সোনোৱাল কছাৰীসকলৰ সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত পানীয়: মদ এক ঐতিহ্যবাহী সাংস্কৃতিক দলিল

 ড॰ তুলসী সোনোৱাল
সহযোগী অধ্যাপক, অসমীয়া বিভাগ
মৰাণ মহাবিদ্যালয়


১. প্ৰস্তাবনা:

সোনোৱাল সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত শীতল পানীয় মদ সোনোৱাল সাংস্কৃতিক পৰম্পৰাৰ এক অবিচ্ছেদ্য অংগ। সোনোৱাল সমাজত মদ প্ৰস্তুত কৰা পৰম্পৰাবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে মদ প্ৰস্তুতৰ আঁৰত জাতিটোৰ পূৰ্বপুৰুষসকলৰ হাজাৰ হাজাৰ বছৰৰ সাধনাৰ ফচল বা লোকজ্ঞান লুকাই আছে। এই লোকজ্ঞানসমূহ জাতিটোৰ প্ৰজন্মই একেদিনতে আয়ত্ত কৰিব পৰা জ্ঞান নহয়। ই বহু যুগৰ প্ৰজন্মৰ পিছত প্ৰজন্মই পৰীক্ষা-নিৰীক্ষাৰ অন্তত লাভ কৰা জ্ঞান। এই লোকজ্ঞানৰ আঁৰত নিহিত হৈ আছে জাতিটোৰ এক দীঘলীয়া ইতিহাস। জাতিটোৰ দীঘলীয়া পৰিক্ৰমাত মদ তত্ত্বৰ আওভাও বুজিব পৰাৰ বাবেই এই মদ সোনোৱাল জনগোষ্ঠীৰ এক এৰাব নোৱাৰা স্বকীয় লোকসম্পদ হিচাপে চিনাকি দিব পাৰিছে। এই ক্ষেত্ৰত জাতিটোৰ ইতিহাস সম্পৰ্কে আলোচনা কৰাৰ থল আছে।

২. সোনোৱাল কছাৰীসকলৰ পৰিচয়:

অসম বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ থলী। অসমৰ পাহাৰ-ভৈয়াম সহিতে বহু ভাষা-ভাষিক জনগোষ্ঠীয় লোকে বসবাস কৰি আছে। এই প্ৰত্যেকটো জনগোষ্ঠীৰে নিজা নিজা ভাষিক আৰু সাংস্কৃতিক বৈশিষ্ট্য পৰিলক্ষিত হয়। এই জনগোষ্ঠীয় লোকসকল দীৰ্ঘদিন ধৰি অসমত একেলগে বসবাস কৰি থকাৰ বাবে তেওঁলোকৰ ভাষিক আৰু সাংস্কৃতিক দিশত উভয়ে উভয়ৰ দ্বাৰা প্ৰভাৱিত হৈছে। সাধিত হৈছে ভাষিক আৰু সাংস্কৃতিক দিশত সমন্বয়। অসমৰ ভৈয়াম অঞ্চলত বসবাস কৰি থকা এনে এটি জনগোষ্ঠী হৈছে সোনোৱাল কছাৰীসকল। নৃতাত্ত্বিক বিচাৰত সোনোৱাল কছাৰীসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত আৰু ভাষাতাত্ত্বিক বিচাৰত চীন-তিব্বতীয় ভাষা পৰিয়ালৰ তিব্বত-বৰ্মী শাখাৰ অন্তৰ্গত।

২.১ বৰ্তমান বসতি:

বৰ্তমান সোনোৱাল জনগোষ্ঠীৰ লোকসকলৰ জনবসতি সিঁচৰতি হৈ আছে প্ৰধানকৈ উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি আৰু লখিমপুৰ জিলাত। ইয়াৰ উপৰিও অৰুণাচল আৰু নগালেণ্ডতো সোনোৱাল জনগোষ্ঠীয় লোকৰ বসতি আছে। জনসংখ্যা আৰু গাঁৱৰ ভিতৰত সৰ্বাধিক ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত সোনোৱাল জনগোষ্ঠীৰ লোকে বসতি কৰি আছে।

২.১.১ সোনোৱালসকলৰ জনসংখ্যা:

১৮৭১ চনৰ লোকপিয়ল অনুসারে লখিমপুৰ জিলাত [অৰ্থাৎ বৰ্তমান লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা একত্ৰে] সোনোৱালসকলৰ জনসংখ্যা আছিল ১৪,৯৫৯ জন আৰু তেওঁলোকক ইয়াৰ Aboriginal Tribe অৰ্থাৎ প্ৰাচীন অধিবাসী বুলি উল্লেখ কৰা হৈছে। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সোনোৱাল জনগোষ্ঠীৰ জনসংখ্যা ২,৭৮,৪১১ জন। এই জনসংখ্যা উজনি অসমৰ সাতখন জিলাত প্ৰায় চাৰিশ তেৰ [৪১৩] খন গাঁৱৰ বিভিন্ন প্ৰান্তত বসতি কৰি আছে।

২.১.২ সোনোৱালসকলৰ বংশলতা আৰু ফৈদ বা খেল:

সোনোৱাল জনগোষ্ঠী হৈছে বৃহৎ কছাৰী জনগোষ্ঠীৰ ‘বাদু সোনলয়ঁ’ বুলি কোৱা ফৈদটোকে বুজাইছে। এই ফৈদৰ লোকসকলৰ মাজত বৰ্তমানে চৈধ্যটা [১৪] বংশ পোৱা গৈছে। এই চৈধ্য বংশৰ বিষয়ে হাইদাং দে’ৰ চতুৰ্থ অধ্যায়ত উল্লেখ আছে।

“য়ে মদন হেনো মানিকীয়াল,

য়ে বৰহাজোৱাল হেনো সৰুহাজোৱাল,

য়ে হগ্ৰাল হেনো মুক্তাল,

য়ে ইচমাল হেনো ফৰমাল,

য়ে কুমৰাল হেনো ডিঙিয়াল,

য়ে আঁঠুৱাল হেনো লাঠিয়াল,

য়ে ঢেকীয়াল হেনো চেতিয়াল।”

— [সোনোৱাল, প্ৰমোদ (সংগ্ৰা.) বাইথ’ সংস্কৃতি হাইদাং দে আৰু হুঁচৰি গীত, পৃ. ১৪-১৫]

উল্লেখ কৰা চৈধ্যটা বংশৰ উপৰিও প্ৰতিটো বংশতে চাৰিটাকৈ [কেতিয়াবা কেতিয়াবা কম আৰু বেছিও দেখা যায়] ৫৬টা পৰিয়াল বা সঁচ দেখা যায়। অৱশ্যে এই সঁচৰ সংখ্যা এশৰো অধিক সঁচ বা পৰিয়াল বৰ্তমানে পোৱা গৈছে। উল্লেখ্য যে সোনোৱাল জনগোষ্ঠীৰ মাজত একে বংশ বা একে পৰিয়াল অথবা একে সঁচৰ সৈতে বৈবাহিক সম্বন্ধ স্থাপন সামাজিকভাৱে নিষিদ্ধ। তদুপৰি মাতৃ বংশৰ লগতেও বিবাহ নিষিদ্ধ।

২.১.৩ খেল:

সোনোৱালসকলৰ মাজত সাতটা খেল বা ফৈদ পোৱা গৈছে। যথা — উজনি কুচীয়া, নামনি কুচীয়া, টিপমীয়া, ঢুলীয়াল, অমৰাবৰীয়া, চিৰিপুৰীয়া, বালিখিতিয়াৰী।

২.১.৪ সোনোৱাল কছাৰীসকলৰ নৃতাত্ত্বিক পৰিচয়:

পৃথিৱীত বসবাস কৰা মানৱ প্ৰজাতিৰ বৈজ্ঞানিক নাম হ’ম চেপিয়েঞ্চ (Homo sapiens)। এই হ’ম চেপিয়েঞ্চৰ শাৰীৰিক লক্ষণৰ ভিন্নতাৰ ভিত্তিত পৃথিৱীৰ সমগ্ৰ মানৱ প্ৰজাতিক নৃতাত্ত্বিকসকলে তিনিটা বহল ভাগত ভাগ কৰি দেখুৱাইছে। সেইকেইটা হৈছে ককেচীয়, মংগোলীয় আৰু নিগ্ৰো। এইকেইটা প্ৰধান ভাগৰ পৰাই বহুতো জাতি-উপজাতি সৃষ্টি হৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ বসবাস কৰি আছে।

অসম ভূমিত বসবাস কৰি থকা জনগোষ্ঠীসমূহৰ ভিতৰত উল্লেখযোগ্য জনগোষ্ঠী সোনোৱাল কছাৰীসকল। এই জনগোষ্ঠীৰ আদিপুৰুষসকল মংগোলীয় গোষ্ঠীৰ লোক। প্ৰাচীন কালত কোনো এটা সময়ত তিব্বত-বৰ্মী ভাষী মংগোলীয় লোকৰ দল এটাই তেওঁলোকৰ আদি বাসস্থান চীন দেশৰ দক্ষিণ-পশ্চিম অঞ্চলৰ পৰা দক্ষিণলৈ প্ৰব্ৰজন কৰি ম্যানমাৰৰ উত্তৰ-পূব অঞ্চলত উপনীত হয় আৰু তাৰ পৰা তেওঁলোকৰ এটা দলে হিমালয়ৰ পাদদেশেৰে পশ্চিমলৈ গতি কৰি তিব্বত, ভূটান, নেপাল আদি ঠাইত বসতি স্থাপন কৰে। পিছলৈ তেওঁলোকৰ কোনো কোনো লোক তাৰ পৰা দক্ষিণলৈ যাত্ৰা কৰি ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু তাৰ দাঁতি-কাষৰীয়া পাহাৰবোৰত থিতাপি লয়। তেনে এবিধ লোকেই কছাৰীসকলৰ আদিপুৰুষ। সময়ত কছাৰীসকল নানান কাৰণত নানান ঠাইত বিস্তাৰিত হৈ পৰে আৰু বিভিন্ন নামেৰে পৰিচিত হ’বলৈ ধৰে। সোনোৱাল কছাৰী এনে এবিধ নৃগোষ্ঠী।”

— [সোনোৱাল, মোহন (সম্পা.), সোনোৱাল সৌৰভ, “সোনোৱাল কছাৰীৰ নৃগোষ্ঠীয় পৰিচয়” — ভুৱন মোহন দাস, পৃ. ৬]

২.১.৫ সোনোৱালসকলৰ জৈৱিক চৰিত্ৰঃ
সোনোৱাল লোকসকলৰ আৱয়বিক লক্ষণৰ ফালৰ পৰা মঙ্গোলীয় প্ৰজাতিৰ লোক৷ সোনোৱালসকলৰ গাৰ বৰণ পাত বা পীত, ডাঢ়ি-গোঁফ আৰু শৰীৰত নোম কম৷ চুলি ঋজু, খহটা আৰু বৰণ ক'লা৷ মুখমণ্ডল বহল চেপেটা, হনু দুটা উঠা৷ মুখমণ্ডল আনুপাতিক সূচনা ৮৪.৯৬ আৰু মুখমণ্ডলৰ প্ৰকাৰ শতকৰা হাৰত ইউৰাই-প্ৰ'ছ'পিক [৮৩.৯] ৪১.৪, মেছ'-প্ৰ'ছ'পিক [৮৪.০-৮৭.৯] ৩৪.২, লেপ্ট'-প্ৰ'উ'পিক [৮৮.০-] ২৪.৪৷ চকু বক্ৰ আৰু চকুৰ কোণ ঠেক৷ চকুচ্ছেদ ভাঁজ থকা৷ মূৰৰ আকৃতি মধ্য বা প্ৰশস্ত৷ মস্তক আনুপাতিক সূচনা মধ্য ৮০.১৩৷ মস্তকৰ প্ৰকাৰ শতকৰা হাৰত দীৰ্ঘমস্তক [-৭৫.৯] ১৪.৫, মধ্য মস্তক [৭৬.০-৮০.৯] ৪৫.০ আৰু প্ৰশস্ত মস্তক [৮১.০-] ৪০.৫৷ নাক মধ্যনাসিকী৷ নাসিকা আনুপাতিক সূচনা ৭৬.৬২৷ নাসিকাৰ প্ৰকাৰ শতকৰা হাৰত দীৰ্ঘনাসিকা [-৬৯.৯] ২২.৫, মধ্যনাসিকা [৭০.০-৮৪.৯] ৭৩.০ আৰু প্ৰশস্তনাসিকা [৮৫.০-] ৪.৫৷ দৈহিক উচ্চতা মধ্যমীয়া, খৰ্বকায় বা চাপৰ লোকো আছে৷ দৈহিক উচ্চতা মধ্য [ছেণ্টিমিটাৰত] ১৬৩.৪৬৷ দৈহিক উচ্চতাৰ প্ৰকাৰ শতকৰা হাৰত খৰ্বকায় [-১৫৯.৯] ২৯.৯, মধ্যকায় [১৬০.০-১৬৯.৯] ৫৩.২ আৰু উচ্চকায় [১৭০.০-] ১৭.২৷ [দাস, ভুবন মোহন, অসমীয়া মানুহৰ নৃবৈজ্ঞানিক পৰিচয়, পৃ. ৯৯-১০৯]
সোনোৱাল কছাৰী সমাজ পিতৃ প্ৰধান৷ পৈত্তিক উত্তৰাধিকাৰী পুৰুষসকল৷ জনগোষ্ঠীটোৰ সামাজিক পৰিয়াল গঠন প্ৰণালীত একোটা পৰিয়াল সঁচ হিচাপে স্বীকৃত৷ এই ধৰণৰ প্ৰতিটো সঁচ একোটা বংশৰ অন্তৰ্গত৷ এই ধৰণৰ প্ৰতিটো বংশ চাৰি বা ততোধিক পৰিয়ালৰ সমষ্টি৷ ABO ৰক্তগোট আৰু জিনৰ বাৰংবাৰতা অনুসৰি সোনোৱালৰ ফেন'টাইপ A - ৩০.০, B - ৩৪.০, AB - ২৪.০, O - ১২.০৷ জিনৰ বাৰংবাৰতা শতকৰা হাৰত p(A) - ০.২৬৪, q(B) - ০.১৯৮, r(O) - ০.৫৩৭৷ [দাস, ভূৱন, পৃ. ১১৩]
 
২.১.৬ সোনোৱাল জনগোষ্ঠীৰ সম্পৰ্কে প্ৰচলিত জনশ্ৰুতিঃ
সোনোৱাল জনগোষ্ঠীৰ পৰিচয় সম্পৰ্কে প্ৰচলিত কেইবাটাও জনশ্ৰুতি বা কাহিনী পোৱা যায়৷ সোনোৱাল সমাজত প্ৰচলিত জনশ্ৰুতি অনুসৰি ৰাৱণে কুবেৰৰ পৰা লংকা ৰাজ্য কাঢ়ি লোৱাৰ বাবে তেওঁ পিতৃ ৰাজ্য হিমালয়লৈ প্ৰত্যাগমন কৰে৷ এনেকৈ কুবেৰে হিমালয়ৰ পাদদেশেৰে আহোতে কছাৰী ৰাজ্যত দিনচেৰেক কটাই৷ কছাৰীসকলে কুবেৰক অতিথি ৰূপে পায় আনন্দিত হয় আৰু তেওঁক সেৱা শুশ্ৰূষাৰে যতন লয়৷ ইয়াতে কুবেৰ সন্তোষিত হৈ কছাৰী ৰাজ্যৰ ৰজা মাণিকক এটি সোণৰ মেকুৰী উপহাৰ দিয়ে৷ ত্ৰিমূৰ্তি স্বৰূপ সোণৰ মেকুৰী পোৱাৰ পিছত ৰাজ্যৰ পৰা অপায়-অমঙ্গল, অভাৱ-অনাটন নোহোৱা হয়৷ কালক্ৰমত উন্নতিৰ জখলাৰে বগাবলৈ ধৰা কছাৰীসকলে সোণৰ মেকুৰীক পূজিবলৈ আৰম্ভ কৰে৷ এনেদৰে কালক্ৰমত সোণৰ মেকুৰীৰ উপাসকসকল সোনোৱাল কছাৰী নামেৰে জনাজাত হ'ল৷
আন এটি সোনোৱাল সমাজত প্ৰচলিত জনশ্ৰুতি হ'ল আৰিমত্ত ৰজাই পিতৃক বধ কৰি পিতৃহত্যা পাপৰ পৰা মুক্তি পাবৰ কাৰণে এখন ডাঙৰ যজ্ঞ আয়োজন কৰিছিল৷ সেই যজ্ঞত ব্ৰাহ্মণ-সজ্জন সকলোৱে আঁতৰি থকাৰ বাবে মনৰ দুখেৰে আৰিমত্ত ৰজাই নাও ভৰাই সোণলৈ সোৱণশিৰি নৈয়ে আহোতে নাও ডুব যায়৷ সোনোৱালসকলে এই কথা ভূ-পাই সোৱণশিৰি নৈৰ পৰা সোণ চাকি উলিয়াবলৈ সক্ষম হয় বুলি প্ৰবাদ আছে৷ উল্লেখযোগ্য সোনোৱালসকলে সোৱণশিৰি নৈৰ পৰা কমোৱা সোণৰ পৰাই আহোম স্বৰ্গদেৱে শিৱদৌলৰ সোণৰ কলচী নিৰ্মাণ কৰিছিল৷
 
২.১.৭ সোনোৱালসকলৰ প্ৰাগৈতিহাসিক পৰিচয়ঃ
সোনোৱালসকলৰ অতীতটোৰ বিষয়ে জানিবলৈ লিখিত সমল যথেষ্ট নাই৷ সোনোৱালসকলৰ অলিখিত ৰূপত মৌখিকভাৱে খ্ৰীং খ্ৰীং বাইথ' ধৰ্মীয় পৰম্পৰাৰ সৈতে জড়িত লোক-সাহিত্য তথা পৰিবেশ্য কলাসমূহ অনেক সমলেৰে ভৰপূৰ৷ এই উল্লিখিত সমলসমূহে সোনোৱালসকলৰ আদিম ৰূপটোৰ বহু তথ্য দাঙি ধৰে৷ এই সমলসমূহৰ ভিত্তিতে সোনোৱাল জনগোষ্ঠীৰ আদিম অৱস্থাৰ সম্পৰ্কে কেইবাটাও স্তৰত ভাগ কৰি আলোচনা কৰিব পাৰি৷ সেই স্তৰসমূহ হৈছে– আদিম বা বহুৱা যুগ, হগ্ৰা বা চিকাৰী যুগ, পশুপালন আৰু কৃষি সভ্যতাৰ যুগ৷
সোনোৱাল জনগোষ্ঠীৰ আদিম স্বৰূপটোৰ বহুখিনি সমল জনগোষ্ঠীটোৰ লোক কৃষ্টি সংস্কৃতিৰ মাজত নিহিত হৈ আছে৷ সেই সমলসমূহ খ্ৰীং খ্ৰীং বাইথ' পৰম্পৰা, বহু নাচ, হগ্ৰা নাচ, হাইদাং দে', হুঁচৰি গীত, লখিমীতোলা সভা উল্লেখযোগ্য৷ এই গীত-মাত, নাচসমূহত সোনোৱাল জনগোষ্ঠীৰ অতীতটোৰ বিষয়ে জানিব পৰাকৈ বহু সমলেৰে ভৰপূৰ হৈ আছে৷ অৱশ্যে এই সমলসমূহক পৰম্পৰাগত ধৰ্মীয় আৱৰণেৰে আধ্যাত্মিক একোটা প্ৰলেপ দিয়াৰ হেতু অৰ্থ সংকোচন ঘটিছে৷ এই অধ্যয়নটিৰ মূল আলোচ্য বিষয় সোনোৱাল কছাৰীসকলৰ সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত পানীয় মদ৷ সোনোৱাল জনগোষ্ঠীৰ সমাজত মদ সৃষ্টি সম্পৰ্কে এটি জনশ্ৰুতি বা লোক-কথা আছে৷ জনশ্ৰুতিটো হ'ল সোনোৱাল সমাজত পৰিচিত বুঢ়া-বুঢ়ী মাধপুৰুষ আৰু সুৰেশ্বৰী৷ জনশ্ৰুতিৰ মূল আধাৰ ভাত আৰু ভাতৰ পৰা মদৰ সৃষ্টি৷
 
২.২ সোনোৱাল কছাৰীসকলৰ সমাজত প্ৰচলিত মদৰ সৃষ্টি সম্পৰ্কীয় জনশ্ৰুতিঃ
সৃষ্টিতত্ত্বৰ ৰহস্য ভেদ কৰিব নোৱাৰাৰ বাবে মানুহৰ মনত আদিম কালৰ পৰাই কৌতূহলৰ অন্ত নাছিল৷ কৌতূহলৰ উপশমৰ বাবেই সোনোৱাল সমাজৰ আদি কালতে হাইদাং গীত আৰু খ্ৰীং খ্ৰীং বাইথ' পৰম্পৰাৰ আৰম্ভ হৈছিল৷ এই আৰম্ভণি কেতিয়া হৈছিল সেয়া অনুমান কৰি সঠিক সময় নিৰূপণ কৰা সম্ভৱ নহয়৷ কিন্তু হাবিৰ মাজত গৰু ৰখীয়া আৰু গৰু বিচাৰি পাবৰ বাবে গৰু ৰখীয়াই নেদেখাজনক লৈ ফৰিং বলি দি বলি অৰ্পণ কৰা কাৰ্যই সোনোৱাল লোকসকলৰ পশুপালন সভ্যতাৰ সময়ছোৱাৰ কথা স্পষ্ট কৰে৷
সোনোৱাল কছাৰীসকল গো-পালক থকাৰ সময়ছোৱাৰে এটি ঐতিহ্যপূৰ্ণ সভ্যতালৈ ঢাপলি মেলা কাহিনী সোনোৱালসকলৰ খ্ৰীং খ্ৰীং বাইথ' পৰম্পৰাত প্ৰচলিত৷ সোনোৱালসকলে কষ্টকৰ চিকাৰ কৰা কৰ্মৰ পৰা নিজকে সকাহ দিয়াৰ উদ্দেশ্য বনৰীয়া জীৱ-জন্তুক বশ কৰি ঘৰচীয়া কৰাৰ কৌশল আয়ত্ত কৰি লৈছিল৷ গো-পালন সম্ভৱত আটাইতকৈ উত্তম আছিল৷ সোনোৱালসকলৰ বিশ্বাস অনুসৰি এই গো-পালকসকলক ৰক্ষা কৰাৰ অৰ্থে খ্ৰীং খ্ৰীং বাইথ'ৱে বুঢ়া-বুঢ়ী ৰূপ লৈ হাবিৰ মাজত মাধুপুৰুষ আৰু সুৰেশ্বৰী নাম লৈ পঁজা সাজি বাস কৰিছিল৷ গৰখীয়াহঁতে হাবিৰ মাজত গৰু চৰাই থাকোতে মাধুপুৰুষে ওজা গৰখীয়া হৈ নিৰাপদে গাই গৰুবোৰক ৰক্ষা কৰিবৰ বাবে জামুক গছৰ গুৰিত বহি গৰখীয়াহঁতক নানান ধৰণৰ দিহা পৰামৰ্শ দিছিল৷ তদুপৰি গাই গৰুবোৰ নিৰাপদে ৰক্ষা কৰাৰ হেতু নেদেখাজনলৈ বুলি ফৰিং বিচাৰি আনি গন্ধসৰৈ গছৰ গুৰিত উলুখেৰৰ পাতেৰে ফৰিং বলি দিয়াৰ ব্যৱস্থা কৰি গীত পদ গাইছিল৷ সকলোবোৰৰ অন্ততঃ গীত পদৰ সৈতে ব্যৱহৃত বাদ্য সামগ্ৰীসমূহ ওজা গৰখীয়াই বহি থকা জামুক গছৰ গুৰিত জমা ৰাখিছিলহি৷ এদিন এজন গৰখীয়াই ফৰিং বিচাৰি নাপাই ফৰিং বলি দিয়া স্থানতে নিজৰ ডিঙিটো পাতি দিয়াত উলুখেৰে ৰেপ দিয়ে৷ লগে লগে গৰখীয়াজনৰ ডিঙিটো ছিগি থাকিল৷ এই ঘটনা সোনোৱাল সমাজত বিয়পি পৰিল৷ গৰখীয়াটোৰ ডিঙিটোত উলুখেৰৰ পাতেৰে ৰেপ দিওঁতে ডিঙি ছিঙি যোৱা কাৰ্যত সোনোৱাল লোকসকলে অলৌকিকতাৰ উমান পালে৷ সৃষ্ট তত্ত্বৰ আঁৰত থকা শক্তিক ইমান দিনে সোনোৱাল লোকে হাইদাং গীতৰ মাজেৰে কৰি অহা বিচাৰ কাৰ্যত আৰু এটি নতুন শক্তি উমান পালে৷ খ্ৰীং খ্ৰীং বাইথ'ৰ ভূ-ভা দৰ্শনত সংযোজিত হ'লহি হাবিৰ মাজত গৰখীয়াসকলে কৰা মানুহ বলি দিয়া বিধান৷ এই গোটেই ঘটনাৰ মূল সত্তা-কৰ্তা ওজা গৰখীয়া মাধুপুৰুষ৷ সোনোৱালসকলৰ প্ৰকৃতিবাদী তত্ত্বত শক্তিৰ উপাসনালৈ উন্নিত কৰা লোকজন হ'ল এই মাধুপুৰুষ৷ এই কাহিনীৰ কথাই এটি দিশ স্পষ্ট কৰে যে মাধুপুৰুষ নামৰ এই লোকজনৰ যোগেদি সোনোৱাল লোকসকলৰ অন্য জনগোষ্ঠীৰ সৈতে সম্পৰ্ক স্থাপনৰ এক ইতিহাস৷ এই সম্পৰ্ক আচলতে সাংস্কৃতিক৷
একেটা কাহিনীতে মাধুপুৰুষে ওজা গৰখীয়া ৰূপ লৈ গৰু চৰাই থাকোতে গৰখীয়াহঁতে গৰু চৰাই ভাগৰি পৰা দেখি সুৰেশ্বৰী বুঢ়ী ঘৰত কিবা এটি খাই আহিবলৈ পৰামৰ্শ দিলে৷ মাধুপুৰুষে গৰখীয়াহঁতক ভাগৰ পলোৱা আৰু ভোক-পিয়াহ গুচোৱা দৰব বুঢ়ীৰ ঘৰত থকাৰ কথা ক'লে৷ মাধুপুৰুষৰ পৰামৰ্শক্ৰমে গৰখীয়াহঁতে সুৰেশ্বৰী ঘৰলৈ গৈ প্ৰথমবাৰৰ বাবে খাই পোৱা এক বিশেষ দ্ৰব্যৰ সোৱাদ পালে৷ সেই দ্ৰব্য বিধ হ'ল ভাত৷ তাকো খুদু চাউলৰ ভাত৷ ভাত খাব পৰাবোৰ খাই গৰখীয়াহঁতে খাব নোৱাৰা অৱশিষ্টখিনি এজোপা গছৰ গুৰিতে পাতত বান্ধি পেলাই থ'লে৷ ভাত খাই গৰখীয়াহঁত তাতে শুই পৰিল৷ পিছদিনা শুই উঠি সিহঁতে শুই থকা চাৰিওফালে সুগন্ধি বায়ুৰ গোন্ধ পাই নাক উজাই উশাহ ল'ব ধৰিলে৷ গৰখীয়াহঁতে সুগন্ধি বিয়পি থকা ঠাইকন বিচাৰিব ধৰিলে৷ গৈ দেখে যে আগদিনা খাই বৈ বাকী থকা বান্ধি থোৱা ভাতকেইটাৰ পৰাই এই ভাল গোন্ধ ওলাইছে৷ সেয়া মেত মেতাই শব্দ কৰি আছিল৷ মেত মেতাই থকাৰ বাবে সেয়া নাম দিলে মদ৷ মেত মেতাই থকা দ্ৰব্যভাগৰ পৰা ৰস বাগৰি অহাত গৰখীয়াহঁতে তাকে খাই বৰ ভাল পালে৷ ভাগৰো পলাল, মনত আনন্দ পাই গৰখীয়াহঁতে ফুৰ্ত্তি কৰিবলৈ ধৰিলে৷ সুৰেশ্বৰী বাইৰ ঘৰত সৃষ্টি হোৱাৰ বাবে সুৰা৷ মাধুপুৰুষৰ নিৰ্দেশ অনুসৰি সুৰেশ্বৰীৰ যত্নত সৃষ্টি হোৱাৰ বাবে মাধুপুৰুষৰ ৰস৷ যিসকলে গৰখীয়াহঁতক আনন্দ কৰা দেখি তাৰ ওৰ বিচাৰি গৈ গৰখীয়াহঁতে থৈ অহা সিটাখিনি পাই সাজি হোৱাকৈ পালো বুলি তাৰ নাম দিলে সাজ-পানী৷
এইখিনিতে এটি কথা স্পষ্ট হ'ল যে সোনোৱালৰ আদিপুৰুষসকলে পশু-পালন বা গো-পালন কৰি থকাৰ কালতে ভাতৰ সোৱাদ অন্য লোকৰ পৰা পাই তৃপ্ত হৈছিল৷ একেধৰণে কৃষিজীৱী সভ্যতালৈ ঢাপলি মেলাৰ ইতিহাস এই কাহিনীভাগতে সংপৃক্ত৷ সোনোৱাল আদিপুৰুষসকলক কৃষিজীৱী সভ্যতালৈ আগবঢ়াই নিয়া বিশেষ দুজন বীৰ পুৰুষ হ'ল সুৰেশ্বৰী আৰু মাধুপুৰুষ৷ এই দুইজন বীৰ পুৰুষকে সোনোৱালসকলৰ হুঁচৰি গীতৰ পোহাৰী গীতত হুৰে হুৰে বাই বুলি স্থান দিয়া হৈছে৷ তদুপৰি থিয়গীতত হুৰাই ল বুলি সম্বোধন কৰা হৈছে৷ মাধুপুৰুষ আৰু সুৰেশ্বৰী দুয়োজন সোনোৱাল সংস্কৃতিৰে নহয় তেখেতসকল সোনোৱাল জাতিটোক সভ্যতাৰ স্তৰত বাট বোলাই নিয়া পথ প্ৰদৰ্শক৷
 
২.৩ সোনোৱাল কছাৰীসকলৰ সমাজত প্ৰচলিত পানীয় ৰস মদৰ প্ৰস্তুত প্ৰণালীঃ
সোনোৱালসকলৰ খাদ্যৰ অন্যতম অংগ পানীয় ৰস বা মদ৷ বিভিন্ন চাউলৰ পৰা উৎপাদিত পানীয় ৰসৰ সোৱাদো ভিন্ন৷ এই পানীয় ৰসসমূহৰ নাম ৰহি বা তলসৰা অথবা মদ, চেপা বা সাঁজপানী৷ এই ৰস নিচাযুক্ত কৰিবৰ বাবে অসমৰ হাবিত উপলব্ধ বিভিন্ন ঔষধিযুক্ত গছ বন মিহলাই বড়ি প্ৰস্তুত কৰে৷ ঔষধিযুক্ত গছ বনসমূহ গুড়ি কৰি পিঠাৰ সৈতে মিহলাই পিঠাগুটিৰ সহায়ত প্ৰস্তুত কৰা এই পানীয় ৰস উপযুক্ত পৰিমাণত গ্ৰহণ কৰিলে স্বাস্থ্যৰ কোনো ক্ষতি নহয়৷
সোনোৱাল জনগোষ্ঠীৰ মাজত প্ৰচলিত পৰম্পৰাগত পানীয় মদ অতি প্ৰাচীন৷ কথিত আছে যে আৰাধ্য খ্ৰীং খ্ৰীং বাইথ' [খিৰিং ৰাজা] এই মদৰ উদ্ভাৱক৷ সোনোৱালসকলে মদক আৰাধ্যজনৰ দান বুলি গণ্য কৰে৷ বাইথ' পৰম্পৰাত মদক প্ৰসাদ হিচাপে গ্ৰহণ কৰা হয়৷ লোকবিশ্বাস অনুসৰি সঠিকভাৱে পিঠা নিবলালে মদ নুঠে৷ গোন্ধ মিঠা-মিঠা, মধম মধম হ'লে মদ ভাল হয়৷ বেয়া গোন্ধ ওলালে সেই মদ ব্যৱহাৰৰ অনুপযোগী৷ মদৰ ৰং হালধীয়া বা বগা হ'ব পাৰে৷ ৰহি মদ দীৰ্ঘদিন ৰখাৰ বাবে চোকা হয়৷ অৱশ্যে ৰহি মদ দীৰ্ঘদিন ৰাখিলে মিঠাস্বাদ নাইকিয়া হয়৷ মদ অত্যধিক দিন ৰাখিলে পচি যায়৷ পিঠা সঠিক নহ'লে বা অপৱিত্ৰ হ'লে মদৰ নিচা নুঠে৷
সোনোৱাল কছাৰীসকলৰ মাজত মদ কেৱল আমোদৰ বাবেই নহয়৷ সোনোৱাল সমাজত মদ বিভিন্ন ধৰ্মীয় আৰু সামাজিক কাম-কাজৰ বাবে আগমানলৈ অপৰিহাৰ্য৷ বিশেষকৈ মৃতক দিয়া প্ৰতিটো পৰ্বৰ বাবে মদৰ গুৰুত্ব সৰ্বাধিক৷ লোকবিশ্বাস অনুসৰি, পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আৰু শুদ্ধ মনেৰে মদ প্ৰস্তুত নকৰিলে মদৰ সোৱাদ বেয়া হয় বা ই সঠিকভাৱে নুঠে৷
 
২.৩.১ মদ প্ৰস্তুতৰ শুদ্ধি আৰু নিয়মঃ
মদ প্ৰস্তুত কৰোঁতে পৰিষ্কাৰ-পৰিচ্ছন্নতাক বিশেষ গুৰুত্ব দিয়া হয়৷ হাত-ভৰি আৰু ব্যৱহাৰ কৰা সঁজুলিবোৰ যেনে– চালনী, কলহ বা কলপাত আৰু অন্যান্য পাত্ৰ আদি ভালদৰে ধুই পানী নিয়হ কৰি শুকুৱাই ল'ব লাগে৷ অশুচি অৱস্থাত বনালে মদ ভালকৈ নুঠে বা টেঙা হৈ যায় বুলি বিশ্বাস কৰা হয়৷
মদ প্ৰস্তুত দুটা পৰ্যায়ত হয় – মদ পিঠা [ঔষধ বা চাউল পিঠা] প্ৰস্তুত আৰু নিয়হ দি মদ প্ৰস্তুত৷ মদ প্ৰস্তুতৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সোনোৱাল সমাজত পৰম্পৰাগতভাৱে মহিলাৰ হাতত থাকে আৰু মাতৃৰ পৰা কন্যালৈ মৌখিকভাৱে হস্তান্তৰিত হয়৷
 
২.৩.১.১ মদ পিঠা [ঔষধ] প্ৰস্তুতঃ
মদ প্ৰস্তুত কৰিবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হ'ল পিঠা৷ ইয়াক বিভিন্ন বনৌষধিৰ সৈতে মিহলাই তৈয়াৰ কৰা হয়৷ এই মদপিঠাৰ অবিহনে মদ নহয়৷
প্ৰয়োজনীয় উপাদানসমূহ ঃ  মদ পিঠা প্ৰস্তুতৰ বাবে কেইবাবিধ বনৌষধিৰ প্ৰয়োজন৷ অৱশ্যে অঞ্চল বিশেষে এই বনৌষধিসমূহৰ মিশ্ৰণ তাৰতম্য হোৱা দেখা যায়৷
১. খখৰিয়া গছৰ পাতঃ খখৰিয়া পাত নহ'লে মদেই নহয়, আটাইতকৈ প্ৰয়োজনীয় উপাদান৷ এই পাত বেছিকৈ দিলে মদ ভাল সৰসৰীয়া হয়৷
২. ধপাত তিতাঃ মদ চোকা কৰিবলৈ, ৰং সেউজীয়া ধুনীয়া কৰিবলৈ আৰু পূজাৰ কাৰণে ভাল৷ বেছি দিলে মূৰ কামুৰে, কম দিলে ভাল৷ কম পৰিমাণে দিব লাগে৷
৩. তিতা বাহক বা তিতাকুচিঃ মদ চাফা কৰিবলৈ আৰু তিতা-চোকা ভাব আনিবলৈ বাবে এই উদ্ভিদৰ পাত দিয়া হয়৷ পিঠাৰ ৰং সেউজীয়া কেঁচাপতীয়া আৰু ধুনীয়া কৰিবলৈ মিশ্ৰণ কৰা হয়৷ অৱশ্যে এই উদ্ভিদ নিদিলেও চলে৷
৪. পানীমুৰী শিপা বা গা-গছঃ মদ মিঠা-চোকা কৰিবলৈ এই পানীমুৰীৰ শিপা বা সিৰা ব্যৱহাৰ কৰা হয়৷ জিভাখন বান্ধি ধৰিবলৈ আৰু মৌ-মৌৱাই থাকিবলৈ এই দ্ৰব্য ব্যৱহাৰ কৰা হয়৷ পানীমুৰীৰ শিপা বা সিৰা ব্যৱহাৰ কৰিলে মদ মিঠা হয়৷
৫. জালুকঃ মদত অলপ জলা ভাব বা চোকা গুণ কৰিবলৈ, মদ কঢ়া বা চোকা কৰিবলৈ জালুক গুটিৰ গুৰিৰ প্ৰয়োজন৷ মদ উঠিবৰ বাবে এই দ্ৰব্যৰ প্ৰয়োজন হয়৷
৬. কপৌ ঢেঁকীয়া পাতঃ ঔষধি গুণৰ বাবে আৰু স্বাস্থ্যৰ গুণাগুণৰ বাবে এই উদ্ভিদৰ পাত প্ৰয়োজন৷
৭. তেজমুৰী শিপাঃ স্বাস্থ্যৰ বাবে ভাল আৰু মদ চোকা কৰাত এই উদ্ভিদে শিপাই সহায় কৰে৷
৮. বকুতোলা পাতঃ মদৰ ৰং বগা আৰু ধুনীয়া কৰিবলৈ অথবা কিছুমানে বগা হ'বৰ কাৰণে এই উদ্ভিদ পাত যোগ কৰে৷
৯. বিহলঙনি শিপা বা বিলঙনী শিপা বা পাতঃ মদ সোনকালে উঠিবলৈ এই উদ্ভিদৰ শিপা বা পাত কিছুমানে ব্যৱহাৰ কৰে৷ মদৰ নিচা বৃদ্ধি কৰাত সহায় কৰে৷
১০. গপচি লতাৰ পাতঃ গপচি লতাৰ পাত মদ পিঠাৰ সৈতে মিলোৱাৰ মূলতে মদ ফেনাবলৈ যোগ কৰা হয়৷
১১. মিঠাবন বা চেনি বনঃ এই মিঠাবনৰ আগ মদ মিঠা কৰিব বাবে ব্যৱহাৰ কৰা হয়৷
১২. আৰৈ চাউল বা খাই চাউলৰ পিঠাঃ মদৰ পিঠা প্ৰস্তুতৰ বাবে বৰা বা আঠাজাতিয় চাউলৰ বাদে অন্য খাই চাউলৰ পিঠা ব্যৱহাৰ কৰা হয়৷ ফৰফৰীয়া পিঠা প্ৰস্তুত কৰিব পৰা চাউল হলে মদ পিঠা ভাল হয়৷
 
২.৩.১.১.১ মদ পিঠাৰ প্ৰস্তুত প্ৰণালী ঃ
সোনোৱাল সমাজত পৰম্পৰাগতভাৱে মদ প্ৰস্তুতৰ বাবে হাবি বা বনৰ পৰা বনৌষধি পাত-শিপাবোৰ সংগ্ৰহ কৰি পানীৰে ধুই পানী নিয়হ কৰি শুকোৱাৰ পিছত খুন্দা বা পিছা হয়৷ এই খুন্দা প্ৰক্ৰিয়া ঢেঁকীত খুন্দিলে ভাল৷ শুকাই খুন্দা হৈ উঠিলে ঔষধখিনি চালনীয়ে চালি মিহি কৰি লোৱা হয়৷ একেধৰণে ঢেঁকীত খুন্দা আৰৈ চাউলৰ পিঠা গুড়িৰ সৈতে মদৰ ঔষধবোৰ মিহলি কৰি অলপ পানী দি ভালদৰে মলি মলি ঘুলি ফেনেকি মিহলাই লাড়ু বনাব লাগে৷ বহুসময় ঘুলাৰ পিছত পিঠাখিনি আঠা আঠা হ'লে ভালকৈ ধুই লোৱা মৰাপাটৰ বস্তা পাৰি তাৰ ওপৰত চাউল চলা চালনি দি চালনিৰ ওপৰত পিঠাবোৰ হাতৰ টিপত সৰু সৰু গোলাকৃতি বাটুলগুটিৰ সমানকৈ বা ঘিলা পিঠাৰ দৰে আকাৰ দি লানি লানিকৈ পাৰি মদপিঠা প্ৰস্তুত কৰাৰ নিয়ম৷ এইধৰণৰ কেঁচা মদপিঠাৰ ওপৰত ঘাইপিঠা ওপৰ তল কৰি কেইবাবাৰো ছটিয়াই পিঠাগুটিবোৰ শুকাবলৈ দিয়া হয়৷ পিঠাগুটিৰ ওপৰত ঘাইপিঠা ভালকৈ নছটিয়ালে মদপিঠা নুঠে৷ এই পিঠাবোৰ ওপৰত খেৰ বা বিহলঙনি পাতেৰে ঢাকি ধুনীয়া গোন্ধ ওলোৱালৈকে কেইবাদিনো শুকোৱাব লাগে৷ বস্তা বা ধানখেৰৰ ওপৰত ৰখাৰ মূলতে কেঁচা হৈ থকা পিঠাৰ লাড়ুবোৰ শুকোৱাবলৈ কৰা হয়৷ আজিকালি কিছু লোকে পিঠাখুন্দা মেচিনত চাউল আৰু ঔষধসমূহ একেলগে দি মদপিঠা প্ৰস্তুত কৰে৷ এইধৰণে প্ৰস্তুত কৰা মদপিঠাত পানী দি প্ৰস্তুত কৰাৰ প্ৰয়োজন নহয় বাবে এই পিঠা কলপাততে লানি কৰি দি শুকোৱাব পাৰি৷ এই পিঠা সম্পূৰ্ণ হ'বলৈ ঠাণ্ডা দিনত প্ৰায় সপ্তাহ দিন আৰু গৰমৰ দিনত তিনি-চাৰিদিন সময় লাগে৷ ঠাণ্ডা দিনত মদ পিঠা প্ৰস্তুত কৰোঁতে বস্তাৰে ঢাকোন দি গৰম কৰি ৰাখিব লাগে৷ এই মদপিঠা ৰ'দত শুকোৱা নহয়৷ সম্পূৰ্ণ শুকোৱাৰ পাছত, ইয়াক সাঁচি ৰখা হয়৷ মদপিঠা শুকোৱাৰ দুদিনৰ পিছতহে ব্যৱহাৰৰ উপযোগী হয়৷ বগা ৰঙৰ মদপিঠা বেছিদিন গাপ দি ৰাখিলে কলা পৰাও দেখা যায়৷ মদপিঠা ভাঙি পানী দিলে সেউজীয়া বা মটীয়া বৰণৰ হয়৷ মদপিঠাৰ গোন্ধ মিঠা-মিঠন, চোকা চোকা হ'লে মদ ভাল হ'ব বুলি বুজা যায়৷ মদপিঠা বৰষুণ তিতিলে বা সেমেকা হ'লে ভেকুৱা ভেকুৱা গোন্ধ ওলালে সেয়া মদ প্ৰস্তুতৰ বাবে উপযোগী নহয়৷ তেনে মদপিঠাৰ পৰা মদ প্ৰস্তুতেই নহয়৷


 
২.৩.১.১.২ সংৰক্ষণঃ
গাপ নুঠা পাত্ৰ বাঁহৰ খৰা বা মাটিৰ পাত্ৰত বায়ুবন্ধ কৰি ৰাখিলে মদপিঠা বহুদিন সাঁচি ৰাখিব পাৰি [এবছৰলৈকে]৷ গাপ উঠা মদপিঠাৰ দ্বাৰা মদ প্ৰস্তুত কৰিলে সেই মদৰ গুণাগুণ ৰক্ষিত নহয়৷
 
২.৩.১.১.৩ বিক্ৰীঃ
এটা মদপিঠা গুটি ১ টকাত বিক্ৰী হয়৷ এক কেজি পিঠাত প্ৰায় ৫০টা পিঠাগুটি বনাব পাৰি৷ অৰ্থাৎ এক কেজি পিঠাৰ পৰা ৫০ টকা পৰিমাণৰ ধন আহৰণ কৰিব পাৰি৷ এতিয়াও এই ব্যৱসায় সোনোৱাল সমাজৰ বাবে লাভজনক হৈ উঠা নাই৷
 
২.৩.১.২ মদ প্ৰস্তুত প্ৰক্ৰিয়াঃ
সোনোৱাল সমাজত ভাল মদ প্ৰস্তুতৰ বাবে ভাল মদপিঠা নিৰ্বাচন গুৰুত্বপূৰ্ণ দিশ৷ সোনোৱাল মহিলাই ভাল মদপিঠা প্ৰস্তুত কৰা বা অন্য ঠাইৰ পৰা লাভ কৰাৰ পিছতহে মদ বনোৱাৰ বাবে প্ৰস্তুতি চলায়৷ মদ প্ৰস্তুতিৰ কেইবাটাও ঢাপ বা স্তৰ আছে৷ সেইসমূহ তলত আলোচনা কৰা হ'ল৷
 
২.৩.১.২.১ মদ প্ৰস্তুতৰ বাবে চাউল নিৰ্বাচন আৰু ৰন্ধনঃ
সোনোৱাল কছাৰীসকলে সাধাৰণতে বৰা চাউল বা আঠা ওলোৱা চাউল মদ প্ৰস্তুতৰ বাবে ব্যৱহাৰ কৰে৷ বৰা চাউলৰ মদ বেছি সুস্বাদু, সোৱাদযুক্ত আৰু গুণগত মানৰ হয়৷ চাউলখিনি ভাতৰ দৰে পানীত সিজাই ল'ব পাৰি অথবা ভাপত দি চেআ দি সিজাই ল'ব পাৰি৷ ভাপত দিয়া জলপানৰ মদ অতি উত্তম৷
 
২.৩.১.২.২ মিশ্ৰণঃ
চেআ জলপান বা ভাতখিনি ৰন্ধাৰ পাছত এখন শুকান ডলাত মেলি দি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ দিয়া হয়৷ ভাতখিনি ঠাণ্ডা দিনত অলপ কুহুমীয়া হৈ থাকোঁতে আৰু গৰম দিনত ঠাণ্ডা কৰি আগতে বনাই থোৱা মদপিঠাৰ গুড়ি ভাতৰ পৰিমাণ অনুযায়ী ছটিয়াই দিয়া হয়৷ এই প্ৰক্ৰিয়াক সোনোৱাল সমাজত নিয়হ দিয়া বা নিহনী বুলি কয়৷












 
২.৩.১.২.৩ পৰিমাণ ঃ
১ কেজি চাউলত ৩-৪ টা পিঠা বা কিছুমানে প্ৰায় ৫ টা মান সৰু পিঠা সানে৷ ভাতখিনি হাতেৰে ভালদৰে মলি মলি মিহলি কৰা হয়৷ মন কৰিব লাগে যাতে ক'তো টোপোলা বান্ধি নাথাকে বা গোটা হৈ নাথাকে৷ ঠাণ্ডা দিনত নিয়হ দিয়া মদত পানী চটিয়াই দিয়া হয় আৰু গৰমৰ দিনত পানী দিয়া নহয়৷
 
২.৩.১.২.৪ সংৰক্ষণঃ
মদপিঠা মিহলি কৰা বা নিয়হ দিয়া ভাতখিনি এটা পৰিষ্কাৰ পাত্ৰত কলহ বা গামলা বা খৰাহি বা খৰাৰ ওপৰত কলপাত দি তাৰ ওপৰত থোৱা হয়৷ পাত্ৰটোৰ মুখখন কলপাতেৰে ভালদৰে বান্ধি দিয়া হয় যাতে বতাহ সোমাব নোৱাৰে৷ ঠাণ্ডা দিনত ইয়াক গৰম কাপোৰেৰে বা ধানখেৰেৰে মেৰিয়াই থ'ব লাগে যাতে উষ্ণতা ঠিকে থাকে৷ গৰম দিনত ২-৩ দিন বা ৩-৪ দিনৰ পাছত আৰু ঠাণ্ডা দিনত ৫-৬ দিন-মানৰ পাছত সুগন্ধি গোন্ধ ওলাবলৈ আৰম্ভ কৰে৷ গোন্ধ ওলালেই বুজিব লাগে যে মদ উঠিছে৷ ফেন ওলায় আৰু মদ উঠিলে মধম মধম গোন্ধে মলেমলাই৷ গাপ দিয়া মদ ঘামি ঘামি এটোপ দুটোপকৈ লাহে লাহে নিজৰি কেইবাদিনো পৰে৷ এই ধৰণে এটোপ দুটোপকৈ পৰা মদক তলসৰা বা ৰহি বুলি কোৱা হয়৷ তলসৰা পৰি শেষ হোৱাৰ পিছত বাকী ৰোৱা অংশ কলহত পানী দি ভৰাই ৰখা হয়৷ ৰহি মদ ওলাই শেষ হোৱা মদমেৱাবোৰ কলহত ভৰাই ৰখা অংশৰ পৰা কম পৰিমাণৰ মদ প্ৰস্তুত কৰা হয়৷ এই মেৱাৰ পৰা বেছিকৈ মদ প্ৰস্তুত কৰিলে মদ সেৰেকা হয়৷ এই মদক চেপা মদ বুলি কোৱা হয়৷ চেপা মদ প্ৰস্তুত কৰি বাকী ৰৈ যোৱা অংশক মদমেৱা বুলি কোৱা হয়৷ মদৰ এই মেৱা অংশ ঘৰৰ পোহনীয়া জীৱ-জন্তুক খাদ্য হিচাপে খাবলৈ দিয়া হয়৷ বিশেষকৈ গাহৰিৰ বাবে এই মেৱা প্ৰিয় খাদ্য৷ কেতিয়াবা মদ ঠৰঙা হৈ অকৰা মাৰে৷ ইয়াকে মদক অকৰা পৰা বুলি কোৱা হয়৷ মদ বহুদিন ধৰি পানী নিদিয়াকৈ ৰাখিলে মদত পোক লাগি বাহ বান্ধে৷ এই পোকক মেৱা পোক বুলি কোৱা হয়৷ এইধৰণৰ মদ বহু চোকা হয়৷
 
২.৩.১.২.৫ মদৰ প্ৰকাৰ আৰু গুণাগুণঃ
সোনোৱাল সমাজত মদৰ প্ৰকাৰ মূলতঃ দুবিধ– ৰহি আৰু চেপামদ৷ এই দুই প্ৰকাৰ মদ প্ৰস্তুতৰ প্ৰণালী ভিন্ন৷ এই দুই প্ৰকাৰ মদ ভিন্ন সামাজিক কৰ্মত প্ৰস্তুতৰ নিয়ম সুকীয়া৷
 
২.৩.১.২.৫.১ ৰহিঃ
গাপ দিয়া মদৰ ভাতখিনি পকি উঠাৰ পাছত পাত্ৰটোৰ তলিত ঘামি ঘামি এটোপ দুটোপকৈ লাহে লাহে কেইবাদিনো পৰে৷ এই ধৰণে এটোপ দুটোপকৈ পৰা মদৰ যি গাঢ়, হালধীয়া আৰু মিঠা তৰল অংশ জমা হয়, তাক ৰহি বোলা হয়৷ ই অতি চোকা আৰু সোৱাদযুক্ত৷ দেখিবলৈ পাতল হালধীয়া বা সোণালী ৰঙৰ৷ ৩ কেজি চাউলৰ পৰা প্ৰায় ৩ বটলমান ভাল ৰহি ওলায়৷
 
২.৩.১.২.৫.২ চেপামদ বা ছাকনী মদঃ
ৰহি উলিওৱাৰ পাছত অৱশিষ্ট ভাতখিনিত জোখ অনুযায়ী পানী মিহলাই দুই তিনিদিন কলহত ভৰাই ৰাখি থৈ চেপি উলিওৱা পানীয় বিধেই হ'ল চেপামদ বা ছাকনী মদ বা গুটি মদ৷ এই গুটি মদক ভাতৰ দৰে খাব পাৰি৷ এই চেপামদ পানী বেছি দি চেপিলে ই পাতল হয়৷ ৩ কেজি চাউলত ভালকৈ বনালে ৩ বটলমান ভাল ৰহি মদ ওলাব পাৰে৷ ৰহি নবনাই কেৱল মদৰ বাবে পানী মিহলালে ৬ বটলমান প্ৰস্তুত কৰিব পাৰে৷ ৩ কেজিত ১৫ টা পিঠা ব্যৱহাৰ কৰিলে প্ৰায় ১২০ টকাৰ মদ আৰু ৰহিৰ সৈতে কৰিলে ৩৫০ টকা পৰিমাণৰ মদ উলিয়াব পাৰি৷ অৱশিষ্টকৈ বাকী থকা চেপা মদখিনিৰ মেহেৰ বা বেহেৰা মদ বুলি কোৱা হয়৷ এইদৰে প্ৰস্তুত কৰা সেৰেকা মদক৷
 
২.৩.১.২.৬ সোৱাদ আৰু ৰংঃ
পানীমুৰী শিপা দিলে মদ মিঠা হয় আৰু জালুক বা তেজমুৰী মিহলালে মদ চোকা হয়৷ চাউল ধুই ল'লে মদ বগা হয়, নুধুলে অলপ ৰঙচুৱা বা হালধীয়া বৰণৰ হয়৷ তদুপৰি ভাত জলপান অলপ দেঈলে বা ৰঙচুৱা হ'লে মদৰ ৰং চাহপাতৰ দৰেও ৰং হ'ব পাৰে৷ ৰহিৰ ৰংটো সাধাৰণতে হালধীয়াই হয়৷
 
২.৩.১.২.৭ সতৰ্কতাঃ
মদ বেছি দিন প্ৰায় ১ মাহ বা ২০-২৫ দিনৰ ওপৰত পানী নিদিয়াকৈ থৈ দিলে পোক লাগিব পাৰে৷ বেছি দিন ৰাখিলে মদ মেৱা পচি মিঠা হেৰুৱায় আৰু চোকা হয়৷ অৱশ্যে মৃতক দিয়া পৰ্ব অথবা কোনো লোকধৰ্মৰ কৰ্মৰ বাবে মদ প্ৰস্তুত কৰিলে বহু সাৱধানতা অৱলম্বন কৰি কৰা হয়৷ মৃতক দিয়া কৰ্মৰ বাবে মদ প্ৰস্তুত কৰিবলৈ ঘৰখনে প্ৰথমে চোৱা পেলাই লয়৷ গা-পা ধুই মদ প্ৰস্তুতৰ ঠাইডোখৰ লেপি মচি চাফা কৰি মুকলি মনেৰে প্ৰস্তুতৰ যোগাৰ কৰা হয়৷ মদ প্ৰস্তুত কৰা ঠাইডোখৰ সাৰি লেপিমচি লয়৷ মদ প্ৰস্তুতৰ ঠাইলৈ কোনো অশুচি মহিলা বা অশুচি ঘৰৰ লোক প্ৰৱেশ কৰিলে অথবা চুলে মদ চোৱা বা অশুচি হয় বুলি বিশ্বাস আছে৷ তদুপৰি এই মদত পোক লাগিলে সেই মদ অশুচি আৰু অশুভ বুলি সোনোৱাল সমাজত প্ৰচলিত বিশ্বাস৷ সোনোৱাল সমাজত আগমান কৰা মদত পোক লাগিলে অশুচি আঁতৰাবলৈ কৰ্ম কৰিব লাগে৷ কিছুলোকে ছালিপান কাতে আৰু কিছুমানে সৰু খিন বা বৰ খিন ভাঙিহে অশুচি বা চোৱা গুচোৱাৰ এক এৰাব নোৱাৰা নিয়ম সোনোৱাল সমাজত আছে৷ এই সময়ছোৱাত মূল পৰ্বটি অশুচি নাতৰালৈকে স্থগিত ৰখাৰ নিয়ম৷ সেয়ে আগমান কৰা মদৰ প্ৰস্তুত প্ৰণালী খুবেই শ্ৰদ্ধা আৰু ভক্তিয়ে কৰা হয়৷
 
২.৩.১.২.৮ সংৰক্ষণঃ
প্লাষ্টিক পাত্ৰত মদ বেছি দিন থ'লেও বেয়া নহয়, ভালে থাকে৷ মদ প্ৰস্তুত কৰোঁতে সোনোৱাল সমাজত বহু সতৰ্কতা অৱলম্বন কৰা হয়৷ মদ চোৱা বা অশুচি নহ'বলৈ আৰু টেঙা নহ'বলৈ পৰিষ্কাৰ পৰিচ্ছন্নতাক গুৰুত্ব দিয়া হয়৷ মদ বনোৱা ভাতবোৰ ভালকৈ নুফুটে বা নিসিজিলে মদ টেঙা হয়৷ একেধৰণে মদ বনোৱা বাচনবোৰ ভালকৈ পৰিষ্কাৰ নহ'লে বা পানী নিয়হ কৰি শুকোৱাই নল'লে মদ টেঙা হোৱাৰ সম্ভাৱনা প্ৰবল৷ পাতবোৰ গপা পাত হ'লে মদ টেঙা হয়৷ আকৌ মদপিঠাৰ কেঁচা সামগ্ৰীবোৰ ভালকৈ পানীৰে ধুই নিয়হ কৰি শুকোৱাই নল'লে ঔষধসমূহ গাপি ভেকুৰিব ধৰে৷ একেধৰণে এই মদপিঠাবোৰো ভেকুৰে৷ তেনে মদপিঠাৰ দ্বাৰা বনোৱা মদ স্বাভাৱিকতে টেঙা হয়৷ তদুপৰি টেঙা লগা হাত, নিমখ লগা হাত অথবা ভাত খোৱা চোৱা হাতে মদ চুলে মদ চোৱা এবেলামান সময়তে মদ টেঙা হ'ব পাৰে৷ মদ উলিওৱা বাচনবোৰ পানী নিয়হ কৰি শুকোৱাই নল'লেও মদ টেঙা হয়৷
 
২.৩.২ জনগোষ্ঠীৰ মাজত পানীয়ৰ ব্যৱহাৰ আৰু গুৰুত্বঃ
সোনোৱাল সমাজত মদ দৈনন্দিন জীৱনত অতিথি আপ্যায়ন, উৎসৱ-পাৰ্বণ, বিবাহ, শিশু জন্ম, মৃত্যু অনুষ্ঠান আদিত ব্যৱহাৰ হয়৷ সোনোৱাল সমাজত মদ ভাজি অথবা মাংস-মাছৰ সৈতে খোৱা হয়৷ মহিলাৰ প্ৰসৱোত্তৰ স্বাস্থ্যৰ বাবেও মদ ব্যৱহাৰ হয়৷ তদুপৰি দুখ-ভাগৰ আঁতৰাবলৈ, কৃষিকাৰ্যত ঘণ্টাৰ পিছত ঘণ্টা ধৰি কাম কৰি থাকিবলৈ, যিকোনো আনন্দৰ অনুষ্ঠানত ভাগ ল'বলৈ মদ সোনোৱাল সমাজৰ বাবে এক এৰিব নোৱাৰা শীতল পানীয় দ্ৰব্য৷
সোনোৱাল সমাজত মদ পূৰ্বপুৰুষক মৃতক দিয়া পৰ্বত, খ্ৰীং খ্ৰীং বাইথ' পৰম্পৰাৰ বলি-বিধানত প্ৰসাদ হিচাপে অৰ্পণ কৰা হয়৷ সামাজিকভাৱে অতিথি আপ্যায়ন, বিবাহত দৰা-কইনাৰ পৰিয়ালক সন্মানীয় ভাৰ হিচাপে মদ আগবঢ়োৱা নিয়মবোৰে জনগোষ্ঠীটোৰ পাৰস্পৰিক বান্ধোনক অধিক শক্তিশালী কৰে৷ অৱশ্যে আই সকাম, বৈষ্ণৱৰ কৰ্মবোৰত মদ নিষিদ্ধ৷
 
২.৩.৩ সাম্প্ৰতিক প্ৰেক্ষাপটত পানীয় বিধৰ গুৰুত্ব ঃ
আজিৰ দিনতো সোনোৱাল সমাজত মদ সাংস্কৃতিক পৰিচয় এক উল্লেখযোগ্য সম্পদ৷ সম্প্ৰতি ভোগালী মেলা, ৰঙালী মেলা, জনগোষ্ঠীয় সমাৰোহ আদিত এই শীতল পানীয় বিধৰ বিক্ৰী কৰি ভাল আয় কৰিবলৈ সক্ষম হৈছে৷ আধুনিক পানীয় সমূহৰ মাজত বৃহৎ ব্যৱসায়ৰ প্ৰত্যাহ্বানৰ পিছতো সোনোৱালসকলে ঘৰুৱা মদৰ পৰম্পৰা জীয়াই ৰাখিব পৰাৰ মূলতে ই স্বাস্থ্যৰ উপকাৰী উপাদানৰ বাবে জনপ্ৰিয় হৈ ৰ'ব পাৰিছে৷ সোনোৱাল সমাজৰ বহু পৰিয়ালে বাণিজ্যিকভাৱে মদ বিক্ৰী কৰি আয় বৃদ্ধি কৰি পৰিয়াল পোহপাল দি আছে৷ গতিকে মদৰ পৰম্পৰাগত পদ্ধতিৰ দ্বাৰা সোনোৱাল সমাজৰ সমৃদ্ধ লোক-চিকিৎসা, খাদ্য সংস্কৃতি আৰু অবিচ্ছেদ্য আত্মিক পাৰস্পৰিক সম্পৰ্কৰ পৰিচয় দাঙি ধৰিব পাৰিছে৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বহন কৰা মদ প্ৰস্তুতৰ জ্ঞান জাতিটোৰ বাবে এক জীৱন্ত ঐতিহ্য৷ সোনোৱাল সমাজৰ বাবে মদ কেৱল এক পানীয় নহয়, ই জাতিটোৰ সাংস্কৃতিক জীৱনাদৰ্শন৷
 
৩.০ উপসংহাৰ ঃ
মদ সোনোৱাল সমাজৰ মহিলাসকলৰ আচুতিয়া সম্পদ৷ যুগ যুগ ধৰি পুৰুষানুক্ৰমে প্ৰজন্মৰ পিছত প্ৰজন্মই মাতৃৰ পৰা ছোৱালী সন্তানে পৰম্পৰাগতভাৱে লাভ কৰিছে৷ পৰম্পৰাগতভাৱে লাভ কৰা এই লোকজ্ঞান আজি উত্তৰ প্ৰজন্মৰ বাবে পেটৰ ভাত মুকলিৰ এক সম্বল বা পথ হিচাপে ব্যৱহাৰ কৰিব পাৰিছে৷ তাহানিৰে পৰা পুৰুষানুক্ৰমে প্ৰজন্মই লাভ কৰা সমৃদ্ধ লোকজ্ঞানৰ বাবেই মদ নিচাদ্ৰব্য হোৱাৰ পিছতো সোনোৱাল জাতিটোৰ প্ৰজন্মক নিৰোগী আৰু স্বাস্থ্যৱান প্ৰজন্ম হিচাপে গঢ়াত অৰিহণা যোগাই আহিছে৷ তাহানিৰ প্ৰযুক্তিবিহীন যুগত এবাটি মদে সোনোৱাল মানুহক কামৰ ভাগৰ গুচাই কামিলা মানুহ কৰাত সহায় কৰিছিল৷ মদ প্ৰস্তুত কৰিব জনা মদখোৱা সেইচাম সোনোৱাল মানুহে মদৰ নিচাত অনেক প্ৰতিকূলতাকো নেওচি জাতিটোক আগবঢ়াই নিছিল৷
 
ক্ষেত্ৰ অধ্যয়নঃ শিৱসাগৰ আৰু ডিব্ৰুগড়
সমল ব্যক্তি ঃ
শ্ৰীমতী ৰঞ্জিতা সোনোৱাল, বয়স ৫০ বছৰ, নাওঁপৰা পাৰলিগুৰি গাঁও, শিৱসাগৰ, অসম৷
শ্ৰীমতী ৰিজুমণি সোনোৱাল, বয়স ৪৫ বছৰ, উত্তৰ চোমদাৰ, টিটলাগড়, চৰাইদেউ, অসম৷
শ্ৰীমতী ৰত্না সোনোৱাল, বয়স ৬৫ বছৰ, নাওঁজান কুটুহা গাঁও, ডিব্ৰুগড়, অসম৷
ডাঃ জিতেন বড়া, বয়স ৭০ বছৰ, বৈৰাগীমথ, ডিব্ৰুগড়, অসম৷

Comments

Popular posts from this blog

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা