ড° দেৱযানী বকলীয়াল
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,
গড়গাঁও মহাবিদ্যালয়
সাৰাংশঃ
বুৰঞ্জীমূলক চৰিত্ৰ, ঘটনাদিক আধাৰ কৰি উপন্যাস, নাটক আদি সৃষ্টিশীল সাহিত্য ৰচনাৰ ক্ষেত্ৰত ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাৰ বিশেষ মনোযোগ পৰিলক্ষিত হয়। ঐতিহাসিক, পৌৰাণিক, ধেমেলীয়া তথা প্ৰহসনমূলক মুঠ আঠখন নাটক ৰচনাৰে অসমীয়া নাট্য সাহিত্যৰ বুৰঞ্জীত বিশিষ্ট আসন দখল কৰি থকা পদ্মনাথ গোহাঞিবৰুৱাৰ এখন উল্লেখযোগ্য বুৰঞ্জীমূলক নাটক হৈছে সাধনী। সাধাৰণতে বুৰঞ্জীমূলক নাটকৰ উদ্দেশ্য হৈছে অতীতৰ শৌৰ্য-বীৰ্যৰ বিষয়ে আলোকপাত কৰা তথা বীৰত্বপূৰ্ণ দেশপ্ৰেমৰ কাহিনী বৰ্ণনা কৰা; যাৰ জৰিয়তে দৰ্শক-পাঠকৰ মনত সাহস, আত্মবিশ্বাস, জাতীয় চেতনা আদি জাগৰণৰ প্ৰয়াস কৰা হয়। এয়া জোনাকী যুগৰ ৰোমাণ্টিক সাহিত্যৰ অন্যতম বৈশিষ্ট্য। কেইবাখনো বুৰঞ্জী পুথিৰ ৰচয়িতা পদ্মনাথ গোহাঞিবৰুৱাই অসম বুৰঞ্জীৰ বীৰাংগনা চৰিত্ৰ 'সাধনী'ক কেন্দ্ৰ কৰি ৰচনা কৰা নাটখনে অসমীয়া সাহিত্য জগতত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আছে। এই গৱেষণা পত্ৰত সাধনী নাটকত নাট্যকাৰৰ বুৰঞ্জীমূলক তথ্যৰ ব্যৱহাৰ, বুৰঞ্জীৰ চৰিত্ৰ-ঘটনাদি নাট্যৰূপ প্ৰদানৰ উদ্দেশ্য, নাট্যকাৰৰ মৌলিকতা, নাট্যচেতনা, জাতীয় চেতনা প্ৰকাশ আদি দিশসমূহ অধ্যয়নৰ প্ৰয়াস কৰা হৈছে। অধ্যয়নৰ পদ্ধতি হিচাপে ঐতিহাসিক, বিশ্লেষণাত্মক আৰু বৰ্ণনাত্মক পদ্ধতি গ্ৰহণ কৰা হৈছে। তথ্য আহৰণৰ উৎস হিচাপে বিভিন্ন গ্ৰন্থ আৰু প্ৰবন্ধ-পাতিৰ সহায় লোৱা হৈছে।
বীজ শব্দঃ পদ্মনাথ গোহাঞিবৰুৱা, সাধনী, বুৰঞ্জীমূলক তথ্য, নাট্যকাৰৰ মৌলিকতা, জাতীয় চেতনা
১.০ অৱতৰণিকা
১.১ বিষয়ৰ পৰিচয়
ঊনবিংশ শতিকাৰ অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ অন্যতম কাণ্ডাৰী পদ্মনাথ গোহাঞিবৰুৱাই একাধাৰে সম্পাদক, কবি, নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধকাৰ, জীৱনী-আত্মজীৱনী লেখক, সমালোচক, বুৰঞ্জী লেখক ইত্যাদি ভূমিকাত অৱতীৰ্ণ হৈ এক বিশাল পৰিমাণৰ অৱদান আগবঢ়াই গৈছে। গোহাঞিবৰুৱাৰ সমসাময়িক অসমত উচ্চ শিক্ষা গ্ৰহণৰ সুবিধা নাছিল বাবে বহু অসমীয়া যুৱকৰ দৰে তেখেতো কলিকতালৈ অধ্যয়নৰ উদ্দেশ্যে গৈছিল। বিভিন্ন কাৰণত গোহাঞিবৰুৱাৰ উচ্চ শিক্ষা আধৰুৱা হৈ ৰ’ল যদিও বিভিন্ন বিষয়ক জ্ঞান-তথ্য অৰ্জন, পাশ্চাত্য সাহিত্য আৰু বাংলা সাহিত্য অধ্যয়নৰ সুযোগ, উচ্চ শিক্ষা গ্ৰহণৰ উদ্দেশ্যে যোৱা অসমীয়া যুৱ সমাজৰ বৌদ্ধিক সংগ লাভে পদ্মনাথ গোহাঞিবৰুৱাক অসমীয়া ভাষিক-সাহিত্যিক জাগৰণৰ অন্যতম হোতা হিচাপে হাতত লেখনী তুলি ল’বলৈ অধিক উদগনি যোগাইছিল । কহিমা হাইস্কুলৰ শিক্ষকৰূপে কৰ্মৰত অৱস্থাত তেওঁ অসমীয়া ভাষাত পাঠ্যপুথিৰ সমস্যা অনুভৱ কৰি ভূগোল, বুৰঞ্জী, নীতিশিক্ষা ইত্যাদি বিষয়ক পাঠ্যপুথি ৰচনা কৰি উলিয়ায়। পৰৱৰ্তী সময়ত তেজপুৰৰ নৰ্মাল স্কুল, তেজপুৰ হাইস্কুল, যোৰহাট গৱৰ্ণমেণ্ট হাইস্কুলত শিক্ষকতা কৰা গোহাঞিবৰুৱা অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনৰ সভাপতি আছিল।
কেইবাখনো বুৰঞ্জী পুথিৰ ৰচয়িতা গোহাঞিবৰুৱাৰ ঐতিহাসিক উপন্যাস, ঐতিহাসিক নাটক ৰচনাত বিশেষ মনোযোগ পৰিলক্ষিত হয়। এই গৱেষণা পত্ৰখনত বিভিন্ন বুৰঞ্জী পুথিত প্ৰাপ্ত সাধনী বিষয়ক তথ্যৰ আধাৰত গোহাঞিবৰুৱাৰ দ্বাৰা সৃষ্ট বুৰঞ্জীমূলক নাটক সাধনীৰ ঐতিহাসিক অধ্যয়ন আগবঢ়োৱাৰ প্ৰয়াস কৰা হৈছে। নাটকখনত বুৰঞ্জীমূলক তথ্যৰ ব্যৱহাৰ, নাট্যাকাৰৰ মৌলিকতা, কল্পনা, বুৰঞ্জীৰ চৰিত্ৰ-ঘটনাদি নাট্যৰূপ প্ৰদানৰ উদ্দেশ্য, নাটখনত প্ৰকাশিত জাতীয় চেতনা ইত্যাদি দিশসমূহ অধ্যয়নৰ প্ৰয়াস কৰা হৈছে।
১.২ অধ্যয়নৰ উদ্দেশ্য
এই গৱেষণা পত্ৰখনৰ মূল উদ্দেশ্যসমূহ হৈছে-
(ক) গোহাঞিবৰুৱাৰ সাধনী নাটকত বুৰঞ্জীমূলক তথ্যৰ ব্যৱহাৰ সম্পৰ্কে পৰ্যালোচনা কৰা।
(খ) বিভিন্ন বুৰঞ্জী পুথিত বৰ্ণিত সাধনীৰ সৈতে নাট্যৰূপৰ তুলনামূলক অধ্যয়ন কৰা।
(গ) নাট্যকাৰৰ মৌলিকতা আৰু নাটকখনত প্ৰকাশিত জাতীয় চেতনাৰ বিশ্লেষণ কৰা।
(ঘ) বুৰঞ্জীৰ চৰিত্ৰ আৰু ঘটনাদি নাট্যৰূপ প্ৰদানৰ উদ্দেশ্য সম্পৰ্কে অধ্যয়ন কৰা।
১.৩ অধ্যয়নৰ পৰিসৰ
এই গৱেষণা পত্ৰত চুতীয়া ৰাজ্যৰ ঐতিহাসিক প্ৰেক্ষাপট, সাধনীৰ জন্ম-বিবাহ-মৃত্যু আদি প্ৰসংগত নাট্যকাৰৰ বুৰঞ্জীমূলক তথ্যৰ ব্যৱহাৰ, নীতিপালৰ ৰাজত্ব আৰু পতনৰ কাৰণসমূহ, আহোমৰ আক্ৰমণ আৰু চুতীয়া ৰাজ্য পতন, নাট্যকাৰৰ মৌলিকতা, শিল্পদক্ষতা আৰু জাতীয় চেতনা, বুৰঞ্জীৰ চৰিত্ৰ-ঘটনাদি নাট্যৰূপ প্ৰদানৰ উদ্দেশ্য আদি দিশসমূহ পৰিসৰত সামৰি অধ্যয়নৰ প্ৰয়াস কৰা হৈছে।
১.৪ অধ্যয়নৰ পদ্ধতি
গৱেষণা পত্ৰখন অধ্যয়নৰ পদ্ধতি হিচাপে ঐতিহাসিক, বিশ্লেষণাত্মক আৰু বৰ্ণনাত্মক পদ্ধতি গ্ৰহণ কৰা হৈছে।
১.৪.১ তথ্য আহৰণৰ উৎস
তথ্য আহৰণৰ মূল উৎস হিচাপে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত গোহাঞিবৰুৱা ৰচনাৱলী, স্বৰ্ণলতা বৰুৱাৰ মুখ্য সম্পাদনা আৰু ডম্বৰুধৰ নাথৰ সম্পাদনাত প্ৰকাশিত চুতীয়া জাতিৰ বুৰঞ্জী ,সূৰ্যকুমাৰ ভূঞা সম্পাদিত দেওধাই অসম বুৰঞ্জী, পদ্মনাথ গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জী আদি গ্ৰন্থৰ সহায় লোৱা হৈছে। অন্যান্য উৎস হিচাপে প্ৰাসংগিক গ্ৰন্থ, প্ৰবন্ধ আদি গ্ৰহণ কৰা হৈছে।
২.০ গোহাঞিবৰুৱাৰ নাটক সাধনী : চমু পৰিচয়
সাধনী নাটকৰ প্ৰকাশ কাল ১৯১১ চন। পাঁচটা অংক বিশিষ্ট এই নাটকখন কৰুণ ৰসেৰে সিক্ত এক মৰ্মস্পৰ্শী ঐতিহাসিক ৰচনা। গোহাঞিবৰুৱা ৰচনাৱলীৰ ভূমিকাত মহেশ্বৰ নেওগে উল্লেখ কৰিছে যে ১৯০১-১৯০৭ কালছোৱাত গোহাঞিবৰুৱা বাণ-ষ্টেজৰ সম্পাদক আছিল। সেই সময়তে হেমচন্দ্ৰ গোস্বামী আৰু বৰুৱাৰ ওপৰত বাণ-ৰজা নামে নাটক লেখাৰ ভাৰ দিয়া হৈছিল। কিন্তু গোস্বামী ঢুকোৱা সময়লৈকে কোনোজনে একো নকৰিলে, যদিও ইতিমধ্যে গোহাঞিবৰুৱাই গাঁওবুঢ়া (১৮৯৭), জয়মতী (১৯০০), গদাধৰ (১৯০৭), টেটোন তামুলি (১৯০৯), সাধনী(১৯১১) নাটক লেখি ছপাই উলিয়াইছিল অভিনয় কৰিবৰ উপযুক্ত অসমীয়া নাটকৰ অভাৱ গুচাবৰ উদ্দেশ্যে।১
গোহাঞিবৰুৱাৰ লগতে সমসাময়িক নাট্যকাৰসকলৰ উদ্দেশ্যে আছিল মঞ্চ উপযোগী অসমীয়া নাটকৰ অভাৱ দূৰ কৰি আধুনিক অসমীয়া নাটকৰ ধাৰা শক্তিশালী আৰু সণ্ঢালনি কৰা, অতীতৰ শৌৰ্য-বীৰ্য, বীৰত্বপূৰ্ণ দেশপ্ৰেমৰ কাহিনী বৰ্ণনাৰে পাঠক-শ্ৰোতা-দৰ্শকৰ মনত স্বদেশ প্ৰেম, জাতীয় চেতনাৰ ভাৱ জগোৱা, সামাজিক সংস্কাৰ সাধন কৰা ইত্যাদি।
অসম বুৰঞ্জীৰ বীৰাংগনাসকলৰ ভিতৰত চুতীয়াসকলৰ ৰাণী সাধনী অন্যতম। সাধনী আছিল চুতীয়া ৰজা ধৰ্মধ্বজৰ জী আৰু চুতীয়াসকলৰ শেষৰজা নীতিপালৰ পত্নী। বিভিন্ন বুৰঞ্জীত সাধনী সম্পৰ্কীয় তথ্য তথা ঘটনাৱলীৰ কিছু কিছু বৈসাদৃশ্য পৰিলক্ষিত হয়। স্বদেশ-স্বজাতিৰ বাবে সাহসেৰে যুদ্ধক্ষেত্ৰত থিয় দিয়া সাধনী; নিজ প্ৰাণকো তুচ্ছ জ্ঞান কৰি সতীত্ব ৰক্ষা তথা চুতীয়া জাতিৰ ৰাজলক্ষ্মীস্বৰূপ সম্পত্তি ৰক্ষাৰ বাবে আত্ম বলিদান দিয়া সাধনী ইত্যাদি ৰূপত সাধনীৰ নাম বিভিন্ন বুৰঞ্জীৰ পাতত জিলিকি আছে।
মহীয়সী নাৰী সাধনীৰ বীৰত্ব আৰু আত্মবলিদানৰ গাঁথা বিভিন্ন মৌখিক আৰু লিখিত সাহিত্যৰ উপজীৱ্য হিচাপে ঠাই পোৱা দেখা যায়। তেনে এখন আধুনিক অসমীয়া নাটক হৈছে পদ্মনাথ গোহাঞিবৰুৱাৰ লেখনীপ্ৰসূত কৰুণ ৰসেৰে সিক্ত নাটক সাধনী । নাটকখনৰ বিভিন্ন চৰিত্ৰ যেনে সাধনী, নীতিপাল, ধৰ্মধ্বজ, চুহুংমুং দিহিঙ্গীয়া ৰজা, কনচেং বৰপাত্ৰগোঁহাই আদি চৰিত্ৰ নিৰ্মাণ কৰোঁতে তথা নাটকীয়ৰূপত কাহিনীটো আগবঢ়াই নিওঁতে বুৰঞ্জীমূলক কাহিনীটোৰ পৰা নাট্যকাৰ আঁতৰি অহা নাই বুলি ক’ব পাৰি।
৩.০ চুতীয়া ৰাজ্যৰ ঐতিহাসিক প্ৰেক্ষাপট
চুতীয়া জাতিৰ বুৰঞ্জী অনুসৰি উজনি অসমৰ এক খণ্ডত চুতীয়াসকলে নিগাজীকৈ বসবাস কৰিছিল আৰু সদিয়াক কেন্দ্ৰ কৰি প্ৰাচীন কালতে এখন ৰাজ্য গঢ়ি তুলিছিল। তেওঁলোকৰ ৰাজনৈতিক অৱস্থিতি ষোল্ল শতিকাৰ আগভাগলৈকে বৰ্তি আছিল।
চুতীয়াসকলৰ আৰাধ্য দেৱতা হৈছে ধনৰ দেৱতা কুবেৰ। কুবেৰ প্ৰদত্তখ্যাত সম্পত্তি তেওঁলোকৰ ৰাজলক্ষ্মীস্বৰূপ। নাট্যকাৰে এই দিশটো কেইবাবাৰো গুৰুত্বসহকাৰে বিভিন্ন চৰিত্ৰৰ সংলাপত উপস্থাপন কৰিছে। দেউকুবেৰৰ পূজা চুতীয়াসকলৰ বাদে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য কোনো জনগোষ্ঠীয়ে কৰাৰ কথা জনা নাযায়।২
দেওধাই অসম বুৰঞ্জীৰ ‘চুটিয়াৰ জন্মকথা’ত বৰ্ণিত এটি আখ্যান অনুসৰি এই ৰাজ্যৰ আদি ৰজা বীৰপাল আৰু তেওঁৰ পত্নী ৰূপৱতী নিঃসন্তান আছিল। ৰূপৱতীয়ে পুত্ৰ লাভৰ কামনাৰে কুবেৰ দেৱতাক উপাসনা কৰিছিল। প্ৰাৰ্থনাত সন্তুষ্ট হৈ কুবেৰে বীৰবৰৰ বেশ ধৰি ৰূপৱতীৰ সৈতে মিলন কৰে আৰু বীৰবৰক সপোনত এই বিষয়ে জনাই কয় যে-
“মোৰ বীৰ্য্যে ৰূপৱতীৰ গৰ্ভত শুভক্ষণে পুত্ৰ উপজিব। সেয়ে ৰাজ্যত ৰজা হব। তোৰ সমস্তো সম্পত্তি হব। ৰূপৱতীকো তই নশপিবি, সষ্টমে ৰাখিবি, তয়ো সষ্টমে ৰবি। নতুন ঘৰ কৰি ৰূপৱতীক থবি। যি গছৰ তলত ফাগুনৰ কৃষ্ণ চতুদৰ্শীত দেওকৈ মোক উপাসা কৰ, কাইলৈ প্ৰাতহকালে সেই গছৰ তললৈ যাবি, যি বস্তু পাৱ তাকে সেৱা কৰি থাকিবি। যি কালত অনাদৰ, পৰহস্ত হই, সেই কালত তোৰ পুত্ৰৰ ছত্ৰভঙ্গ হব, ৰাজ্যকো পৰে লব, দেশান্তৰী হব। গছৰ তলত পোৱা দ্ৰব্যেৰে মোৰ পুত্ৰে অনেকক যুধ কৰি মাৰি ৰজা হব।”
সপোনত কুৱেৰ দেৱতাই দিয়া নিৰ্দেশ অনুসৰি পিছদিনা পুৱা গছজোপাৰ তললৈ গৈ বীৰবৰে তাত এখন ঢাল-খৰ্গ এযোৰা, সেই ঢালৰ তলতে সুৱৰ্ণৰ বিড়ালী এটি পালে। এয়ে চুতীয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তি। যথাসময়ত ৰূপৱতীৰ এটি পুত্ৰ সন্তান গৌৰীনাৰায়ণৰ জন্ম হয়।৩
বিশ্বনাৰায়ণ শাস্ত্ৰীয়ে চুতীয়াসকলৰ টোটেম বা গোত্ৰ প্ৰতীক সোণৰ মেকুৰী আৰু কুবেৰৰ মাজত আন এটা সঙ্গতি দেখা পাইছে। তেওঁ কৈছে যে কুবেৰৰ চকু তামবৰণীয়া বা সোণবৰণীয়া (পিঙ্গল বৰণৰ) বুলি পুৰাণত বৰ্ণনা কৰা হৈছে। এই বৈশিষ্ট্যখিনি কুবেৰ প্ৰদত্ত চুতীয়াসকলৰ ৰাজলক্ষ্মীৰ এপদ সোণৰ মেকুৰীত প্ৰতিবিম্বিত হোৱা দেখা যায়। মেকুৰীৰ চকুও পিঙ্গল বৰণৰ।৪
৪.০ নাটকৰ কাহিনী: বুৰঞ্জীৰ আধাৰত বিশ্লেষণ
৪.১ সাধনীৰ জন্ম আৰু বিবাহ প্ৰসংগ
গোহাঞিবৰুৱাই সাধনী নাটকত উপস্থাপন কৰা কাহিনী অনুসৰি বহু বছৰ নিঃসন্তান হৈ জীৱন-যাপন কৰা চুতীয়াসকলৰ ৰজা ধৰ্মধ্বজে অনেক পূজা-সেৱা, যাগ-যজ্ঞ, সাধনাৰ বলত এটি কন্যা সন্তান সাধনীক লাভ কৰে। নাটখনত সাধনীক ৰূপে-গুণে-জ্ঞানে অতুলনীয়, শিক্ষিতা, সৎ, সুচৰিত্ৰা, পিতৃৰ একান্ত বাধ্য, পতিপৰায়ণ, সুশৃংখলিত চিন্তা-মানসিকতাৰ অধিকাৰী, সাহসী নাৰী হিচাপে উপস্থাপন কৰা হৈছে। একমাত্ৰ সন্তান সাধনীৰ বিবাহ-উপযুক্ত বয়সত ৰজাই দৰা বিচাৰি হাবাথুৰি খাবলগীয়া অৱস্থাৰ কথা নাটখনৰ প্ৰাৰম্ভতে পোৱা গৈছে এনেদৰে-
ধৰ্ম্ম।—কিনো কম!
সাধি সাধি সাধনীক পালোঁ,
সাধনীক থবলই ঠাই নেদেখিলোঁ।
লীলা। — ঠাই নাই।
থবলই সাধনী পোনাক!
কিবা কোৱা প্ৰাণনাথ? বুজো কথাৰ পাক।
ধৰ্ম্ম।— নাই ক’তো ঠাই
বিচাৰিলোঁ চউদিশে
কটকী পঠাই, যোগ্য পাত্ৰ নাই ক’তো,
ৰূপে-গুণে জ্ঞানে সমনীয়া সাধনীৰ।
সুশিক্ষিতা সুচৰিত্ৰা সাধনী-সমানে
ৰূপৱন্ত গুণৱত্ত শুদ্ধ চৰিত্ৰৰ
নাপাওঁ যদ্যপি এটি পুৰুষ-ৰতন,
পাত্ৰ ক’ত, থওঁ মোৰ একেটি সন্তান!
স্বৰ্ণপীঠ, ৰত্নপীঠ, কামপীঠ, সৌমাৰ পীঠ সকলোতে সন্ধান কৰিও সুযোগ্য পাত্ৰ নোপোৱাত অৱশেষত ৰজাই এটি উপায় বিচাৰি উলিয়াইছিল। এদিন পাল-শৱ দিয়া মৈদামত খোজ কাঢ়ি ফুৰোঁতে এটি কেৰ্কেটুৱাৰ অবাধ বিচৰণ দেখি তেওঁৰ মনত খং উপজে। ক্ষন্তেক পাছতে সাধনীৰ সয়ম্বৰৰ বাবে এয়া আগন্তুক চিন বুলি অনুভৱ কৰি ঘোষণা কৰে যে যিয়ে ৰাজ মৈদামত বিচৰণ কৰা সেই কেৰ্কেটুৱাটোক একে পাট শৰতে বধ কৰিব পাৰিব, তেৱেঁই সাধনীৰ স্বামী হ'ব পাৰিব। এই সিদ্ধান্ত লোৱাৰ আঁৰৰ যুক্তি নাটখনত আগবঢ়াইছে। ইয়াৰ জৰিয়তে জাত-পাত বা ধনী-দুখীয়াৰ বৈষম্য নামানি কৰ্মদক্ষতাক যোগ্যতাৰ মাপকাঠি হিচাপে গ্ৰহণ কৰাৰ উদাৰ দৃষ্টিভংগী নাট্যকাৰে দাঙি ধৰিছে।
ধৰ্ম্ম। - ...গুণে-জ্ঞানে হীন যদি হয় সেইজন,
সাধনীৰ সঙ্গ-লাভে পূৰাব সি ক্ষতি, —
সুশিক্ষা, সুনীতি জ্ঞানে কৰিব মহান।
আৰু যদি মৰ্যাদাত নোহে সমতুল,
অথবা অপাত্ৰ জনে লভে সেই পণ,
প্ৰত্যবায়ে আহি তাৰ নাপাবহি মোক।
বহু চিন্তা পাৰ হ’ল গুণ-মান লই;
অপেক্ষা কৰিলোঁ বহু তাৰ অভাৱত।
আৰু ভাবি চাব লগা কথা, মৰ্যাদাই
ভাগ্যগতি নোৱাৰে ৰোধিব; পৰা নাই
গতিৰোধ কৰিব আদিতে, — চুটীয়াৰ
আদিগুৰি বীৰবলে যেবে লাভ কৰি
‘কুবেৰ সম্পত্তি’—ঢাল, তৰোৱাল, ধন,
সোণৰ মেকুৰী—লভিলে ই ৰাজভোগ
ছুটিয়া ৰাজ্যৰ; যদ্যপি দৰিদ্ৰ ল’ৰা
সামান্য ঘৰৰ।
নাট্যকাৰে ইতিমধ্যে ধনুৰ্বিদ্যা, জাপ-মৰা, খৰ-মৰা, সাঁতোৰা, গছত-উঠা, হিলৈ-মৰা, ঘোঁৰাত-উঠা, নাও-মৰা ইত্যাদিত পাকৈত বুলি ইংগিত দিয়া সাধাৰণ চুতীয়া ল’ৰা নিতায়ে কেৰ্কেটুৱাটো মাৰি সয়ম্বৰত সাধনীক লাভ কৰে। জাত-পাত, ধনী-দুখীয়াৰ বৈষম্য আদি বিষয় তল পেলাই যোগ্যতা নিৰ্ধাৰণৰ ক্ষেত্ৰত কৰ্মদক্ষতাক গুৰুত্ব প্ৰদান তথা প্ৰতিজ্ঞা অনুসৰি বিনাদ্বিধাই তাক পালন কৰা চুতীয়া ৰজা ধৰ্ম্মধ্বজৰ এই সিদ্ধান্ত মন কৰিবলগীয়া। অৱশ্যে এই সিদ্ধান্ত সমালোচনাৰ উৰ্দ্ধত নহয়। কাৰণ সাধাৰণ পৰিয়ালৰ ল’ৰা নিতাইৰ ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ চুতীয়া ৰাজ্য পতনৰ অন্যতম প্ৰধান কাৰণ হিচাপে বহু পণ্ডিতে মত পোষণ কৰিছে। সভাসদৰ বাধা আৰু পৰামৰ্শ আওকান কৰি পিতৃৰ একান্ত বাধ্য সাধনীয়ে নিজেই নিতাইক বৰমালা পিন্ধাইছে।
সাধনী। - ক্ষান্ত হম!
ক্ষান্তৰ কাৰণ মই নেদেখো সমূলি।
কি বুলি কুজন বোলো এনে সুজনক,
ৰাখিলে যি পুণ্যপণ পিতৃ-দেৱতাৰ,
ৰাখিলে ধৰ্ম সেই ধৰ্ম্মৰাজনৰ।
ধনী হোক, দীন হোক, চণ্ডাল যদ্যপি,
কুৰূপৰ আৰ্হি আৰু অতি অভাজন
হয় যদি সেই জন, বৰিলোঁ তথাপি।
৪.২ নীতিপালৰ ৰাজত্ব আৰু পতনৰ কাৰণসমূহ
নাটখনৰ কাহিনী অনুসৰি সাধনীৰ সৈতে বিবাহ সম্পন্ন হোৱাৰ পাছতে ধৰ্ম্মধ্বজে নিতাইক 'নীতিপাল' নামেৰে চুতীয়াৰ ৰাজ সিংহাসন প্ৰদান কৰে। নাটকত উপস্থাপন কৰা সাধনীৰ জন্ম বৃতান্ত তথা বিবাহ কাহিনীৰ দেওধাই অসম বুৰঞ্জীৰ ‘চুটিয়াৰ কথা’ৰ সৈতে একেই। কিন্তু বুৰঞ্জীখনৰ মতে মুংখ্ৰাম যুদ্ধৰ (দিহিংমুখ অঞ্চলৰ আহোম অধিকৃত মুংখ্ৰাম দূৰ্গ ১৫২০ খ্ৰীঃত চুতীয়া ৰজা ধৰ্ম্মধ্বজে চুতীয়া ৰাজ্যৰ অধীনলৈ আনে।) আগমুহূৰ্তত তেওঁৰ এটি পুত্ৰ সন্তান সাধক নাৰায়ণৰ জন্ম হয়। আনুমানিক ১৫২২ খ্ৰীঃৰ মাজভাগত নীতিপালে সিংহাসনত আৰোহণ কৰে। ধৰ্ম্মধ্বজে তিনি বছৰীয়া পুত্ৰ সাধক নাৰায়ণৰ দায়িত্বও নীতিপালৰ হাতত অৰ্পণ কৰি ৰাজমহিষী সৈতে বানপ্ৰস্থী হয়।
ধৰ্ম্ম।— চোৱা মন্ত্ৰী,
সভাসদ দৰ্শকমণ্ডলী;
চোৱা আৰু দেৱগণ আকাশেদি জুমি, —
পিন্ধাওঁ মুকুট এই ছুটীয়া ৰাজৰ,
একেটি সন্তান মোৰ সাধনী-স্বামীক।
দিওঁ আৰু ৰাজ-সাজ হৰিষে সলাই;
পিন্ধোৱাএজনে উঠি সমাজ মাজত,
যথাবিধি সন্মান জনাই। আৰু দিওঁ,
‘কুবেৰ প্ৰদত্ত ৰত্ন’, —ঢাল, তৰোৱাল,
ধন আৰু সোণৰ মেকুৰী, ৰাজলক্ষ্মী
ছুটীয়া ৰাজৰ। দিছোঁ এৰি সিংহাসন
ছুটীয়া ৰাজ্যৰ; আজি হন্তে ৰজা এওঁ
নীতিপাল নামে৷ মানিবা সবাৱে যেন,
কৰিবাঁ সন্মান; ৰাখিবাঁ ভকতি আৰু
আমাৰ সমানে। লইছোঁ বিদায় এবে
আজি হত্তে আমি; ধৰ্ম্মচৰ্চা তপস্যাত
কটাম জীৱন, কুণ্ডিল কুণ্ডত গই।
সামান্য চুতীয়া ল’ৰা ৰজা হোৱাত ৰাজবংশৰ ৰাজপাট দাবীদাৰ কোঁৱৰসকল স্বাভাৱিকতে ক্ষুণ্ণ হৈ পৰে। ৰাজ্যৰ বিষয়বাব খোৱা সম্ভ্ৰান্ত বংশৰ বহু লোকেও ধীৰ নাৰায়ণৰ এই কাৰ্য সহজভাৱে গ্ৰহণ কৰা নাছিল। এই লোকসকলে নিত্যপালক সিংহাসনচ্যুত কৰিবলৈ ষড়যন্ত্ৰত নামিল। এই ষড়যন্ত্ৰৰ মূল নায়ক ধীৰনাৰায়ণ ৰজাৰ ভায়েক সুৰজিৎ পাল ওৰফে সূৰধ্বজপাল আছিল।৫ এই ষড়যন্ত্ৰ সফল নহ’ল। নীতিপালে তেওঁৰ বিশ্বাসী চোৰাংচোৱাৰ পৰা সকলো কথা জানিব পাৰি ষড়যন্ত্ৰত লিপ্ত মন্ত্ৰী বিষয়াক ভাঙি নতুন মন্ত্ৰী বিষয়া নিয়োগ কৰে।৬
ৰাজত্বৰ প্ৰথম অৱস্থাত নীতিপাল প্ৰজাবৎসল ৰজা হিচাপে স্বীকৃতি লাভ কৰিছিল। প্ৰজাৰ হিতৰ অৰ্থে তেওঁ অনেক আলিবাট নিৰ্মাণ কৰিছিল আৰু পুখুৰী খন্দাইছিল। ষড়যন্ত্ৰৰ পিছত তেওঁ কঠোৰ হৈ পৰে। ক্ৰমে ক্ৰমে নীতিপালৰ শাসনত অৱক্ষয় দেখা দিবলৈ ধৰিলে। তাৰ মূল কাৰণসমূহ হৈছে—
(ক) নীতিপালে ৰাণী সাধনীৰ পৰামৰ্শ অগ্ৰাহ্য কৰি ষড়যন্ত্ৰকাৰীসকলক কঠোৰ শাস্তি দিয়ে। ফলত সম্ভ্ৰান্ত বংশৰ লোকৰ বিশ্বাস আৰু আনুগত্য হেৰুৱাবলগীয়া হয়।
(খ) পূৰ্বৰ ৰাজবিষয়াসকলক আঁতৰাই ৰাজকাৰ্যৰ জ্ঞানহীন নিজৰ লগৰীয়াসকলক শাসন কাৰ্যত নিয়োজিত কৰে তথা বিষয়-বাব দিবলৈ ধৰে। ফলত দেশৰ শাসন ব্যৱস্থা সোলোক-ঢোলোক হৈ পৰে।
(গ) আমোদ-প্ৰমোদত অধিক গুৰুত্ব দি ৰাজকাৰ্যত অমনোযোগী হৈ পৰা।
(ঘ) নিতাই নিজেও সাধাৰণ পৰিয়ালৰ হোৱা বাবে ৰাজনৈতিক বিচক্ষণতা তথা ৰাজকাৰ্য পৰিচালনাৰ জ্ঞানৰ অভাৱ।
(ঙ) আমোদ-প্ৰমোদত অধিক গুৰুত্ব প্ৰদান ।
(চ) দোষ-গুণৰ সুবিচাৰ নকৰি প্ৰজাৰ ওপৰত উৎপীড়ন চলোৱা ইত্যাদি। এইবোৰ কাৰণতে প্ৰজাৰ মাজত নীতিপাল 'অনীতিপাল' বুলি খ্যাত হৈ পৰিছিল।৭
তদুপৰি নীতিপালৰ অদূৰদৰ্শীতা, বিভিন্ন ভুল নীতি, অবিবেচক সিদ্ধান্তৰ বাবে একাংশ জনসাধাৰণৰ অপ্ৰিয়ভাজনত পৰিণত হয়। ৰাজ্যৰ এনে পৰিস্থিতিত সাধনীৰ ভূমিকা নাট্যকাৰে দেখুৱাবলৈ যত্ন কৰিছে। সাধনীয়ে পুৰণি ৰাজবিষয়াক আঁতৰাই নতুন ৰাজ বিষয়া নিযুক্তি যে ৰজাৰ ভুল সিদ্ধান্ত সেই বিষয়ে সচেতন কৰি দিছিল যদিও নীতিপালে গুৰুত্ব নিদিলে। তদুপৰি আমোদ -প্ৰমোদত ডুব গৈ থকা নীতিপালক ৰজাৰ প্ৰধান কৰ্তব্য সম্পৰ্কেও সাধনীয়ে সোঁৱৰাই দিছে।
৪.৩ আহোমৰ আক্ৰমণ আৰু চুতীয়া ৰাজ্য পতন
চুতীয়াসকলৰ ৰাজধানী শদিয়া বেপাৰ-বাণিজ্যৰ ক্ষেত্ৰত আগবঢ়া আছিল বুলি বহু বুৰঞ্জীবিদে উল্লেখ কৰি গৈছে। নাৱেৰে বাণিজ্য কৰা লোকক মুদৈ বোলে। চুতীয়াসকলৰ মাজত মুদৈ, বৰমুদৈ আদি উপাধিৰ লোকৰ স্থিতিয়ে এসময়ত নাৱেৰে বাণিজ্য চলোৱাৰ কথা ধাৰণা কৰিব পাৰি। নাটখনৰ মতে নতুন বিষয়া নালীয়াৰ পৰামৰ্শ অনুসৰি বেহা-বেপাৰৰ বৃদ্ধিৰে ৰাজ্যৰ সমৃদ্ধি আনিবলৈ বিনা অনুমতিত সৈন্যবাহিনীসহ আহোম ৰাজ্যত প্ৰৱেশ কৰি নিজ ৰাজ্যখনলৈ বিপদ চপাই আনে। এজন বিষয়াই নোসোধা-নেমেলাকৈ লোকৰ ৰাজ্যলৈ যোৱা উচিত হ’ব জানো বুলি সোধা প্ৰশ্নৰ উত্তৰত নালীয়াই কৈছে - “ইটো কথাও সুধিব লাগিছেনে? মহাৰাজ, আমাৰ কিবা ৰণ দিবলৈ যাবনে? এনে কামত সোধা-পোছা লগালে লোকে পাতলহে বুলিব।”
দিখৌমুখত চুতীয়া সৈন্যবাহিনীৰ বিনা অনুমতিত অনধিকাৰ প্ৰৱেশ দেখি আহোম সেনাপতি কনচেং বৰপাত্ৰগোঁহাই ৰণত লিপ্ত হয় আৰু চুতীয়া সেনাপতিক বন্দী কৰে। এইখিনিতে উল্লেখযোগ্য যে আহোম সেনাপতি কনচেং বৰপাত্ৰগোঁহাইৰ সংলাপৰ জৰিয়তে চুতীয়া সেনাপতিৰ ৰণশৈলীৰ প্ৰশংসাই চুতীয়াসকলৰ ৰণকৌশল, শক্তি-সামথ্যৰ্ৰ পৰিচয় দিবলৈ নাট্যকাৰে যত্ন কৰিছে।
কনচেং - লভিলোঁ এফেৰি তৃপ্তি
যুঁজি এই বীৰবাহু স’তে। ধন্য তুমি,
ধন্য তৱ পৰাক্ৰম যুঁজিলোঁ বিস্তৰ,
কোচ, খেন, কছাৰিৰ সেনাপতি সতে,
পৰা নাই ঠাৱৰিব কেৱে অতপৰ
সন্মুখ সংগ্ৰাম পাতি মোৰ সমীপত।
স্বৰ্ণ, ৰত্ন, কামপীঠ দিক্-বিজয়ত
পোৱা নাই লগ এনে লৰোঁতা এজন,
পোৱা নাই তৃপ্তি মোৰ সমৰ-তৃষ্ণাই;
পূৰালে আজিহে সাধ ছুটীয়া ৰজাই
পঠিয়াই ৰণবেশে নিজ উদ্দেশ্যত
এনে সেনাপতি।
নাটখনত কনচেং বৰপাত্ৰগোঁহায়ে “নীতিপাল অনীতিৰ পূৰ্ণ অৱতাৰ বুলি” চুহুংমুঙ দিহিঙ্গীয়া ৰজাক কাণ চোৱাই এই সুযোগতে চুতীয়া ৰাজ্য আক্ৰমণ কৰি অধিকাৰ কৰাৰ বিষয়ে পৰামৰ্শ দিয়ে। চুতীয়া ৰাজ্যৰ দুৰৱস্থাৰ কথা জানিব পাৰি পূৰ্বৰ আক্ৰমণৰ কথা সুঁৱৰি দিহিঙ্গীয়া ৰজাই চুতীয়া ৰাজ্য আক্ৰমণ কৰিবলৈ স্থিৰ কৰে। বিভিন্ন বুৰঞ্জীত এই ৰণৰ মূল পুৰোধা হিচাপে ফ্ৰাচেংমুং বৰগোহাঁইৰ কথা উল্লেখ কৰিছে।
১৫২৩ খ্ৰীঃৰ শেষৰ ফালে আহোম ৰজাই চুতীয়াৰ চেঁচামুখ দূৰ্গ আক্ৰমণ কৰে। নাৱেৰে হোৱা এই যুদ্ধত চুতীয়া সৈন্যবাহিনী তিস্থিব নোৱৰি পিছ হুঁহকি যাবলৈ বাধ্য হয় আৰু চেঁচামুখৰ দূৰ্গ আহোমৰ অধীনলৈ যায়।৮ পৰৱৰ্তী সময়তো বাৰে বাৰে পৰাজিত হৈ সদিয়ালৈ পিছ হুঁহকি আহিব লগা হোৱাত চুতীয়া ৰজা নীতিপাল ভীতিগ্ৰস্থ হৈ পৰে। উপায়হীন হৈ নীতিপালে তেতিয়া বাৰ্ষিক কৰ শোধাই কৰতলীয়া হৈ থকাৰ প্ৰতিশ্ৰুতি দি চুহুংমুঙৰ ওচৰলৈ কটকী পঠাই সন্ধিৰ প্ৰস্তাৱ দিয়ে। এই প্ৰস্তাবৰ লগত আহোম স্বৰ্গদেৱলৈ এখন সোণৰ পীৰা, এখন নিমজ কাঠৰ পীৰা আৰু কম্বল আৰু ফ্ৰাচেংমুং বৰগোহাঁই আৰু ক্লিংলুং ৰাজমন্ত্ৰীলৈ একো একোখনকৈ সোণৰ পীৰা আৰু কম্বল উপহাৰ হিচাপে পঠায়।৯ আহোম স্বৰ্গদেৱে এই সন্ধিৰ চৰ্ত হিচাপে চুতীয়া ৰজাৰ পৰা কুবেৰদত্ত সকলো সম্পত্তি (ঢাল এখন, তৰোৱাল এখন, যাঠি এপাট, সোণৰ মেকুৰী এটা আৰু ধন-বস্তু এঘাগৰি), বৰকুঁৱৰী সাধনী ৰাণী, এজনী মাখুন্দী আৰু দহটা হাতীৰ লগতে অন্যান্য বহুতো বহুমূলীয়া উপহাৰ দাবী কৰে।
সাধনী নাটখনতো এই বিষয়ে উপস্থাপন কৰা হৈছে। চুহুংমুং দিহিঙ্গীয়া ৰজাই চৰ্ত বান্ধি দিয়ে এনেদৰে -“বিনা-ৰণে কৰে যদি সমৰ্পণ ৰাজ্য-ধন-জন, নাৰাখিবা হেতু তাত, মিত্ৰ-ৰাজনৰ। অথবা, বিষম দাবী কৰিবা ঘোষণা; — সাধনী ৰাণীৰ স’তে ‘কুবেৰ সম্পত্তি’, লাগিব সঁপিব, লাগে যদি অধিকাৰ কৰদ ৰাজ্যৰ। এয়ে সাৰ উপদেশ। ” ফলত এই সংঘৰ্ষৰ ওৰ নপৰে। দেওধাই অসম বুৰঞ্জী অনুসৰি শেষ পৰ্যায়ত চুতীয়া ৰজা নীতিপালে এক মুষ্টিমেয় সৈন্যবাহিনী আৰু কুঁৱৰীসকলক লৈ ভিতৰুৱা চন্দনগিৰি পৰ্বতত আশ্ৰয় লয়। ইয়াতো আহোম সেনাই আক্ৰমণ কৰি চুতীয়া-ৰাজ পতন কৰে।
সাধনী নাটখনতো নাট্যকাৰে দেখুৱাইছে যে নীতিপালে ৰাজধানী এৰি সাধনীৰ সৈতে চন্দনগিৰিত আত্মগোপন কৰে। কনচেং বৰপাত্ৰগোঁহাই, মন্ত্ৰী আৰু নালীয়াই আহোম ৰজাৰ চৰ্তাৱলী লৈ নীতিপালক সাক্ষাৎ কৰে। চৰ্ত শুনি নীতিপালে প্ৰদান কৰা বীৰোচিত উত্তৰে চৰিত্ৰটোৰ পূৰ্বৰ ভুল নীতি, দুৰ্বলতা আদি ঢাকি পেলাবলৈ সক্ষম হৈছে।
নীতি। —তদ্ৰূপ প্ৰতিজ্ঞা মোৰ;
যদি কুণ্ডিল উভতি বয়,
সাধনীক সমৰ্পণ সম্ভৱ নহয়।
আৰু সেই কুবেৰৰ প্ৰদত্ত সম্পত্তি
নসপিম আছে মানে, আহোম ৰজাক। শেষ সমিধান।
৪.৪ সাধনীৰ মৃত্যু প্ৰসংগ : বিভিন্ন বুৰঞ্জী আৰু সাধনী নাটকৰ তুলনামূলক আলোচনা
নীতিপাল আৰু সাধনীৰ মৃত্যু সম্পৰ্কত বিভিন্ন বুৰঞ্জীৰ মাজত মতভেদ পৰিলক্ষিত হয়। তলত এই বিভিন্ন মতসমূহৰ তুলনামূলক আলোচনা দাঙি ধৰা হৈছে—
(ক) দেওধাই অসম বুৰঞ্জী : দেওধাই অসম বুৰঞ্জীত লিপিবদ্ধ থকা মতে জাংমুংখেনে চুটিয়া ৰজাক যাঠীয়েৰে খুচি মাৰিলে। শটো জুৰিলৈ বগৰাই পেলালে। পাচে জাংমুংখেনে চুটিয়া ৰজাৰ বাপেক পুতেকৰ মূৰ কাটি আনি ডাঙ্গৰীয়া সকলৰ ঠাইত দিলেহি আৰু চুটিয়া ৰাজাৰ বৰকুঁৱৰীৰ মূৰকাটি আনি আইখাংখুনে দিলেহি। এইখন বুৰঞ্জীতে সন্নিবিষ্ট বাঁহগৰীয়া বুঢ়াগোহাঁইৰ বুৰঞ্জীৰ মতে চুংডাঙ্গৰ চেওচঙ্গ শইকীয়া যাঠী মাৰি মুণ্ড [নীতিপালৰ] কাটি ললে। জংমুঙ্গে হাতীবৰুৱা, বৰকুঁৱৰীৰো মুণ্ড কাটি লৈ পুতেকৰো লৈ ডাঙ্গৰীয়াবোৰক দেখালেনি।১০
(খ) চুটিয়াৰ কথা (দেওধাই অসম বুৰঞ্জী): দেওধাই অসম বুৰঞ্জীতে সন্নিবিষ্ট ‘চুটিয়াৰ কথা’ত ৰজাই বোলে মোক পাচ ভেটি সৈন্য পালেহি। অদ্ভুত শ্ৰুতিহত হৈ সাধনী মহিষীক হাতত ধৰি পৰ্বতৰ শৃঙ্গৰ পৰা ডেও মাৰি জুৰিত পৰি মৰিল। ফ্ৰাচেংমুন বৰগোহাঁইয়ে ৰজাৰ হাড়-মূৰ বিচৰাই নেপালে বুলি কৈছে।১১
(গ) এডৱাৰ্ড গেইটৰ মতে : গেইটৰ মতে শত্ৰুৰ হাতত পৰাতকৈ মৃত্যুৱেই শ্ৰেয় ভাবি এপাত যাঠীৰে খুচি সাধনী ৰাণীয়ে দেহত্যাগ কৰে। কাড়বিদ্ধ হৈ ৰজাৰ মৃত্যু হয়। ১২
(ঘ) অসমৰ বুৰঞ্জী: পদ্মনাথ গোহাঞিবৰুৱাৰ অসমৰ বুৰঞ্জী মতে চুটিয়া ৰজা আহোম ৰাজৰ প্রস্তাৱত মাস্তি হব নোৱাৰাত, আহোম সেনাই চন্দনগিৰিলৈকে খেদি গৈ, তাতে তেওঁক আৰু নগৰত মন্ত্ৰীক বধ কৰি চুটিয়া ৰাজ্য দখল কৰে। সেই আপাহতে সাধনী ৰাণীয়ে কুবেৰদত্ত সম্পত্তি বুকুত বান্ধি লৈ, চন্দনগিৰিৰ টিঙ্গৰপৰা তলৰ কুণ্ডলৈ জাঁপ দি তনুত্যাগ কৰে।১৩
(ঙ) চুতীয়া বুৰঞ্জী: গোপীনাথ বৰদলৈৰ চুতীয়া বুৰঞ্জীত উল্লেখ থকামতে কনচেং সেনাপতিয়ে সাধনীক ধৰি আনিব খোজাত তেওঁ কুবেৰদত্ত সম্পত্তি বুকুত বান্ধি টিঙত উঠি জাপ দি প্ৰাণ বিসৰ্জন দিলে। ১৪
(চ) চুতীয়া জাতিৰ বুৰঞ্জী: চুতীয়া জাতিৰ বুৰঞ্জীত এইদৰে মত আগবঢ়াইছে যে সাধনীয়ে যুদ্ধ ক্ষেত্ৰত অৱতীৰ্ণ হৈ দেশৰ হকে প্ৰাণ বিসৰ্জন দিয়া কথাটো কোনেও অস্বীকাৰ কৰা নাই। দিহিঙ্গীয়া ৰজাই সন্ধিৰ চৰ্তত সাধনীক বিচৰা কথাটোৱে যুদ্ধক্ষেত্ৰত সেনাপতিয়ে সাধনীৰ মূৰ কাটি বা যাঠীৰে খুচি বা কঁকাল কাটি বধ কৰাটো বিশ্বাসযোগ্য নহয় বুলি বোধ জন্মায়। আহোমৰ কোনো এজন সেনাপতিয়ে ৰাণী সাধনীক বন্দী কৰিবৰ বাবে চেষ্টা কৰাত বন্দীত্বতকৈ মৃত্যুৱেই শ্ৰেয় বুলি গণ্য কৰি ৰাণীয়ে প্ৰাণ বিসৰ্জন দিছিল বুলি ধাৰণা কৰিব পাৰি। এই প্ৰাণত্যাগ নিজহাতে যাঠীৰে খুচিয়েই হওক অথবা তলৰ কুণ্ডলৈ জাপ দিয়েই হওক দেশৰ স্বাধীনতা ৰক্ষাৰ অৰ্থে যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈহে কৰিব লগা হৈছিল। ১৫
(ছ) সাধনী নাটক: নাটকৰ কাহিনী অনুসৰি অৱশেষত আহোমৰ সেনাপতি কনচেং বৰপাত্ৰগোঁহাইৰ হাতত নীতিপালে মৃত্যুবৰণ কৰে৷ সাধনীয়ে নিজৰ সতীত্ব ৰক্ষাৰ লগতে চুতীয়াৰ ৰাজ লক্ষ্মী কুবেৰ প্ৰদত্ত সম্পত্তি লৈ চন্দনগিৰিৰ পৰা কুণ্ডত জঁপিয়াই আত্মহত্যা কৰে। সাধনীৰ দৰে সৎ সাহসী চৰিত্ৰৰ আত্মত্যাগে চৰিত্ৰটো জনমানসত উজলাই তুলিছে। কৰুণ অথচ বীৰ ৰসেৰে সিক্ত সাধনীৰ শেষ সংলাপ জাতীয় চেতনা জগাই তুলিব পৰাকৈ হৃদয়স্পৰ্শী।
সাধনী।—ক্ষান্ত হোৱা।
অন্ধ তুমি, নাহিবা উধাই;
সাধ্য নাই পাবলই স্পৰ্শ এই তনু।
দেখা নাই জনমত সতীৰ মহিমা;
সিহেতু সাহিছা এনে উন্মাদৰ প্ৰায়।
হ’ব জন্ম মহাসতী ৰাজ্যত তোমাৰ,
আশীৰ্ব্বাদ লোৱা এই, মূল্য শত্ৰুতাৰ।
আৰু মোত কথা নাই। লোৱাঁ চাই-বুজি
মায়া-লগা ৰাজ্যধন; ললে। মাথোঁ মই
চুটিয়াৰ ৰাজলক্ষ্মী, ‘কুবেৰ-সম্পত্তি’।
মুগ্ধ নৰ, চাই লোৱা, চাই লোৱা আজি,
কিৰূপে সতীয়ে কৰে বৈকুণ্ঠ প্ৰয়াণ।
৫.০. নাট্যকাৰৰ মৌলিকতা, ভাষাশৈলীগত বৈশিষ্ট্য আৰু জাতীয় চেতনা
গোহাঞিবৰুৱাৰ সাধনীত বুৰঞ্জীমূলক কাহিনীৰ প্ৰতি বিশ্বস্ততা ৰক্ষা কৰা হৈছে, একে সময়তে নাট্যকাৰে নিজা মৌলিকতাৰো পৰিচয় দিছে। ইতিমধ্যে উল্লেখ কৰা হৈছে যে নাটকখনৰ সাধনী, নীতিপাল, ধৰ্মধ্বজ, চুহুংমুং দিহিঙ্গীয়া ৰজা, কনচেং বৰপাত্ৰগোঁহাই আদি চৰিত্ৰ নিৰ্মাণ কৰোঁতে তথা নাটকীয়ৰূপত কাহিনীটো আগবঢ়াই নিওঁতে বুৰঞ্জীমূলক কাহিনীটোৰ পৰা নাট্যকাৰ আঁতৰি অহা নাই।
উল্লেখ্য যে নাট্যকাৰে সাধনীৰ দ্বাৰা ৰাজলক্ষ্মী ৰক্ষাৰ প্ৰসংগটোৰ লগতে সাধনীৰ সতী সত্তাটোত অধিক গুৰুত্ব প্ৰদান কৰা দেখা গৈছে।
৫.১ মৌলিক চৰিত্ৰ সৃষ্টি
নাটখনৰ নালীয়া, লীলাৱতী, শান্তি আদি চৰিত্ৰসমূহে গোহাঞিবৰুৱাৰ মৌলিকতাৰ পৰিচয় দিছে। এই চৰিত্ৰসমূহৰ জৰিয়তে নাট্যকাৰে নাটকখনলৈ নাটকীয় উত্তেজনা আনিছে আৰু কাহিনীৰ গতি সুচল কৰিছে।
৫.২ ভাষাশৈলীগত বৈশিষ্ট্য
নাটকখনৰ উল্লেখযোগ্য ভাষাশৈলীগত বৈশিষ্ট্যসমূহ হৈছে—
(ক) ধৰ্ম্মধ্বজ আৰু লীলাৱতী, নীতিপাল আৰু ৰাণী সাধনী আদি কথোপকথনত কাব্যিক প্ৰয়োগ।
(খ) বিভিন্ন চৰিত্ৰৰ সংলাপত অমিত্ৰাক্ষৰ ছন্দৰ সফল প্ৰয়োগ।
(গ) আলংকৰিক ভাষা আৰু জতুৱা ঠাঁচ-খণ্ডবাক্যৰ যথোচিত ব্যৱহাৰ।
(ঘ) চৰিত্ৰ অনুযায়ী সংলাপৰ বিচিত্ৰতা আৰু স্বগতোক্তিৰ সংযোজন।
(ঙ) ঠায়ে ঠায়ে সংক্ষিপ্ত গীতৰ অন্তৰ্ভুক্তিয়ে নাটকখনলৈ সংগীতময়তা আনিছে। মুঠ ছটা গীতৰ প্ৰয়োগ নাটখনত কৰিছে।
৫.৩ সাধনী নাটকত জাতীয় চেতনা আৰু দেশপ্ৰেম
স্বাধীনতাপূৰ্ব অসমৰ সামাজিক-ৰাজনৈতিক প্ৰেক্ষাপটত অসমৰ জনসাধাৰণৰ মাজত স্বদেশপ্ৰেম আৰু জাতীয়তাবাদী ভাবধাৰা জগাই তুলিবলৈ এইধৰণৰ বুৰঞ্জীমূলক নাটকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। সাধনী নাটকখনৰ জৰিয়তে নাট্যকাৰে বহুতো গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰিছে।
(ক) চুতীয়া জাতিৰ গৌৰৱময় ইতিহাস আৰু সামৰিক শক্তিৰ পৰিচয় দিয়া হৈছে।
(খ) ব্যক্তিগত স্বাৰ্থৰ ঊৰ্দ্ধত জাতীয় স্বাৰ্থক প্ৰাধান্য দিয়াৰ নৈতিক বাণী আগবঢ়োৱা হৈছে।
(গ ) সাধনীৰ আত্মবলিদানে জাতীয় সংকটত নাৰীৰ ভূমিকাক মহিমান্বিত কৰিছে।
(ঘ) ভুল নেতৃত্ব আৰু অদূৰদৰ্শিতাই কিদৰে জাতীয় পতন ঘটায় সেই সম্পৰ্কে সতৰ্কবাৰ্তা প্ৰদান হৈছে।
(ঙ) জোনাকী যুগৰ ৰোমাণ্টিক সাহিত্যৰ বৈশিষ্ট্য অনুযায়ী বুৰঞ্জীৰ শৌৰ্য-বীৰ্যৰ কাহিনীক আধাৰ কৰি দৰ্শক-পাঠকৰ মনত সাহস, আত্মবিশ্বাস আৰু জাতীয় চেতনা জগাই তোলাই আছিল গোহাঞিবৰুৱাৰ মূল উদ্দেশ্য। সাধনীৰ আত্মবলিদানৰ কৰুণ গাঁথাৰে সিক্ত নাটকখনে সেই উদ্দেশ্য সাধনত সফল হৈছে।
৬.০ উপসংহাৰ
অসমীয়া নাৰীৰ বিচক্ষণতা, সাহস আৰু ত্যাগৰ আদিৰ নিদৰ্শন বীৰাংগনা নাৰী সাধনী আজিও অসমীয়াৰ প্ৰাণত জীয়াই আছে। ঠিক সেইদৰে মহীয়সী নাৰী সাধনীৰ বীৰত্ব, আত্ম বলিদানৰ গৌৰৱময় কৰুণ গাঁথাৰে সিক্ত পদ্মনাথ গোহাঞিবৰুৱাৰ সাধনী নাটখনেও অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে।
'ঐতিহাসিক দৃষ্টিভংগীৰে পদ্মনাথ গোহাঞিবৰুৱা ৰচিত নাটক সাধনী: এটি চমু অধ্যয়ন' শীৰ্ষক বিষয়টো অধ্যয়নৰ অন্তত প্ৰাপ্ত মূল কথাসমূহ আগবঢ়োৱা হ'ল -
৬.১ সিদ্ধান্ত
(ক) পদ্মনাথ গোহাঞিবৰুৱাৰ সাধনী কেৱল এখন বুৰঞ্জীমূলক নাটক নহয়, অসমীয়া জাতীয় চেতনা জাগৰণৰ এক সাহিত্যিক দলিলস্বৰূপ। নাটকখনৰ জৰিয়তে নিজ প্ৰাণকো তুচ্ছ জ্ঞান কৰি সতীত্ব ৰক্ষা তথা চুতীয়া জাতিৰ ৰাজলক্ষ্মীস্বৰূপ সম্পত্তি ৰক্ষাৰ বাবে আত্ম বলিদান দিয়া বীৰাংগনা 'সাধনী’ৰ বিষয়ে জানিবলৈ জনসাধাৰণক সুযোগ প্ৰদান কৰিছে। তদুপৰি নাটখনৰ জৰিয়তে সমসাময়িক সামাজিক-সাংস্কৃতিক, ৰাজনৈতিক প্ৰেক্ষাপট, মানুহৰ চিন্তা-মানসিকতা, জাতীয় চেতনাৰ জাগৰণ আদিৰো পৰিচয় পাব পাৰি।
(খ) নাট্যকাৰে বিভিন্ন বুৰঞ্জী পুথিৰ তথ্য সযত্নে ব্যৱহাৰ কৰিছে। বুৰঞ্জীৰ মূল কাঠামো অক্ষুণ্ণ ৰাখি নাট্যকাৰে স্বকীয় নাট্যচিন্তা, মৌলিকতা, কল্পনা আৰু শিল্পদক্ষতাৰে কাহিনীটো নাট্যোপযোগীভাৱে উপস্থাপন কৰিছে। কাব্যিক ভাষা, অমিত্ৰাক্ষৰ ছন্দ, আলংকৰিক প্ৰয়োগ, গীতৰ সংযোজন আদিয়ে নাটকখনক সাহিত্যিক মানৰ দিশৰ পৰা সমৃদ্ধ কৰিছে।
(গ) বিভিন্ন বুৰঞ্জীত সাধনীৰ মৃত্যু সম্পৰ্কে মতভেদ পৰিলক্ষিত হৈছে। নাট্যকাৰে সাধনীৰ আত্মবলিদানক সতীত্ব ৰক্ষা আৰু কুবেৰ প্ৰদত্ত সম্পত্তি ৰক্ষাৰ সৈতে সংযুক্ত কৰি চৰিত্ৰটোক এক উচ্চতৰ মহিমা প্ৰদান কৰিছে।
(ঘ) নাট্যকাৰে চুতীয়া জাতিৰ গৌৰৱময় ইতিহাস আৰু সামৰিক শক্তিৰ পৰিচয় প্ৰদান কৰিছে। তদুপৰি চুতীয়াসকলৰ কুবেৰ প্ৰদত্ত সম্পত্তিক ৰাজলক্ষ্মীৰ প্ৰতীক হিচাপে একাধিকবাৰ গুৰুত্বসহকাৰে উপস্থাপন কৰি নাট্যকাৰে চুতীয়া জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয় আৰু ঐতিহ্যক সন্মান জনাইছে।
(ঙ) নীতিপালৰ ৰাজত্বৰ পতনৰ কাৰণসমূহ যেনে- অদূৰদৰ্শিতা, ৰাজনৈতিক বিচক্ষণতাৰ অভাৱ, অমোদ-প্ৰমোদত আসক্তি আদি নাট্যকাৰে বাস্তৱিকভাৱে উপস্থাপন কৰি ৰাজনৈতিক নৈতিকতাৰ এক গুৰুত্বপূৰ্ণ বাৰ্তা দিছে।
(চ) সয়ম্বৰৰ প্ৰসংগত জাত-পাত আৰু ধনী-দুখীয়াৰ বৈষম্য নামানি কৰ্মদক্ষতাক যোগ্যতাৰ মাপকাঠি হিচাপে গ্ৰহণ কৰা আৰু প্ৰতিজ্ঞা অনুসৰি বিনাদ্বিধাই তাক পালন কৰা চুতীয়া ৰজা ধৰ্ম্মধ্বজৰ উদাৰ দৃষ্টিভংগী নাট্যকাৰে দাঙি ধৰিছে। নাটখনত এই সিদ্ধান্তক মহিমামণ্ডিতৰূপত উপস্থাপন কৰি তথা উজ্জ্বলভাৱে তুলি ধৰি নাট্যকাৰে এক প্ৰগতিশীল সামাজিক দৃষ্টিভংগী প্ৰকাশ কৰিছে।
(ছ) সাধনীৰ চৰিত্ৰনিৰ্মাণত নাট্যকাৰে জোনাকী যুগৰ ৰোমাণ্টিক সাহিত্যৰ বৈশিষ্ট্য অনুসৰি বীৰত্ব, দেশপ্ৰেম আৰু আত্মবলিদানৰ আদৰ্শ প্ৰতিষ্ঠা কৰিছে। নাটকখনত সাধনীৰ শেষ সংলাপ আৰু আত্মবলিদানে কৰুণ ৰসৰ সীমা অতিক্ৰম কৰাই বীৰ ৰসৰ উচ্চতালৈ উন্নীত কৰিছে, যি অসমীয়া পাঠক-দৰ্শকৰ মনত জাতীয় গৌৰৱ আৰু স্বদেশপ্ৰেমৰ ভাৱ জগাই তুলিবলৈ সক্ষম হৈছে।
(জ) সামগ্ৰিকভাৱে সাধনী নাটকখন অসমীয়া নাট্যসাহিত্যৰ বুৰঞ্জীমূলক ধাৰাৰ অন্যতম উল্লেখযোগ্য সৃষ্টি, য'ত বুৰঞ্জীৰ তথ্য, নাট্যকাৰৰ কল্পনা আৰু জাতীয় চেতনাৰ এক সফল সমন্বয় সাধন হৈছে। ভাষিক-সাহিত্যিক, সামাজিক-সাংস্কৃতিক, ঐতিহাসিক দৃষ্টিভংগীৰে গোহাঞিবৰুৱাৰ লেখনীপ্ৰসূত সাধনী এক গুৰুত্বপূৰ্ণ নাট্যকৃতি।
প্ৰসংগ সূত্ৰ
১. মহেশ্বৰ নেওগ, ‘ভূমিকা’, গোহাঞিবৰুৱা ৰচনাৱলী, পৃঃ.১২
২. স্বৰ্ণলতা বৰুৱা, (মুখ্য সম্পা.) আৰু ডম্বৰুধৰ নাথ (সম্পা.), চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ৩৭
৩. সূৰ্যকুমাৰ ভূঞা, দেওধাই অসম বুৰঞ্জী, পৃঃ ৪৭৩
৪. বিশ্বানাৰায়ণ শাস্ত্ৰী, ‘চুতীয়া জাতি আৰু শক্তিৰ উপাসনা’, স্মৃতিগ্ৰন্থ, চুতীয়া ৰাণী বীৰাঙ্গনা সতী সাধনীৰ স্মৃতি চাৰণ, গুৱাহাটী, ১৯৯০, পৃঃ ৯, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১০৪
৫. গোপীনাথ বৰদলৈ, চুতীয়া বুৰঞ্জী, পৃঃ ৬১-৬২, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩২
৬. উল্লিখিত
৭. স্বৰ্ণলতা বৰুৱা, (মুখ্য সম্পা.) আৰু ডম্বৰুধৰ নাথ (সম্পা.), উল্লিখিত, পৃঃ ১৩৩
৮. Gait, Edward, A history of Assam, p.87
৯. আহোম বুৰঞ্জী, পৃঃ ৫৫, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩৪
১০. সূৰ্যকুমাৰ ভূঞা, উল্লিখিত, পৃঃ ১৯, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩৬
১১. উল্লিখিত, পৃঃ ২০০, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩৬
১২. উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩৭
১৩. পদ্মনাথ গোহাঞিবৰুৱা,অসমৰ বুৰঞ্জী, পৃঃ ৪০
১৪. গোপীনাথ বৰদলৈ, উল্লিখিত, পৃঃ ৬৬, উদ্ধৃত, চুতীয়া জাতিৰ বুৰঞ্জী, পৃঃ ১৩৭
১৫.স্বৰ্ণলতা বৰুৱা, (মুখ্য সম্পা.) আৰু ডম্বৰুধৰ নাথ (সম্পা.), পূৰ্বোল্লিখিত, পৃঃ ১৩৭
সহায়ক গ্ৰন্থপঞ্জী
গোহাঞিবৰুৱা, পদ্মনাথ: 'সাধনী', গোহাঞিবৰুৱা ৰচনাৱলী , অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, ছেপ্টেম্বৰ, ২০০৮
- : অসমৰ বুৰঞ্জী , অসম প্ৰকাশন পৰিষদ, গুৱাহাটী, আগষ্ট, ২০০৪
বৰুৱা, স্বৰ্ণলতা (মুখ্য সম্পা.) আৰু ডম্বৰুধৰ নাথ (সম্পা.): .চুতীয়া জাতিৰ বুৰঞ্জী, প্ৰকাশক- চুতীয়া জাতিৰ বুৰঞ্জী প্ৰণয়ন সমিতি, প্ৰথম প্ৰকাশ, ২১ এপ্ৰিল, ২০০৭
ভূঞা, সূৰ্যকুমাৰঃ দেওধাই অসম বুৰঞ্জী, প্ৰকাশক-বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, ছেপ্তেম্বৰ, ২০০১
শইকীয়া, পূৰেন্দ্ৰ প্ৰসাদ: চুতীয়াৰ ইতিহাস আৰু সংস্কৃতি, কিৰণ প্ৰকাশন, ডিচেম্বৰ, ২০১১
Gait, Edward: A history of Assam, Reprint, Gauhati, 1981
Comments
Post a Comment