'কথানদী' চলচ্চিত্ৰত পুনৰ্নিৰ্মাণ প্ৰসংগ

 


- সুনয়না বৰুৱা

সহকাৰী অধ্যাপকঅসমীয়া বিভাগ
খোৱাংঘাট মহাবিদ্যালয়, খোৱাংঘাট, ডিব্ৰুগড়

 

সংক্ষিপ্তসাৰঃ

লোকসাহিত্যৰ এক গুৰুত্বপূৰ্ণ ভাগ সাধুকথাসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ মুখে মুখে প্ৰবাহিত হৈ থাকে। এই বাচিক কলাই এটা সময়ত পৰৱৰ্তী লিখিত ৰূপ ধাৰণ কৰিবলৈ ধৰিলে। অন্যান্য ভাষাৰ দৰেই অসমীয়া ভাষাতো এনেধৰণৰ সাহিত্যক লিখিত ৰূপ দিয়াৰ প্ৰচেষ্টা চলিবলৈ ধৰিলে। অসমীয়া সাধুকথাক লিখিত ৰূপ দিবলৈ প্ৰয়াস কৰা এজন লোক আছিল লক্ষ্মীনাথ বেজবৰুৱা। তেওঁ অসমৰ সমাজত প্ৰচলিত সাধুকথাক 'বুঢ়ী আইৰ সাধু', 'ককাদেউতা আৰু নাতি ল'ৰা' নামেৰে গ্ৰন্থাকাৰে প্ৰকাশ কৰিলে। পৰৱৰ্তী সময়ত সাধুকথাৰ অন্তৰ্গত নানা চৰিত্ৰ, কাহিনী ইত্যাদিবোৰক আধাৰ হিচাপে লৈ নতুন নতুন ধৰণেৰে নানা সাহিত্যত প্ৰয়োগ কৰিবলৈ ধৰিলে। ইয়াৰ লগতে অসমীয়া জনসমাজত প্ৰচলিত বিভিন্ন সাধুকথাসমূহত নতুন বিষয় অন্তৰ্ভুক্ত কৰি নতুন দৃষ্টিভংগীৰে প্ৰকাশ কৰাৰ প্ৰয়াস কৰি নতুন ধৰণেৰে নিৰ্মাণ কৰাৰ যি প্ৰয়াস, যাক পুনৰ্নিৰ্মাণ হিচাপে অভিহিত কৰা হয়, তাৰ প্ৰভাৱ দেখা পোৱা যায়। চলচ্চিত্ৰ মাধ্যমতো এনেধৰণৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰা দেখা পোৱা গ'ল। প্ৰবন্ধটিত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত 'কথানদী' চলচ্চিত্ৰত 'বুঢ়ী আইৰ সাধু'ত থকা সাধুকথাৰ পুনৰ্নিৰ্মাণ কেনেদৰে হৈছে, সেই সম্পৰ্কে অধ্যয়ন আগবঢ়োৱা হ'ব।

সূচক শব্দঃ কথানদী, বুঢ়ী আইৰ সাধু, পুনৰ্নিৰ্মাণ, চলচ্চিত্ৰ, সাধুকথা

 

০.০ অৱতৰণিকা

০.১ বিষয়ৰ পৰিচয়ঃ

সাধুকথা হৈছে লোকসাহিত্যৰ এক উল্লেখযোগ্য প্ৰকাৰ। সাধুকথাই লিখিত ৰূপ ধাৰণ কৰাৰ পৰৱৰ্তী পৰ্যায়ত লিখিত আৰু কথিত সকলোবোৰ সাধুকথাই সাহিত্যৰ বিভিন্ন ৰূপসমূহত অন্যধৰণে প্ৰকাশিত হ'বলৈ ধৰিলে। সাহিত্যৰ নানা প্ৰকাৰ যেনে- কবিতা, নাটক, চুটিগল্প, উপন্যাস ইত্যাদিত ইবিলাকৰ পুনৰ্নিৰ্মাণ সংঘটিত হ'ল। গণ মাধ্যমৰ এটা জনপ্ৰিয় প্ৰকাৰ চলচ্চিত্ৰকো এই কাৰ্যই সাঙুৰি ল'লে। পুৰাকথা, সাধুকথা নতুবা ইতিহাসিক কোনো চৰিত্ৰ বা কাহিনীৰ আধাৰত ৰচনা কৰা অসমীয়া চলচ্চিত্ৰৰ উদাহৰণ বহুতো পৰিদৃশ্যমান। সাধুকথাক পুনৰ্নিৰ্মাণ কৰি ৰচনা কৰা এখন অসমীয়া চলচ্চিত্ৰৰ উদাহৰণ হ'ল- 'কথানদী'। এই চলচ্চিত্ৰখনত লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত চাৰিটা সাধু 'তেজীমলা', 'চম্পাৱতী', 'ঔ-কুঁৱৰী' আৰু 'তাৱৈয়েকৰ সাধু'ক সংমিশ্ৰণ ঘটাই চলচ্চিত্ৰৰ ৰূপ দিয়া হৈছে। গৱেষণা প্ৰবন্ধটিত এই পুনৰ্নিৰ্মাণ কেনেদৰে হৈছে, সেই সম্পৰ্কে আলোচনা আগবঢ়োৱা হ'ব।

 

০.২ বিষয় অধ্যয়নৰ উদ্দেশ্যঃ

·        চলচ্চিত্ৰত সাধুকথাৰ পুনৰ্নিৰ্মাণ কেনেদৰে কৰা হয়, তাৰ আলোচনা আগবঢ়োৱা।

·        'কথানদী' চলচ্চিত্ৰত 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত সাধুকথাৰ কোনবোৰ দিশ সাম্প্ৰতিক সময়ৰ সৈতে খাপ খুৱাই উপস্থাপন কৰিছে সেই দিশৰ বিচাৰ কৰা।

 

০.৩ বিষয় অধ্যয়নৰ গুৰুত্বঃ

·        সাধুকথাৰ অভিযোজিত ৰূপৰ বিষয়ে অধ্যয়ন কৰাত বিষয়টোৰ অধ্যয়নৰ প্ৰাসংগিকতা আছে।

·        সাধুকথাৰ পুনৰ্নিৰ্মাণ চলচ্চিত্ৰ মাধ্যমত কিদৰে কৰা হয়, সেই সম্পৰ্কে জানিবলৈ বিষয় অধ্যয়নৰ গুৰুত্ব আছে।


০.৪ তথ্য আহৰণৰ উৎসঃ

বিষয় অধ্যয়নৰ মুখ্য উৎস হিচাপে 'কথানদী' চলচ্চিত্ৰ আৰু 'বুঢ়ী আইৰ সাধু'ক লোৱা হৈছে। অধ্যয়নৰ বাবে আৱশ্যকীয় অন্য তথ্যসমূহ গ্ৰন্থ, প্ৰবন্ধ, অপ্ৰকাশিত গৱেষণা গ্ৰন্থ আৰু ইণ্টাৰনেটত উপলব্ধ তথ্যৰ পৰা লোৱা হৈছে।

 

০.৫ বিষয় অধ্যয়নৰ পৰিসৰঃ

বিষয় অধ্যয়নৰ বাবে অধ্যয়নৰ পৰিসৰত 'কথানদী' চলচ্চিত্ৰখনক লোৱা হৈছে। এই চলচ্চিত্ৰত প্ৰতিফলিত পুনৰ্নিৰ্মাণ প্ৰসংগক ইয়াৰ আওতাত সামৰি লোৱা হ'ব। এই কাৰ্য সম্পাদন কৰিবলৈ অধ্যয়নৰ পৰিসৰত সামৰি লোৱা 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত চাৰিটা সাধু হ'ল- 'তেজীমলা', 'চম্পাৱতী', 'ঔ-কুঁৱৰী' আৰু 'তাৱৈয়েকৰ সাধু'।

 

০.৬ তাত্ত্বিক আধাৰ আৰু অধ্যয়নৰ পদ্ধতিঃ

বিষয়টি অধ্যয়নৰ বাবে আৱশ্যক হোৱা তাত্ত্বিক আধাৰ হ'ল- গঠনাত্মক তত্ত্ব। বিষয়টি অধ্যয়নৰ বাবে বিষয় বিশ্লেষণ পদ্ধতি আৰু তুলনামূলক পদ্ধতিক গ্ৰহণ কৰা হৈছে।

 

০.৭ পূৰ্বকৃত অধ্যয়নৰ সমীক্ষাঃ

অসমীয়া ভাষাত পুনৰ্নিৰ্মাণ প্ৰসংগৰ তাত্ত্বিক দিশৰ আলোচনা কেইবাখনো গ্ৰন্থত কৰা হৈছে। এই বিষয়ৰ প্ৰায়োগিক দিশৰ আলোচনা থকা বহুকেইখন গৱেষণা গ্ৰন্থ, ক্ষুদ্ৰ গৱেষণা গ্ৰন্থ প্ৰকাশ পাইছে। লগতে কেইবাটাও গৱেষণা প্ৰবন্ধও এই দৃষ্টিভংগীৰে কৰা দেখা পোৱা যায়। পুৰাকথা, সাধুকথা ইত্যাদিসমূহ অসমীয়া সাহিত্যত কিধৰণে অভিযোজন কৰি লোৱা হৈছে, সেই দিশতহে উপলব্ধ। অৱশ্যে এই পুনৰ্নিৰ্মাণ কবিতা, চুটিগল্প, উপন্যাস, নাটকত কেনেদৰে কৰা হৈছে, সেই দিশতহে উপলব্ধ, অসমীয়া গণ মাধ্যমৰ এক প্ৰকাৰ চলচ্চিত্ৰত সাধুকথাৰ পুনৰ্নিৰ্মাণ প্ৰসংগৰ অধ্যয়ন চকুত পৰা দেখা পোৱা নাই।

 

১.০ পুনৰ্নিৰ্মাণ প্ৰসংগঃ

পুনৰ্গঠন শব্দটি পুৰণি কোনো বিষয়, কাৰ্য, ঘটনা বা অন্যান্য কিছুমান দিশ পৰিৱৰ্তিত সময়ৰ সৈতে খাপ খুৱাই নতুনকৈ নিৰ্মাণ কৰা কাৰ্যক সূচাবলৈ ব্যৱহৃত হয়। ইয়াৰ সমাৰ্থক শব্দ হিচাপে পুনৰ্নিৰ্মাণ, পুনঃসৃজন শব্দ ব্যৱহাৰ কৰা হয়।(চেতিয়া, অসমীয়া সাহিত্যত সাধুকথাৰ পুনৰ্গঠন, পৃ.) সময়ৰ লগে লগে একোটা কাহিনীৰ বীজ অক্ষত ৰাখি একোটা কাহিনীকে পুনৰ প্ৰাসংগিক কৰি চিৰন্তন কৰি তোলাৰ প্ৰয়োজনত পুনৰ্নিৰ্মাণ কৰা হয়।(দত্ত, অসমীয়া গল্পত পুনৰ্নিৰ্মাণ প্ৰসংগ, পৃ. ২৬) পুনঃসৃজনত উৎস সাহিত্য সমলক গ্ৰহীত সাহিত্যৰ পৰিৱেশৰ লগত খাপ খুৱাকৈ আত্মিক সংগ্ৰহণ কৰা হয়।(বুজৰবৰুৱা, তুলনামূলক সাহিত্যতত্ত্ব, পৃ.২৯৪) পুনঃসৃজনত দ্বিতীয় লেখকজনে মূল লেখকৰ সৃষ্টিক প্ৰথমতে বুদ্ধিৰে আৰু হৃদয়েৰে সম্পূৰ্ণৰূপে উপলব্ধি কৰি লয় আৰু ইয়াৰ পিছত তাক নিজা অভিব্যক্তিৰে প্ৰকাশ কৰে। এই কাৰ্যত মূল লেখকজন হেৰাই নোযোৱাৰ লগতে দ্বিতীয় লেখকজনো বিকশি উঠে।(হাজৰিকা, তুলনামূলক সাহিত্য আৰু অনুবাদ-কলা, পৃ.৩২) পুনৰ্নিৰ্মাণ কাৰ্যত মূলৰ অনুভৱখিনি দ্বিতীয়জন লেখকে সম্পূৰ্ণভাৱে নিজা কৰি ল'ব পাৰিব লাগিব। তেওঁ মূল লেখক আৰু লেখনীৰ প্ৰতি দায়বদ্ধ হোৱাৰ লগতে লেখকৰ মানসিক জগতত ৰচনাৰ কালত সৃষ্টি হোৱা সংঘাতক সম্পূৰ্ণৰূপে বুজি উঠি সমানে উপলব্ধি কৰিব লাগিব।(হাজৰিকা, তুলনামূলক সাহিত্য আৰু অনুবাদ-কলা, পৃ.৩৩) (চেতিয়া, অসমীয়া সাহিত্যত সাধুকথাৰ পুনৰ্গঠন, পৃ.)

২.০ 'কথানদী' চলচ্চিত্ৰঃ

ভাস্কৰ হাজৰিকা পৰিচালিত 'কথানদী' ছবিখন ৰচনা কৰিছে ভাস্কৰ হাজৰিকা আৰু অৰূপা পটংগীয়া কলিতাই। ২০১৫ চনৰ ১০ অক্টোবৰ তাৰিখে বুছান আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত মুক্তি লাভ কৰা ছবিখনে অসমত মুক্তি লাভ কৰিছিল ২০১৬ চনৰ ১৬ ছেপ্তেম্বৰত। ১১৫ মিনিট দৈৰ্ঘ্যৰ ছবিখনে ২০১৬ চনৰ এপ্ৰিলত ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে আন কেইবাটাও বঁটা লাভ কৰে। কথাছবিখনত অভিনয় কৰিছিল সীমা বিশ্বাস, জেৰিফা ৱাহিদ, আদিল হুছেইন, কপিল বৰা, উৰ্মিলা মহন্ত, আশা বৰদলৈ, কাছভী শৰ্মা, মনিষা ভূঞা, ডাঃ জয়ন্ত ভূঞা ইত্যাদি। অসমত প্ৰচলিত লোককাহিনীৰ ওপৰত ভিত্তি কৰি এই বোলছবিখনৰ কাহিনীভাগ নিৰ্মাণ কৰি লোৱা হৈছে।

৩.০ অসমীয়া চলচ্চিত্ৰত পুনৰ্নিৰ্মাণ প্ৰসংগঃ

চলচ্চিত্ৰত অন্য ৰূপ একোটাৰ এটা পুনৰ্নিৰ্মিত ৰূপ দিয়াটো সাহিত্যৰ আন মাধ্যমতকৈ কষ্টকৰ কাৰ্য, কাৰণ ইয়াত সাহিত্যৰ উপাদানতকৈ অধিক উপাদান থকাৰ বাবে এই সকলো উপাদানৰ দিশবোৰলৈও গুৰুত্ব দিবলগা হয়। পুৰাকথা, সাধুকথা, ইতিহাসৰ কোনো চৰিত্ৰ বা কাহিনী নতুবা সাহিত্যৰ বিধাসমূহ যেনে- চুটিগল্প, নাটক আৰু উপন্যাস ইত্যাদিৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাতাসকলে ছবি নিৰ্মাণ কৰি আহিছে। যিহেতু চলচ্চিত্ৰ মাধ্যমৰ লগত খাপ খুৱাই ল'বলগীয়া হয়, সেয়ে এই পুনৰ্নিৰ্মাণৰ প্ৰসংগ প্ৰায়েই ইয়াৰ মাজত অন্তৰ্ভুক্ত হৈ পৰা দেখা পোৱা যায়। কেতিয়াবা এই পুনৰ্নিৰ্মাণৰ পৰিমাণো অধিক হয়, অৰ্থাৎ কোনো কাহিনী, চৰিত্ৰ বা পৰিৱেশ-পৰিস্থিতিক নতুন ধৰণে নিৰ্মাণ কৰাৰ পৰীক্ষা-নিৰীক্ষাও ইয়াৰ মাজত চলি অহা পৰিলক্ষিত হয়। অসমীয়া চলচ্চিত্ৰতো এনেধৰণৰ পুনৰ্নিৰ্মিত বহুসংখ্যক চলচ্চিত্ৰ থকা দেখা পোৱা যায়। অসমীয়া ভাষাৰ প্ৰথমখন চলচ্চিত্ৰ 'জয়মতী' অসমৰ ইতিহাসৰ এটা চৰিত্ৰৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰি উলিওৱা নাটক 'জয়মতী কুঁৱৰী'ৰ পুনৰ্নিৰ্মিত ৰূপ।(দত্ত, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, পৃ.৭২) অসমীয়া চলচ্চিত্ৰৰ বিকাশ আৰু বিৱৰ্তনৰ সমান্তৰালভাৱে লোককথা তথা সাধুকথাৰ আধাৰতো চলচ্চিত্ৰৰ কাহিনী নিৰ্মাণ কৰা দেখা পোৱা গ'ল। এনেদৰে সাধুকথাৰ আধাৰত নিৰ্মাণ কৰি উলিওৱা অসমীয়া ভাষাৰ প্ৰথমখন ছবি হ'ল- 'তেজীমলা'। এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছিল আনোৱাৰ হুছেইনে আৰু ছবিখনে মুক্তি লাভ কৰিছিল ১৯৬৩ চনত।(দত্ত, অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা, পৃ.৭২) পৰৱৰ্তী সময়ত অসমীয়া ছবিৰ নিৰ্মাণৰ সংখ্যা বৃদ্ধি হোৱাৰ সমান্তৰালভাৱে সাধুকথাক পুনৰ্নিৰ্মিত ৰূপ দি নিৰ্মাণ কৰা চলচ্চিত্ৰৰ সংখ্যাও বৃদ্ধি পালে। লিখিত তথা মৌখিক সাধুকথাক আধাৰ কৰি মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰ কেইখনমানৰ নাম হ'ল- ইত্যাদি। 'কথানদী' ছবিখনত অসমৰ পূৰ্বৰ ছবিসমূহৰ দৰে এটা কাহিনীক চলচ্চিত্ৰৰ ৰূপ দিয়াৰ পৰিৱৰ্তে চাৰিটা সাধুকথাক একে পৰিৱেশত সংযোগ সাধন কৰি অনন্য কৌশলেৰে উপস্থাপন কৰিবলৈ যত্ন কৰা দেখা পোৱা গৈছে। গতানুগতিকতাৰ পৰা ফালৰি কাটি পুনৰ্নিৰ্মাণৰ প্ৰসংগক শক্তিশালী আৰু বৈচিত্ৰ্যময়ী ৰূপ প্ৰদান কৰাৰ বাবে অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখনত ইয়াৰ ভূমিকা গুৰুত্বপূৰ্ণ।

 

৪.০ 'কথানদী' চলচ্চিত্ৰত পুনৰ্নিৰ্মাণ প্ৰসংগঃ

'কথানদী' চলচ্চিত্ৰত 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত চাৰিটা সাধুক সংমিশ্ৰণ কৰি কথাছবি হিচাপে নিৰ্মাণ কৰি লোৱা হৈছে। এই সাধুকেইটা হ'ল- 'তেজীমলা', 'চম্পাৱতী', 'ঔ-কুঁৱৰী' আৰু 'তাৱৈয়েকৰ সাধু'। এই সাধুকেইটাত দুই এটা চৰিত্ৰক বাদ দি আনবোৰ চৰিত্ৰৰ নামকৰণ কৰা হোৱা নাই। কিন্তু 'কথানদী' চলচ্চিত্ৰত প্ৰায়বোৰ চৰিত্ৰৰে নামকৰণ কৰা হৈছে, যিয়ে সাধুকথাকেইটাৰ পৰা চলচ্চিত্ৰখনক অলপ আঁতৰাই আনিবলৈ সক্ষম হৈছে। 'তেজীমলা' সাধুৰ তেজীমলাৰ মাকৰ নাম দিছে চেনেহী, তেজীমলাৰ দেউতাক দেৱীনাথ; 'তাৱৈয়েকৰ সাধু'ৰ পোনাই আৰু তেওঁৰ পত্নীৰ নাম দিছে মালতী; 'ঔ-কুঁৱৰী' সাধুত মাকৰ নাম দিছে কেতেকী; 'চম্পাৱতী' সাধুত চম্পাৱতীৰ মাকৰ নাম দিছে ৰূপেশ্বৰী আৰু তাত থকা লাগীৰ নাম দিছে ধনেশ্বৰী আৰু জীয়েকৰ নাম দিছে বনলতিকা ইত্যাদি।

সাধুকথা বিশ্লেষণৰ মাজেদি সামাজিক ঐক্য, শ্ৰেণী ব্যৱস্থা, ক্ষমতাৰ বিতৰণ আৰু জনতাৰ প্ৰতিক্ৰিয়াৰ দৰে গুৰুত্বপূৰ্ণ দিশবোৰো চকুলৈ আহে। (ভট্টাচাৰ্য, বুঢ়ী আইৰ সাধুত অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন, পৃ.৭৮৩) সাধুকথাক কেনেদৰে পুনৰ্নিৰ্মাণ কৰা হৈছে, সেই কথা অধ্যয়নৰ যোগেদি এই দিশবোৰৰ আভাসো লাভ কৰিব পৰা যাব। 'বুঢ়ী আইৰ সাধু'ত কেৱল অসমীয়া সমাজক ভিত্তি কৰিহে সাধুকেইটা ৰচিত হৈছে, অসমীয়া সমাজৰ অন্তৰ্গত কোনখন সমাজৰ ভিতৰত এই সাধুকেইটা দেখুওৱা হৈছে, সেই কথা ইয়াত স্পষ্টকৈ উল্লেখ নাই। আনহাতে, 'কথানদী' চলচ্চিত্ৰত কাহিনীকেইটাৰ সমাজখনৰ বিষয়ে উল্লেখ কৰা হৈছে। উদাহৰণস্বৰূপে, 'তাৱৈয়েকৰ সাধু' সাধুটোৰ কাহিনীটো উপস্থাপন কৰিছে অসমৰ মাছমৰীয়া সমাজখনক উপলক্ষ্য কৰি, আকৌ, 'ঔ-কুঁৱৰী' সাধুটোৰ কথা উপস্থাপন কৰিবলৈ যাওঁতে ৰজা-ৰাণী হিচাপে উপস্থাপন নকৰি সেই সমাজখন দেখুওৱা হৈছে এখন সাধাৰণ মিচিং সমাজক লক্ষ্য কৰি।

এই সাধু চাৰিটা একেলগ কৰি সংমিশ্ৰণ ঘটাই একে পৰিৱেশত নিৰ্মাণ কৰিবলৈ যাওঁতে স্বাভাৱিকতে বহুখিনি সালসলনি ঘটাবলগীয়া হৈছে। অৱশ্যে এই সংমিশ্ৰণ ঘটাওতে এই পুনৰ্নিৰ্মাণ কিন্তু আচহুৱা কৰি তোলা নাই। সাধুকথাকেইটা বিক্ষিপ্ত নকৰাকৈয়েই এই কাৰ্য সাধন কৰা হৈছে। তেজীমলাৰ এগৰাকী বান্ধৱী হিচাপে দেখুওৱা হৈছে বনলতিকাক। এই বনলতিকাৰ বিয়া খাবলৈ যাওঁতেই কাপোৰ নষ্ট কৰাৰ প্ৰসংগৰ কথা উল্লেখ কৰা হৈছে। এই বনলতিকাৰ বিয়াত মাছৰ যোগান ধৰিছে 'তাৱৈয়েকৰ সাধু'ৰ মুখ্য চৰিত্ৰ পোনায়ে। আকৌ 'ঔ-কুঁৱৰী' সাধুৰ মাক কেতেকীক পৰামৰ্শ দিবৰ বাবে আহিছিল তেজীমলাৰ দেউতাক দেৱীনাথ আৰু তেওঁৱে ঔ-টেঙাৰ পৰা ছোৱালীজনীক লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে।

পুনৰ্নিৰ্মাণ কৰোঁতে দেখা পোৱা এটা দিশ হ'ল- ঘটনা সংযোজন আৰু বিয়োজন। 'কথানদী' চলচ্চিত্ৰত সাধুকথাকেইটাৰ গোটেই কাহিনীখিনিকে উপস্থাপন কৰা হোৱা নাই। বহু অংশ ইয়াৰ পৰা বাদ দি যোৱা গৈছে। 'তেজীমলা' সাধুটোত তেজীমলাৰ দেউতাকৰ প্ৰথম পত্নীৰ কথা উল্লেখ কৰা হোৱা নাই। কেৱল কাহিনীটোৰ আৰম্ভণী ঘটোৱা হৈছে দেৱীনাথক বিদায় দিয়াৰ পৰা। সাধুটোত থকা কাহিনীৰ পাছৰখিনিও ইয়াত দিয়া হোৱা নাই, তেজীমলা মৃত্যু হোৱাৰ পাছত তাইক পোতা স্থানত লাওপুলি এটা গজালি উলাই ওলাই অহাতে এই কাহিনীটো সামৰা হৈছে। 'চম্পাৱতী'ৰ কাহিনীটো উপস্থাপন কৰোঁতে সাধুকথাটোৰ আগৰ কথাখিনি এৰি থৈ গৈছে। চম্পাৱতীৰ মাহীমাকৰ ছোৱালী বনলতিকাৰ বিয়াৰ প্ৰস্তুতিৰ পৰা কাহিনীভাগ আৰম্ভ কৰা হৈছে। ইয়াৰ পাছৰ কাহিনীভাগো ইয়াত উপস্থাপন কৰা নাই। অজগৰৰ পেট ফালি লাগী বনলতিকাক উদ্ধাৰ কৰাতে এই সাধুটোৰ মোখনী মৰা হৈছে। 'ঔ-কুঁৱৰী' সাধুটোত ঔ-টেঙাৰ পৰা ছোৱালীজনীক উলিয়াই অনা কাৰ্যটোক দেখুওৱা হৈছে। 'তাৱৈয়েকৰ সাধু'ত পোনাইয়ে নিজৰ সন্তানক পুতিবলৈ নিয়াৰ পৰা কাহিনীভাগৰ আৰম্ভ কৰা হৈছে, আগৰখিনিৰ কথা উল্লেখ নাই। সাধুটোত থকা শেষৰ অংশখিনিও ইয়াত নাই, ইয়াৰ পৰিৱৰ্তে একেবাৰে শেষত সন্তানটিৰ সৈতে সুখে-সন্তোষে থকাতে কাহিনীটো শেষ কৰা হৈছে।

চলচ্চিত্ৰখনত সাধুকথাত নথকা বহুকেইটা চৰিত্ৰৰ সংযোজন ঘটোৱা হৈছে। তাৱৈয়েকৰ সাধুত উল্লেখ নথকা বহুকেইটা চৰিত্ৰই ইয়াত মুখ্য ভূমিকা গ্ৰহণ কৰিছে। যেনে- 'তাৱৈয়েকৰ সাধু'টোত মালতী চৰিত্ৰৰ উল্লেখ নাই যদিও কথাছবিখনত চৰিত্ৰটোৰ এক বিশেষ ভূমিকা দৃষ্টিগোচৰ হয়। তেজীমলাৰ মাহীমাক চেনেহীৰ প্ৰতিটো কৰ্মৰ আঁৰত থকা এটা অপ অদৃশ্য শক্তি, যিটো দৃশ্যমান ৰূপতে প্ৰতিফলিত হৈছে আৰু কাহিনীৰ অগ্ৰগতিত সহায় কৰিছে। ইয়াৰ লগতে বহু চৰিত্ৰৰ সংযোগ ইয়াত থকা দেখা যায়। ঔ-কুঁৱৰীৰ মাক কেতেকীৰ স্বামীৰ প্ৰসংগ ইয়ালৈ অনা হৈছে লগতে আৰু সৰু-বৰ চৰিত্ৰ যেনে- তেজীমলাৰ ঘৰলৈ বিয়ালৈ নিমন্ত্ৰণ দিবলৈ যোৱা মহিলাগৰাকী, চম্পাৱতীৰ বিয়াত অজগৰলৈ বিয়া নিদিবলৈ উপদেশ দিয়া লোকসকল, কেতেকীক ৰাস্তাই-ঘাটে জোকাই ফুৰা মানুহবোৰ, মালতীৰ সৈতে কথা পতা ধাইগৰাকী ইত্যাদি।

চলচ্চিত্ৰত ছবি আৰু কলাক একেলগে প্ৰকাশ কৰাৰ লগতে ইয়াত এটা অব্যক্ত ভাষা আছে, যিয়ে ইয়াৰ ভাবগত আত্মীয়তা বৃদ্ধি কৰে। (চট্টোপাধ্যায়, তত্ত্ব আৰু প্ৰয়োগেৰে গণসংযোগ, পৃ.১২২) সেই সুযোগ 'কথানদী' ছবিখনে লোৱা দেখা পোৱা যায়। চৰিত্ৰৰ সংযোগ কৰাৰ লগতে চলচ্চিত্ৰখনত কাহিনীৰ অগ্ৰগতি আৰু আকৰ্ষণীয়ভাৱে উপস্থাপনৰ বাবে উপকাহিনীৰো সংযোগ কৰা দেখা পোৱা গৈছে। চেনেহীয়ে তেজীমলাক কৰা অত্যাচাৰৰ বিষয়ে সাধুটোত কেৱল উল্লেখ কৰা হৈছে, কিন্তু চলচ্চিত্ৰখনত এই অত্যাচাৰৰ কথাবোৰ দেখুওৱা হৈছে বহলভাৱে। চেনেহীয়ে ৰাতি ৰাতি সেই অপ শক্তিৰূপী লোকজনক লগ কৰিবলৈ গৈছে, যাৰ বিষয়ে সাধুটোত উল্লেখ নাই। তেজীমলাৰ দেউতাক দেৱীনাথে কাপোৰৰ ব্যৱসায় কৰাৰ কথা আৰু কেনেদৰে এই ব্যৱসায় কৰে, সেই বিষয়েও ইয়াত দেখুৱাবলৈ চেষ্টা কৰা দেখা পোৱা যায়। 'চম্পাৱতী' সাধুত ধনেশ্বৰীয়ে বিভিন্ন সময়ত দিয়া পৰামৰ্শ তথা বেয়া বুদ্ধিক দেখুওৱাৰ লগতে চম্পাৱতী আৰু তাইৰ মাকৰ মাজত সংঘটিত কথোপকথনক দেখুৱাবলৈ যত্ন কৰা হৈছে। 'ঔ-কুঁৱৰী' সাধুত কেতেকীক ঔ-টেঙা জন্ম দিয়াৰ বাবে স্বামীয়ে ঘৰৰ পৰা খেদাই দিয়া, তেওঁক গাঁৱৰ মানুহে বাটে-পথে লগ পালে জোকোৱা তথা উপলুঙা কৰা ইত্যাদি কাৰ্যক দেখুওৱা হৈছে। 'তাৱৈয়েকৰ সাধু'ত পোনায়ে মাছ বিক্ৰী কৰাৰ প্ৰসংগ অনাৰ লগতে মালতীয়ে শেষৰ সন্তানটো যদি আগৰ সন্তানকেইটাৰ নিচিনাকৈ পুতি পেলাবলৈ কয় তেতিয়া তাৰ বিৰোধিতা কৰিবলৈ কটাৰী লৈ অনা কাৰ্যটো নতুনকৈ সংযোজিত বিষয়। ইয়াৰ লগতে সাধুকথাকেইটাক চলচ্চিত্ৰৰ সৈতে খাপ খুৱাই লওঁতে চৰিত্ৰবোৰৰ মুখত সংলাপ দিয়া, তেওঁলোকৰ চৰিত্ৰক ভালদৰে বুজি পাবৰ বাবে চৰিত্ৰবোৰৰ অভিব্যক্তিক স্পষ্টৰূপত ফুটাই তোলা, সাজ-পাৰ, প্ৰসাধন ইত্যাদিৰ লগতে পৰিস্থিতিক অধিক বুজাই তুলিবলৈ যাওঁতে খুটি-নাতি মাৰি দৃশ্য আৰু শ্ৰব্যৰূপ দিয়া হৈছে। ছবিখনত ব্যৱহাৰ কৰা গান চাৰিটাই বিষয়ৰ সৈতে অধিক সংপৃক্ত হোৱাৰ ক্ষেত্ৰত দৰ্শকক সহায় কৰিছে।

চলচ্চিত্ৰ হৈছে এনে এক গণ মাধ্যম য'ত চৰিত্ৰ এটাই সম্পূৰ্ণভাৱে প্ৰকাশ লাভ কৰিবলৈ সক্ষম হয়। কাৰণ ইয়াত অনেক কলাৰ সমন্বয় ঘটাৰ লগতে এটা চৰিত্ৰই সম্পূৰ্ণৰূপত প্ৰকাশ লাভ কৰিবলৈ সক্ষম হয়। অৰ্থাৎ, চৰিত্ৰায়ন কাৰ্য অতি মনোযোগেৰে সাধন কৰাৰ লগতে চৰিত্ৰ একোটাক প্ৰকাশ কৰিবলৈ বহুতো মাধ্যমৰ সহায় ল'ব পৰা যায়। (বেজবৰা, ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ, পৃ.১৪৪-১৪৯) সেইকাৰণে স্বাভাৱিকতে, সাধুকেইটাতকৈ চলচ্চিত্ৰখনত চৰিত্ৰকেইটা স্পষ্টকৈ দেখুৱাবলৈ সক্ষম হৈছে। চৰিত্ৰবোৰৰ সাজ-পাৰ, অংগসজ্জা, তেওঁলোকৰ মুখৰ ভংগী, বিভিন্ন পৰিস্থিতিত তেওঁলোকৰ অভিব্যক্তি, মানসিক অৱস্থা, মুখৰ ভাব-ভংগী আৰু তেওঁলোকৰ মুখৰ সংলাপ ইত্যাদিয়ে চৰিত্ৰবোৰক দাঙি ধৰিবলৈ পৰা গৈছে, যিটো কাৰ্য কৰিবলৈ অসুবিধা হৈছে সাধুকথাবোৰত। সেইকাৰণে, চৰিত্ৰ একোটাৰ নানা দিশৰ পুনৰ্নিৰ্মাণ স্বাভাৱিকতে ঘটিছে বুলি ক'ব পৰা যায়।

'বুঢ়ী আইৰ সাধু'ত নাৰীকেন্দ্ৰিক সাধু বহুখিনি আছে আৰু সেই সাধুকথাবিলাক পাৰিবাৰিক জীৱনৰ সৈতে সম্পৰ্কিত। এই সাধুবিলাক পোনপটীয়াভাৱে নাৰীৰ জীৱন আৰু মনস্তত্ত্বমূলক। সাধুকথাবিলাকত নাৰীৰ যৌন উদ্বেগৰ লগতে পৰিয়ালত সতিনীহঁতৰ মাজত ঈৰ্ষা, দ্বন্দ্ব আৰু নাৰী চৰিত্ৰৰ বিষয়ে মতামত প্ৰতিফলন কৰা হয়। (ভট্টাচাৰ্য, বুঢ়ী আইৰ সাধুত অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন, পৃ.৭৩৮) 'কথানদী' ছবিখনো ইয়াৰ পৰা পৃথক নহয়। ছবিখনত সাধুকথাবোৰৰ নিচিনাকৈয়ে নাৰী চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়া পৰিলক্ষিত হয়। সাধুকথাত উল্লেখ থকা চৰিত্ৰবোৰক বিস্তৃত আৰু সুক্ষ্মৰূপত উপস্থাপন কৰাৰ প্ৰচেষ্টা ইয়াত দেখা পোৱা যায়। আনকি কিছুমান উল্লেখ নথকা নাৰী চৰিত্ৰৰ উল্লেখ কৰি চৰিত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা দাঙি ধৰিবলৈ যত্ন কৰা হৈছে। যেনে- 'তাৱৈয়েকৰ সাধু'ৰ মালতী চৰিত্ৰটো। 'তেজীমলা' সাধুত তেজীমলাৰ বিষয়ে উল্লেখ আছে, তাইৰ চৰিত্ৰক বিকাশ কৰি ফুটাই তোলা হৈছে চলচ্চিত্ৰখনৰ জৰিয়তে। তেজীমলাৰ মাহীমাক চেনেহীয়ে স্বামী আৰু নিজ সন্তানৰ পৰা বঞ্চিত হোৱাৰ ফলত তেওঁৰ যি মানসিক অৱস্থা তথা তেওঁ মানসিকভাৱে কিমান ভাঙি পৰিছে সেই কথাও ছবিখনত দেখুৱাবলৈ যত্ন কৰা হৈছে। তেজীমলাই যেতিয়া তাইক কৰা অত্যাচাৰৰ কাৰণ সুধিছে, তেতিয়া তেওঁ সদাগৰে তেওঁক সুখত ৰাখিম বুলি বিয়া কৰাই আনি তেজীমলাৰ বান্দীহে কৰিলে, সেইবাবেহে এই অত্যাচাৰ কৰিছে বুলি কৈছে আৰু এই প্ৰবঞ্চনাৰ প্ৰতিশোধ লৈছে তেজীমলাক কৰা অত্যাচাৰৰ জৰিয়তে। তেজীমলাক কৰা অত্যাচাৰৰ জৰিয়তে তেওঁ মানসিক পৰিতৃপ্তি লাভ কৰিছে। তেওঁৰ সৈতে সদায়ে থকা যিটো মানৱৰূপী অপশক্তি আছে, সেই শক্তিয়েহে তেওঁক এই কামবোৰ কৰিবলৈ প্ৰৰোচিত কৰিছিল, সেই কথা ইয়াত দেখুওৱা হৈছে। সকলোবোৰ হেৰোৱাই পেলোৱা নাৰীৰ যি মানসিক দৃশ্য তথা এগৰাকী নাৰীৰ বেয়া কৰ্ম সংঘটিত কৰাৰ আঁৰত কি কাৰকে কাম কৰে, তাক এই চৰিত্ৰটোৰ মাধ্যমেৰে দেখুৱাবলৈ যত্ন কৰা হৈছে। চেনেহীয়ে সুৰা তথা পানীয় খাই থকা কাৰ্যই তেওঁৰ বিদ্ৰোহাত্মক তথা হতাশাৰ ৰূপটোৰ প্ৰতিফলন কৰিছে। 'চম্পাৱতী' সাধুত নাৰী চৰিত্ৰৰ বহুবিলাক দিশ প্ৰকাশ হোৱা নাই, যাক চলচ্চিত্ৰখনে সামৰি ল'বলৈ যত্ন কৰা দেখা পোৱা যায়। চম্পাৱতী, ৰূপেশ্বৰী, ধনেশ্বৰী, বনলতিকা ইত্যাদি বহু চৰিত্ৰৰ মাজেৰে তেওঁলোকৰ সামাজিক অৱস্থান আৰু তেওঁলোকৰ মানসিক জগতখনৰ আভাস লাভ কৰিব পাৰি। 'ঔ-কুঁৱৰী' সাধুটোক বহুপৰিমাণে পুনৰ নিৰ্মাণ কৰা হৈছে। ঔ-কুঁৱৰীৰ মাক-দেউতাকক ৰজা-ৰাণী হিচাপে উপস্থাপন কৰাৰ পৰিৱৰ্তে মিচিং সমাজৰ লোক হিচাপে উপস্থাপন কৰা হৈছে। যদিও এনেদৰে পৰিৱেশন কৰা হৈছে অসমীয়া সমাজখনৰ ভিত্তিতহে উপস্থাপন কৰা হৈছে। ইয়াক দেখুওৱাৰ আঁৰত ঔ-কুঁৱৰীৰ মাকক সাধাৰণ নাৰী হিচাপে উপস্থাপন কৰি তেওঁৰ অৱস্থিতি তথা তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে জানিবলৈ দিয়াই উদ্দেশ্য নিচিনা অনুমান হয়। নাৰীৰ কাম্য দাম্পত্য সুখৰ লগত সন্তান জন্ম দিয়াত সাফল্য আৰু কাম-কাজত পাৰদৰ্শিতা সেই সময়ৰ সমাজত গুৰুত্ব লাভ কৰিছিল। (ভট্টাচাৰ্য, বুঢ়ী আইৰ সাধুত অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন, পৃ.৭৪০) সেই কথা চলচ্চিত্ৰখনত দেখুওৱা হৈছে। ঔ-টেঙা জন্ম দিয়াৰ পাছত তেওঁৰ স্বামীয়ে পৰিত্যাগ কৰি ঘৰৰ পৰা খেদাই দিছে, তেওঁক বাটে-ঘাটে লগ পোৱা মানুহে কুলক্ষিণী বুলি উপলুঙা কৰিছে, ইমান ঠাট্টা-মস্কৰা আৰু কষ্টৰ পাচতো তেওঁ কিন্তু জীয়াই আছে। সমাজে তেওঁক অৱহেলা কৰিছে কিন্তু তেওঁ তেনেদৰে অৱহেলা কৰিব পৰা নাই। তেওঁ য'লৈকে যায় তালৈ ঔ-টেঙাটো গৈছে, তেওঁ ঔ-টেঙাটোক গালিও পাৰিছে ইমান অপমান আৰু লজ্জিত কৰি কিয় শান্তি পোৱা নাই আৰু কিয় কষ্ট দিছে বুলি কৈছে যদিও পাছত তেওঁৰ মনটো আকৌ গলিছে। ঔ-টেঙাটোৱে চাং-ঘৰত প্ৰৱেশ কৰিব নোৱাৰাত তেওঁ দাঙি ঘৰত সুমুৱাইছে। দেৱীনাথৰ কথা শুনি কাৰ্য সম্পাদন কৰাৰ পাছত ঔ-টেঙাটো নহাত তেওঁ নিজৰ সন্তানক বিচাৰি ব্যাকুল হৈছে আৰু দেৱীনাথক কটু কথা শুনাই দেৱীনাথক তেওঁৰ সন্তানৰ পৰা আঁতৰি থাকিবলৈ কৈছে। বিচাৰি পোৱাৰ পাছত ঔ-টেঙাটোক মৰমেৰে আদৰি লৈ ঔ-টেঙাটোৱে খাবলৈ ধুনীয়াকৈ খাদ্য প্ৰস্তুত কৰিছে। পৰৱৰ্তী সময়ত ঔ-টেঙাৰ মাজত মানুহৰূপী কন্যা দেখা পোৱা আৰু সেই কন্যাৰ সৈতে মিলন ঘটাৰ পাছত তেওঁৰ মানসিক দিশবিলাকে মাতৃৰ মমতাৰ প্ৰতিমূৰ্তিক আৰু স্পষ্টৰূপত দাঙি ধৰাত সহায় কৰিছে। তেওঁৰ কাপোৰ বোৱা কাৰ্যই অসমীয়া মহিলাৰ বোৱন কাৰ্যৰ পাৰদৰ্শিতা তথা অৰ্থনৈতিক স্বাৱলম্বিতাক দেখুৱাই চলচ্চিত্ৰখনৰ জৰিয়তে অসমৰ মহিলাৰ অৰ্থনৈতিক স্বাৱলম্বিতাক দেখুওৱাৰ সুযোগ লৈছে। 'তাৱৈয়েকৰ সাধু'ৰ চৰিত্ৰ মালতীয়ে তাৱৈয়েকৰ কথামতে সন্তানকেইটা মাৰি পুতি পেলোৱা কাৰ্যই এগৰাকী মাতৃৰ মনত কেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তাৰ এক সুন্দৰ উপস্থাপন ইয়াত দেখুওৱা হৈছে। তেওঁৰ স্বামী পোনায়ে পিতৃ হিচাপে নিজৰ দায়িত্ব পালন কৰাত তেওঁৰ অপাৰগতা তথা নিজৰ সন্তান ৰক্ষা কৰিবলৈ কোনো পথ নোলোৱা, আৰু পত্নীৰ কথা একেবাৰে নুশুনি কেৱল তাৱৈয়েকৰ কথা শুনি নিজৰ সন্তান বিসৰ্জন দিয়া কাৰ্যই এগৰাকী নিঃসহায় মহিলাৰ অৱস্থাৰ বিষয়ে দাঙি ধৰিবলৈ যত্ন কৰিছে। এগৰাকী মাতৃয়ে নিজৰ সন্তানক উদ্ধাৰ কৰিবলৈ হত্যা কৰাৰ আঁচনিও যে পাঙিব পাৰে তথা এগৰাকী বিপ্লৱী মহিলাৰ সৃষ্টি কৰিব পাৰে তাৰ কথা এই নাৰী চৰিত্ৰটোৰ মাজেৰে দেখুৱাবলৈ যত্ন কৰা হৈছে। 'তাৱৈয়েকৰ সাধু'ত বয়সিয়াল আৰু অভিজ্ঞ মানুহৰ যি কৰ্তৃত্বৰ স্বীকৃতি আছে সেইটো বিধিকেন্দ্ৰিক। (ভট্টাচাৰ্য, বুঢ়ী আইৰ সাধুত অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন, পৃ.৭৩৬) অৰ্থাৎ, সেই সময়ৰ সমাজে সেইয়া মানি লৈছিল। কিন্তু, মালতীয়ে সেইয়া মানি লোৱা নাই। তেওঁ তাৰ বিৰোধিতা কৰিবলৈ আগবাঢ়ি আহিছে। তেওঁ প্ৰথমে পোনাইক কৈছে, বুজাবলৈ চেষ্টা কৰিছে। কিন্তু যেতিয়া পোনায়ে মালতীৰ কথা শুনা নাই, সেয়েহে, মালতীয়ে শেষৰ সন্তানটি তাৱৈয়েকক দেখুৱাবলৈ নিওঁতে এখন চুৰি লৈ গৈছে, যিখনেৰে তেওঁ তাৱৈয়েকক হত্যা কৰিব। মালতীৰ বিদ্ৰোহাত্মক ৰূপটোৰ প্ৰতিফলন ঘটিছে তেওঁৰ মুখৰ সংলাপৰ জৰিয়তে, "এইবাৰ মই মোৰ হক বিচাৰিম।", "মই আও নিজ পেট পোৱালি নামাও।", "নিজ পেট পোৱালি মায়ি চহকী নহ'লেও হ'ব।" (কথানদী চলচ্চিত্ৰ) নাৰীৰ দুখ উপলব্ধি কৰি নাৰীক উদ্ধাৰ কৰিবলৈ কেৱল নাৰীহে আগবাঢ়ি আহে, সেই কথা দেখুৱাবৰ চেষ্টা কৰিছে ধাইগৰাকীৰ জৰিয়তে। তেওঁ মালতীৰ দুখ উপলব্ধি কৰি মালতীক নাওঁত উঠি পলাই যাবলৈ উপদেশ দিয়াৰ লগতে পলাই দিবলৈ সকলো যোগাৰো কৰি দিম বুলি কৈছে। কিন্তু মালতী যোৱা নাই, নিজৰ স্বামীক এৰি তেওঁ যাবলৈ চেষ্টা নকৰে কাৰণ তেওঁ স্বামীক বহুত চেনেহ কৰে। নাৰীৰ পতিৰ প্ৰতি প্ৰেম তথা স্নেহো এই চৰিত্ৰৰ মাজেৰে দেখুওৱা হৈছে।

সাধুকথাকেইটাত গুৰুত্ব নোপোৱা এটা দিশ যিটোক চলচ্চিত্ৰখনে সামৰি লোৱা পৰিলক্ষিত হৈছে, সেই দিশটো হ'ল- চৰিত্ৰৰ মানসিক দিশ। সাধুকথাকেইটাত সাধাৰণতে চৰিত্ৰবোৰৰ মনস্তাত্ত্বিক দিশক প্ৰকাশ কৰিবলৈ অৱকাশ কম পোৱা যায় তথা চৰিত্ৰৰ মানসিক দিশক প্ৰকাশ কৰাৰ চেষ্টা খুউব কম পৰিলক্ষিত হয়। কিন্তু চলচ্চিত্ৰখনত এই উপেক্ষিত বিষয়টোৱে প্ৰাধান্য লাভ কৰা দৃষ্টিগোচৰ হয়। প্ৰতিটো চৰিত্ৰৰে মানসিক জগতখনৰ প্ৰকাশ কৰাৰ চেষ্টা থকা দেখা পোৱা যায়। চৰিত্ৰবোৰৰ মুখত দিয়া সংলাপৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ অভিব্যক্তি, মুখৰ প্ৰকাশভংগী, সাজ-পাৰ অংগসজ্জাৰ লগতে তেওঁলোকৰ আচৰণ আৰু কাৰ্য-কলাপৰ লগতে তেওঁলোকৰ সৈতে সংগত কৰি বজোৱা বাদ্যযন্ত্ৰ আৰু সুৰেও চৰিত্ৰবোৰৰ মানসিক অৱস্থাক পূৰ্ণ বিকাশ কৰাত সহায় কৰিছে। অৱশ্যে পুৰুষ চৰিত্ৰকেইটাতকৈ নাৰী চৰিত্ৰৰ মানসিক দিশৰ বিকাশৰ ওপৰত ছবিখনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হয়। কিন্তু পোনাই, দেৱীনাথ, তাৱৈয়েক ইত্যাদি চৰিত্ৰকেইটাৰ মাজে-মধ্যে প্ৰকাশ পোৱা মনস্তাত্ত্বিক দিশৰ চিত্ৰণকো একেবাৰে উলাই কৰিব পৰা নাযায়। নিজৰ সন্তানকেইটা বচোৱাৰ ক্ষেত্ৰত পোনাইৰ বিবুদ্ধিতা, অন্যৰ সন্তানক উদ্ধাৰৰ দ্বাৰা নিজৰ সন্তান তেজীমলালৈ মনত পেলোৱা ইত্যাদিয়ে তেওঁলোকৰ মানসিক দিশৰ সুস্পষ্টৰূপত ফুটাই তোলাত সফল হৈছে। নিজ সন্তান আৰু পতি প্ৰেমৰ পৰা বঞ্চিত নাৰীৰ মনোভাৱ ফুটাই তোলাৰ লগতে মৰমৰ পৰা বঞ্চিত হোৱাৰ কাৰক তেজীমলাক হত্যা কৰাৰ যি পন্থা হাতত লৈছে, সেই পৰ্যায়লৈ যোৱাৰ যি মানসিক অৱস্থা, সেইয়া ফুটাই তোলা হৈছে চেনেহীৰ চৰিত্ৰৰ মানসিক অৱস্থাৰ ৰূপায়ণৰ জৰিয়তে। মাতৃপ্ৰেমৰ পৰা বঞ্চিত তথা মাহীমাকৰ অত্যাচাৰৰ বলি হোৱা তেজীমলাৰ মনৰ দুখকো চলচ্চিত্ৰখনে সামৰি লৈছে। অজগৰলৈ বিয়া হ'বলৈ পোৱাৰ কাৰণে বনলতিকাৰ মনৰ যি পৰিস্থিতি, স্বামীৰ মৰম আৰু সতিনীৰ হিংসাৰ বলি হোৱাৰ লগতে নিজৰ কন্যাক অজগৰলৈ বিয়া দিবলগীয়া হোৱাৰ বাবে ৰূপেশ্বৰীৰ দুখ আৰু সতিনীৰ সন্তানৰ প্ৰতি থকা তেওঁৰ প্ৰেমক দাঙি ধৰিবলৈ চেষ্টা চলোৱা দেখা যায়। আনহাতে চম্পাৱতীৰ অহিত কৰিবলৈ চেষ্টা কৰোঁতে ধনেশ্বৰীৰ স্ফূৰ্তি আৰু ওলোটাই তাইৰ সুখ হোৱা কাৰ্যত ধনেশ্বৰীৰ মানসিক চিত্ৰ আৰু নিজৰ কন্যাকো তেনে সুখ দিবলৈ যাওঁতে অজগৰৰ পেটত উদ্ধাৰ হোৱা কাৰ্যত তেওঁৰ মানসিক অৱস্থাৰ চিত্ৰ অংকন কৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখা পোৱা গৈছে। ঔ-কুঁৱৰীৰ মাক কেতেকীৰ মানসিক অৱস্থাৰ চিত্ৰণো চলচ্চিত্ৰখনত কৰিছে। সমাজৰ পৰা পৰিত্যক্ত মহিলাৰ মানসিক স্থিতি তথা সন্তানৰ প্ৰতি মাকৰ প্ৰেমৰ দৃশ্য তথা সন্তানক উদ্ধাৰ কৰিবলৈ যাওঁতে কেতেকীৰ যি ভূমিকা দেখুৱাইছে, তাৰ মাজেৰে তেওঁৰ মানসিক দিশৰ দিশবিলাক ফঁহিয়াই দেখুৱাবলৈ যত্ন কৰা হৈছে। আকৌ, নিজৰ সন্তানক বাৰে বাৰে অহেতুক বিসৰ্জন দিবলগা হোৱা আৰু স্বামীয়েও তেওঁৰ কথা নুশুনাত মালতীৰ অসহায় অৱস্থাৰ ছবি মানসিক দিশৰ চিত্ৰণৰ মাজেৰে দেখুওৱা হৈছে। এনেদৰে দেখা পোৱা যায় যে, 'কথানদী' ছবিখনত সাধুকথাই সামৰি নোলোৱা দিশবোৰ অংকন কৰি কাহিনীটো একে ৰূপত ৰাখি পুনৰ্নিৰ্মাণ কৰিছে কিন্তু সমাজখনৰ লগত খাপ খুৱাইহে এই কাৰ্য কৰা হৈছে।

 

৫.০ উপসংহাৰঃ

'বুঢ়ী আইৰ সাধু'ৰ কাহিনীক পুনৰ্নিৰ্মাণ কৰাৰ এক প্ৰচেষ্টা দেখা পোৱা যায় 'কথানদী' চলচ্চিত্ৰখনত। সাধুকথাক চলচ্চিত্ৰ মাধ্যমলৈ ৰূপান্তৰ কৰিবলৈ যাওঁতে স্বাভাৱিকতে বহুবিলাক দিশৰ পুনৰ্নিৰ্মাণ কৰি ল'ব লগা হৈছে। কিন্তু সাধুকথাকেইটাৰ মূলক ই পৰিৱৰ্তন কৰা নাই। অৱশ্যে সাধুকথাকেইটাত যি যি দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল সেইবিলাক দিশৰ পৰিৱৰ্তন কিছু ক্ষেত্ৰত দেখা পোৱা যায়। ইয়াৰ সমান্তৰালভাৱে সাধুকথাকেইটাই সামৰি নোলোৱা কেইবাটাও দিশক কথাছবিখনে সামৰি লোৱা পৰিলক্ষিত হয়। সাম্প্ৰতিক প্ৰেক্ষাপটত গুৰুত্ব পোৱা কিছুমান দিশকো ই সামৰি লৈছে, যেনে- নাৰীৰ সামাজিক অৱস্থান, মানুহৰ মানসিক জগতখনৰ পৰিচয় ইত্যাদি।

 

৫.১ সামগ্ৰিক সিদ্ধান্তঃ

অধ্যয়নৰ অন্তত উপনীত হোৱা সিদ্ধান্তকেইটা তলত দিয়াৰ ধৰণে উল্লেখ কৰিব পাৰি-

·        'কথানদী' ছবিখনত 'বুঢ়ী আইৰ সাধু'ৰ অন্তৰ্গত মূলতঃ চাৰিটা সাধুক একেলগে একে পৰিৱেশত ৰাখি সংযোগ কৰি পুনৰ্নিৰ্মাণ কৰা হৈছে।

·        সাধুকথাকেইটাৰ পুনৰ্নিৰ্মাণ কৰোঁতে চৰিত্ৰবোৰৰ নামকৰণ কৰাৰ লগতে বহু নতুন চৰিত্ৰৰ অন্তৰ্ভুক্তি কৰা হৈছে, লগতে চৰিত্ৰবোৰ স্পষ্টৰূপত দাঙি ধৰা হৈছে।

·        চলচ্চিত্ৰখনত সাধুকথাকেইটাৰ কাহিনীৰ বহু অংশৰ বিয়োজনৰ লগতে নতুনকৈ সংযোজন কৰি লোৱা হৈছে।

·        সাধুকথাকেইটাৰ নিচিনাকৈ চলচ্চিত্ৰখনতো নাৰী চৰিত্ৰক প্ৰাধান্য দিছে। অৱশ্যে চলচ্চিত্ৰখনত এই প্ৰাধান্যতাৰ পৰিমাণ অধিক পৰিমাণে দেখা পোৱা যায়। নতুন নাৰী চৰিত্ৰৰ অন্তৰ্ভুক্তিৰ লগতে পৰিৱেশ সলনি কৰি নাৰী চৰিত্ৰৰ বিকাশ কৰা দেখা পোৱা যায়। নাৰীৰ সামাজিক দিশৰ লগতে বিদ্ৰোহী নাৰীৰ চৰিত্ৰও ইয়াত নিৰ্মাণ কৰি লৈছে।

·        কথাছবিখনত চৰিত্ৰৰ মানসিক দিশৰ অংকন কৰা দেখা যায়, সাধুকথাকেইটাত এই দিশটোৰ গুৰুত্ব কম দিয়া দেখা পোৱা যায়।

 

সহায়ক গ্ৰন্থপঞ্জীঃ

চট্টোপাধ্যায়, ড˚ পাৰ্থ। তত্ত্ব আৰু প্ৰয়োগেৰে গণসংযোগ। বীণা লাইব্ৰেৰী, গুৱাহাটী, তৃতীয় প্ৰকাশ, জানুৱাৰী, ২০১৫

দত্ত, উৎপল। অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা। সাহিত্য সৌৰভ (উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ বাবে) (সম্পা.) ড˚ বিভা ভৰালী। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, মাধ্যমিক শিক্ষা বিভাগ, অসম চৰকাৰ, ২০২১, পৃ.৭২-৭৮

বুজৰবৰুৱা, ড˚ পল্লৱী ডেকা। তুলনামূলক সাহিত্যতত্ত্ব। বনলতা, ডিব্ৰুগড়, দ্বিতীয় প্ৰকাশ, মে', ২০১৮

বেজবৰা, ড˚ নীৰাজনা মহন্ত। ব্যক্তিত্ব, সুকুমাৰ কৌশল আৰু যোগাযোগ। অসম বুক ট্ৰাষ্ট, গুৱাহাটী, প্ৰথম সংস্কৰণ, জুন, ২০২১

ভট্টাচাৰ্য, কিশোৰ। বুঢ়ী আইৰ সাধুত অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰতিফলন। অসমীয়া সাহিত্যৰ বুৰঞ্জী (পঞ্চম খণ্ড)। ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী (সম্পা.)। আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা, অসম, প্ৰথম প্ৰকাশ, ছেপ্টেম্বৰ, ২০১৫

শইকীয়া, নগেন (সম্পা.)। বেজবৰুৱা ৰচনাৱলী (ষষ্ঠ খণ্ড)। বনলতা, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১০

হাজৰিকা, ড˚ কৰবী ডেকা। তুলনামূলক সাহিত্য আৰু অনুবাদ-কলা। বনলতা, ডিব্ৰুগড়। দ্বিতীয় প্ৰকাশ, ফেব্ৰুৱাৰী, ২০১৪

 

আলোচনীঃ

দত্ত, ড˚ লিপিমণি। অসমীয়া গল্পত পুনৰ্নিৰ্মাণ প্ৰসংগ। গৰীয়সী, দ্বাত্ৰিংশ বছৰ, নৱম সংখ্যা, জুলাই, ২০২৫, পৃ. ২৬-২৮

 

গৱেষণা গ্ৰন্থঃ

চেতিয়া, বিনীতা। অসমীয়া সাহিত্যত সাধুকথাৰ পুনৰ্গঠন। অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ২০২২

Comments

Popular posts from this blog

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা