আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসত দলিত নাৰীবাদৰ চিত্ৰণ
সহকাৰী অধ্যাপিকা, অসমীয়া বিভাগ
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁও, দৰং
সংক্ষিপ্ত-সাৰ: সমতা আৰু সম অধিকাৰ নাৰীবাদৰ মূল ভিত্তি৷ কিন্তু সমাজৰ সকলো শ্ৰেণীৰ সকলো বৰ্ণৰ নাৰীৰ বাবে এই সমতা আৰু সম অধিকাৰৰ সংজ্ঞা একে নহয়৷ নাৰীবাদ অধ্যয়নৰ অন্যতম দৃষ্টিভংগী ‘দলিত নাৰীবাদ’ উন্মেষৰ কাৰণ ইয়াৰ মাজতে অন্তৰ্নিহিত হৈ আছে৷ ভাৰতীয় নাৰীবাদী আন্দোলনৰ ইতিহাসলৈ যদি মন কৰা যায় তেন্তে পৰিলক্ষিত হয় যে নাৰীৰ অধিকাৰ জাতীয় কথাবাৰ পোনতে উচ্চ জাতি আৰু শিক্ষিত নাৰীসকলৰ মাজতহে সীমাবদ্ধ আছিল৷ সমাজৰ নিম্ন শ্ৰেণীৰ নাৰীসকল [দলিত আৰু অন্য নিম্ন বৰ্গৰ] ৰ অধিকাৰ, সমতাৰ কোনো আলোচনাই গুৰুত্ব লাভ কৰা নাছিল৷ দলিতিজিম বা দলিতবাদৰ এক অংশ হ’ল দলিত নাৰীবাদ৷ এই আন্দোলনৰ সবল নেত্ৰী সাবিত্ৰী বাঈ ফুলেয়ে এই সামাজিক গাঁথনিৰ বিভাজনৰ তীব্ৰ বিৰোধিতা কৰিছিল৷ কাৰণ এইসকল নাৰীয়ে কেৱল উচ্চ বৰ্ণৰ পুৰুষ আৰু নাৰীৰ তলতে থাকিব লগা নহৈছিল বৰঞ্চ নিজৰ জাতিৰ পুৰুষৰ শোষণ-দমনৰো সমানে বলি হ’বলগীয়া হৈছিল৷ ১৯৯৫ চনত নতুন দিল্লীত ‘নেশ্বনেল ফেডাৰেচন অফ দলিত ৱমেন’ গঠন হৈছিল৷ ইয়াৰ লগে লগে এই নাৰীবাদী দৃষ্টিভংগীৰ ব্যাপক চিন্তা-চৰ্চা আৰম্ভ হৈছিল৷
এই আলোচনা পত্ৰত আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসত চাহ বগিচাৰ শ্ৰমিক দুৰ্গী ভূমিজৰ মাজেদি ঔপন্যাসিকাই কিদৰে দলিত নাৰীবাদী চিন্তাৰ প্ৰকাশ ঘটাইছে সেয়া বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
বীজ শব্দ: নাৰীবাদ, দলিত নাৰীবাদ, উপন্যাস, দুৰ্গী ভূমিজ
১.০ অৱতৰণিকা:
পিতৃতান্ত্ৰিকতা, লিংগ অসমতা, জাতিগত-শ্ৰেণী বৈষম্য আৰু যৌন আতিশৰ্যক আধাৰ কৰি গঢ়ি উঠা দলিত নাৰীবাদৰ সমান্তৰালভাৱে বিংশ শতিকাৰ শেষ ভাগলৈ এই সম্পৰ্কীয় সাহিত্যৰ ৰচনাও আৰম্ভ হৈছিল৷ ভাৰতীয় বিভিন্ন আঞ্চলিক ভাষাত দলিত নাৰীৰ ওপৰত হোৱা বিভিন্ন ধৰণৰ শোষণক লৈ গল্প, কবিতা, উপন্যাস আদি সৃষ্টি হ’বলৈ লৈছে৷ এইক্ষেত্ৰত মাৰাঠী ভাষাত বেবী কাম্বলে, উৰ্মিলা পাৱাৰ, কানাড়া ভাষাত গীতা ভূষণ, তামিল ভাষাত পি শিৱকামী, বামা আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ ভাৰতীয় অন্য প্ৰান্তীয় ভাষাৰ দৰে অসমীয়া ভাষাতো দলিত নাৰীৰ জীৱনক কেন্দ্ৰ কৰি সাহিত্য ৰচনা হ’ব লৈছে৷ এই আলোচনা পত্ৰত আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসৰ নাৰী চৰিত্ৰসমূহৰ মাজেদি কিদৰে দলিত নাৰীৰ জীৱনৰ বিভিন্ন দিশ প্ৰতিফলিত হৈছে সেয়া বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হৈছে৷
১.২ অধ্যয়নৰ উদ্দেশ্য: এই আলোচনাৰ মূল উদ্দেশ্য হ’ল-
- ক] এই অধ্যয়নৰ যোগেদি দলিত নাৰীবাদ সম্পৰ্কে পৰিচয় জ্ঞাপন কৰা ৷
খ] আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসখনত চিত্ৰিত নাৰী চৰিত্ৰসমূহৰ মাজেদি দলিত নাৰীৰ ওপৰত হোৱা শোষণ-বঞ্চনাৰ ছবিখন কিদৰে অংকিত হৈছে সেয়া অধ্যয়ন কৰা এই আলোচনা পত্ৰৰ আন এক উদ্দেশ্য৷
১.৩ অধ্যয়নৰ গুৰুত্ব: মূল সুঁতিৰ নাৰীবাদী চিন্তা-আলোচনাই সমাজৰ নিম্ন স্তৰৰ আৰু দলিত নাৰীসকলৰ জীৱন সংগ্ৰামৰ আলোচনা, ন্যায্য প্ৰাপ্তিৰ বাবে তেওঁলোকে কৰা দাবীবোৰ কেতিয়াও স্থান লাভ কৰা নাছিল৷ দলিত নাৰীবাদী চিন্তাধাৰাই ঠন ধৰি উঠাৰ পাছতহে দলিত নাৰীসকলৰ প্ৰতিবাদী কণ্ঠস্বৰ সকলোৱে শুনিব পাইছিল৷ গতিকে ভাৰতীয় অন্যান্য প্ৰান্তীয় ভাষাৰ দৰে অসমীয়া ভাষাত আৰাধনা পটংগীয়া গোস্বামীয়ে ৰচনা কৰা দুৰ্গী উপন্যাসখনত অংকিত দলিত নাৰীৰ জীৱনৰ চিত্ৰ পোহৰলৈ অনাৰ ক্ষেত্ৰত এই অধ্যয়নৰ গুৰুত্ব আছে৷
১.৪ অধ্যয়নৰ পৰিসৰ: এই আলোচনা পত্ৰত আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসখনৰ দুই মূল নাৰী চৰিত্ৰ দুৰ্গী ভূমিজ আৰু মাংৰী ওৰাঙক অধ্যয়নৰ পৰিসৰৰ ভিতৰত সামৰা হৈছে৷
১.৫ অধ্যয়নৰ পদ্ধতি:
- ক] বিষয় বিশ্লেষণ পদ্ধতি: সাহিত্য পাঠ এটাৰ বিষয়বস্তু, গঠন আৰু কাৰ্যকাৰিতা সম্পৰ্কে সাহিত্য অধ্যয়নৰ এই পদ্ধতিত আলোচনা কৰা হয়৷ পাঠ এটিৰ সকলোধৰণৰ অৰ্থ অৰ্থাৎ আক্ষৰিক অৰ্থৰপৰা আৰম্ভ কৰি আভ্যন্তৰীণ অৰ্থ, প্ৰতীক, মূল্যবোধ সকলো অধ্যয়ন কৰা হয়৷ এই বিষয় বিশ্লেষণ পদ্ধতিৰ আধাৰত দুৰ্গী উপন্যাসখনৰ পদ্ধতিগত এক অধ্যয়ন কৰা হৈছে৷
- খ] বৰ্ণনাত্মক পদ্ধতি: এই পদ্ধতিৰ সহায়ত সাহিত্য পাঠটো ক’ত, কিদৰে, কেনেধৰণৰ পৰ্যবেক্ষণ, লিপিবদ্ধ, বিশ্লেষণ কৰিছে সেই সম্পৰ্কে অধ্যয়ন কৰা হ’ব৷
২.০ মূল আলোচনা:
২.১ দলিত নাৰীবাদ আৰু ভাৰতত দলিত নাৰীবাদৰ উন্মেষ: ‘নাৰীবাদ’ৰ ইংৰাজী প্ৰতিশব্দ হৈছে ‘Feminism’৷ এই শব্দটো আহিছে ফৰাছী ‘Femme’ শব্দৰ পৰা, যাৰ অৰ্থ হ’ল মহিলা৷ ঊনবিংশ শতাব্দীৰ আৰম্ভণিত ফৰাছী সমাজতান্ত্ৰিক চাৰ্লছ ফুৰিয়াৰে (Charles Fourier) সৰ্বপ্ৰথম Feminism শব্দটি উদ্ভাৱন কৰে৷ পৰৱৰ্তী পৰ্যায়ত ১৮৮০ চন মানৰপৰা ফ্ৰান্সত নাৰীবাদৰ তাত্ত্বিক আলোচনা আৰু নাৰীবাদী চিন্তা-চৰ্চাৰ প্ৰসাৰ হৈছিল৷ ‘নাৰীবাদ’ শব্দটো নতুন যদিও প্ৰাচীন গ্ৰীচত নাৰীৰ অধিকাৰৰ সপক্ষে বহু আগৰেপৰা আন্দোলন হৈছিল৷ সাধাৰণ প্ৰচলিত ধাৰণা অনুসৰি ‘নাৰীবাদ’ মানে পুৰুষ বিৰোধী নহয়৷ নাৰীবাদ হৈছে পুৰুষতন্ত্ৰৰ বিৰোধী৷ অৰ্থাৎ নাৰীবাদ হৈছে নাৰী আৰু পুৰুষৰ মাজত থকা সকলোধৰণৰ লিংগভিত্তিক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক পাৰ্থক্য দূৰ কৰি সমতা স্থাপন কৰা৷ ‘Feminism’ গ্ৰন্থৰ লেখক জন চাৰ্ভেৰ মতে নাৰীৰ পুৰুষৰ সৈতে সমতাৰ ধাৰণাৰ ভাবেই হ’ল নাৰীবাদ৷ মূলত পাশ্চাত্যৰ ব্যক্তি স্বাধীনতা আৰু গণতন্ত্ৰৰ প্ৰেৰণাতে নাৰীবাদে বিকাশৰ দিশত অগ্ৰসৰ হৈছিল৷ ঊনবিংশ শতিকালৈকে নাৰীবাদে নাৰীৰ অধিকাৰ আৰু সমতাৰ হকে যুদ্ধ কৰি ইতিমধ্যে কেইবাটাও পৰ্যায় অতিক্ৰম কৰিছে৷ নাৰীৰ সমতাৰ সংজ্ঞা আকৌ সকলো শ্ৰেণীৰ আৰু সকলো বৰ্ণৰ নাৰীৰ বাবে একে নহয়৷ জাতিগত, শ্ৰেণীগত আৰু ব্ৰাহ্মণ্যবাদী পিতৃতান্ত্ৰিক ব্যৱস্থাত দলিত নাৰীসকলৰ যি অৱদমিত স্থিতি তাৰপৰা তেওঁলোকৰ উত্তৰণ ঘটোৱাৰ চিন্তাৰ ফলশ্ৰুতিতে দলিত নাৰীবাদী চিন্তাধাৰাৰ বিকাশ সাধন হৈছিল৷
‘নাৰীবাদ’ আৰু ‘দলিত নাৰীবাদ’ৰ ধাৰণাৰ মাজত থকা পাৰ্থক্য, সুকীয়া গুৰুত্ব আৰু প্ৰাসংগিকতাৰ বিষয়ে অধিক স্পষ্টকৈ বুজিবৰ বাবে ‘কৃষ্ণাংগ সাহিত্য’ সৃষ্টিৰ বিষয়ে জানিব লাগিব৷ কৃষ্ণাংগসকল আমেৰিকান হোৱা সত্ত্বেও তেওঁলোকে ‘ব্লেক লিটাৰেছাৰ’ বা ‘কৃষ্ণাংগ সাহিত্য’ বুলি এক সুকীয়া সাহিত্য সৃষ্টি কৰিছিল৷ কাৰণ আমেৰিকান সাহিত্যত কৃষ্ণাংগসকলৰ জীৱন, তেওঁলোকৰ ওপৰত হোৱা শোষণ-অত্যাচাৰ আদিৰ চিত্ৰণক সম্পূৰ্ণৰূপে অৱহেলা কৰা হৈছিল৷ কৃষ্ণাংগসকলৰ ঐতিহাসিক, সামাজিক অভিজ্ঞতাক যদি আমেৰিকান সাহিত্যৰ মাজত তেনেই সাধাৰণ ৰূপত ৰখা হয় তেন্তে তেওঁলোকৰ সংগ্ৰাম, শোষণ আদি প্ৰথিৱীৰ অলক্ষিতে থাকি যাব৷ এনে কাৰণতে কৃষ্ণাংগ সাহিত্যৰ সৃষ্টি হৈছিল৷ কৃষ্ণাংগ সাহিত্যৰ দৰে ‘দলিত নাৰীবাদ’ৰ সৃষ্টিৰ আঁৰতো এনে এক চিন্তাই ক্ৰিয়া কৰিছিল৷ ভাৰতৰ নাৰীবাদী চিন্তাত দলিত নাৰীবাদী চিন্তাৰ উন্মেষ ঘটিছিল সাবিত্ৰী বাঈ ফুলেৰ জৰিয়তে৷ ভাৰতীয় ইতিহাসত মহিলা অধিকাৰ আন্দোলনৰ আৰম্ভণি বংগৰ নৱজাগৰণৰপৰা আৰম্ভ হৈছিল৷ এই আন্দোলনসমূহৰ উদ্দেশ্য সামাজিক সংস্কাৰ হ’লেও এইবিলাকে একেবাৰতে ব্ৰাহ্মণীয় জাত-পাতৰ কৰ্তৃত্ব দমন কৰিব পৰা নাছিল৷ সেয়েহে এনে আন্দোলনসমূহ উচ্চ বৰ্ণৰ নাৰীসকলৰ মাজতে সীমাবদ্ধ আছিল৷ গতিকে সমাজৰ নিম্ন স্তৰত বাস কৰা নাৰীসকল স্বাভাৱিকতে ‘মহিলা অধিকাৰ’ৰ হকে হোৱা প্ৰগতিশীল আন্দোলনসমূহৰপৰা বাদ পৰিছিল৷ এই নিম্ন স্তৰৰ অন্তৰ্গত মহিলাসকল আছিল দলিত আৰু অন্যান্য নিম্ন জাতৰ মহিলা, যিসকলে নিজৰ প্ৰাথমিক অধিকাৰসমূহৰ বাবে এতিয়াও সংগ্ৰামত অৱতীৰ্ণ হ’বলগীয়া হৈ আছে৷
সমাজৰ প্ৰতিটো স্তৰৰ নাৰীয়েই পুৰুষতান্ত্ৰিক সমাজৰ অবিচাৰ-শোষণৰ বলি হ’বলগীয়াত পড়ে৷ কিন্তু সমাজৰ নিম্ন বৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত শোষণ চৰম পৰ্যায়ৰ৷ কাৰণ এওঁলোকে কেৱল নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়, তেওঁলোক উচ্চ বৰ্ণৰ পুৰুষ আৰু মহিলা উভয় পক্ষৰ শোষণ-নিৰ্যাতনৰ বলি হ’বলগীয়া হয়৷ ভাৰতত দলিত নাৰীবাদী চিন্তাৰ প্ৰধান সমৰ্থক সাবিত্ৰী বাঈ ফুলে আছিল সামাজিকভাৱে পিছপৰা মালি সম্প্ৰদায়ৰ৷ অন্য কিশোৰীসকলৰ দৰে অশিক্ষিত সাবিত্ৰী বাঈ ন বছৰ বয়সতে জ্যোতি বাঈৰ লগত বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু জ্যোতিবা সৌভাগ্যবশতঃ আধুনিক চিন্তাৰ গৰাকী আছিল৷ তেওঁ সামাজিক অসমতা দূৰীকৰণত শিক্ষাৰ মহত্ব যে অতি গভীৰ সেয়া ভালদৰে অনুধাৱন কৰিছিল৷ তেওঁৰ যত্নতে সাবিত্ৰী বাঈয়ে শিক্ষা গ্ৰহণ কৰিবলৈ সমৰ্থ হৈছিল৷ সাবিত্ৰী বাঈৰ আগ্ৰহ দেখি জ্যোতি বাঈয়ে তেওঁক পুনেৰ এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত নামভৰ্তিও কৰি দিছিল৷ প্ৰশিক্ষণ লৈয়ে সাবিত্ৰী বাঈয়ে ১৮৪৮ চনত পুনেৰ মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰিছিল৷ উল্লেখনীয় যে সাবিত্ৰী বাঈয়েই হ’ল ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী৷ দুই স্বামী-স্ত্ৰীয়ে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত ‘ছোৱালী শিক্ষা’ৰ বাবে সক্ৰিয়তাৰে কাম আৰম্ভ কৰিছিল৷ ভিডে ৱাডাত তেওঁলোকে নিজা বিদ্যালয় আৰম্ভ কৰে যিখন ভাৰতীয়সকলৰদ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন ছোৱালী বিদ্যালয় হিচাপে পৰিগণিত হৈছিল৷ ৰক্ষণশীল মনোভাৱসম্পন্ন সমাজখনে কিন্তু জ্যোতি-সাবিত্ৰীৰ এই প্ৰগতিকামী মানসিকতাক তীব্ৰ বিৰোধিতা কৰিছিল৷ কিন্তু ইয়াৰ পিছতো সাবিত্ৰী বাঈ থমকি ৰোৱা নাছিল৷ ‘মহিলা সেৱা মণ্ডল’ গঠন কৰি সাবিত্ৰী বাঈয়ে মহিলাৰ অধিকাৰৰ অৰ্থে সজাগতাৰ সৃষ্টি কৰিছিল৷ পৰিয়াল, সমাজৰপৰা উপেক্ষিত হোৱাৰ পিছত স্বামী-স্ত্ৰীক তেওঁলোকৰ এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে বিশেষভাৱে সহায় কৰিছিল৷ উছমানৰ ভগ্নী ফাতিমা বেগমো পৰৱৰ্তী সময়ত এই আন্দোলনৰ অংশ হৈ পৰিছিল৷ পৰৱৰ্তী সময়ত ফাতিমা ভাৰতৰ প্ৰথম মুছলমান মহিলা শিক্ষক হিচাপে নিযুক্ত হৈছিল৷ ১৯৯৫ চনত নতুন দিল্লীত ‘নেচনেল ফেডাৰেচন অফ দলিত ৱমেন’ গঠিত হৈছিল৷ ইয়াৰ লগে লগে এই আন্দোলনটোৱে প্ৰথমবাৰলৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল৷ দলিত মহিলাৰ অধিকাৰৰ হকে বিভিন্ন সময়ত কাকত-পত্ৰ, আলোচনী আদিত লিখা-মেলা কৰাৰ লগতে গৱেষণা, অধ্যয়ন আদি কৰি দলিত মহিলাসকলৰ মাজত চিন্তাৰ পৰিৱৰ্তনৰ এক জোৱাৰ আনিবলৈ সক্ষম হোৱা অগ্ৰণী মহিলাসকলৰ ভিতৰত ৰামাবাই আম্বেদকাৰ, গেইল ওমভেদ্ট (Gail Omvedt), চিন্থিয়া ষ্টিফেন (Cynthia Stephen), কিৰুবা মুনুছামী (Kiruba Munusamy), যাচিকা দত্ত (Yashica Dutta) আদি অন্যতম৷
ড॰ ভীমৰাও আম্বেদকাৰৰ ‘দলিত আন্দোলন’ৰ লগত দলিত মহিলাসকলৰ অংশগ্ৰহণ তেওঁলোকৰ ন্যায্য অধিকাৰ প্ৰাপ্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দিশ হিচাপে চিহ্নিত কৰা হয়৷ মাহাদ সত্যাগ্ৰহত আম্বেদকাৰৰ উদাত্ত বক্তৃতাই দলিত মহিলাসকলৰ মাজত নিজৰ ওপৰত হোৱা শোষণ-অন্যায়ৰ বিৰুদ্ধে জাগ্ৰত হৈ উঠাৰ ক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিছিল৷ আম্বেদকাৰৰ মতে ব্ৰাহ্মণ মহিলাতকৈ দলিত মহিলাসকল শাৰীৰিক আৰু মানসিক শক্তিৰ ফালৰপৰা অধিক শক্তিশালী হয়৷ গতিকে নিজৰ ভিতৰৰ শক্তি-সামৰ্থ্য অনুধাৱন কৰি দলিত মহিলাসকলক নিজৰ অধিকাৰৰ হকে মাত মাতিবলৈ আহ্বান জনাইছে৷
২.২ আৰাধনা পটংগীয়া গোস্বামীৰ দুৰ্গী উপন্যাসত দলিত নাৰীবাদৰ চিত্ৰণ: ব্ৰিটিছ বিৰোধী আদিবাসী শ্বহীদ দুৰ্গী ভূমিজৰ জীৱনৰ ভেটিত ঔপন্যাসিকে উপন্যাসখন ৰচনা কৰি উলিয়াইছে৷ দুৰ্গী ভূমিজ আটাৰিখাত চাহ বাগিচাৰ এগৰাকী শ্ৰমিক আছিল৷ বাগিচাৰ পাত তোলা আৰু কলঘৰত কাম কৰা দুৰ্গীয়ে স্বামীৰ মৃত্যুৰ পিছত ফ্ৰেজাৰ চাহাবৰ বৰ বাংলাত কাম কৰিবলৈ লৈছিল৷ ইয়াতে ফ্ৰেজাৰে তাইৰ সৌন্দৰ্যত মুগ্ধ হৈ তাইক ৰক্ষিতা কৰি ৰাখিছিল৷ চাহাবৰ লগত থাকি জীৱনত পোৱা প্ৰতাৰণা, বঞ্চনাৰ প্ৰতিবাদস্বৰূপে অসমৰ স্বাধীনতা আন্দোলনত ভাগ লৈ দুৰ্গী ভূমিজে মৃত্যুবৰণ কৰে৷
‘দলিত’সকলৰ সামাজিক স্থিতি সামগ্ৰিকভাৱে কিমান অবৰ্ণনীয় আছিল সেয়া ভাৰতৰ লিখিত বহু ইতিহাসৰ পাতত সন্নিৱিষ্ট হৈ আছে৷ বজাৰত গৰু-ছাগলীৰ কিনা-বেচা কৰাৰ দৰে অসমৰ চাহ বাগিচাসমূহত কাম কৰিবৰ বাবে পুৰুষ, মহিলা, শিশু আদিক নানা প্ৰলোভন, জোৰ-জবৰদস্তি বা ফুচুলাই অনা হৈছিল৷ ইয়াক এক চূড়ান্ত অমানবীয় কাৰ্য হিচাপে ইতিহাসবিদ অমলেন্দু গুহই আখ্যা দিছিল৷ মাত্ৰ ‘জাতি’ হিচাপে নিম্ন বৰ্গৰ হোৱা বাবে তেওঁলোকৰ ওপৰত এনে অমানৱিক শোষণ কৰা হৈছিল৷ পুৰুষৰ লগতে দলিত নাৰীসকলো এনে শোষণৰ সমানে বলি হৈছিল৷ তেওঁলোকৰ ওপৰত এই শোষণৰ ৰূপ দুই ধৰণৰ আছিল৷ প্ৰথমটোত তেওঁলোকে নিজৰ জাতিৰ ভিতৰৰ পুৰুষ তথা মহিলাসকলৰ দ্বাৰাই শোষিত হৈছিল৷ দ্বিতীয়টোত সামাজিক, গাঁথনিগত বিভাজনত তেওঁলোকৰ যিটো পৰিচয়, সেই পৰিচয়ে তেওঁলোকক ঘৰৰ বাহিৰত তথা কৰ্মক্ষেত্ৰত শোষণৰ বলি হিচাপে থিয় কৰাইছিল৷
উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ ‘দুৰ্গী’ৰ লগতো ঠিক একে কথাই ঘটিছে৷ ছোটনাগপুৰত জন্ম গ্ৰহণ কৰা দুৰ্গীৰ ওপৰত সৰুৰেপৰা মাহীমাকৰ শোষণ-অত্যাচাৰ চলিছে৷ মাকৰ মৃত্যুৰ পিছত মাহীমাকে পুষ্পিতা হোৱাৰ আগেয়েই দুৰ্গীক দেউতাকৰ বয়সৰ ধনী লোক এজনলৈ বিয়া দিবলৈ যো-জা চলাইছিল৷ কিন্তু সেইসময়ত আদিবাসী লোকসকলৰ মাজত আৰ্থিক অভাৱ-অনাটনে দেখা দিয়াত অন্য আদিবাসীৰ দৰে তেওঁলোকো কামৰ সন্ধানত আটাৰিখাত বাগানলৈ আহিবলগীয়াত পৰিছিল৷ অসমলৈ অহাৰ পিছতো সন্তান সম্ভৱা মাহীমাকৰ অত্যাচাৰৰপৰা দুৰ্গী ৰক্ষা পোৱা নাছিল৷ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ পিছত ঘৰৰ সকলো কামৰ দায়িত্ব দুৰ্গীয়েই চম্ভালিব লগাত পৰিছিল- ‘‘মাহীয়েকৰ গৰ্ভাৱস্থা আৰু প্ৰসৱৰ পাছত দুৰ্গীয়ে ঘৰৰ সমস্ত কাম অকলে কৰি মাক আৰু ভনীয়েকক পৰিচৰ্যা কৰিছিল৷’’ [৬ পৃ.]
আটাৰিখাত বাগিচাৰ ‘নিচ লাইন’ৰ বাসিন্দা দছৰুৰ লগত বিবাহপাশত আবদ্ধ হোৱা দুৰ্গীৰ দুৰ্ভাগ্যবশতঃ স্বামীৰ অকাল বিয়োগ ঘটিছিল৷ স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া হোৱা ‘নাৰী’ৰ জীৱন পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়াত পৰে সেয়া সকলোৰে জ্ঞাত৷ বনুৱাৰ লাইনত থকা পুৰুষ বনুৱাসকলৰদ্বাৰা সময়ে সময়ে স্বামীহীন দুৰ্গীয়ে আতিশৰ্যৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাৰ বৰ্ণনাৰে ঔপন্যাসিকে পুনৰ তাক উপস্থাপন কৰিছে এনেদৰে, ‘‘নিচ লাইনৰ তাইৰ ঘৰৰ দুৱাৰত ৰাতি ৰাতি চেৰাপ খাই আহি কোনো কোনোৱে ঢকিয়ায়৷ তাইক কয়, ‘‘দুৰ্গী দৰ্জাটা খোল৷ তোৰ লগে একটা বাত আছে৷’’..চৰ্দাৰে তাইক বুজায়, ‘‘তুই এখন যুৱান চোক্ড়ী৷ এই দেহাটা লইকে এখন একলা কৰে কি ৰকম থাক্বি?’’ [৩৬ পৃ.]
দলিত নাৰীসকল উচ্চ বৰ্গৰ মানুহৰ বাবে ‘যৌন ক্ষুধা’ নিবাৰণৰ এক আহিলাৰ বাহিৰে অন্য একো নহয়৷ তেওঁলোকৰ বাবে ই এক অলিখিত অধিকাৰ আছিল৷ অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত উচ্চ বৰ্গৰ ইংৰাজ চাহাববিলাকে বাগিচাৰ চাহ জনগোষ্ঠীয় সুন্দৰী গাভৰু নিৰ্বাচন কৰি নিজৰ ৰক্ষিতা হিচাপে লগত ৰাখিছিল আৰু বিদেশলৈ উভটি যোৱাৰ পূৰ্বত এই নাৰীসকলৰ বাবে বস্তিত থাকিবলৈ ঘৰ-মাটিৰ ব্যৱস্থা কৰি দিয়াৰ অলেখ কাহিনী অসমৰ ইতিহাসত লিপিবদ্ধ আছে৷ স্বামীৰ মৃত্যুৰ পিছত জীৱনটো পুনৰ নিৰ্মাণ কৰাৰ উদ্দেশ্যে দুৰ্গীয়ে পোনতে কলঘৰত কাম কৰাৰ বাবে নিযুক্ত হৈছিল৷ ইয়াতে প্ৰথমবাৰৰ বাবে দুৰ্গীক দেখি ফ্ৰেজাৰ চাহাবৰ মনত তাইৰ প্ৰতি ‘যৌন বাসনা’ জাগ্ৰত হৈছে৷ ঔপন্যাসিকে ফ্ৰেজাৰ চাহাবৰ সেই যৌন আকাংক্ষা প্ৰকাশ কৰিছে এনেদৰে, ‘‘ফ্ৰেজাৰ চাহাবে কোনোমতেই দুৰ্গীৰপৰা চকু আঁতৰাই আনিব নোৱাৰিলে৷ দুৰ্গীক তেওঁৰ জাল ফালি পলাই যোৱা এজনী হৰিণীৰ দৰে লাগিল৷’’ [১৩ পৃ.]
কলঘৰত দেখা পোৱাৰ পিছতে চাহাবৰ বাংলাত কাম কৰাৰ বাবে দুৰ্গীৰৈ তলব আহিল৷ বাংলাটো পৰিপাটীকৈ সজাই-পৰাই ৰখাৰ লগতে চাহাবৰ খোৱা-বোৱাৰ নিৰীক্ষণৰ দায়িত্ব দুৰ্গীৰ ওপৰত ন্যস্ত কৰা হৈছিল৷ প্ৰথম অৱস্থাত দিনটো কাম কৰি দুৰ্গী সন্ধিয়া ঘৰলৈ উভটি আহিব পাৰিছিল৷ চাহাবৰ বাংলাত যেতিয়া সন্ধিয়া ওচৰৰ বাগানবিলাকৰ চাহাববিলাক একেলগ হ’লে জলসা বহাটো স্বাভাৱিক আছিল৷ এনে এক জলসা ফ্ৰেজাৰ চাহাবৰ ঘৰত বহোঁতে ৰন্ধা-বঢ়াৰ দিশটো চাবৰ বাবে দুৰ্গী সেইনিশা চাহাবৰ ঘৰতে ৰৈ যাবলগীয়া হৈছিল৷ ইয়াতো হেনৰি আৰু কিলৰ্বানৰ কামুক দৃষ্টিৰপৰা দুৰ্গী বাচি যোৱা নাছিল৷ তেওঁলোকে দুৰ্গীক ফ্ৰেজাৰ চাহাবৰ ‘ৰক্ষিতা’ বুলি ধৰি লৈ দুৰ্গীৰ সৈতে সময় কটাবলৈ দুৰ্গীক দুদিনৰ বাবে লৈ যাবৰ বাবে ফ্ৰেজাৰ চাহাবৰ ওচৰত অনুমতি বিচাৰিছে, ‘‘এবাৰ হেনৰিয়ে কৈয়ে পেলালে যে জে’মছ্ ফ্ৰেজাৰে ছুটী দিলে দুদিনৰ বাবে দুৰ্গীক তেৱোঁ নিজৰ বাংলালৈ লৈ যাব খোজে যাতে দুৰ্গীৰ মৰমী হাতৰ পৰশ লাগি তেওঁৰ নিষ্প্ৰাণ ঘৰেও হাঁহি উঠে৷’’ [১৬ পৃ.]
কোনো এক মুহূৰ্তত দুৰ্বল হৈ দুৰ্গীয়ে ফ্ৰেজাৰ চাহাবৰ লগত এবাৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ পাছত দুৰ্গী চাহাবৰ লগত থাকিবলৈ বাধ্য হৈছে৷ নিজৰ ব্যস্ততাময়, কৰ্মময় জীৱনৰ অন্তত শাৰীৰিক-মানসিক ক্ষুধা আঁতৰাবৰ বাবে দুৰ্গীৰ লগত সম্পৰ্ক স্থাপন কৰিলেও তাক উচিত মৰ্যাদা দিয়াৰ সাহস ফ্ৰেজাৰ চাহাবৰ নাই৷ কিয়নো তেওঁ তেনে এক পদক্ষেপ ল’লে সমগ্ৰ ইউৰোপীয় সমাজখনেই তেওঁক ভৎসৰ্না কৰিব- ‘‘তেওঁলোকৰ মতে কুলী ছোৱালীৰ লগত ধেমালি-ধুমুলা কৰিব পাৰি, জোৰ-জবৰদস্তি কৰাৰো অনেক উদাহৰণ আছে৷ তাৰ বাবত সিহঁতক টকা-পইচা দিয়া বা অন্য প্ৰকাৰে সহায় কৰাতো কাৰো আপত্তি নাই, খুব বেছি কিছু দিনৰ বাবে ৰক্ষিতা কৰিও ৰাখিব পৰা যায় কিন্তু বিবাহৰ দৰে এটা স্থায়ী মৰ্যাদাসম্পন্ন সম্বন্ধ স্থাপন এয়া কেতিয়াও গ্ৰহণযোগ্য নহয়৷’’ [৩৫ পৃ.] ফ্ৰেজাৰ চাহাব আৰু দুৰ্গীৰ মাজত যে ‘বিবাহ’ অসম্ভৱ সেয়া দুৰ্গীয়েও ভালদৰে জানে, ‘‘শাদী-বিহাৰ মতলবতো বহুত লম্বা চৌড়া আছে চাহেব৷...শাদী স্ৰিফ্ দুজনকে বিচ্মে নহয় চাহেব৷’’ [৩৯ পৃ.]
আনুষ্ঠানিক স্বীকৃতি প্ৰদান নকৰিলেও ফ্ৰেজাৰ চাহাব আৰু দুৰ্গীৰ মাজৰ সম্পৰ্কৰ কথা ইতিমধ্যেই সকলোৱে অৱগত হৈছিল৷ আটাৰিখাত বাগানত দুৰ্গী ভূমিজ ক্ৰমাৎ দুৰ্গী মেমৰূপে জনাজাত হ’বলৈ ধৰিলে৷ চাহাবৰ এই সিদ্ধান্তই ফ্ৰেজাৰক তেওঁৰ বন্ধুবৰ্গৰপৰা আঁতৰাই নিলে, ‘‘মই আচৰিত হওঁ জে’মছ্ তুমি সেই নেটিভ নিগাৰজনীক কিদৰে বাৰু বাংলোত ইমান সন্মান দি ৰাখিব পাৰিছা?’’ [৬৯ পৃ.] যিমান প্ৰয়াস কৰা হ'লেও উচ্চ বৰ্গৰ দৃষ্টিত যে দলিত নাৰীসকলৰ স্থান সদায়েই নিম্ন হৈ ৰ’ব সেয়াই ইয়াৰ মাজেদি ঔপন্যাসিকে প্ৰকাশ কৰিছে৷
ব্ৰিটিছ উচ্চ বৰ্গৰ পুৰুষসকলে ‘দলিত নাৰী’ক পণ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰাৰ লগতে বৰ্ণ বৈষম্যৰপৰাও বাদ দিয়া নাছিল৷ ৰক্ষিতা হিচাপে ৰখাৰ পাছত জন্ম হোৱা সন্তানক তেওঁলোকে ভাৰতীয় সমাজ-সাংস্কৃতিক দিশৰপৰা বিচ্ছিন্ন কৰি ইউৰোপীয় জীৱন-শৈলী অনুসৰণ কৰিবলৈ শিকাইছিল৷ ৰক্ষিতাৰ গৰ্ভত জন্ম হোৱা সন্তানক শিক্ষা দানৰ অৰ্থে মাতৃৰপৰা আঁতৰাই বিদেশলৈ পঠিয়াই দিয়া হৈছিল৷ ফ্ৰেজাৰেও দুৰ্গীৰ গৰ্ভস্থ দুই সন্তানক শ্বিলঙৰ স্কুলত অধ্যয়নৰ বাবে পঠাবলৈ যো-জা কৰিছিল যদিও ‘চাহাবৰ ল’ৰাৰ লগত থাকি সিহঁতে নিজৰ মাককে চিনি নোপোৱা হ’ব’’ বুলি দুৰ্গীয়ে এই প্ৰস্তাৱ নাকচ কৰিছে৷ দুৰ্গীয়ে হয়তো লালমাটিৰ মালতী মেমৰ কথা শুনিছিল, যাৰ বাবে তেওঁ এই সিদ্ধান্ত লৈছিল৷ কাৰণ সদ্য বিধবা মাংৰি ওৰাঙক তিনিজন চাহাবৰ ৰক্ষিতা হ’বলৈ বাধ্য কৰোৱা হৈছিল৷ তিনিটাকৈ পুত্ৰ সন্তান তাই জন্ম দিছিল৷ কিন্তু ‘‘চাহাবৰ ল’ৰা বাগিছাৰ কুলী হ’ব নোৱাৰে’ বুলি কৈ মিছনত ভাল শিক্ষা দিয়াৰ অজুহাত দেখুৱাই তিনিওটা ল’ৰাকে তাইৰ বুকুৰপৰা যি কাঢ়ি লৈ গ’ল, এটাকো তাই আৰু এই জীৱনত ঘূৰাই নাপালে৷’’ [৮৬ পৃ.]
ফ্ৰেজাৰ চাহাবৰ লগত আজীৱন একেলগে থকাৰ এক যি আশা, সপোন দুৰ্গীয়ে মনত ক্ষীণ কৈ পুহি ৰাখিছিল সেয়া বিদেশৰপৰা অহা এখন কলিং লেটাৰে নিমিষতে নাইকিয়া কৰি পেলালে৷ অন্য ব্ৰিটিছ উচ্চ বৰ্গৰ বিষয়াসকলৰ দৰে সন্তানৰ সৈতে দুৰ্গী থকাৰ উপযুক্ত ব্যৱস্থা কৰি কন্যা বেবীক লৈ ফ্ৰেজাৰ চাহাব বিদেশলৈ উভটি যাব ওলাল৷ ব্ৰিটিছ উচ্চ বৰ্গৰ পুৰুষসকলে গাৰ ৰং আৰু চেহেৰাৰ ফালৰপৰা সাদৃশ্য থকা সন্তানবোৰৰ প্ৰতি বেছি আন্তৰিকতা অনুভৱ কৰিছিল৷ গতিকে ব্ৰিটিছ মেমৰ দৰে দেখা কন্যা বেবীৰ প্ৰতি ফ্ৰেজাৰ চাহাবে অধিক স্নেহ অনুভৱ কৰিছিল আৰু এই কাৰণতে তেওঁ নিজৰ লগত বেবীক লৈ গৈছে৷ ‘মাতৃ’ হিচাপে দুৰ্গীয়ে সন্তানৰ সৈতে এই বিচ্ছেদ কিদৰে সহিব সেয়া ফ্ৰেজাৰে তিলমাত্ৰও চিন্তা কৰা নাছিল- ‘‘অথচ ফ্ৰেজাৰে একেবাৰে নিৰুদ্বেগ হৈ আগৰাতি কোৱাৰ দৰে দুৰ্গীক ক’লে, ‘‘তোমাৰ লগত লৱ-কুশ থাকিবই৷ বেইবিক মোৰ লগত যাবলৈ দিয়া৷ তাইৰ বৰ ইচ্ছা আৰু মোৰো ভাল লাগিব৷’’ [১৩৩ পৃ.]
ফ্ৰেজাৰৰ বিদেশ গমনৰ পিছত দুৰ্গী দুই পুত্ৰ সন্তানৰ সৈতে বাগানতে বাস কৰিছে৷ দুৰ্গীৰ প্ৰতি অন্য ইংৰাজ বিষয়াসকলৰ মানসিকতা কিন্তু তেতিয়াও একেই আছে যাৰ বাবে বাগানৰ ছোট চাহাবে তাইক তেওঁৰ ৰক্ষিতা হ’বৰ বাবে নিঃসংকোচে সুধিবৰ সাহস কৰিছে এনেদৰে, ‘‘দুৰ্গী সন্মত হ’লে দুৰ্গীক তেওঁ ৰাণীৰ দৰে তেওঁৰ বাংলাত ৰাখিব৷ ল’ৰা দুটাক তেজপুৰৰ মিছনত থব পৰা যাব৷ দুৰ্গীয়ে মাজে সময়ে গৈ সিহঁতৰ খবৰ ল’ব পাৰিব৷’’ [১২৫ পৃ.]
৩.০ উপসংহাৰ: ঐতিহাসিক তথ্যৰ আধাৰত আৰাধনা পটংগীয়া কলিতাই ৰচনা কৰা দুৰ্গী উপন্যাসখনত প্ৰতিফলিত দলিত নাৰীবাদৰ বিভিন্ন দিশৰ বিশ্লেষণৰ আধাৰত তলৰ সিদ্ধান্তসমূহহত উপনীত হ’ব পাৰি-
ক] পুৰুষতান্ত্ৰিক সমাজ-ব্যৱস্থাৰ লগতে জাতি-বৰ্ণগত বৈষম্য আৰু লিংগ অসমতাৰ বাবে দলিত নাৰীসকল সদায়েই নিস্পেষিত, বঞ্চিত হৈ আহিছে৷
খ] দুৰ্গী ভূমিজ দলিত নাৰীবাদ অধ্যয়নৰ মাত্ৰ এটি দিশ বা চৰিত্ৰ৷ এনে বহু বাস্তৱ চৰিত্ৰ আমাৰ চৌপাশৰ সমাজত বিস্তৃত হৈ আছে, যি নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে নিতৌ যুদ্ধ দিব লগা হৈছে৷
গ] নিম্ন বৰ্গৰ মহিলাসকলৰ হা-হুমুনিয়াহৰ চিত্ৰণ অসমীয়া সাহিত্যত ব্যাপক ৰূপত পৰিলক্ষিত হয় যদিও এনে নিম্ন বৰ্গৰ চৰিত্ৰসমূহৰ প্ৰগতিশীল ৰূপায়ণ কম৷ গতিকে এনে চিত্ৰণে সৰ্বদিশৰপৰা দলিত নাৰীসকলক তেওঁলোকৰ প্ৰাপ্য অধিকাৰ, সমতা আদিৰ হকে আত্মবিশ্বাস আৰু সাহসেৰে থিয় হ’বলৈ সহায় কৰিব৷
শেষত আৰাধনা পটংগীয়া কলিতাৰ দুৰ্গী উপন্যাসখনে দলিত নাৰীবাদৰ মাধ্যমত কেইবাটাও নতুন দিশ চিন্তনৰ পথ মুকলি কৰিছে বুলি ক’ব পাৰি৷
সহায়ক গ্ৰন্থপঞ্জী:
গোস্বামী, আৰাধনা পটংগীয়া. দুৰ্গী, জ্যোতি প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০২১
ইণ্টাৰনেটৰপৰা লাভ কৰা তথ্য:
Comments
Post a Comment