Posts

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা

ড০ সুজিত ভৰালী অসমীয়া বিভাগ, মৰাণ মহাবিদ্যালয়, চৰাইদেও     ( সাৰাংশ - মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি ( illustrated manuscripts) পৰম্পৰা ভাৰতীয় পাণ্ডুলিপি শিল্পৰ এক অনন্য আৰু বহুমাত্ৰিক নিদৰ্শন , য’ত সাহিত্য , ধৰ্ম আৰু দৃশ্যমান শিল্প ( visual art) একেলগে সংযুক্ত হৈ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য গঢ়ি তুলিছিল। এই পুথিসমূহ কেৱল লিখিত পাঠৰ বাহক নহয় ; ই এক দৃশ্য-ভাষা , য’ত চিত্ৰ আৰু শব্দ মিলি গভীৰ মানসিক আৰু আধ্যাত্মিক অৰ্থ গঠন কৰে। এই গৱেষণা-পত্ৰত অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান ( Introspectionism) ৰ দৃষ্টিভংগীৰে এই পুথিসমূহৰ তাত্ত্বিক আৰু বিশ্লেষণাত্মক অধ্যয়ন কৰা হৈছে , যাৰ মাধ্যমেৰে শিল্পৰ অন্তৰ্নিহিত মানসিক প্ৰক্ৰিয়া আৰু অভিজ্ঞতা বুজিবলৈ চেষ্টা কৰা হৈছে। এই তত্ত্ব অনুসৰি মানৱ মনৰ অন্তৰ্জগত—অনুভূতি , চিন্তা , কল্পনা আৰু সংবেদন—শিল্প সৃষ্টিৰ মূল উৎস , সেয়ে সচিত্ৰ পুথিসমূহ কেৱল ধৰ্মীয় কাহিনীৰ দৃশ্যায়ন নহয় ; ই শিল্পীৰ ভক্তি , আধ্যাত্মিকতা আৰু কল্পনাশক্তিৰ এক সজীৱ প্ৰকাশ। কৃষ্ণলীলা , ৰামায়ণ বা ভাগৱত পুৰাণৰ চিত্ৰসমূহে শিল্পীৰ আবেগিক সংবেদনশীলতা আৰু আধ্যাত্মিক অনুধাৱন প্ৰতিফলিত কৰে। তদুপৰি ...

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ

পল্লৱী ডেকা বুজৰবৰুৱা প্ৰাধ্যাপক, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় মন্টু বৰা গৱেষক, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয় Abstract Various aspects of social reality are expressed in Bhupen Hazarika songs. Among them, a prominent one is the expression of economic dualism and social inequality. In his songs, alongside the nature of the rich class created by the capitalist society under the state system, certain aspects of ordinary labouring people are reflected. Through his songs, Hazarika has depicted the imagery of sky-scraping buildings while simultaneously speaking about the homeless men and women living amidst them. His songs reveal the heart-wrenching picture of poverty-afflicted people. Primarily due to the state's economic system, such dualism is observed. This system creates social inequality in society. This research paper will analyse how such aspects are reflected in his songs. Keywords: Bhupen Hazarika, Economics, Inequality ১.০ বিষয়ৰ পৰিচয় ভূপেন হাজৰিকাই ব...

লীলা গগৈৰ শিশু সাহিত্যঃ এক পৰিচয়মূলক আলোচনা

Image
ড॰ বনদীপা শইকীয়া সহকাৰী অধ্যাপক, অসমীয়া বিভাগ ডুমডুমা মহাবিদ্যালয় [সাৰাংশ - অসমীয়া সাহিত্য জগতৰ এগৰাকী বহুমুখী প্ৰতিভাধৰ সাহিত্যিক হিচাপে লীলা গগৈয়ে শিশু সাহিত্যৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াইছে৷ তেওঁৰ ৰচনাসমূহত শিশুৰ মনোজগত, কল্পনা, আনন্দ আৰু শিক্ষাৰ সমন্বয় সুন্দৰভাৱে প্ৰতিফলিত হৈছে৷ এই গৱেষণা-পত্ৰখনত লীলা গগৈৰ শিশু সাহিত্যৰ পৰিচয়, বৈশিষ্ট্য আৰু গুৰুত্ব সম্পৰ্কে এক বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা হৈছে৷ গৱেষণা-পত্ৰখনত প্ৰথমে অসমীয়া শিশু সাহিত্যৰ ঐতিহাসিক পটভূমিৰ সংক্ষিপ্ত আভাস দিয়া হৈছে৷ তাৰ পিছত লীলা গগৈৰ শিশু সাহিত্যসমূহৰ পৰিচয় আৰু বিষয়বস্তু বিশ্লেষণ কৰা হৈছে৷ ‘অনুপম কোঁৱৰৰ সাধু’, ‘জয়মতী আৰু মূলাগাভৰু’, ‘খঁৰা শিয়ালৰ বিয়া’, ‘ল’ৰাৰ লাচিত বৰফুকন’, ‘পোনাকণৰ সপোন’, ‘ৰংমনৰ কথা’ আৰু ‘সোণতৰা’ আদি গ্ৰন্থৰ জৰিয়তে শিশুসকলক নৈতিক শিক্ষা, দেশপ্ৰেম, ঐতিহ্য-চেতনা, সামাজিক মূল্যবোধ আৰু বৈজ্ঞানিক মনোভাৱ গঢ়ি তোলাৰ প্ৰচেষ্টা দেখা যায়৷ লীলা গগৈৰ সাহিত্যত সাধুকথা, কবিতা, কাহিনী, লোকগীত, প্ৰবাদ-প্ৰবচন আদিৰ ব্যৱহাৰৰ জৰিয়তে শিশুসকলক আনন্দ দিয়াৰ লগতে শিক্ষামূলক দিশো আগবঢ়োৱা হৈছে৷...

'কথানদী' চলচ্চিত্ৰত পুনৰ্নিৰ্মাণ প্ৰসংগ

Image
  - সুনয়না বৰুৱা সহকাৰী অধ্যাপক ,  অসমীয়া বিভাগ খোৱাংঘাট মহাবিদ্যালয়, খোৱাংঘাট, ডিব্ৰুগড়   সংক্ষিপ্তসাৰঃ লোকসাহিত্যৰ এক গুৰুত্বপূৰ্ণ ভাগ সাধুকথাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মুখে মুখে প্ৰবাহিত হৈ থাকে। এই বাচিক কলাই এটা সময়ত পৰৱৰ্তী লিখিত ৰূপ ধাৰণ কৰিবলৈ ধৰিলে। অন্যান্য ভাষাৰ দৰেই অসমীয়া ভাষাতো এনেধৰণৰ সাহিত্যক লিখিত ৰূপ দিয়াৰ প্ৰচেষ্টা চলিবলৈ ধৰিলে। অসমীয়া সাধুকথাক লিখিত ৰূপ দিবলৈ প্ৰয়াস কৰা এজন লোক আছিল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ অসমৰ সমাজত প্ৰচলিত সাধুকথাক 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা' নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ কৰিলে। পৰৱৰ্তী সময়ত সাধুকথাৰ অন্তৰ্গত নানা চৰিত্ৰ, কাহিনী ইত্যাদিবোৰক আধাৰ হিচাপে লৈ নতুন নতুন ধৰণেৰে নানা সাহিত্যত প্ৰয়োগ কৰিবলৈ ধৰিলে। ইয়াৰ লগতে অসমীয়া জনসমাজত প্ৰচলিত বিভিন্ন সাধুকথাসমূহত নতুন বিষয় অন্তৰ্ভুক্ত কৰি নতুন দৃষ্টিভংগীৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰি নতুন ধৰণেৰে নিৰ্মাণ কৰাৰ যি প্ৰয়াস, যাক পুনৰ্নিৰ্মাণ হিচাপে অভিহিত কৰা হয়, তাৰ প্ৰভাৱ দেখা পোৱা যায়। চলচ্চিত্ৰ মাধ্যমতো এনেধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন ...

ঐতিহাসিক দৃষ্টিভংগীৰে পদ্মনাথ গোহাঞিবৰুৱা ৰচিত নাটক 'সাধনী': এটি চমু অধ্যয়ন

ড° দেৱযানী বকলীয়াল সহকাৰী অধ্যাপক, অসমীয়া বিভাগ, গড়গাঁও মহাবিদ্যালয় সাৰাংশঃ  বুৰঞ্জীমূলক চৰিত্ৰ, ঘটনাদিক আধাৰ কৰি উপন্যাস, নাটক আদি সৃষ্টিশীল সাহিত্য ৰচনাৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ বিশেষ মনোযোগ পৰিলক্ষিত হয়। ঐতিহাসিক, পৌৰাণিক, ধেমেলীয়া তথা প্ৰহসনমূলক মুঠ আঠখন নাটক ৰচনাৰে অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত বিশিষ্ট আসন দখল কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাৰ এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক হৈছে সাধনী। সাধাৰণতে বুৰঞ্জীমূলক নাটকৰ উদ্দেশ্য হৈছে অতীতৰ শৌৰ্য-বীৰ্যৰ বিষয়ে আলোকপাত কৰা তথা বীৰত্বপূৰ্ণ দেশপ্ৰেমৰ কাহিনী বৰ্ণনা কৰা; যাৰ জৰিয়তে দৰ্শক-পাঠকৰ মনত সাহস, আত্মবিশ্বাস, জাতীয় চেতনা আদি জাগৰণৰ প্ৰয়াস কৰা হয়। এয়া জোনাকী যুগৰ ৰোমাণ্টিক সাহিত্যৰ অন্যতম বৈশিষ্ট্য। কেইবাখনো বুৰঞ্জী পুথিৰ ৰচয়িতা পদ্মনাথ গোহাঞিবৰুৱাই অসম বুৰঞ্জীৰ বীৰাংগনা চৰিত্ৰ 'সাধনী'ক কেন্দ্ৰ কৰি ৰচনা কৰা নাটখনে অসমীয়া সাহিত্য জগতত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। এই গৱেষণা পত্ৰত সাধনী নাটকত নাট্যকাৰৰ বুৰঞ্জীমূলক তথ্যৰ ব্যৱহাৰ, বুৰঞ্জীৰ চৰিত্ৰ-ঘটনাদি নাট্যৰূপ প্ৰদানৰ উদ্দ...

খোৱাং সোনোৱাল বঙালী গাঁৱৰ সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ

চুইটী বিশ্বাস   সহকাৰী অধ্যাপিকা (অংশকালীন) অসমীয়া বিভাগ, খোৱাং মহাবিদ্যালয় সংক্ষিপ্তসাৰ অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত তৃতীয় বৃহৎ জনগোষ্ঠী হৈছে সোনোৱাল কছাৰী। তেওঁলোকৰ লোকভাষাটো হৈছে কথিত অসমীয়া ভাষা। কথিত ভাষাটো মান্য ভাষাৰ লগত নিমিলে। কিয়নো তেওঁলোকে কিছুমান নিজা শব্দ ব্যৱহাৰ কৰে। যিবোৰ শব্দ বৰ্তমানেও মান্য অসমীয়া ভাষাত অন্তৰ্ভুক্ত হোৱা নাই, সেই শব্দবোৰক নিজা শব্দ বুলি ক’ব পাৰি। সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰি অহা কথিত ভাষাটো নিজস্ব স্বতন্ত্ৰ ভাষা। খোৱাং সোনোৱাল বঙালী গাঁৱখনত বসবাস কৰা সোনোৱাল কছাৰীলোকসকলৰ কিছু সংখ্যক ব্যক্তিয়ে নিজৰ ভাষাটো এৰি দিছে। তেওঁলোকৰ কথোপকথনত ভালেমান অসমীয়া শব্দ ব্যৱহাৰ কৰিলেও ধ্বনি উচ্চাৰণৰ ক্ষেত্ৰত সৰল উচ্চাৰণে ভাষাটোক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে। গাঁওখনত বসবাস কৰা সোনোৱাল কছাৰীলোকসকলৰ কথিত ভাষাৰ গাঁথনিক দিশসমূহৰ সম্পৰ্কে গৱেষণা-পত্ৰখনত আলোচনা কৰা হৈছে। কথিত ভাষাটো ৰূপ গঠনত কেনেদৰে ব্যৱহাৰ কৰে, নিজৰ কথিত ভাষাত ভাষাটো বৰ্তমান সময়ত কিমান চহকী তাৰ আভাস দাঙি ধৰা হৈছে। গোলকীকৰণ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰণত সোনোৱাল কছাৰীসকলৰ কথিত ভাষা...

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

  ড॰ ৰেৱত মহন্ত  সহকাৰী অধ্যাপক  অসমীয়া বিভাগ  চৰকাৰী আদৰ্শ মহাবিদ্যালয়, কাজিৰঙা অৱতৰণিকা: অসমীয়া কাব্য সাহিত্যত অম্বিকাগিৰী ৰায়চৌধুৰী স্বকীয় বৈশিষ্ট্যৰে প্ৰতিষ্ঠিত এগৰাকী প্ৰতিভাসম্পন্ন কবি৷ পাঁচখন কাব্য পুথিৰে খ্যাতি লাভ কৰা অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যত নিঃসন্দেহে মাইলৰ খুঁটি স্বৰূপ৷ কবিতাসমূহৰ মাজত এফালে আধ্যাত্মিকতাৰ অভিব্যক্তি আৰু আনফালে বিপ্লৱী চিন্তাৰ মূৰ্তমান প্ৰকাশ ঘটা দেখিবলৈ পোৱা যায়৷ আধ্যাত্মিক চিন্তা আৰু সামাজিক-ৰাজনৈতিক চেতনা এই দুই দিশৰ কবিতাবোৰ তেওঁৰ লগত নিবিড়ভাৱে জড়িত৷ লগে লগে তেওঁৰ কবিতাসমূহৰ মাজত গভীৰ দেশপ্ৰেমৰ ছবিও ফুটি উঠা দেখা যায়৷ দেশৰ সমস্যাসমূহ দেখি, দেশৰ অন্যায়, অত্যাচাৰ দেখি খঙাল হৈ পৰা ৰায়চৌধুৰীৰ কেইটিমান কবিতাৰ আধাৰত তেওঁৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ সম্পৰ্কে আলোচনা আগবঢ়াবলৈ প্ৰয়াস কৰিম৷