ধ্ৰুৱজ্যোতি বৰাৰ লোহা উপন্যাসৰ মাজত নিম্নবৰ্গীয় চেতনা : এটি আলোচনা
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ
গড়গাঁও মহাবিদ্যালয়
সাৰাংশ: ধ্ৰুৱজ্যোতি বৰাৰ লোহা [১৯৮৫] অসমীয়া উপন্যাস সাহিত্যৰ এখন ব্যতিক্ৰমী উপন্যাস৷ কাৰণ ইয়াত মধ্যযুগৰ শেষৰ ফালৰ এখিনি সাধাৰণ মানুহৰ দুখ, শোষণৰ ছবি তুলি ধৰাই উপন্যাসখনৰ মূল উপজীৱ্য৷ সাধাৰণতে উপন্যাসৰ মাজত সেই যুগৰ সমাজৰ এনে এচাম লোকৰ কথা ইমান শক্তিশালী ৰূপত আগতে প্ৰকাশ পোৱা নাছিল৷ আহোম ৰাজত্ব কালত মোৱামৰীয়া বিদ্ৰোহৰ পাছত শাসক শ্ৰেণীৰ অত্যাচাৰ আৰু শোষণে কেনে পৰ্যায় পাইছিল, তাকে লোহাৰ মাজত প্ৰতিফলিত কৰিছে৷ সমাজৰ নিম্নশ্ৰেণীৰ জীৱন-চৰ্যা তুলি ধৰাৰ দিশেৰে উপন্যাসখনে বৰ্তমান বহুলচৰ্চিত ‘ছাব্অল্টাৰ্ণ ষ্টাডিজে’ (Subaltern Studies) সামৰি লোৱা নিম্নবৰ্গীয় চেতনাৰ দিশেৰে আলোচনা কৰিব পাৰি৷ ‘ছাব্অল্টাৰ্ণ ষ্টাডিজ’ তত্ত্বই ইতিহাসৰ মাজত সুপ্ত, বঞ্চিত, অৱহেলিত, শোষিত মানুহৰ জীৱনৰ কথা আলোচনা কৰে৷ লোহা উপন্যাসখনৰ মাজত গতানুগতিক ইতিহাসৰ কাহিনী বা চৰিত্ৰ নাই৷ মধ্যযুগৰ এক অলিখিত অধ্যায় ইয়াত সামৰি লোৱা হৈছে৷ এই আলোচনা-পত্ৰত উপন্যাসখনৰ মাজত সমাজৰ নিম্নশ্ৰেণী মানুহখিনিৰ জীৱন কিদৰে তুলি ধৰা হৈছে, তাকে আলোচনা কৰা হৈছে৷ লোহাৰ কাহিনী আলোচনাৰ মাজেৰে বিশ্লেষণাত্মক পদ্ধতিৰে আলোচনা-পত্ৰখন প্ৰস্তুত কৰা হৈছে৷
বীজ শব্দ: উপন্যাস, ইতিহাস, নিম্নবৰ্গ, শাসক, শোষণ, বঞ্চনা
১.০০ অৱতৰণিকা:
১.০১ বিষয়ৰ পৰিচয়: লোহা উপন্যাসখন মোৱামৰীয়া বিদ্ৰোহৰ পটভূমিত ৰচিত৷ কাহিনীটোত দুটা সমান্তৰাল ঘটনা সাঙোৰ খাই আছে— ইয়াৰে এটা হ’ল মধ্যযুগত অসমত লোহা উলিউৱাৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ বৰ্ণনা আৰু আনটো হ’ল ৰাজঘৰৰ শোষণৰ বৰ্ণনা৷ দুয়োটা ঘটনাৰ মাজত জিলিকি থকা দিশটো হ’ল সমাজৰ সাধাৰণ শ্ৰেণী মানুহৰ জীৱন-প্ৰৱাহ৷ ইতিহাসৰ পটভূমিত ৰচিত সাহিত্যৰ মাজত সমাজৰ নিম্ন বা সাধাৰণ শ্ৰেণীৰ জীৱনে যথোচিত গুৰুত্ব নাপায়৷ কিন্তু এই লোহা উপন্যাসখনৰ মাজত ৰজা-বিষয়া, যুগ নিৰ্মাতা লোকসকলৰ উপৰি সাধাৰণ জনসাধাৰণে বিশেষ গুৰুত্ব পোৱাটো তাৎপৰ্যপূৰ্ণ দিশ৷ যাৰ ফলত উপন্যাসখনে বৰ্তমান চৰ্চিত ‘ছাব্অল্টাৰ্ণ ষ্টাডিজ’ দৰে তত্ত্বৰ বহুদিশ সামৰি লয়৷ এই তত্ত্বৰ প্ৰৱক্তা গায়ত্ৰী চক্ৰৱৰ্তী স্পিভাক, ৰঞ্জিৎ গুহৰ দৰে ব্যক্তিয়ে সদায় নিম্নশ্ৰেণী মানুহৰ জীৱন-চৰ্যা বিশ্লেষণৰ কথা কয়৷ সাধাৰণলোকৰ প্ৰতিনিধি হিচাপে ৰমানন্দ, হৰিধন, মনপুৰ, কমলা আদিৰ জীৱনক তুলি ধৰি উপন্যাসখনে অসমৰ এক বিশেষ সময়ৰ এক শ্ৰেণী মানুহৰ কথা ক’ব খুজিছে৷ য’ত প্ৰতিফলিত হৈছে শাসক পক্ষৰ শোষণ, অৱহেলা, বঞ্চনা৷ তাৰ লগতে বান্দী-বেটী কিনা-বেচাৰ দিশটোও উপন্যাসখনত আংশিকভাৱে প্ৰতিফলিত কৰা হৈছে৷ এই আলোচনা-পত্ৰত সমাজৰ এই নিম্নশ্ৰেণীের মানুহখিনিৰ সামগ্ৰিক জীৱনটো কেনেদৰে তুলি ধৰা হৈছে তাক আলোকপাত কৰা হৈছে৷
১.০২ অধ্যয়নৰ উদ্দেশ্য: ধ্ৰুৱজ্যোতি বৰাৰ লোহা উপন্যাসৰ মাজত নিম্নবৰ্গীয় চেতনা : এটি আলোচনা— শীৰ্ষক আলোচনা-পত্ৰৰ অধ্যয়নৰ মূল উদ্দেশ্য হৈছে— লোহা উপন্যাসখনৰ মাজত প্ৰতিফলিত নিম্নশ্ৰেণী মানুহৰ জীৱন-চৰ্যা কেনেদৰে প্ৰতিফলিত হৈছে তাক আলোচনা কৰা৷
১.০৩ অধ্যয়নৰ পদ্ধতি: ধ্ৰুৱজ্যোতি বৰাৰ লোহা উপন্যাসৰ মাজত নিম্নবৰ্গীয় চেতনা : এটি আলোচনা— শীৰ্ষক গৱেষণা-পত্ৰৰ পদ্ধতি হিচাপে মূলতঃ বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে৷
২.০০ লোহা উপন্যাসখনৰ মাজত নিম্নবৰ্গৰ জীৱন: মধ্যযুগৰ অসমত লোহা উলিউৱাৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ বৰ্ণনা আৰু ৰাজপক্ষৰ শোষণৰ বৰ্ণনা— এই দুই সমান্তৰাল ঘটনাৰে লোহা উপন্যাসৰ কাহিনীভাগ আগবাঢ়ি গৈছে৷ লোহা উলিউৱাৰ আৰু তাৰ লগত জড়িত ঘটনাই বিষয়বস্তু হিচাপে ঠাই পোৱাটো অসমীয়া উপন্যাসৰ বাবে গুৰুত্বপূৰ্ণ দিশ৷ ইয়াৰ আগতে এনেধৰণৰ বিষয়বস্তুক لৈ উপন্যাস ৰচনা হোৱা নাই বুলিব পাৰি৷ কাহিনীটোৰ আয়তন সংক্ষিপ্ত যদিও পৰিকল্পিত ৰূপৰ আভাস পোৱা যায়৷ লোহা নিষ্কাষণ আৰু তাৰ লগত জড়িত বনুৱাখিনিৰ শোষণৰ স্বৰূপ দাঙি ধৰিবলৈ কিছুমান পৰিস্থিতিৰ অৱতাৰণা কৰি কাহিনীভাগ আগবাঢ়াই নিছে৷
মোৱামৰীয়া বিদ্ৰোহী বিচৰাৰ নামত কৰা অত্যাচাৰ আৰু বিদ্ৰোহীক হকে-বিহকে বন্দী কৰাৰ ঘটনাৰ বৰ্ণনাৰ মাজেৰে কাহিনীৰ আৰম্ভণি হৈছে৷ মোৱামৰীয়া গণ অভ্যুত্থানৰ পাছত ৰাজধানী দখল কৰি শাসকপক্ষই বিদ্ৰোহী প্ৰজা বিচৰাৰ অভিযান আৰম্ভ কৰে৷ প্ৰজা বিচৰাৰ নামত চাৰিওফালে একপ্ৰকাৰৰ আতংকময় পৰিৱেশৰ সৃষ্টি হয়৷ মোৱামৰীয়া ভকতৰ ওপৰত অমানুষিক অত্যাচাৰ চলিল৷ ৰাজৰোষৰ বলি হৈ সাধাৰণ প্ৰজাই সকলো স্বাধীনতা হেৰুৱাই পেলালে৷ কিছুমানক হত্যা কৰা হ’ল আৰু অন্য কিছুমানক বন্দী কৰা হ’ল৷ বিদ্ৰোহৰ সময়ত মোৱামৰীয়া ভকতৰ ওপৰত ৰজাঘৰৰ অত্যাচাৰৰ আভাস বুৰঞ্জীসমূহেও দিয়ে৷ এই বিষয়ে হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জীত এনেদৰে আছে —
"পাছে ৰাজেশ্বৰসিংহ স্বৰ্গদেৱে এই কথা নিশ্চয় জানি তিনিজনা ডাঙ্গৰীয়া সহিতে কৰি শত্ৰু প্ৰবল নৌহওঁতে দমন কৰা ভাল বুলি ঠায়ে ঠায়ে যিসকল মোৱামৰাৰ ভকত লোক আছে, সেইসকলক মাৰক আৰু প্ৰবলসকলক বুদ্ধিৰে বশীভূত কৰক, এই আজ্ঞা কৰিলে৷ সেই অনুসাৰে দেশৰ ঠাই যি মোৱামৰীয়া আছিল প্ৰকাৰান্তৰে মাৰিলে আৰু প্ৰকাৰান্তৰে দমন কৰিলে৷" ১
সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত তুংখুঙ্গীয়া বুৰঞ্জীত এনেদৰে আছে —
"মৰাণক যেয়ে যতে পাই ধৰি মাৰক; ধৰিও আনক৷ পাচে চাৰিও আলিয়ে ৰাউতে ঘোঁৰা মেলি এই আজ্ঞা কলে৷ এই আজ্ঞা শুনি মৰাণক ধৰি ধৰি মাৰিলে ৷ আৰু কোনোবাবোৰক হালে-হালে সাঙ্গুৰি আনি হাতীশালত দিলেহি৷" ২
উপন্যাসখনত অত্যাচাৰৰ ভয়াবহতা কল্পনাৰ সহায়ত দাঙি ধৰা হৈছে৷ অত্যাচাৰ আৰু আক্ৰোশৰ বলি হৈ ৰমানন্দ নামৰ খেতিয়কজনৰ ককায়েক আৰু বৌয়েকে প্ৰাণ হেৰুৱালে৷ তাৰ পাছত ৰমানন্দক বন্ধা হিচাপে আন কুৰিজন দাসৰ সৈতে বছা-দৈয়াঙলৈ লো-নিষ্কাষণৰ কাৰণে পঠোৱা হ’ল৷ এদল পহৰাদাৰীৰ সহায়ত ৰমানন্দহঁতক হাবিতলীয়া অচিন বাটেৰে নি তিৰুচকীৰ লো-শলীয়া বুঢ়া ওজাৰ ওচৰত গটাই দিয়া হ’ল৷ আহোম ৰাজত্বকালত বছা দৈয়াঙ্গৰ লোৰ পুঙৰ কথা হিতেশ্বৰ বৰবৰুৱাৰ আহোমৰ দিন গ্ৰন্থখনত উল্লেখ কৰি গৈছে৷ ৩ লো উলিওৱা পদ্ধতিৰপৰা কৰ শোধোৱালৈকে বিভিন্ন তথ্য গ্ৰন্থখনে দিয়ে৷ কিন্তু লো নিষ্কাষণৰ লগত জড়িত মানুহখিনিৰ মনৰ কথা বুৰঞ্জীয়ে নকয়৷ এই নিম্নশ্ৰেণীৰ মনৰ কথা প্ৰকাশ পাইছে ৰমানন্দ, হৰিধন, মনপুৰ, কমলা আদি চৰিত্ৰৰ জীৱনৰ মাজেৰে৷ তথাকথিত ইতিহাস চৰ্চাত নীৰৱ হৈ থকা কথাবোৰ সাহিত্যৰ মাজত সৰৱ ৰূপত উপস্থাপন কৰি ঔপন্যাসিকে নতুন চিন্তাৰ পাতনি মেলিলে৷ যাৰ সহায়ত সমকালীন শাসক আৰু শোষিত দুয়ো শ্ৰেণীৰ জীৱন বীক্ষা এই উপন্যাসখনৰ জৰিয়তে সুন্দৰকৈ ব্যাখ্যা কৰিব পাৰি৷
কল্প সাহিত্য হোৱাৰ বাবে উপন্যাসখনৰ কাহিনীত সেই সাধাৰণ মানুহখিনিৰ মনৰ কথা কল্পনাৰ সহায়ত তুলি ধৰা হৈছে৷ তথাপি সেই কল্পনা বাস্তৱ আধাৰিত বুলি অনুমান কৰিব পাৰি৷ উপন্যাসখনত দেখা যায় যে ৰমানন্দৰ দৰে এচাম লোকক বিদ্ৰোহী ভকত বুলি বাচ-বিচাৰ নকৰাকৈয়ে বলপূৰ্বকভাৱে বন্দী কৰিছে৷ উপন্যাসখনত ৰাজৰোষৰ বলি হোৱাসকলক ডা-ডাঙৰীয়া আৰু বিষয়-পালিসকলে লগত পিয়দা, টেকেলা আৰু পাইক লৈ বিচাৰি আনি অস্থায়ী বাঁহৰ গৰালত ৰাখিছে৷ তাৰ মাজৰ পৰা বচা-বচা বন্দীক লো-উলিউৱাৰ কামৰ বাবে লৈ যোৱা হৈছে৷ ইয়াৰ পাছৰ পৰা তেওঁলোকৰ বন্ধা হিচাপে দাসত্ব জীৱন আৰম্ভ হৈছে৷ বিষয়া ডা-ডাঙৰীয়াক সন্তুষ্ট কৰিবলৈ হাড় ভগা পৰিশ্ৰম কৰিবলগীয়া হৈছে৷ তেওঁলোকৰ পৰিশ্ৰমৰ মূল্য বা ভাগ সকলোৰে পৰা বঞ্চিত৷ সেয়েহে নিৰ্যাতিত এজনে কৈছে —
"বান্ধ, আমাক নিকিনা গোলাম কৰিলে বুজিছনে নাই? এই যে বান্ধি আনিলে আৰু জীয়াই থকালৈকে মুকুতি নোপোৱা৷ গোটেই জীৱনটো হাড়ভঙা কাম কৰি আধামৰা হ’ব লাগিব৷ জ্বৰ গ্ৰহণীয়ে তোমাক দহি পেলাব৷" ৪
ঠিক একেই জীৱন কটাইছে বান্দী কমলা আৰু ভদৰীয়ে৷ এওঁলোকৰো ব্যক্তিগত আশা-আকাংক্ষা বা ভাবানুভূতিৰ কোনো মূল্য নাই —
"জন্মৰ পৰা মই বান্দী, বৌটিও বান্দী আছিল, সেয়ে ময়ো জন্ম লওঁতেই বান্দী হ’লো৷ ইমান দিন থাকিলো— মূৰৰ চুলি পক ধৰিলে৷ ওজা কেনে মানুহ আয়ে যিমান জানে ময়ো তাতকৈ কম একো নাজানো৷ এতিয়া বয়স হোৱাত উভতি নাচায়৷ এনেকৈয়ে জীৱনটো গ’ল বুইছ, কিমান আশা আছিল মোৰ— বন্ধাটোঁৰ লগতে হ’লেও ঘৰ এখন কৰিম৷ কোলা শুৱনি ল’ৰা পোৱালী এটা হ’ব৷...." ৫
কমলাও ওজাৰ ঘৰত বছৰ বছৰ ধৰি বান্দীৰ জীৱন কটাইছে৷
গাঁৱৰ খেতিয়ক ৰমানন্দক লোৰ নিষ্কাষণৰ বাবে ধৰি নিনিয়ালৈকে মুক্ত জীৱন কটাইছিল৷ কিন্তু লো-ওজাৰ ওচৰত ৰমানন্দহঁতৰ দাসত্বৰ জীৱন আৰম্ভ হ’ল৷ ওজাই সকলোকে নিজৰ নিজৰ কাম ভগাই দিলে৷ সকলোৱে পৰিস্থিতিৰ দাস হৈ বন্দীয়াৰ জীৱন মানি, গোলামৰ দৰে কামত লাগি গ’ল৷ গাত খন্দা, লোৱাচুৰ মাটি খচকা, মাটি ধোৱা, পগাই লোহা আহৰণ কৰিবলৈ সকলো ব্যস্ত হৈ পৰিল৷ মাজে মাজে কোনোৱে কামত হেলা বা প্ৰতিবাদ কৰিলে বুঢ়া ওজাই তাক নিয়ন্ত্ৰণ কৰি গ’ল৷ এইবোৰৰ মাজতে ৰমানন্দৰ বুঢ়াৰ ঘৰৰ বান্দী কমলাৰ মাজত প্ৰেমৰ সম্পৰ্ক হয়৷ দুয়ো সংগোপনে বন্দী জীৱনৰ পৰা পৰিত্ৰাণ পোৱাৰ পথ বিচাৰি ফুৰে৷ তেওঁলোকৰ প্ৰেমত সততা আছিল যদিও সাহস নাছিল৷ ৰমানন্দই উপায়হীন হৈ লোহা নিষ্কাষণৰ কামতো দেহেকেহে খাটি যায়৷ মাজতে ৰজাৰ ঘৰৰ পৰা পুৰস্কৃত হৈ, ওজাই দুগুণ উৎসাহেৰে মানুহবোৰক কামত লগোৱাৰ চেষ্টা কৰে৷ ৰমানন্দই লাহে লাহে গোলামীৰ পৰা মুক্ত হোৱাৰ উপায় চিন্তি থাকে৷ কমলাৰ ওপৰত বুঢ়াৰো লোলুপ দৃষ্টি আছিল৷ এদিন সুযোগ বুজি বুঢ়াই কামনা চৰিতাৰ্থ কৰিবলৈ উদ্যত হোৱাৰ সময়তে তাত ৰমানন্দ উপস্থিত হয়৷ বুঢ়াৰ হাতৰ পৰা ৰক্ষা কৰি ৰমানন্দই কমলাক পলোৱাই লৈ যায়৷ দুয়ো নতুন জীৱনৰ সন্ধানত আগবাঢ়ি গৈ থাকোতেই বাটত ওজাৰ মানুহৰ সন্মুখীন হয়৷ দুয়ো ভিতৰুৱাল বৰাৰ হাতত কৰুণভাৱে মৃত্যুৱৰণ কৰে৷ এইদৰে কাহিনীটো অন্ত পেলোৱা হৈছে৷
উপন্যাসখনৰ কাহিনী-বিন্যাসৰ মাজেৰে লেখকৰ উদ্দেশ্যধৰ্মিতা দিশটো প্ৰতিফলন ঘটিছে৷ ঔপন্যাসিকে কাহিনীটো আঁচনি কৰাৰ মূলতে: সমাজৰ সকলোফালৰ পৰা বঞ্চিত দুৰ্ভগীয়া এচাম লোকৰ কথা পোহৰলৈ অনা৷ এই কথা উপন্যাসখনৰ দুআষাৰ শিতানত কোৱা তলৰ কথাখিনিৰ পৰাই অনুধাৱন কৰিব পাৰি —
"...আমাৰ সমাজখনৰ আলোচনা বিলোচনাত এই দুৰ্ভগীয়া লোকসকলৰ কথা আৰু ভূমিকাৰ বিষয়ে খুব কমেইহে আলোচনা হোৱা দেখা যায়৷ বহুক্ষেত্ৰত এই দিশটো যেন আমি পাহৰি থাকিব খোজো৷ ...আমাৰ অতীতৰ সম্পূৰ্ণ ছবিখন [বেয়া বুলি ভবাখিনি] চাবলৈ মন নকৰা; ই বৰ ভাল কথা নহয়৷" ৬
সেয়ে ইয়াত ইতিহাস প্ৰসিদ্ধ ব্যক্তি বা ঘটনাৰ বিৱৰণক গুৰুত্ব দিয়া নাই৷ দৰাচলতে আমাৰ ইতিহাসত ৰজা-মহাৰজাৰ জীৱনচৰ্যাৰ আৰু ৰাজনৈতিক ঘটনাৰ বৰ্ণনা যেনেদৰে আছে, তাৰ তুলনাত সাধাৰণ প্ৰজাৰ জীৱনৰ বিৱৰণ কম৷ উপন্যাসখনৰ শেষৰফালে মিত্দাখনৰ বৰ্ণনাৰ দ্বাৰা প্ৰতীকাত্মকভাৱে ইতিহাসে উপেক্ষা কৰা মানুহখিনিৰ কথাকে ক’ব খুজিছে৷ ঔপন্যাসিকে কৈছে —
"ওখ গড়াটোৰ ওপৰত, গছ দুজোপাৰ তলত বহুদিনলৈ পৰি থাকিল এখন মিত্দা৷ নালটো পচি খহি গ’ল৷ বৰষুণ পৰি কুমলি উঠা মাটিত গজি উঠা গছ-বনবোৰে লাহে লাহে মামৰে খাবলৈ ধৰা দাখন আলফুলকৈ ঢাকি ধৰি বুকুৰ মাজত সুমুৱাই ল’লে৷ পৃথিৱীয়ে বাগৰ সলালে৷" ৭
এইদৰেই সৰল-দুৰ্বল আৰু শোষিত মানুহবোৰ পৃথিৱীৰ বুকুত হেৰাই যায়৷ এচাম সাধাৰণলোকৰ প্ৰতিনিধি হিচাপে ৰমানন্দ, হৰিধন, মনপুৰ, কমলা আদিৰ জীৱনক তুলি ধৰাটো উপন্যাসখনৰ গুৰুত্বপূৰ্ণ দিশ ৷ আহোম ৰাজত্বকালৰ পটভূমিত ৰচিত প্ৰায়বোৰ উপন্যাসত সংশিষ্ট সময়ৰ সমাজৰ সাধাৰণ মানুহখিনিয়ে বৰ ঠাই পোৱা নাছিল৷ ঐতিহাসিক উপন্যাসৰ ক্ষেত্ৰত নৱকান্ত বৰুৱাৰ ককাদেউতাৰ হাড়, দেৱেন্দ্ৰ নাথ আচাৰ্যৰ কালপুৰুষ-ৰ দৰে উপন্যাসত এই মানুহখিনিৰ কিছু দিশ প্ৰতিফলিত হোৱাৰ পাছত লোহা-ত পোনপ্ৰথম সৰ্বহাৰা শ্ৰেণীৰ সামগ্ৰিক ছবি এখন দাঙি ধৰাৰ চেষ্টাই উপন্যাসখনত বিশেষ মাত্ৰা প্ৰদান কৰিছে৷ যিটো শেহতীয়াকৈ ইতিহাস, ৰাজনীতি, সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰত বহুলভাৱে চৰ্চিত ‘ছাব্অল্টাৰ্ণ ষ্টাডিজ’ ধাৰণাই সামৰি লৈছে৷ লোহা-ত তথাকথিত উচ্চশ্ৰেণী ৰজা, মহাৰজা, বিষয়াবৰ্গৰ কথাৰ বিপৰীতে সমাজৰ সাধাৰণ মানুহখিনিৰ কথাক ক’লে৷ নিম্নবৰ্গীয় চেতনা প্ৰকাশক বৰ্তমান সময়ত বহুকেইখন উপন্যাস ৰচনা হৈছে যদিও বিংশ শতিকাৰ আশীৰ দশকত ৰচনা কৰা লোহা উপন্যাসখনৰ গুৰুত্ব সুকীয়া আছে বুলিব পাৰি৷
আহোম ৰাজত্বৰ শেষৰ ফাললৈ ঘৰুৱা আৰু আন কষ্টকৰ পৰিশ্ৰমৰ কামত বন্দী, বেটী, গোলাম, বন্ধা আৰু দাস হিচাপে কামত লগোৱা হৈছিল৷ সেইচাম লোকৰ অধিকাৰ, আবেগ, অনুভূতিৰ কোনো মূল্য নাছিল৷ সেয়া ক্ৰীতদাস হিচাপে অনাসকলে হওক অথবা লোহা নিষ্কাষণৰ বাবে ধৰি অনাসকলেই হওক৷ দৰাচলতে কঠোৰ সমাজবাস্তৱতাৰ বিশ্লেষণে উপন্যাসখনক এক ব্যতিক্ৰমী মাত্ৰা প্ৰদান কৰিছে৷ উপন্যাসখনত আহোম-ৰাজত্বৰ শেষৰ ফালে ঘৰুৱা আৰু আন কষ্টকৰ কামত বান্দী, বেটী, গোলাম, বন্ধা লগোৱাৰ বৰ্ণনা পোৱা যায়৷ বান্দী-বেটী কিনা-বেচাৰ দিশটোও উপন্যাসখনত আংশিকভাৱে প্ৰতিফলিত কৰা হৈছে৷ উপন্যাসখনত ভদৰী নামৰ মানুহগৰাকী লোশলীয়া ওজাৰ ঘৰত জন্মসূত্ৰে বান্দী আছিল৷ কমলা নামৰ গাভৰুগৰাকীক মাক-দেউতাহঁতে সৰুতেই লোশলীয়া ওজাক বেচি দিছিল৷ এইসকলৰ অৰ্থনৈতিক স্বাধীনতাতো বাদেই, জীৱনৰ মৌলিক স্বাধীনতাও ভূলুণ্ঠিত হোৱাৰ কথা উপন্যাসখনত প্ৰতিফলিত কৰিছে৷ কেতিয়াবা প্ৰতিবাদৰ ভাৱ জাগ্ৰত হ’লেও শোষকপক্ষই তাক বলেৰে দমন কৰি ৰখা দেখা যায়৷ এক ওলোটা প্ৰক্ৰিয়াৰ মাজেৰে সিহঁতৰ জীৱনৰ গতিপথ চলি থাকে৷ সেয়েহে ঔপন্যাসিকে কৈছে —
"কি দেশ, কি কাল! তাৰদৰে নিৰপৰাধী মানুহ আহি বিনাদোষত বন্ধা হ’লহি— কত মৰি হাজি শেষ হ’ল৷ আৰু যিবোৰ মাৰিলে, যিবোৰে বান্ধি চাটি আনিলে সিহঁতৰ ভালহে হ’ল৷ পাইকৰ পৰা বিষয়া হ’ল, বিষয়াৰ ভোগ বাঢ়িল, নটী নাচনী নচুৱাই খদম্দম্ লগাই ভোগ কৰিবলৈ ধৰিলে৷" ৮
বন্ধা জীৱনৰ পৰা মুক্তি বিচাৰি পলায়ন কৰা ৰমানন্দ-কমলাৰ মৃত্যুৰ দ্বাৰা সাধাৰণ শ্ৰেণীলোকৰ জীৱন শাসক শ্ৰেণীয়ে কেনেদৰে নিয়ন্ত্ৰণ কৰি ৰাাখিছে, তাকে প্ৰতিফলন কৰিছে৷ এইদৰে উপন্যাসখনত সমকালীন সময়ৰ আৰ্থ-সামাজিক জীৱনৰ ছবি ফুটাই তোলাৰ যত্ন কৰিছে৷
নিম্নশ্ৰেণী লোকৰ শ্ৰেণীসংগ্ৰামৰ প্ৰতি ঔপন্যাসিকৰ সহানুভূতি আৰু সমৰ্থনও আছে৷ সেয়েহে পলাই যাবলৈ ওলোৱা ঘটনাক এনেদৰে কৈছে —
"ৰমানন্দ আৰু কমলা আজি যাবগৈ! মুকলিমুৰীয়া চৰাইৰ দৰে ভূৰংকৰে উৰা মাৰিব কৰবালৈ৷ কৰবাত দূৰ দেশত গৈ দুইটাই চৰাইৰ দৰে কুটা কঢ়িয়াই বাহ এটা সাজিব৷" ৯
তেওঁলোকৰ সংগ্ৰাম পৰিস্থিতিৰ ওচৰত থমকি ৰ’ল ৷ কাহিনীৰ বিয়োগান্ত আৰু কৰুণ পৰিণতিয়ে পাঠকক হতাশাৰ মাজলৈ লৈ যায়৷ ৰমানন্দ-কমলাৰ দৰে এচাম মানুহৰ নতুন সমাজ গঢ়াৰ চেতনাটোৱে আশাৰ ৰেঙনি কঢ়িয়াই আনিছিল৷ যদিও উপন্যাসখনৰ ট্ৰেজিক পৰিণতিয়ে পাঠকক দোমোজাত ৰাখিলে৷ সি যি কি নহওক ঔপন্যাসিকে সকলোফালৰ পৰা বঞ্চিত সমাজৰ এই দুৰ্ভগীয়া লোকসকলৰ কথা ইয়াত কাহিনীৰ মাজেৰে বিশ্বাসযোগ্য ৰূপত প্ৰতিফলিত কৰিছে৷
৩.০০ উপসংহাৰ: ধ্ৰুৱজ্যোতি বৰাৰ লোহা উপন্যাসৰ মাজত নিম্নবৰ্গীয় চেতনা : এটি আলোচনা— শীৰ্ষক আলোচনা-পত্ৰৰ অন্তত তলৰ দিশ কেইটা পোৱা গ’ল –
লোহা উপন্যাসখনৰ মূল বিষয়বস্তু হ’ল মধ্যযুগত অসমত লোহা উলিউৱাৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ বৰ্ণনা আৰু আনটো হ’ল ৰাজপক্ষৰ শোষণৰ বৰ্ণনা৷ দুয়োটা ঘটনাৰ মাজত জিলিকি থকা দিশটো হ’ল সমাজৰ সাধাৰণ শ্ৰেণী মানুহৰ জীৱন-প্ৰৱাহ৷
ইতিহাসৰ পটভূমিত ৰচিত সাহিত্যৰ মাজত সমাজৰ নিম্ন বা সাধাৰণ শ্ৰেণীৰ জীৱনে যথোচিত গুৰুত্ব নাপায়৷ কিন্তু এই লোহা উপন্যাসখনৰ মাজত ৰজা-বিষয়া, যুগ নিৰ্মাতা লোকসকলৰ উপৰি সাধাৰণ জনসাধাৰণে বিশেষ গুৰুত্ব পোৱাটো তাৎপৰ্যপূৰ্ণ দিশ৷
উপন্যাসখনৰ কাহিনী-বিন্যাসৰ মাজেৰে লেখকৰ উদ্দেশ্যধৰ্মিতা দিশটো প্ৰতিফলন ঘটিছে৷ ঔপন্যাসিকে কাহিনীটো আঁচনি কৰাৰ মূলতে: সমাজৰ সকলোফালৰ পৰা বঞ্চিত দুৰ্ভগীয়া এচাম লোকৰ কথা পোহৰলৈ অনা৷ সেয়ে ইয়াত ৰমানন্দ, হৰিধন, মনপুৰ, কমলা দৰে এচাম নিম্নশ্ৰেণী লোকৰ জীৱন-প্ৰৱাহ জিলিকি আছে৷
লোহা-ত তথাকথিত উচ্চশ্ৰেণী ৰজা, মহাৰজা, বিষয়াবৰ্গৰ কথাৰ বিপৰীতে সমাজৰ সাধাৰণ মানুহখিনিৰ কথা উপস্থাপনৰ দিশেৰে নিম্নবৰ্গীয় চেতনা প্ৰকাশক উপন্যাসৰূপে স্বীকৃতি দিব পাৰি৷ নিম্নবৰ্গীয় চেতনা প্ৰকাশক বহুকেইখন উপন্যাস বৰ্তমান সময়ত ৰচনা হৈছে যদিও বিংশ শতিকাৰ আশীৰ দশকত ৰচনা হোৱাৰ বাবে লোহা উপন্যাসখনৰ গুৰুত্ব সুকীয়া আছে বুলিব পাৰি৷
প্ৰসংগটোকা:
২. সূৰ্য্য কুমাৰ ভূঞা, তুংখুঙ্গীয়া বুৰঞ্জী, পৃ.৭০
৩. "শিৱসাগৰ [আগৰ ৰংপুৰ] জিলাৰ দক্ষিণফালে ন’গা পৰ্ব্বতৰ দাঁতিয়ে দাঁতিয়ে জয়পুৰৰ পৰা বছা দৈয়াঙ্গলৈকে, এই গোটেই ডোখৰ ঠাইতে অপ্লাবিত লো-পুং আছিল৷ পুৰণি ৰংপুৰ নগৰৰ পৰা পোন হৈ পোন্ধৰ মাইল দূৰত জাঁজী নৈৰ আগলিত থকা তিৰু পৰ্ব্বতৰ ওচৰত তিৰ গাঁও আৰু হাতীগড় আৰু কছাৰীহাটত উত্তম লো ওলাইছিল৷" — হিতেশ্বৰ বৰবৰুৱা, আহোমৰ দিন, পৃ.৪৬৪
৪. ধ্ৰুৱজ্যোতি বৰা, লোহা, পৃ.১৭
৫. উল্লিখিত, পৃ.৮৯
৬. উল্লিখিত, পৃ.৬
৭. উল্লিখিত, পৃ.১১৬
৮. উল্লিখিত, পৃ.৬৭
৯. উল্লিখিত, পৃ.৯৬
মূল সহায়ক গ্ৰন্থ:
- বৰা, ধ্ৰুৱজ্যোতি: লোহা. গুৱাহাটী, ৭৮৭০০১: ষ্টুডেন্টচ ষ্ট’ৰচ, ১৯৮৫৷
সহায়ক গ্ৰন্থ:
বৰবৰুৱা, হিতেশ্বৰ: আহোমৰ দিন. গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. তৃতীয় প্ৰকাশ, ২০০৩৷
ভূঞা, সূৰ্য্য কুমাৰ [সম্পা.]: তুংখুঙ্গীয়া বুৰঞ্জী. গুৱাহাটী: অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, চতুৰ্থ তাঙৰণ, ২০১০৷
— [সম্পা.]: হৰকান্ত বৰুৱা সদৰামিনৰ অসম বুৰঞ্জী. গুৱাহাটী: অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, চতুৰ্থ তাঙৰণ, ২০১০৷
Comments
Post a Comment