্বয় সুন্দৰভাৱে প্ৰতিফলিত হৈছে৷ এই গৱেষণা-পত্ৰখনত লীলা গগৈৰ শিশু সাহিত্যৰ পৰিচয়, বৈশিষ্ট্য আৰু গুৰুত্ব সম্পৰ্কে এক বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা হৈছে৷ গৱেষণা-পত্ৰখনত প্ৰথমে অসমীয়া শিশু সাহিত্যৰ ঐতিহাসিক পটভূমিৰ সংক্ষিপ্ত আভাস দিয়া হৈছে৷ তাৰ পিছত লীলা গগৈৰ শিশু সাহিত্যসমূহৰ পৰিচয় আৰু বিষয়বস্তু বিশ্লেষণ কৰা হৈছে৷ ‘অনুপম কোঁৱৰৰ সাধু’, ‘জয়মতী আৰু মূলাগাভৰু’, ‘খঁৰা শিয়ালৰ বিয়া’, ‘ল’ৰাৰ লাচিত বৰফুকন’, ‘পোনাকণৰ সপোন’, ‘ৰংমনৰ কথা’ আৰু ‘সোণতৰা’ আদি গ্ৰন্থৰ জৰিয়তে শিশুসকলক নৈতিক শিক্ষা, দেশপ্ৰেম, ঐতিহ্য-চেতনা, সামাজিক মূল্যবোধ আৰু বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ প্ৰচেষ্টা দেখা যায়৷ লীলা গগৈৰ সাহিত্যত সাধুকথা, কবিতা, কাহিনী, লোকগীত, প্ৰবাদ-প্ৰবচন আদিৰ ব্যৱহাৰৰ জৰিয়তে শিশুসকলক আনন্দ দিয়াৰ লগতে শিক্ষামূলক দিশো আগবঢ়োৱা হৈছে৷ লগতে অসমৰ ইতিহাস, সংস্কৃতি, ভৌগোলিক পৰিচয় আৰু সামাজিক জীৱনৰ বাস্তৱ ছবি সুন্দৰভাৱে উপস্থাপন কৰা হৈছে৷ গৱেষণা-পত্ৰখনত এই সকলো দিশ সামৰি ল’বলৈ যত্ন কৰা হৈছে৷]

বীজ শব্দ - শিশু সাহিত্য, লীলা গগৈ, নৈতিক শিক্ষা৷

 

০.০ অৱতৰণিকা

০.১ বিষয়ৰ পৰিচয়

অসমীয়া ভাষাত সৃষ্টিশীল আৰু গৱেষণাধৰ্মী সাহিত্য সৃষ্টিৰ জৰিয়তে আত্মপৰিচয় প্ৰদান কৰা ড॰ লীলা গগৈ [১৯৩০-১৯৯৪] আছিল অসমীয়া সাহিত্য জগতৰ এজন উল্লেখযোগ্য সাহিত্যিক৷ তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তে প্ৰতিফলিত হৈছিল জাতীয় জীৱনৰ প্ৰতি দায়বদ্ধতা৷ তেওঁ আছিল একাধাৰে গৱেষক, বুৰঞ্জী লেখক, অনুবাদক, সমালোচক, ঔপন্যাসিক, হাস্যৰসাত্মক সাহিত্যৰ লেখক, লোক-সাহিত্যৰ গৱেষক, গ্ৰন্থ সম্পাদক তথা সংকলক, শিক্ষাবিদ, সাংবাদিক আৰু শিশু সাহিত্যিক৷ অন্যান্য সাহিত্যসমূহৰ লগতে শিশু সাহিত্যসমূহৰ জৰিয়তে তেওঁ বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া শিশু সাহিত্যের ইতিহাস যথেষ্ট প্ৰাচীন৷ অসমীয়া শিশু সাহিত্যিক জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত লীলা গগৈৰ ৰচনাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷ এই আলোচনাটিত লীলা গগৈৰ দ্বাৰা ৰচিত শিশু সাহিত্যসমূহৰ পৰিচয়মূলক আলোচনা তথা বিশ্লেষণ আগবঢ়োৱা হ’ব৷

০.২ অধ্যয়নৰ উদ্দেশ্য

বিষয়টি অধ্যয়নৰ উদ্দেশ্যসমূহ এনেধৰণৰ –

  • লীলা গগৈৰ সাহিত্যকৃতিৰ পৰিচয় দাঙি ধৰা৷

  • অসমীয়া শিশু সাহিত্য সম্পৰ্কে পৰিচয়মূলক আলোচনা কৰা৷

  • লীলা গগৈৰ শিশু সাহিত্যসমূহৰ পৰিচয় দাঙি ধৰাৰ লগতে বিষয়বস্তু সম্পৰ্কে আভাস দিয়া৷

০.৩ অধ্যয়নৰ পৰিসৰ

বিষয়টি আলোচনাৰ বাবে ‘বনলতা’ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত ড॰ লীলা গগৈ ৰচনাৱলী [Clean খণ্ড] ত সন্নিৱিষ্ট শিশু সাহিত্যসমূহক মূল আধাৰ হিচাপে গ্ৰহণ কৰা হৈছে৷ সেই অনুসৰি তেওঁৰ দ্বাৰা ৰচিত অনুপম কোঁৱৰৰ সাধু [১৯৫৯], জয়মতী আৰু মূলাগাভৰু [১৯৬৩], খঁৰা শিয়ালৰ বিয়া [১৯৫৪], ল’ৰাৰ লাচিত বৰফুকন [১৯৬২], পোনাকণৰ সপোন [১৯৫৫], ৰংমনৰ কথা [১৯৫৪], সোণতৰা [১৯৫৪] এই কেইখন ৰচনাক আলোচনাৰ আওতালৈ অনা হৈছে৷

০.৪ অধ্যয়নৰ পদ্ধতি

লীলা গগৈৰ সাহিত্যসমূহৰ পৰিচয় প্ৰসংগত বৰ্ণনাত্মক পদ্ধতিৰ বাবে সহায় লোৱা হৈছে৷ অন্যহাতে বিষয়বস্তু আলোচনা প্ৰসংগত বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে৷

১.০ শিশু সাহিত্য

অসমীয়া সাহিত্যৰ অন্তৰ্গত সাহিত্যৰ বিভিন্ন প্ৰকাৰসমূহৰ ভিতৰত শিশু সাহিত্য অন্যতম৷ শিশু সাহিত্য বুলি ক’লে সাধাৰণতে দুটা অৰ্থ প্ৰকাশ পায়৷ এটা হ’ল শিশুৰ বাবে লিখা সাহিত্য আৰু আনটো হ’ল শিশুৱে লিখা সাহিত্য৷ সচেতনভাৱেই হওক বা অসচেতনভাৱেই হওক প্ৰাচীন কালত ৰচিত বিভিন্ন সাহিত্যৰ মাজত শিশু উপযোগী সাহিত্যৰ সমল পৰিলক্ষিত হয়৷ শংকৰী যুগৰ বৈষ্ণৱ কবি ৰাম সৰস্বতীৰ ‘ভীম চৰিত’, শ্ৰীধৰ কন্দলীৰ ‘কাণখোৱা’, শংকৰদেৱৰ দ্বাৰা অনূদিত দশম স্কন্ধ ‘ভাগৱত’ৰ শিশুলীলা আদিৰ মাজত শিশুমনক খোৰাক যোগাব পৰা কিছুমান উপাদানৰ অৱস্থিতি দেখা যায়৷ এইসমূহক একেষাৰে শিশু সাহিত্য বুলি ক’ব নোৱাৰি যদিও শিশু সাহিত্যৰ কিছু লক্ষণ তথা বৈশিষ্ট্য ইয়াত বিদ্যমান৷ প্ৰকৃততে শিশু সাহিত্য হিচাপে অভিহিত কৰিব পৰা সাহিত্যকৃতি ‘অৰুণোদয় যুগ’ [১৮৪৬-১৮৮৩] ৰ পৰাহে পোৱা যায়৷ ইয়াৰ পৰৱৰ্তী সময়ত বিভিন্ন শিশু সাহিত্যিকৰ হাতত অসমীয়া শিশু সাহিত্যই বিকাশ তথা বিৱৰ্তন লাভ কৰিবলৈ সক্ষম হৈছে৷ অন্যান্য ভাষাৰ পৰা অসমীয়ালৈ অনূদিত শিশু সাহিত্যসমূহো এই ক্ষেত্ৰত উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে৷ গ্ৰন্থকাৰে প্ৰকাশিত শিশু সাহিত্যসমূহৰ উপৰি বিভিন্ন কাকত আলোচনী তথা বিদ্যায়তনিক ক্ষেত্ৰত সন্নিৱিষ্ট শিশু সাহিত্যসমূহো অসমীয়া শিশু সাহিত্যক সমৃদ্ধিশালী কৰি তুলিছে৷ অসমীয়া শিশু সাহিত্য বিভিন্ন সাহিত্যিকৰ হাতত ইতিমধ্যে প্ৰাণ পাই উঠা দেখা গৈছে৷ এই সাহিত্যিকসকলৰ ভিতৰত লীলা গগৈ উল্লেখযোগ্য৷

১.১ লীলা গগৈৰ শিশু সাহিত্যৰ পৰিচয় আৰু বিষয়বস্তুৰ আলোচনা

লীলা গগৈৰ শিশু সাহিত্যসমূহলৈ মন কৰিলে দেখা যায় যে তেওঁৰ সাহিত্যৰাজিৰ মাজত শিশু উপযোগী সমলেৰে সাধুকথাৰ ৰূপত, কবিতাৰ ৰূপত, বৰ্ণনাত্মক ৰূপত বিভিন্ন বিষয়ক জ্ঞান দিবলৈ যত্ন কৰিছে৷ তলত তেওঁৰ শিশু সাহিত্যসমূহৰ পৰিচয় তথা বিষয়বস্তুৰ আভাস দিবলৈ যত্ন কৰা হ’ল৷

১.১.১ অনুপম কোঁৱৰৰ সাধু

এই শিশু পুথিখনৰ জৰিয়তে লেখকে এটি সাধুৰ মাধ্যমেৰে শিশুসকলক বিভিন্ন বিষয়ৰ, বিভিন্ন দেশৰ জ্ঞান প্ৰদান কৰিবলৈ প্ৰয়াস কৰিছে৷ কাহিনী অনুসৰি শদিয়া নগৰৰ এহাল দম্পতীৰ বহু চেষ্টাৰ মূৰত জন্ম হোৱা এটি পুত্ৰ সন্তান এজনী চিলনীয়ে থপিয়াই লৈ গৈ চিলনী কোঁৱৰ নামেৰে ডাঙৰ-দীঘল কৰিলে৷ প্ৰকৃতিৰ মাজত থাকি এদিন চিলনী কোঁৱৰৰ আমনি লাগিল আৰু মানুহৰ সংগ ল’বলৈ কোঁৱৰ প্ৰকৃতিৰ পৰা ওলাই আহিল৷ কোঁৱৰ ওলাই আহি দিহিঙে-দিপাঙে ঘূৰি নিজৰ মাক-দেউতাকক বিচাৰি পোৱাৰ যি পৰিক্ৰমা, সেয়া কাহিনীটোত বৰ্ণিত হৈছে৷ এক দীঘলীয়া পৰিক্ৰমাৰ কথা বৰ্ণনা কৰিবলৈ যাওঁতে লেখকে বিভিন্ন ঠাইৰ বিভিন্ন কাহিনী বৰ্ণনা কৰিছে আৰু তাৰ জৰিয়তে শিশুক জ্ঞান প্ৰদানৰ চেষ্টা কৰিছে৷

শিশুৰ কল্পনাপ্ৰৱণ মনত আগ্ৰহ জন্মাবৰ বাবে লেখকে চিলনীৰ পাখিৰ সহায়ত কোঁৱৰে উৰি উৰি দেশ ভ্ৰমণ কৰাৰ বৰ্ণনা দাঙি ধৰিছে৷ ৰাতিৰ আকাশৰ এখনি ফুলনিত জোনাকৰ পোহৰত সৰু সৰু পুতলা যেন লগা ছোৱালী কেইজনীমানে কোঁৱৰক জোকাইছে এনেদৰে –

“কোন দেশৰ ধুনীয়া কোঁৱৰ
কোন ৰজাৰ ল’ৰা,
পাখি লগাই উৰি আহিছা
কোন দিশৰ পৰা?
কোন তোমাৰ বাই-ভনী
কোন তোমাৰ আই,
ক’লৈ যাবা কোঁৱা আমাক
নক’লে এৰণ নাই৷” [গগৈ ২২৫]

আনকি এই কুঁৱৰী কেইজনীৰ লগত কোঁৱৰে লুকা-ভাকু খেলিও আনন্দ উপভোগ কৰিছে৷ এই ফুলনিৰে মালিনী বুঢ়ীয়ে কোঁৱৰক সাধু শুনাইছে৷ শিৱ-পাৰ্বতী, তেওঁলোকৰ সন্তান কাৰ্তিক আৰু গণেশৰ লগত চিনাকি কৰাই দিছে আৰু সাধুটোৰ জৰিয়তে শিক্ষা প্ৰদান কৰিছে যে - “যাৰ মাক-দেউতাক জীয়াই থাকে, তাৰ বেলেগ তীৰ্থ নাই৷ মাকেই তীৰ্থ৷ দেউতাকেই স্বৰ্গ৷ ... জীয়াই থকা কালত পিতৃ-মাতৃকহে সেৱা-সৎকাৰ কৰিব লাগে৷ তীৰ্থৰ প্ৰয়োজন নাই৷” [গগৈ ৭২১]

লেখকে ইয়াৰ পিছতে শিশুসকলক নগা পাহাড়ৰ বৰ্ণনা দিয়াৰ মানসেৰে চিলনী কোঁৱৰক নগা পাহাৰত উপস্থাপন কৰিছে৷ অন্যহাতে শিশুসকলক অসমীয়া লোক-সাহিত্যত বহুলভাৱে প্ৰচলিত এটি গীতৰ আভাস দিছে এনেদৰে –

“ৰ’দালি এ ৰ’দ দে
আলি কাটি জালি দিম
বৰপীৰা পাৰি দিম,
তাতে বহি বহি ৰ’দ দে
ৰ’দালি মাকৰ তিনিডাল চুলি
গৈ গৈ পালেগৈ দিহিঙৰ বালি৷” [গগৈ ৭২১]

নগাসকলৰ এটি সাধুকথাৰ জৰিয়তে লেখকে শিশুক উপদেশ প্ৰদান কৰিছে যে নিজৰ ককাই-ভাইৰ লগত সদায় মিলিজুলি থাকিব লাগে৷ ককাই-ভাইয়েহে ইজনে সিজনক সহায় কৰিব পাৰে৷ অন্যহাতে চিলনী কোঁৱৰে নিজৰ মাক-দেউতাকৰ সন্ধানত ঘূৰি ফুৰোঁতে লগ পোৱা এজন ঋষিৰ জৰিয়তে শিশুসকলক অসম দেশৰ বৰ্ণনা দিবলৈ যত্ন কৰিছে৷ উদাহৰণস্বৰূপে - “তুমি অসমৰ ল’ৰা৷ অসম তোমাৰ ওপজা ঠাই৷ এইখন ধুনীয়া দেশ৷ পুৰণি কালত বহুত মানুহে দেশৰ হকে কাম কৰিছিল৷ ৰজা-প্ৰজা আটায়ে দেশক ভাল পায়৷ তুমিও অসমৰ ল’ৰা৷ তুমিও দেশক ভাল পাব লাগিব৷” [গগৈ ৭২২] ঠিক এনেদৰে মাক-দেউতাকৰ সন্ধানত ঘূৰি ফুৰোঁতে কোঁৱৰ চৰিত্ৰটোৰ জৰিয়তে লেখকে শদিয়া নগৰৰ বৰ্ণনা দাঙি ধৰিছে৷ সাঁথৰৰ অৱতাৰণা কৰিছে এনেদৰে -

“শদিয়ালৈ নাযাবা, সৎ ফুল নেখাবা
কেঁচাপাতত নাবান্ধিবা লোণ,
উপজিয়ে লৰ মাৰে কোন?” [গগৈ ৭২৪]

আকৌ,

“ল’ৰা কালত দুই শিং ডেকা হ’লে সৰে
বুঢ়া হ’লে দুনাই গজে, আকাশত চৰে৷” [গগৈ ৭২৫]

অৱশেষত কোঁৱৰে নিজৰ মাক-দেউতাকক লগ পোৱাৰ কথাৰে লেখক লীলা গগৈয়ে কাহিনীটো সামৰণি মাৰিছে৷

সামগ্ৰিকভাৱে এই কাহিনীটোৰ জৰিয়তে লেখকে শিশুক উপকৃত কৰিব পৰাকৈ প্ৰকৃতিৰ সৈতে খাপ খুৱাই অনেক গীত-মাত, অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, দেশৰ প্ৰতি থাকিবলগীয়া দায়বদ্ধতা, পাহাৰ-ভৈয়ামৰ ধাৰণা তথা একতা আদি ধাৰণা প্ৰদান কৰিবলৈ সক্ষম হৈছে৷ সাধুকথা, প্ৰবাদ, সাঁথৰ আদিয়ে অসমীয়া লোক-সাহিত্যক সমৃদ্ধ কৰি ৰাখিছে৷ লেখক এই সকলো দিশৰ এক ছবি শিশুহঁতৰ সন্মুখত উপস্থাপন কৰিবলৈ সক্ষম হৈছে৷ শিশুৰ মনত অহৰহ খুন্দিয়াই thaka অবাস্তৱ তথা অলীক কল্পনাৰ মনোজগতখনৰ আভাসো অনুপম কোঁৱৰৰ সাধুত দেখিবলৈ পোৱা যায়৷

১.১.২ জয়মতী আৰু মূলাগাভৰু

এই পুথিখনত অসম বুৰঞ্জীৰ দুগৰাকী সাহসী নাৰী জয়মতী আৰু মূলাগাভৰুৰ পৰিচয় দাঙি ধৰিছে৷ পুথিখনৰ প্ৰথমৰ ফালে জয়মতীৰ জীৱন পৰিক্ৰমা দাঙি ধৰিছে৷ জয়মতীৰ পিতৃ পৰিচয়, গদাপাণিৰ লগত চিনাকি পৰ্ব, জয়মতীৰ সাংসাৰিক দায়িত্ববোধ, সাহস, দেশৰ প্ৰতি কৰা আত্মত্যাগ আদি সকলো দিশৰ লগত লেখকে পাঠকক পৰিচয় কৰাই দিবলৈ সক্ষম হৈছে৷ জয়মতীৰ পৰিচয় দাঙি ধৰা হৈছে এনেদৰে – “মাদুৰিয়াল লাইথেপেনা বৰগোহাঁই আহোম ৰাজ্যৰ এজন জ্ঞানী, গুণী, দূৰদৰ্শী পুৰুষ আছিল৷ তেওঁ কিছুমান দিন সলাল গোহাঁইৰ বিষয় খাইছিল৷ এওঁৰ ঘৰ আছিল মাদুৰিত৷ পুৰণি ৰংপুৰ নগৰৰ পূবত আৰু গড়গাঁও নগৰৰ দক্ষিণ-পশ্চিমত৷ লাইথেপেনা বৰগোহাঁইৰ কেইবা গৰাকীও ভাৰ্যা আছিল আৰু তেওঁবিলাকৰ ফালৰ একুৰি চাৰিজন পুতেক আৰু বাৰগৰাকী জীয়েক আছিল৷ তাৰে ভিতৰত জয়মতীও এগৰাকী৷” [গগৈ ৭২৭] অন্যহাতে জয়মতী এগৰাকী আদৰ্শ মাতৃৰ লগতে আছিল সু-গৃহিণী৷ তদুপৰি দেশৰ বিভিন্ন ৰাজনৈতিক ঘটনা-পৰিঘটনাৰ প্ৰতি যথেষ্ট সচেতন আছিল৷ জয়মতীক সু-গৃহিণী হিচাপে চিনাকি কৰাই দিয়াৰ চলেৰে লেখক শিশুসকলক অসমীয়া থলুৱা খাদ্যৰ জ্ঞান তথা খাদ্য পৰিৱেশনৰ ৰীতি-নীতিৰ জ্ঞান দিবলৈ যত্ন কৰিছে এনেদৰে - “জয়মতী সঁচাকৈয়ে ঘৰৰ লখিমী আছিল৷ সৰুৰে পৰা আখলশালত লাচনি-পাচনি কৰি মাকক সহায় কৰি দিছিল৷ ভাত সিজাবলৈ কাঁহী-বাটি যতাই দিছিল৷ মজিয়াখন মচি দিছিল৷ ঢৰা-পীৰা পাৰি, লোটা চৰিয়া চপাই ভাগে ভাগে বাঢ়ি দিছিল৷ ... লাইজাবৰি, মাটিকাদুৰি, মানিমুনিৰে খাৰলি ৰান্ধিছিল৷ কচুথুৰি পাতত দি সৰু বিলাহীৰে পকাতেল সানি সনা-পিটিকা কৰিছিল৷ খলিহৈত থেকেৰা টেঙা সানি পানী-টেঙা কৰিছিল৷ ... সুৱাগমণি, নিয়ৰকদম বা চিকণকলি ধানেৰে জা-জলপান কৰিব জানিছিল৷” [গগৈ ৭২৮]

প্ৰচলিত কাহিনী অনুসৰি লালুকসোলা বৰফুকনৰ চক্ৰান্ত আৰু ল’ৰাৰজা বা চুলিকফাৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ পাবলৈ গদা কোঁৱৰে নগা পাহাৰত আত্মগোপন কৰি আছিল৷ কিন্তু এই পুথিখনত লেখকে উল্লেখ কৰিছে যে গদাপাণিৰ লগতে জয়মতীও ৰাতি ঘৰৰ পৰা পলায়ন কৰিছিল আৰু বহুদিন অৰঙে-দৰঙে ঘূৰি জেৰেঙাৰ ডাঠ হাবিত গছৰ ডাল-পাতেৰে ঘৰ সাজি ফল-মূল খাই জীৱন নিৰ্বাহ কৰিছিল৷ জেৰেঙাত থকা সময়ছোৱাতেই ৰজাৰ চোৰাংচোৱাই তেওঁলোকক বিচাৰি অহাৰ উমান পাই জয়মতীয়ে গদাপাণিক নগাৰ বেশ ধৰি পলাই যাবলৈ বাধ্য কৰাইছিল৷ ইয়াৰ পিছতেই লেখকে গদাপাণিৰ খবৰ সুধি জয়মতীক কৰা অত্যাচাৰ, সেই অত্যাচাৰত জয়মতীৰ মৃত্যু হোৱাৰ বৰ্ণনা দাঙি ধৰিছে৷ জয়মতীৰ মৃত্যুৰ পিছত গদাপাণিয়ে নিজৰ পৰাক্ৰমেৰে কিদৰে শত্ৰুক দমন কৰি ৰাজপাটৰ অধিকাৰী হৈছিল সেই বৰ্ণনাও যথাযথ ৰূপত উপস্থাপন কৰিছে৷ সামগ্ৰিকভাৱে এই ৰচনাখনত জয়মতীৰ আত্মত্যাগ, আহোম ৰাজতন্ত্ৰৰ স্বৈৰাচাৰী শাসন ব্যৱস্থা, সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপট, গদাপাণিৰ বীৰত্ব আদি সকলো দিশ সামৰি লোৱা দেখা গৈছে৷

অসমৰ আন এগৰাকী মহীয়সী তথা সাহসী আহোম ৰমণী মূলাগাভৰুকো লেখকে তেওঁৰ ৰচনাখনৰ জৰিয়তে শিশুসকলক চিনাকি কৰাই দিছে৷ আমাৰ সমাজত ‘কবচ কাপোৰ’ সম্পৰ্কে থকা বিশ্বাসক শিশুসকলৰ সৈতে চিনাকি কৰাই দিছে এনেদৰে - “অসমীয়া নাৰীয়ে ৰাতিটোৰ ভিতৰতে কপাহ নেওঠি, পাঁজি কাটি, সূতা কাটি, তাত বৈ কাপোৰ উলিয়ায়৷ এইখন কাপোৰ পিন্ধি ৰণলৈ গ’লে ৰণত জয়ী হয়৷ অসমীয়া মানুহৰ এনে বিশ্বাস যে এনে কাপোৰ গাত থাকিলে ইন্দ্ৰৰ বজ্ৰও ব্যৰ্থ হয়৷” [গগৈ ৭৩৮] দুৰ্ভাগ্যবশতঃ মূলাগাভৰুৱে তেওঁৰ স্বামী ফ্ৰাচেনমুং গোহাঁইক এই কবচ কাপোৰ প্ৰস্তুত কৰি দিব পৰা নাছিল৷ তুৰ্বকৰ সৈতে হোৱা ৰণত তেওঁৰ স্বামীৰ মৃত্যু হৈছিল৷ কিন্তু মূলাগাভৰু আছিল অতি সাহসী৷ নিজৰ স্বামীৰ মৃত্যুৰ পিছত তুৰ্বকৰ লগত যুঁজ দি তেওঁ প্ৰাণত্যাগ কৰিলে৷ লেখকৰ ভাষাত - “যিখন দেশ ৰক্ষাৰ বাবে ফ্ৰাচেনমুঙে প্ৰাণ দিলে, সেইখন দেশ ৰক্ষাৰ বাবে মূলা অবলা নহৈ সবলা হৈ ৰণত নামিল৷ তয়াময়া যুঁজত প্ৰাণ দিলে৷ সেই ৰণতেই যদিও মূলাগাভৰুৰ মৃত্যু হ’ল, তথাপি তেওঁৰ আত্মাই অসমীয়া সৈন্যক প্ৰাণ টাকি যুঁজিবলৈ অসীম শক্তি দিলে৷” [গগৈ ৭৩৮-৭৩৯]

জয়মতী আৰু মূলাগাভৰুৰ দৰে বীৰাঙ্গনাৰ কাহিনী বৰ্ণনা কৰাৰ শেষত লেখকে ‘আজি আমি কি কৰিব পাৰোঁ’ - অংশত শিশুসকলক জয়মতী আৰু মূলাগাভৰুৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ উপদেশ দিছে৷ লেখকৰ ‘জয়মতী আৰু মূলাগাভৰু’ শীৰ্ষক ৰচনাখনৰ জৰিয়তে শিশুসকলে দুয়োগৰাকী সাহসী নাৰীৰ বিষয়ে জ্ঞান লাভ কৰাৰ লগতে আহোম ৰাজত্বৰ সময়ছোৱাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰো জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ব৷ অন্যহাতে এই দুয়োগৰাকী নাৰীৰ কাহিনীয়ে শিশুসকলক সাহসী হ’বলৈ অনুপ্ৰেৰণা যোগাব৷

১.১.৩ খঁৰা শিয়ালৰ বিয়া

এই পুথিখনত সৰু-ডাঙৰ সোতৰটা কবিতা সন্নিৱিষ্ট হৈছে৷ সেইকেইটা হৈছে ক্ৰমে - খঁৰা শিয়ালৰ বিয়া, শিয়াল পণ্ডিত, মৌগুটি আৰু চানাচুৰ, অঘাইতং ল’ৰা, জোঁৱাই কুকুৰীকণা, বুঢ়াৰ কচুখেতি, বুঢ়ী আই ঐ নাহিলি সুখৰ কালত, শিয়ালী এ নাহিবি ৰাতি, বগলী এ সবাহলৈ নগ’লি কিয়? বুবুলহঁতৰ ভূগোল, তৰা আৰু পোনাকণ, টিলিঙা আৰিব কোনে? বুঢ়াৰ দশা, বুঢ়ী মেমৰ বিয়া, ফ্লাইং ছ’চাৰ, শিয়াল ৰজাৰ বিলৈ আৰু দেউৰ পৰিকল্পনা৷

‘খঁৰা শিয়ালৰ বিয়া’ কবিতাটি এটি হাস্যৰসাত্মক কবিতা৷ প্ৰকৃতিৰ মাজত শিয়াল আৰু শিয়ালীৰ বিয়া হৈছে৷ শিয়াল হ’ল খঁৰা আৰু এই শিয়ালৰ কইনা অপেচৰীৰ দৰে৷ কিন্তু বয়স চল্লিশ বছৰ৷ কবিৰ মতে দৰা লাপুংবুঢ়া আৰু সোলা৷ শিয়ালৰ বিয়াত সাতশ অতিথিক আপ্যায়ন কৰিবৰ বাবে এচিৰা ধানৰ চিৰা, সাতজনী নিগনিৰ পৰা সংগৃহীত এপোৱা গাখীৰ, এটা হাঁহ, এপোন-এগুচি তামোল-পাণ যোগাৰ কৰা হৈছে৷ অন্যহাতে মকৰাৰ সূতাৰে তৈয়াৰী দুই পেৰা কাপোৰ কইনাৰ বাবে সাজু কৰা হৈছে৷ ইফালে দৰাই কইনাক আনিবলৈ সাজু হৈছে এনেদৰে –

“বৰাৰ চুকত খঁৰাৰ ঘৰ
ভাখৰীত পাখৰী বাই;
কইনা আনিব কেনেকৈ বাৰু
তাৰো উৱাদিহ নাই৷
নাকটো মোহাৰি বুধিটো উলিয়াই
খঁৰাও নাছিল কম;
ইকৰা পাতেৰে জাহাজ সাজিলে
তিনিশ একুৰি খন৷” [গগৈ ৭৪১]

এই বিশেষ বিয়াখনক লৈ সকলোৰে আনন্দৰ সীমা নাই৷ মেঘ দেৱতাই ঢোল বজাইছে, জিলিয়ে কালি বজাইছে, গাঁৱৰ গঞা অৰ্থাৎ শিয়ালবোৰে ‘হোৱা হোৱা’ কৈ হৰিধ্বনি দিছে৷ ইফালে তামুলীয়ে বিয়াৰ তামোল কাটিছে আৰু এই বিয়াখন সমগ্ৰ দেশতে জনপ্ৰিয় হৈ পৰিছে৷

প্ৰকৃতাৰ্থত কবিতাটিৰ জৰিয়তে হাস্যৰস প্ৰকাশ পাইছে যদিও অসমীয়া ভাষাত প্ৰয়োগ হোৱা সুন্দৰ শব্দ কিছুমান উল্লেখ কৰি শিশুসকলক আকৰ্ষিত কৰাৰ প্ৰয়াস কৰিছে৷ যেনে - ভাখৰী গাঁৱত পাখৰী কইনা, ফাপৰে খালে, লাপুং সোলা, বগলী পাখি যেন ধোৱা, কাছুটি উফৰি যায় আদি উল্লেখযোগ্য৷

জীৱ-জন্তুৰ ভিতৰত শিয়ালক অতিশয় টেঙৰ জন্তু হিচাপে জনা যায়৷ এই শিয়ালে নিজকে ‘পণ্ডিত’ হিচাপে প্ৰতিপন্ন কৰিবলৈ গৈ শেষ পৰিণতি কি হ’ল, সেই কথাখিনি কবিয়ে কবিতাৰ আকাৰে ‘শিয়াল পণ্ডিত’ শীৰ্ষক কবিতাটিত বৰ্ণনা কৰিছে৷ এদিন এজন ব্ৰাহ্মণে [দেউ] দক্ষিণা ল’বলৈ গৈ থকাৰ মাজতে ৰাস্তাৰে তেওঁৰ পুথি-পাঁজি থৈ প্ৰস্ৰাৱ কৰিবলৈ হাবিৰ ভিতৰত গ’ল৷ আৰু সেই সুযোগতে শিয়ালে খোৱา বস্তু আছে বুলি ভাবি ব্ৰাহ্মণজনৰ টোপোলাটো লৈ হাবিৰ ভিতৰ পালেগৈ৷ কিন্তু টোপোলাটো খুলি তাৰ ভিতৰত খোৱা বস্তুৰ সলনি পুথি-পাঁজিহে পালে৷ শিয়ালৰ মনলৈ তেতিয়াই একটা দুষ্ট বুদ্ধি আহিল যে ব্ৰাহ্মণৰ এই পুথিখিনি লৈ নিজকে পণ্ডিত বুলি ক’ব আৰু পঢ়াশালি পাতি শিক্ষা দিব৷ প্ৰকৃত পৰিচয় লুকুৱাই শিয়ালে নিজৰ চিনাকি দিছে এনেদৰে–

“পণ্ডিতে বোলে - ‘কাশীৰ পৰা,
পুথিয়ে-পাঁজিয়ে আহিছোঁ খঁৰা,
নৈৰ কাষত ধৰম চিয়াই
পাতিছোঁহি পঢ়াশালি;
ছাতৰ পঠালে পণ্ডিত কৰিম
গিয়ান অমৃত ঢালি৷” [গগৈ ৭৪২]

অধ্যাপকৰূপী শিয়াল পণ্ডিতৰ ওচৰলৈ ভালেমান হাঁহ-পাৰৰ পোৱালি পঢ়িবলৈ আহিল৷ ইফালে পণ্ডিতে আকৌ ৰাতিহে পঢ়ুওৱাৰ সিদ্ধান্ত ল’লে৷ অৰ্থাৎ ভালেখিনি হাঁহ-পাৰৰ পোৱালি পণ্ডিত হোৱাৰ সলনি শিয়ালৰ পেটৰ আলহী হ’ল৷ অৱশেষত সকলোৱে শিয়ালৰ এই টেঙৰামি বুজি উঠিল, পুথি-পাঁজি কাঢ়ি লৈ গ’ল আৰু শিয়ালৰ জাকৰ পৰাও নিৰ্বাসন দিলে৷

কবিতাটিৰ জৰিয়তে কবিয়ে শিশুসকলক শিক্ষা প্ৰদান কৰিছে যে, কেতিয়াও মিছাৰ আশ্ৰয় ল’ব নালাগে আৰু কাৰোৰে অন্যায় কৰিব নালাগে৷ এনে কৰিলে স্থান হেৰুৱাৰ লগতে মানো হেৰুৱাবলগীয়া হয়৷

শিশুক স্বাস্থ্য সচেতন কৰাৰ উদ্দেশ্য আগত ৰাখি কবিয়ে ‘মৌগুটি আৰু চানাচুৰ’ শীৰ্ষক কবিতাটি ৰচনা কৰিছে৷ মৌগুটি নামৰ শিশুটিয়ে চানাচুৰ বিক্ৰী কৰিবলৈ অহা বেপাৰীজন দেখাৰ লগে লগে চানাচুৰ খাবৰ বাবে মাকক পইচা বিচাৰে৷ অন্য শিশুবোৰো মৌগুটিৰ ব্যতিক্ৰম নহয়৷ কিন্তু এই চানাচুৰৰ প্ৰস্তুত প্ৰণালী বা চানাচুৰত ব্যৱহৃত উপকৰণসমূহ স্বাস্থ্যসন্মত নহয়৷ এনে খাদ্যই শিশুৰ শৰীৰত বেয়া প্ৰভাৱ পেলায়৷ গতিকে তেনে খাদ্যৰ পৰা শিশুক দূৰত ৰখা উচিত৷ শিশুৰ কোমল মনত এই কথাৰ উমান দিবৰ বাবে কবিতাটিত মৌগুটিক চানাচুৰে নিজেই চানাচুৰ নাখাবৰ বাবে উপদেশ দিছে৷ তাৰে কিয়দংশ এনেধৰণৰ-

“তই মৌগুটি নেখাবি বাপুটি
পেটৰ বেমাৰ হ’ব;
দিনে দিনে টুটি যাব৷
ৰতনলালৰ গুদামত পৰি
গেলি-পচি থকা বুট;
বটুৱা ঘোঁৰায়ো নেখায় ইয়াক
এনে বস্তু অদভূত৷
নিগনি-এন্দুৰ দগাবাজহঁতে
মোৰ ওপৰত পৰি;
সৰু পানী চুই কিযে নকৰিলে
নিজানত পাই ধৰি৷” [গগৈ ৭৪৩]

‘অঘাইতং ল’ৰা’ শীৰ্ষক কবিতাটিত কবিয়ে শিশুক পঢ়াশালি বা শিক্ষানুষ্ঠানত কেনেকৈ থাকিব লাগে সেই বিষয়ে শিক্ষা প্ৰদান কৰিছে৷ অৰ্থাৎ পঢ়াশালিত নিয়মানুৱৰ্তিতা বজাই নাৰাখিলে ছাত্ৰ-ছাত্ৰীসকল শিক্ষকৰ অপ্ৰিয় হয় আৰু শাস্তিৰো সন্মুখীন হয়৷ ‘ভোটাৰাম’ ওৰফে ‘ভটং’ নামৰ এটি শিশুৰ উদাহৰণ দি কবিয়ে শিশুসকলক এই শিক্ষা প্ৰদান কৰিছে৷ শিক্ষকৰ ভয় দেখুৱাই কবিয়ে উল্লেখ কৰিছে –

“পঢ়াশালিত শিক্ষকে
এশিকনি দিলে;
বেয়া কাম নকৰোঁ বুলি
খাটাংকৈ ক’লে৷
ভাল ল’ৰাই সোণৰ সোলেং
য’তে-ত’তে পাব,
অঘাইতঙৰ উৎপাত
এইদৰেই যাব৷” [গগৈ ৭৪৩]

কবিতাটিত কবিয়ে ‘ং’ যুক্ত শব্দৰো বহুল প্ৰয়োগ কৰা দেখা গৈছে৷ উদাহৰণস্বৰূপে –

“কলং নদীৰ দলংখনত
তলং ভলং কৰি,
জপং কৰে ভটং বোপাই
দিয়ে পানীত পৰি৷
ৰংমনে খং কৰি
বং লগাই কয়,
ভটং বোপাই খাটাং কথা
মনত পেলায় থয়৷” [গগৈ ৭৪৪]

‘জোঁৱাই কুকুৰীকণা’ কবিতাটিৰ জৰিয়তে কবিয়ে শিশুসকলক ‘কুকুৰীকণা’ৰ ধাৰণা দিবলৈ যত্ন কৰিছে৷ এজন কুকুৰীকণা জোঁৱায়ে শহুৰেকৰ ঘৰলৈ আহোঁতে ৰাস্তাতে গধূলি হ’ল৷ গধূলি হোৱাৰ লগে লগে চকুৰেও নেদেখা হৈ পৰিল৷ ইফালে শহুৰেকৰ ঘৰৰ মানুহে জোঁৱাই যে কুকুৰীকণা সেই কথা নাজানে আৰু জোঁৱায়েকেও জনাব নিবিচাৰে৷ বুধিয়ক জোঁৱায়ে শহুৰৰ ঘৰৰ গৰুৰ নেজত ধৰি শহুৰৰ ঘৰ পাই যদিও বিভিন্ন নগুৰ-নাকটিৰ সন্মুখীন হয়৷ অৱশেষত শাহুৱেকৰ সন্মুখত জোঁৱাই ধৰা পৰে৷ কবিতাটিত হাস্যৰসৰ সোৱাদ পোৱাৰ লগতে জোঁৱাইৰ বুদ্ধিৰো প্ৰতিফলন ঘটিছে৷

‘বুঢ়াৰ কচু-খেতি’ শীৰ্ষক কবিতাটি আমাৰ সমাজত প্ৰচলিত কচু ৰোৱা বুঢ়া আৰু টেঙৰ শিয়ালৰ সাধুটোৰ আলমত শিয়ালৰ টেঙৰামি বৰ্ণিত হৈছে৷ টেঙৰ শিয়ালে কচুৰে নিজৰ পেট ভৰোৱাৰ মানসেৰে বুঢ়াজনক কচু কেনেদৰে ৰুব লাগিব পৰামৰ্শ দিছে৷ শিয়ালৰ দুষ্ট বুদ্ধিকে অজলা বুঢ়াজনে সঁচা বুলি ভাবি সিজাই, হালধি, খৰিচা সানি সুস্বাদুকৈ পথাৰত ঢাকি ৰাখিছে আৰু ৰাতিটোৰ ভিতৰতে শিয়াল লগৰীয়াবোৰক লৈ কচু খাই শেষ কৰিছে৷ বুঢ়াজনে ৰাতিপুৱাহে শিয়ালৰ বুদ্ধি বুজি উঠিছে শিয়ালক শাওপাত দিছে –

“বুঢ়াই বুলিলে বুজিলোঁ এতিয়া
শিয়ালৰ শিয়াল বাগি;
শাও দিলে তাক কল্যাণ নহ’ব
বুঢ়া মানুহক ঠগি৷” [গগৈ ৭৪৭]

কবিতাটিৰ জৰিয়তে এই কথাই ক’ব বিচৰা হৈছে যে, কেতিয়াও আনক অন্যায় কৰিব নালাগে৷ আনৰ অন্তৰত দুখ দিলে নিজেও এদিন শাস্তি ভোগ কৰিব লাগিব৷ তদুপৰি আমি কেতিয়াও যাৰে-তাৰে বুদ্ধি বা কথাত হয়ভৰ দিব নালাগে৷ কোনোবাই কিবা পৰামৰ্শ দিলেও নিজৰ বিবেকেৰে চিন্তা কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে৷

অসমৰ গ্ৰাম্য সমাজ অতি ভোগালী৷ অসমৰ গাঁৱে-ভূঞে এটা সময়ত শস্যে-মৎস্যে উভৈনদী আছিল৷ কিন্তু ব্ৰিটিছৰ অধীনলৈ যোৱাৰ ফলত সমগ্ৰ ভাৰত তথা অসমে সমাজ, সংস্কৃতি, অৰ্থনীতি আদি সকলো দিশতে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল৷ অসমৰ সেই ভোগালী পৰিৱেশৰ বৰ্ণনা দিয়া হৈছে ‘বুঢ়ী আই ঐ নাহিলি সুখৰ কালত’ শীৰ্ষক কবিতাটিত৷ কবিতাটিত অসমৰ সামগ্ৰিক পৰিৱৰ্তনৰ প্ৰেক্ষাপট উপস্থাপন কৰা হৈছে এনেদৰে –

“নিতউ এপোন কণীৰ সপোন
দেখিছিলোঁ বুঢ়ী আই;
হাঁহ-পাৰ কি? আমাৰ ঘৰত
পাখি এডালিও নাই৷
চাব দিয়া দৈ মোলান পৰিলে
সোন্দাকল মৰহি যায়;
সাতজনী নিগনি খীৰাই খাইছিলোঁ
এতিয়া এজনীও নাই৷” [গগৈ ৭৪৭]

– অৰ্থাৎ সময়ৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ সামগ্ৰিক জীৱন ধাৰণ প্ৰণালীৰো পৰিৱৰ্তন ঘটে৷ আধুনিকতাৰ ধামখুমীয়াত পৰি বহু সময়ত আমি আমাৰ স্বকীয়তা হেৰুওৱাৰ উপক্ৰম হয়৷ এই কথাখিনি শিশুসকলক এই কবিতাটিৰ জৰিয়তে বোধগম্য কৰাবলৈ বিচৰা হৈছে৷

অসমীয়া গ্ৰাম্য সমাজত ‘কাণখোৱা’ এটি চিনাকি চৰিত্ৰ৷ প্ৰত্যেকটি শিশুৱেই ‘কাণখোৱা’ৰ নাম শুনিলে ভয় খায়৷ ‘শিয়ালী এ নাহিবি ৰাতি’ শীৰ্ষক কবিতাটিত পোনাকণ নামৰ এটি ল’ৰাই দিনত কালৈকো ভয় নকৰাৰ কথা উল্লেখ কৰিছে৷ কিন্তু ৰাতি হ’লে শিয়ালৰ হোৱা, জেঠীৰ টিক্‌ টিক্‌ শব্দ আৰু আইতাকৰ মুখৰ পৰা কাণখোৱাৰ কাহিনী শুনাৰ লগে লগে ভয়তে আতুৰ হৈ পৰে৷ অৰ্থাৎ শিশুৰ কল্পনাপ্ৰৱণ কোমল মনটোক কাল্পনিক চৰিত্ৰ কিছুমানৰ জৰিয়তেও যে বশ কৰিব পাৰি, তাৰ উদাহৰণ এই কবিতাটিত পোৱা যায়৷

‘বগলী এ সবাহলৈ নগ’লি কিয়’ কবিতাটিত বগলীকে ধৰি অসমৰ প্ৰকৃতিত বিচৰণ কৰা বিভিন্ন চৰাই যেনে - ফেঁচু, কণামুচৰি, কণুৱা, চিলনী, শগুন, শেন, বাঢ়ৈটোকা, ঢোঁৰা কাউৰী, ঘৰচিৰিকা, কাণকুৰিকা আদিৰ বিষয়ে বৰ্ণনা দিছে৷ শিশুক আকৰ্ষণ কৰিব পৰাকৈ সুন্দৰ বৰ্ণনাভংগীৰে উপস্থাপন কৰিছে এনেদৰে –

“কৰচন কণুৱা অতিকৈ বনুৱা
সবাহত লাগি দিয়ে;
চিলনীয়ে কিন্তু বিলনীয়া হই
থাপ মাৰি মাৰি নিয়ে৷
ফাগুণমহীয়া শগুণ বনাই
ছ’গুণ কৰাই খালে;
শেন পখী আহি খেন গণিগণি
এপোন এঅঁৰা পালে৷” [গগৈ ৭৪৯]

‘বুলবুলহঁতৰ ভূগোল’ কবিতাটিত সমগ্ৰ অসমৰ অৰ্থাৎ অসমৰ উজনিৰ পৰা নামনিলৈকে বিভিন্ন ঠাইৰ ভৌগোলিক জ্ঞান দিবলৈ যত্ন কৰিছে৷ যেনে –

“বৰপেটাৰ পেটুৱা ভকতে
কীৰ্তন-দশম পঢ়ে;
নলবাৰীত খাগৰি খৰিৰে
ৰাতিপুৱা জুই ধৰে৷
‘পুৰণি গুদাম’ পুৰণি চোলাত
নগাঁৱৰ লোকে কয়;
‘গৰম পানী’ গোলাঘাটৰ
ফুটা টেকেলিতো ৰয়৷” [গগৈ ৭৫০]

অন্যহাতে অসমৰ এই ঠাইসমূহৰ লগতে ভাৰতবৰ্ষ তথা পৃথিৱীৰ বিভিন্ন বিখ্যাত ঠাই যেনে - মিচৰ, হেইটী, ব্ৰাজিল, চিডনি, চিলি, পেৰু, চিঙ্গাপুৰ, হাওৰা আদিৰ লগতো কবিতাটিৰ মাধ্যমেৰে শিশুসকলক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰিছে৷

ভবা কথা নহয় সিদ্ধি বাটত আছে কণা বিধি শীৰ্ষক কথা শাৰীৰ স্পষ্ট প্ৰতিফলন ঘটিছে লীলা গগৈৰ ‘টিলিঙা আঁৰিব কোনে’ কবিতাটিত৷ মেকুৰীৰ উপদ্ৰৱ নাইকিয়া কৰিব নোৱাৰি নিগনিবোৰে মেকুৰীৰ ডিঙিত টিলিঙা লগোৱাৰ সিদ্ধান্ত লয়৷ কিন্তু সেই সিদ্ধান্ত লওঁতেই মেকুৰী আহি উপস্থিত হোৱাত ভয়তে সকলো পলাই পত্ৰং দিবলগীয়া হয়৷ এনে বিষয়বস্তুৰে অন্য এটি কবিতা হ’ল ‘দেউৰ পৰিকল্পনা’৷ ভিক্ষা খুজি পেটৰ ভাত মুকলি কৰা দেউৰ উচ্চাকাংক্ষা জাগিল যে তেওঁ ভিক্ষা কৰি পোৱা খাদ্য বস্তু সাঁচি বিক্ৰী কৰি পোহনীয়া জীৱ-জন্তু হাঁহ, পাৰ, গৰু, ছাগলী ক্ৰয় কৰিব৷ এইবোৰ বিক্ৰী কৰি হাতী কিনিব, ঘৰ-সংসাৰ কৰিব, সন্তান-সন্ততি হ’ব আৰু সুখেৰে জীৱন-যাপন কৰিব৷ এনেদৰে তেওঁ কল্পনাৰাজ্যত বিচৰণ কৰোঁতে নিজৰেই ভৰি লাগি তেওঁ অতি আশাৰে সাঁচি ৰখা খাদ্য বস্তুৰ টেকেলিটো ভাঙি পৰিল আৰু তেওঁৰ আশাত চেঁচা পানী পৰিল৷

কবিৰ ‘বুঢ়াৰ দশা’ আৰু ‘বুঢ়ী মেমৰ বিয়া’ শীৰ্ষক কবিতা দুটিৰ মাধ্যমেৰে মূলত শিশুসকলক হাস্যৰসৰ সোৱাদ দিয়া দেখা গৈছে৷ অন্যহাতে ‘ফ্লাইং ছ’চাৰ’ শীৰ্ষক কবিতাটি বিজ্ঞান বিষয়ক এটি ব্যতিক্ৰমী কবিতা৷ শিশুসকলক মহাকাশ বিজ্ঞানৰ লগত চিনাকি কৰাই দিবৰ বাবে কবিয়ে এই কবিতাটিৰ জৰিয়তে যত্ন কৰিছে৷ উদাহৰণস্বৰূপে –

“কথাবোৰ হেলেকা,
সেইবোৰ হেনো উল্কা,
পঢ়ে যদি বিজ্ঞান
পাব পাৰি বেছি জ্ঞান৷’’ [গগৈ ৭৫৬]

‘শিয়াল ৰজাৰ বিলৈ’ শীৰ্ষক কবিতাটিত শিয়ালে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই ৰজা হোৱাৰ মানসেৰে কৰা দুষ্ট বুদ্ধিৰ বিষয়ে বৰ্ণনা আগবঢ়োৱা হৈছে৷ তেওঁৰ ‘শিয়াল পণ্ডিত’ আৰু এই কবিতাটিৰ মূল কথাখিনি প্ৰায় একেই৷ কেতিয়াও আনক ঠগিবলৈ যত্ন কৰিব নালাগে৷ তেনে কৰিলে নিজৰ বিপদ অনিবাৰ্য৷ দুইটি কবিতাৰ মাধ্যমেৰে এই উপদেশেই প্ৰদান কৰা দেখা গৈছে৷

মুঠতে ‘খঁৰা শিয়ালৰ বিয়া’ পুথিখনত সন্নিৱিষ্ট কবিতাসমূহৰ জৰিয়তে শিশুৰ মনক প্ৰভাৱিত কৰিব পৰাকৈ প্ৰাঞ্জল ভাষাত ছন্দেৰে সজাই নীতিজ্ঞান প্ৰদান কৰিবলৈ যত্ন কৰা দেখা গৈছে৷ তদুপৰি কবিতাসমূহত প্ৰতিফলিত হাস্যৰসে শিশুসকলক আনন্দ প্ৰদান কৰিব পাৰিছে৷

১.১.৪ ল’ৰাৰ লাচিত বৰফুকন

এই পুথিখনৰ জৰিয়তে লীলা গগৈয়ে লাচিত বৰফুকনক শিশুসকলৰ সৈতে চিনাকি কৰাৰ প্ৰয়াস কৰিছে৷ পুথিখনৰ প্ৰথমতেই লেখকে লাচিতৰ বংশ পৰিচয় তথা শৈশৱৰ কথা বৰ্ণনা কৰিছে৷ সময়ৰ লগে লগে অৰ্থাৎ ডাঙৰ হৈ অহাৰ লগে লগে লাচিত সকলো দিশতে পাৰ্গত হৈ পৰিছিল৷ লেখকৰ ভাষাত - “সকলো সজ গুণৰ বলত লাচিতৰ নাম সকলোৱে জানিছিল৷ আনকি ৰজাৰ কাণতো পৰিছিল৷ অমায়িক ব্যৱহাৰ, বুদ্ধি প্ৰসূত কাম-কাজ, আগৰণুৱা স্বভাৱ আৰু দেশক ভালপোৱা গুণেৰে লাচিত সকলোৰে আপোন হৈ পৰিছিল৷’’ [গগৈ ৭৬১] লাচিত নিজৰ গুণ আৰু কৰ্মৰ জৰিয়তে ৰজা চক্ৰধ্বজ সিংহৰ মন জয় কৰিবলৈও সক্ষম হৈছিল৷ ইয়াৰ ফলত তেওঁক ৰজাই বৰফুকন পতাৰ লগতে মোগলৰ লগত হ’বলগীয়া ৰণৰ ঘাই সেনাপতি পাতিছিল৷ পুথিখনত আদিৰপৰা অন্তলৈ লাচিতৰ দেশপ্ৰেম, কৰ্তব্যপৰায়ণ স্বভাৱ, साहस তথা আত্মবলিদানৰ ছবি ফুটি উঠিছে৷ অতি সাহসী আৰু আত্মবিশ্বাসী লাচিত ৰামসিংহৰ চিঠিৰ উত্তৰ দিছে এইদৰে - ‘‘জন্মभूमि অসমক ঈশ্বৰে আমাক দিছে৷ সেইখন জন্মভূমিৰ এচিকটা মাটিও বিদেশীক এৰি দিব নোৱাৰোঁ৷ দেশ ৰক্ষা কৰিবলৈ, লাগিলে, প্ৰাণটোকে দিম৷” [গগৈ ৭৬৫] অন্যহাতে মোগলক ভেটিবলৈ গড় বন্ধা কামত লাচিতৰ মোমায়েকে অৱহেলা কৰা বাবে নিজৰ মোমায়েকক শিৰচ্ছেদ কৰাৰ কাহিনীও পুথিখনত বৰ্ণিত হৈছে৷ ইয়াৰ জৰিয়তে শিশুসকলে লাচিতৰ কৰ্তব্যনিষ্ঠাৰ উমান পাবলৈ সক্ষম হৈছে৷ তদুপৰি শৰাইঘাটৰ যুঁজত অসুখীয়া শৰীৰকো আওকান যুদ্ধক্ষেত্ৰত বীৰত্ব প্ৰদৰ্শন কৰাৰ কথাখিনিও লেখকে পুথিখনত বৰ্ণনা কৰিছে৷ লাচিতৰ এনেধৰণৰ আত্মত্যাগৰ দ্বাৰা উত্তৰপুৰুষ নিশ্চিতভাৱে অনুপ্ৰাণিত হ’ব৷ লেখকে পুথিখনৰ শেষৰ ফালে সন্নিৱিষ্ট কৰা ‘আমাক লাচিত কি শিকালে’ অংশত শিশুক সোতৰটা উপদেশ প্ৰদান কৰিছে৷ যাৰ জৰিয়তে শিশুসকলে বুৰঞ্জী প্ৰসিদ্ধ বীৰজনক কেৱল চিনি পোৱাই নহয় তেওঁৰ আদৰ্শসমূহে শিশুৰ কোমল মনক প্ৰভাৱিত কৰিব আৰু স্বদেশ-স্বজাতিৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি পাব৷

১.১.৫ পোনাকণৰ সপোন

এই পুথিখনৰ মুখ্য চৰিত্ৰ পোনাকণ নামৰ এটি শিশু৷ পুথিখনৰ আৰম্ভণিতে গ্ৰাম্য সমাজৰ এখন সুন্দৰ ছবি প্ৰতিফলিত হৈছে৷ আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল সাম্প্ৰতিক সময়ত সততে দেখিবলৈ নোপোৱা আইতা আৰু নাতিৰ যি আত্মিক সম্পৰ্ক সেয়া বৰ সুন্দৰ ৰূপত ফুটাই তুলিবলৈ লেখকে যত্ন কৰিছে৷ যেনে - “ঘৰৰ আগতে বহল চোঁতালখন৷ জোপোহা তুলসীজোপা৷ চাকিটো ঢিমিক্‌-ঢামাক্‌কৈ জ্বলি আছে৷ আইতাই চোতালতে পাটীঢাৰী এখন পাৰি বхе৷ তামোলৰ হাঁচটিখন মেলি তামোল খন খায়৷ তাৰ পিছত সাধুকথা কয়৷ ... আইতাৰ সাধুত চৰায়ে কথা পাতে, গাধই গান গায়, ঘোঁৰাই হাঁহে, মানুহ উৰে৷ গছবোৰ আকৌ একাঠি চৰা৷” [গগৈ ৭১০] পুথিখনত বৰ্ণিত কাহিনী অনুসৰি আইতাকৰ মুখত এনেধৰণৰ সাধু শুনি পোনাকণ টোপনি গ’ল আৰু সপোনত সি তাৰ আইতাক কোৱা কাল্পনিক ৰাজ্যলৈ ঢাপলি মেলিলে৷ পোনাকণে সপোনতে আচৰিত দেশলৈ যাত্ৰা আৰম্ভ কৰি নানা ধৰণৰ ভাললগা অভিজ্ঞতাৰ সন্মুখীন হৈছে আৰু কাহিনীভাগো আগবাঢ়ি গৈছে৷ লেখকে শিশুৰ কল্পনাপ্ৰৱণ মনক খোৰাক যোগাব পৰাকৈ পোনাকণক চন্দ্ৰৰ দেশলৈ, বেলিৰ দেশলৈ লৈ গৈছে, সি ওলমি থকা তৰাবোৰ হাতেৰে চিঙিব খুজিছে, এক অনা দি হাতী কিনি হাতীৰ পিঠিত উঠি জোনবাইক বেজী খোজাৰ কথা ভাবিছে৷ তদুপৰি ইয়াত বৰ্ণিত হৈছে অসমীয়া বিবিধ লোকগীত, কিংবদন্তি আৰু জতুৱা ঠাঁচ৷ যাৰ জৰিয়তে শিশুসকলে আমনি নলগাকৈ পুথিখনৰ ৰসাস্বাদন কৰা সহজ হৈ পৰিছে৷ শিশু মনৰ কল্পনা, মান-অভিমান, আনন্দ-উৎসৱ এই সকলো দিশ লেখকে পুথিখনত সামৰি ল’বলৈ সক্ষম হৈছে৷ তদুপৰি পুথিখনত ফুটি উঠিছে অসমৰ সমন্বয়৷ পৰ্বত-ভৈয়াম এক কৰি শিশুসকলৰ মাজত সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিবলৈও লেখকে যত্ন কৰিছে৷ উদাহৰণস্বৰূপে –

“আমি পৰ্বতীয়া আমি অসমীয়া
একেঘৰ মানুহৰ ল’ৰা;
একেষাৰ মাতেৰে একেটি ভাষাৰে
[নমাম] মিলন সৰগৰে তৰা৷” [গগৈ ৭১৫]

পুথিখনত লেখকে শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, তলাতল ঘৰ, জয়দৌল, জয়সাগৰ আদিৰ লগতো পোনাকণৰ জৰিয়তে শিশুসকলক চিনাকি কৰোৱাৰ প্ৰয়াস কৰিছে৷ অৱশেষত পোনাকণে টোপনিৰ পৰা সাৰ পাইছে আৰু তাতেই কাহিনীটোও শেষ হৈছে৷

১.১.৬ ৰংমনৰ কথা

‘ৰংমন’ নামৰ এটি পৰুৱাক কেন্দ্ৰ কৰি এই পুথিখন ৰচনা কৰা হৈছে৷ ‘কেৰপায়’ নামৰ কেৰেলুৱা এটাৰ লগত ৰংমনৰ বন্ধুত্ব স্থাপন হৈছে আৰু দুই বন্ধুৰ কথোপকথন তথা আলোচনাৰে পুথিখনৰ কাহিনী বৰ্ণিত হৈছে৷ কাহিনীটোৰ জৰিয়তে আওপকীয়াকৈ লেখকে শিশুসকলক জীৱন যুদ্ধৰ বিভিন্ন শিক্ষা প্ৰদান কৰিছে৷ আমি আমাৰ জীৱনটো আগবঢ়াই নিবলৈ হ’লে বহু সময়ত তিতা-মিঠা অভিজ্ঞতাৰ মুখামুখি হ’বলগীয়া হয়৷ এই সকলোবোৰ কিদৰে ধৈৰ্যৰে, একাগ্ৰতাৰে, সাহসেৰে অতিক্ৰম কৰিব পাৰি সেই কথা কাহিনীটোত প্ৰতিফলিত হৈছে৷ বিশেষকৈ পৰুৱাৰ পৰা শিকিবলগীয়া এটা গুণ হৈছে একতা৷ ৰংমনে তাৰ বন্ধুক কৈছে - “আমি আটাইবোৰ বনুৱা পৰুৱাই যেয়ে য’তে যি পাওঁ, গোটাই-পিটাই নি ভঁৰালত জমা দিওগৈ৷ সেইটো আমাৰ সমূহীয়া ভঁৰাল৷ খাবৰ সময়ত আটায়ে সমানে ভাগ বাটি খাওঁ৷ ভগৱানে সকলোকে সমান অধিকাৰ দিছে৷ আমাতকৈ ডাঙৰ সেই মানুহবোৰৰ মাজত আকৌ সমিল-মিল ভাবটো নাই; সদায় খোৱা-কামোৰা৷” [গগৈ ৭৮০] আচলতে লেখকে ৰংমনৰ জৰিয়তে শিশুসকলক নীতি-শিক্ষা দিবলৈ যত্ন কৰিছে৷ সাঁচি থোৱা স্বভাৱত পৰুৱা অতি পাৰ্গত৷ ফৰিং আৰু পৰুৱাৰ এটি কথোপকথন লেখকে কাহিনীটোত সন্নিৱিষ্ট কৰি বুজাব বিচাৰিছে যে, আমি সাঁচি সামৰি বস্তু নথ’লে বা সঁচাৰ নিয়ম নাথাকিলে ভৱিষ্যতে বিপদত পৰিবলগীয়া হ’ব পাৰে৷ সেয়ে সদায় ভৱিষ্যত পৰিকল্পনা কৰি জীৱনত আগবাঢ়িব লাগে৷ কাহিনীটোত ৰংমনৰ লগত ফৰিং, ভেকুলী, মকৰা, নিগনি, অজগৰ আদিৰ বন্ধুত্বসুলভ সম্পৰ্ক উপস্থাপন কৰা হৈছে৷ ইয়াৰ জৰিয়তে শিশুসকলে কেনেকৈ মিলি-জুলি থাকিব লাগে সেই বিষয়ে ধাৰণা লাভ কৰিব৷ এইবোৰৰ উপৰি কাহিনীটোত সন্নিৱিষ্ট হৈছে শিষ্টাচাৰ, কৰ্মতৎপৰতা, সহযোগিতা স্থাপন কৰা, দলবদ্ধ হৈ কাম কৰাৰ আনন্দ আদি নানা দিশ৷ তদুপৰি লেখকে কাহিনীটোৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ পৰুৱাৰো পৰিচয় দাঙি ধৰিছে৷ সেইবোৰ হ’ল - আমৰলি পৰুৱা, টকা পৰুৱা, চেকচেকী পৰুৱা, ৰঙা পৰুৱা, মজাৰলি পৰুৱা, লৌলোৱা পৰুৱা, ক’লা পৰুৱা, বিহ পৰুৱা, উঁই পৰুৱা, সোণ পৰুৱা, জোনাকী পৰুৱা৷

পুথিখনৰ জৰিয়তে এনেদৰে বিভিন্ন বিষয়ৰ জ্ঞান প্ৰদান কৰাত লেখক সফল হৈছে৷

১.১.৭ সোণতৰা

লীলা গগৈৰ এই পুথিখনত দহটা শিশু কাহিনী সন্নিৱিষ্ট হৈছে৷ সেইকেইটা হ’ল - ‘মোক নেমাতিবা’, ‘মইনাৰ মৰম’, ‘সোণৰ সাহস’, ‘সোণৰ অভিমান’, ‘সোণৰ ভাওনা’, ‘সোণৰ বিহু’, ‘ব্যঞ্জনবৰ্ণৰ মেল’, ‘স্বৰবৰ্ণৰ মেল’, ‘পৰ্বত-ভৈয়ামৰ সাধু’ আৰু ‘নিগনিয়ে ধান খায় কিয়’৷ চম্পা, তগৰ, পদুমী, মইনা, সোণকণ, চেনেহী আদি চৰিত্ৰৰ যোগেদি শিশুৰ স্বাভাৱিক প্ৰবৃত্তিবিলাক কথোপকথনৰ মাধ্যমেৰে লেখকে উপস্থাপন কৰিছে৷ অন্যহাতে ‘ব্যঞ্জনবৰ্ণৰ মেল’ আৰু ‘স্বৰবৰ্ণৰ মেল’ শীৰ্ষক ৰচনা দুখনৰ জৰিয়তে শিশুসকলক বৰ্ণসমূহৰ লগত চিনাকি কৰাই দিবলৈ লেখকে যত্ন কৰিছে৷ ‘ব্যঞ্জনবৰ্ণৰ মেল’ কবিতাটিৰ কিয়দংশ এনেধৰণৰ - “কৰ কবিতা শুনি খৰ খং উঠি গ’ল৷ কৰ গাঁৱলীয়া মাৰ্কা পদ্য শুনি সিও এফাঁকি আওৰালে - খলিহামাৰীত খহুৱা খগেনে খৰিছা - মৰিছা খায়৷” [গগৈ ৮০১]

ঠিক সেইদৰে ‘স্বৰবৰ্ণৰ মেল’ত অসমীয়া স্বৰবৰ্ণৰ সৈতে শিশুসকলক চিনাকি কৰাই দিছে এইদৰে–

“অঁকৰা অকণে অমৰা গছত
অকলে অকলে উঠি;
অজামিলৰ বচন মাতিলে
অজগৰক দেখি৷” [গগৈ ৮০৫]

লেখকে শিশুহঁতক বৰ্ণৰ লগত পৰিচয় কৰোৱাই নহয়, নীতিশিক্ষা দিবলৈও যত্ন কৰিছে এনেদৰে –

“ঔৰ ক’বলৈ একো নাছিল৷ তথাপি ক’লেঃ
ভাল পুথি পঢ়িবি,
ভাল কথা শিকিবি,
ভালৰ লগত কৰিবি সঙ্গ;
ভাল বাট বুলিবি
ভাল গিয়ান লভিবি
ভাল ভাৱে কৰিবি ৰং
ভাল ল’ৰা ভাল ল’ৰা
ভাল ল’ৰা কোন?
পুথি পঢ়ে কথা শুনে
সেয়ে ভাল সোণ৷” [গগৈ ৮০৬]

পুথিখনৰ শেষৰ ফালে দুটা নগা সাধুক অসমীয়া ৰূপ দি শিশুসকলৰ উপযোগীকৈ সন্নিৱিষ্ট কৰা হৈছে৷ সেই দুটা হৈছে ক্ৰমে ‘পৰ্বত-ভৈয়ামৰ সাধু’ আৰু ‘নিগনিয়ে ধান খায় কিয়’৷ প্ৰথম সাধুটোত দুজন নগা ককাই-ভাইৰ কাহিনী বৰ্ণনাৰে নগাসকলৰ পৰিচয় দিছে৷ আনহাতে ‘নিগনিয়ে ধান খায় কিয়’ কাহিনীটোৰ মতে ধানৰ পৰা চাউল উলিওৱা প্ৰক্ৰিয়া মানুহতকৈ নিগনিয়েহে প্ৰথমে জানিছিল৷ সেই প্ৰক্ৰিয়াৰ কথা নিগনিয়ে মানুহক শিকাইছিল৷ কিন্তু মানুহে নিগনিৰ সেই উপকাৰৰ মূল্য দিয়া নাছিল৷ সেয়ে নিগনিয়ে প্ৰতিশোধ লোৱাৰ মানসেৰে তেতিয়াৰে পৰা মানুহে য’তে ধান থয়, ত’তে নিগনিয়ে ধান খায় আৰু অনিষ্ট কৰে৷

এই পুথিখনত সন্নিৱিষ্ট কাহিনী কেইটাত লেখকে শিশুৱে বুজি পোৱাকৈ বা শিকিব পৰাকৈ খেল-ধেমালি, মাছ-পুঠি, ফল-মূল আদিৰ নাম উল্লেখ কৰিছে৷ তদুপৰি বিবিধ লোকগীত-মাত অন্তৰ্ভুক্ত কৰি কাহিনীৰ বৰ্ণনাভংগী আকৰ্ষণীয় কৰি তুলিছে৷

২.০ উপসংহাৰ

ইতিমধ্যে কৰা আলোচনাৰ আধাৰত ক’ব পাৰি যে শিশুক আকৰ্ষণ কৰিব পৰা সকলো লক্ষণ, বৈশিষ্ট্য লীলা গগৈৰ শিশু সাহিত্যত বিদ্যমান৷ সাহিত্যসমূহৰ জৰিয়তে লেখকে শিশুক অসমীয়া মৌখিক লোকসাহিত্যৰ বিভিন্ন সমল যেনে সাধুকথা, ডাকৰ বচন, প্ৰবাদ, সাঁথৰ, নিচুকণি গীত, বিয়া নাম আদিৰ লগত চিনাকি কৰাই দিবলৈ সক্ষম হৈছে৷ তদুপৰি অসমীয়া চহা জীৱনৰ জীৱন্ত ছবি দাঙি ধৰিবলৈ সক্ষম হৈছে৷ অসমীয়া পৰম্পৰাগত খাদ্যাভাস, খেল-ধেমালি, মাছ-পুঠি, গছ-গছনি, চৰাই-চিৰিকটি, ফল-মূল, বিভিন্ন প্ৰকাৰৰ ফুল, ভূগোলৰ জ্ঞান, বিজ্ঞান তথা মহাকাশৰ জ্ঞান, শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ জ্ঞান এই সকলো দিশ লীলা গগৈৰ শিশু সাহিত্যসমূহত উপলব্ধ৷ তদুপৰি অসমৰ ৰাজনৈতিক প্ৰেক্ষাপট, অসমৰ ঐতিহ্য, অসমৰ বুৰঞ্জী, অসমৰ সমন্বয়ৰ সংস্কৃতি তথা অসম বুৰঞ্জীৰ মহান বীৰ-বীৰাঙ্গনাসকল যেনে - লাচিত বৰফুকন, গদাপাণি, জয়মতী, মূলাগাভৰু আদিক চিনাকি কৰাই দিবলৈও তেওঁ যত্ন কৰিছে৷ শিশু সাহিত্য ৰচনা কৰা সহজ কাম নাছিল৷ শিশুৰ কল্পনাপ্ৰৱণ তথা অনুসন্ধিৎসু মন-মগজুত ক্ৰিয়া কৰিব বা আকৰ্ষণ কৰিব পৰাকৈ সাহিত্য ৰচনা কৰিবলৈ যাওঁতে নিশ্চিতভাৱে বিপাঙত পৰিবলগীয়া হয়৷ তদুপৰি শব্দৰ প্ৰয়োগ, বাক্য-গঠন আদিৰ ক্ষেত্ৰতেও যথেষ্ট সাৱধান হ’বলগীয়া হয়৷ লীলা গগৈ এই ক্ষেত্ৰত সফল হৈছে৷ তেওঁৰ এই শিশু সাহিত্যসমূহে নিশ্চিতভাৱে অসমীয়া শিশু সাহিত্যৰ ইতিহাসক সমৃদ্ধিশালী কৰিছে৷

প্ৰসংগ পুথি

১. গগৈ, লীলা. ড০ লীলা গগৈৰ ৰচনাৱলী (দ্বিতীয় খণ্ড), ডিব্ৰুগড়ঃ বনলতা, ২০১১.
২. তামুলী, শান্তনু, অসমীয়া শিশু-সাহিত্য সমীক্ষা, যোৰহাটঃ মৌচাক প্ৰকাশন, ২০০০.
৩. দেৱী, উৎপলা. লীলা গগৈঃ সৃষ্টি আৰু প্ৰতিভা, যোৰহাটঃ অসম সাহিত্য সভা, ২০১৫.
৪. বৰকটকী, উপেন্দ্ৰ, অসমীয়া শিশু সাহিত্যৰ সংক্ষিপ্ত ইতিহাস, গুৱাহাটী, ষ্টুডেণ্টছ ষ্ট’ৰ্ছ, ২০০২.
৫. বৰগোহাঞি, হোমেন [সম্পা.], বিংশ শতাব্দীৰ অসমীয়া সাহিত্য, যোৰহাটঃ অসম সাহিত্য সভা, ১৯৮৭.
৬. বৰা, প্ৰফুল্লচন্দ্ৰ [সম্পা.], ঐতিহ্যঃ অসমীয়া সাহিত্য, যোৰহাটঃ হেৰিটেজ আছাম, ২০০৭.
৭. বৰা, প্ৰতাপজ্যোতি, ‘ক্ৰমবিকাশত অসমীয়া শিশু সাহিত্য’, গৰীয়সী, সম্পা. হৰেকৃষ্ণ ডেকা, পঞ্চদশবছৰ, দ্বাদশ সংখ্যা, ২০০৮.

Comments

Popular posts from this blog

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা