অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰা


ড০ সুজিত ভৰালী
অসমীয়া বিভাগ,
মৰাণ মহাবিদ্যালয়, চৰাইদেও

 

 

(সাৰাংশ - মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি (illustrated manuscripts) পৰম্পৰা ভাৰতীয় পাণ্ডুলিপি শিল্পৰ এক অনন্য আৰু বহুমাত্ৰিক নিদৰ্শন, য’ত সাহিত্য, ধৰ্ম আৰু দৃশ্যমান শিল্প (visual art) একেলগে সংযুক্ত হৈ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য গঢ়ি তুলিছিল। এই পুথিসমূহ কেৱল লিখিত পাঠৰ বাহক নহয়; ই এক দৃশ্য-ভাষা, য’ত চিত্ৰ আৰু শব্দ মিলি গভীৰ মানসিক আৰু আধ্যাত্মিক অৰ্থ গঠন কৰে। এই গৱেষণা-পত্ৰত অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান (Introspectionism)ৰ দৃষ্টিভংগীৰে এই পুথিসমূহৰ তাত্ত্বিক আৰু বিশ্লেষণাত্মক অধ্যয়ন কৰা হৈছে, যাৰ মাধ্যমেৰে শিল্পৰ অন্তৰ্নিহিত মানসিক প্ৰক্ৰিয়া আৰু অভিজ্ঞতা বুজিবলৈ চেষ্টা কৰা হৈছে। এই তত্ত্ব অনুসৰি মানৱ মনৰ অন্তৰ্জগত—অনুভূতি, চিন্তা, কল্পনা আৰু সংবেদন—শিল্প সৃষ্টিৰ মূল উৎস, সেয়ে সচিত্ৰ পুথিসমূহ কেৱল ধৰ্মীয় কাহিনীৰ দৃশ্যায়ন নহয়; ই শিল্পীৰ ভক্তি, আধ্যাত্মিকতা আৰু কল্পনাশক্তিৰ এক সজীৱ প্ৰকাশ। কৃষ্ণলীলা, ৰামায়ণ বা ভাগৱত পুৰাণৰ চিত্ৰসমূহে শিল্পীৰ আবেগিক সংবেদনশীলতা আৰু আধ্যাত্মিক অনুধাৱন প্ৰতিফলিত কৰে। তদুপৰি ৰং, ৰেখা, আকাৰ আৰু দেহ-অংগভঙ্গীসমূহ কেৱল নান্দনিক নহয়; ইবোৰে গভীৰ মনোবৈজ্ঞানিক তাৎপৰ্য্য বহন কৰে। লগতে দৰ্শকৰ ভূমিকাও গুৰুত্বপূৰ্ণ, কাৰণ শিল্পৰ অৰ্থ দৰ্শকৰ ব্যক্তিগত অভিজ্ঞতা আৰু সাংস্কৃতিক পটভূমিৰ ওপৰত নিৰ্ভৰ কৰি গঠিত হয়। সেয়েহে, এই পুথিসমূহক এক গতিশীল আৰু বহুমাত্ৰিক অৰ্থ-প্ৰণালী হিচাপেও বুজা যায়, য’ত শিল্পীৰ অন্তৰ্জগত, দৰ্শকৰ অনুভূতি আৰু সামাজিক পৰিপ্ৰেক্ষিত একেলগে মিলি এক গভীৰ মানসিক আৰু আধ্যাত্মিক অভিজ্ঞতা সৃষ্টি কৰে।

বীজ শব্দ - অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্ব, অসমৰ সচিত্ৰ পুথি, দৃশ্য সংস্কৃতি, শিল্পৰ মনোবিজ্ঞান

 

 

০.০ অৱতৰণিকা

০.১ বিষয়ৰ পৰিচয়

মধ্যযুগীয় অসমত বিকাশ লাভ কৰা সচিত্ৰ পুথি (illustrated manuscripts) পৰম্পৰা ভাৰতীয় পাণ্ডুলিপি শিল্পৰ এক বিশেষ আৰু সমৃদ্ধ ধাৰা হিচাপে পৰিচিত। এই পৰম্পৰাত লিখিত পাঠ আৰু দৃশ্যমান চিত্ৰ একেলগ হৈ দৰ্শক-পাঠকৰ মনত এক বিশেষ নান্দনিক অভিজ্ঞতাৰ সৃষ্টি কৰে। বিশেষকৈ বৈষ্ণৱ ভক্তি আন্দোলনৰ প্ৰভাৱত সৃষ্টি হোৱা এই পুথিসমূহত ধৰ্মীয় আখ্যান, পৌৰাণিক কাহিনী আৰু নৈতিক আদৰ্শসমূহ চিত্ৰৰ মাধ্যমেৰে সজীৱ কৰি তোলা হৈছিল। ফলস্বৰূপে এইবোৰ কেৱল সাহিত্যিক দলিল হিচাপে নহয়, বৰঞ্চ এক গুৰুত্বপূৰ্ণ দৃশ্য-সংস্কৃতিৰ বাহক হিচাপে বিবেচিত হয়।

এই সচিত্ৰ পুথিসমূহত চিত্ৰকলাৰ ব্যৱহাৰ কেৱল আলংকাৰিক অৰ্থত নহয়; একেসময়তে এক গভীৰ মনস্তাত্বিক আৰু আধ্যাত্মিক তাৎপৰ্য্য বহন কৰে। শিল্পীসকলে নিজৰ অন্তৰ্জগতৰ অনুভূতি, কল্পনা আৰু বিশ্বাসক ৰং, ৰেখা আৰু আকাৰৰ মাধ্যমত প্ৰকাশ কৰিছিল। ফলত এই পুথিসমূহত এক বিশেষ ধৰণৰ অভিব্যক্তিমূলক শক্তি দেখা যায়, যি দৰ্শকৰ মনত তাৎক্ষণিক প্ৰতিক্ৰিয়া সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। এই দৃষ্টিকোণৰ পৰা চালে, সচিত্ৰ পুথি পৰম্পৰা কেৱল ঐতিহাসিক বা ধৰ্মীয় অধ্যয়নতে সীমাবদ্ধ নাথাকে; মনোবিজ্ঞান আৰু শিল্পতত্ত্বৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ গৱেষণাৰ বিষয়।

আনহাতে অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান (Introspectionism) হৈছে মনোবিজ্ঞানৰ এক বিশেষ তাত্ত্বিক ধাৰা, যাৰ মূল লক্ষ্য হৈছে ব্যক্তিৰ চেতন অভিজ্ঞতাক পৰ্যবেক্ষণ আৰু বিশ্লেষণ কৰা। এই তত্ত্ব অনুসৰি মানৱ মনৰ গঠন অনুভূতি (feelings), সংবেদন (sensations) আৰু চিন্তা (thoughts) সমষ্টিৰে নিৰ্মিত। সেয়ে, যিকোনো শিল্পকৰ্ম বুজিবলৈ লে প্ৰথমে আমি সেই বিশেষ শিল্পীজনৰ অন্তৰ্জগতত প্ৰৱেশ কৰা প্ৰয়োজন। শিল্পী এজনে যি অনুভৱ কৰে, তাকেই তেওঁ শিল্পৰ মাধ্যমত বহিঃপ্ৰকাশ কৰে

এনে প্ৰেক্ষাপটত, মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহক অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে অধ্যয়ন কৰিলে নতুন দিশ কিছুমান লাভ কৰিব পাৰি। এই পুথিসমূহত ব্যৱহৃত ৰং, আকাৰ, দেহ অংগভঙ্গী আৰু দৃশ্য বিন্যাস কেৱল বাহ্যিক সৌন্দৰ্যৰ প্ৰতিফলন নহয়; নিৰ্দিষ্ট শিল্পীগৰাকীৰ আভ্যন্তৰীণ মানসিক অৱস্থা, আধ্যাত্মিক অনুশীলন আৰু সাংস্কৃতিক চেতনাৰ বহিঃপ্ৰকাশ। একে সময়তে দৰ্শকেও নিজৰ অন্তৰ্দৃষ্টিৰ জৰিয়তে এই চিত্ৰসমূহৰ সৈতে মানসিক সংযোগ স্থাপন কৰে যাৰ ফলত শিল্প আৰু দৰ্শকৰ মাজত এক অন্তৰ্মুখী সংযোগৰ সৃষ্টি হয়। এই গৱেষণা-পত্ৰত বিষয়টোক কেৱল ঐতিহাসিক বা সাহিত্যিক দৃষ্টিভংগীৰে নহয়, বৰং মনোবৈজ্ঞানিক আৰু নান্দনিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ চেষ্টা কৰা হৈছে। এই ধৰণৰ আন্তঃবিদ্যাৱৰ্তী অধ্যয়নে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰাক এক নতুন দৃষ্টিকোণ প্ৰদান কৰাৰ লগতে শিল্প আৰু মনোবিজ্ঞানৰ মাজত থকা গভীৰ সম্পৰ্ককো উন্মোচিত কৰিব।

০.২ অধ্যয়নৰ উদ্দেশ্য

এই অধ্যয়নৰ মূল উদ্দেশ্য হৈছে—

·        সচিত্ৰ পুথিৰ নিৰ্দিষ্ট শিল্পীজন বা শিল্পীসকলৰ অন্তৰ্জগতৰ প্ৰতিফলন দাঙি ধৰা।

·        সচিত্ৰ পুথিত মানৱ মনৰ আবেগ আৰু অনুভূতিৰ ভূমিকা বিচাৰ কৰা।

·        দৰ্শক এজনৰ মানসিক জগতখনৰ অংশগ্ৰহণৰ প্ৰকৃতি বিচাৰ কৰা।

০.৩ অধ্যয়নৰ পদ্ধতি

বিষয়টি অধ্যয়নৰ কাৰণে মূলতঃ অন্তৰ্দৃষ্টিমূলক বিশ্লেষণ (Introspective analysis) পদ্ধতি গ্ৰহণ কৰা হৈছে৷ এই পদ্ধতিয়ে শিল্পীৰ অন্তৰ্জগত, অনুভূতি, ভক্তি আৰু মানসিক অভিজ্ঞতাৰ সূক্ষ্ম দিশসমূহ উন্মোচন কৰিব। আনহাতে বিষয়টিৰ দৃশ্যগত ব্যাখ্যা বা দৃশ্য বিশ্লেষণত (visual interpretation) সচিত্ৰ পুথিৰ চিত্ৰসমূহৰ ৰং, ৰেখা, আকাৰ, অংগভঙ্গী আৰু বিন্যাসৰ বিভিন্ন মাধ্যমে নান্দনিক উপাদানসমূহৰ সহযোগত আবেগ আৰু প্ৰতীকৰ বাহক হিচাপে কাম কৰি কেনেদৰে বেলেগ বেলেগ অৰ্থ গঠন কৰে তাক বিশ্লেষণ কৰিব। ঠিক তেনেদৰে প্ৰাসংগিক বা পৰিপ্ৰেক্ষিতমূলক বিশ্লেষণে (contextual analysis) এই পুথিসমূহক মধ্যযুগীয় অসমৰ বৈষ্ণৱ আন্দোলন, সমসাময়িক সামাজিক-সাংস্কৃতিক পৰিৱেশ আৰু ধৰ্মীয় অনুশীলনৰ ভিতৰত স্থাপন কৰি বৃহত্তৰ অৰ্থ প্ৰদান কৰিব। মুঠতে এই তিনিওটা পদ্ধতিৰ সমন্বয়ে সচিত্ৰ পুথিসমূহক কেৱল দৃশ্যমান শিল্প বা ধৰ্মীয় পুথি হিচাপে নহয়, বৰং এক জটিল মানসিক, নান্দনিক আৰু সাংস্কৃতিক প্ৰণালী হিচাপে বুজাত পাঠক বা দৰ্শকক সহায় কৰিব। তথ্যৰ উৎস হিচাপে এতিয়ালৈকে উদ্ধাৰ হোৱা সচিত্ৰ পুথিসমূহ, মধ্যযুগীয় অসমৰ ভক্তি সাহিত্যসমূহ, মনোবিজ্ঞান তত্ত্বৰ বিভিন্ন গ্ৰন্থক লোৱা হৈছে।

০.৪ অধ্যয়নৰ পৰিসৰ

          বিষয়টি অধ্যয়নৰ পৰিসৰ মূলতঃ মধ্যযুগীয় অসমৰ “সচিত্ৰ পুথি পৰম্পৰা”ক অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে বিশ্লেষণ কৰাত সীমাবদ্ধ। সময়সীমাৰ ক্ষেত্ৰত এই অধ্যয়নে প্ৰধানকৈ ১৫শৰ পৰা ১৯শ শতিকাৰ ভিতৰত বিকশিত হোৱা সচিত্ৰ পুথিসমূহক সামৰি লৈছে। বিষয়বস্তুৰ ক্ষেত্ৰত এই গৱেষণাই ভাগৱত, ৰামায়ণ আৰু কৃষ্ণলীলা সম্পৰ্কীয় সচিত্ৰ পুথিসমূহক প্ৰধান উদাহৰণ হিচাপে গ্ৰহণ কৰিছে। বিশ্লেষণৰ ক্ষেত্ৰত চিত্ৰসমূহৰ ৰং, ৰেখা, আকাৰ, দেহভঙ্গী আৰু বিন্যাসৰ লগতে শিল্পীৰ মানসিক অৱস্থা, ভক্তিৰ আনুভূতিক প্ৰকাশ আৰু কল্পনাশক্তিৰ ভূমিকা অন্বেষণ কৰা হৈছে। লগতে দৰ্শকৰ অন্তৰ্দৃষ্টি, অৰ্থ-গঠন প্ৰক্ৰিয়া আৰু সাংস্কৃতিক পৰিপ্ৰেক্ষিতৰ প্ৰভাৱো এই অধ্যয়নৰ অন্তৰ্গত। যিহেতু এই গৱেষণা গুণগত আৰু তাত্ত্বিক বিশ্লেষণৰ ওপৰত নিৰ্ভৰশীল, সেয়ে ইয়াত অন্তৰ্দৃষ্টিমূলক বিশ্লেষণ, দৃশ্যগত ব্যাখ্যা আৰু প্ৰাসংগিক বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৱশ্যে এই অধ্যয়নে সংগৃহীত সকলো সচিত্ৰ পুথি বা সকলোকেইটা চিত্ৰ-পৰম্পৰাক সামৰি ল’ব পৰা নাই। ই নিৰ্দিষ্ট উদাহৰণ আৰু তাত্ত্বিক পৰিসৰৰ ভিতৰত সীমাবদ্ধ থাকি বিষয়টোক গভীৰভাৱে অনুধাৱন কৰাৰ প্ৰয়াস কৰিছে।

 

 

১.০ অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান আৰু শিল্প

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানত এজন ব্যক্তিয়ে নিজৰ মনৰ ভিতৰৰ অভিজ্ঞতাক নিজে পৰ্যবেক্ষণ কৰে। এই তত্ত্ব অনুসৰি মানুহৰ চিন্তা, অনুভূতি আৰু সংবেদন বুজিবলৈ বাহ্যিক আচৰণৰ লগতে অন্তৰ্জগতৰ বিশ্লেষণ অত্যন্ত গুৰুত্বপূৰ্ণ (Wundt,1998)। এই দৃষ্টিভংগী মতে, প্ৰথম, মন হৈছে এক ব্যক্তিগত অভিজ্ঞতাৰ ক্ষেত্ৰ, দ্বিতীয়, অনুভূতি আৰু আবেগ যিকোনো শিল্পৰ মূল উৎস, তৃতীয়, সৃষ্টিশীলতা হৈছে অন্তৰ্দৃষ্টি আৰু মানসিক অৱস্থাৰ প্ৰতিফলন (Titchener, 1909)

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান হৈছে মনোবিজ্ঞানৰ এনে এটা প্ৰাৰম্ভিক ধাৰা, য’ত এজন ব্যক্তিয়ে নিজৰ মনৰ ভিতৰৰ অভিজ্ঞতাক নিজে বিশ্লেষণ কৰে। ইয়াৰ মূল বৈশিষ্ট্যসমূহ হৈছে - ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত গুৰুত্ব, অনুভূতি আৰু সংবেদন বিশ্লেষণ, অন্তৰ্মুখী পৰ্যবেক্ষণ।

শিল্পৰ সৈতে অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ সম্পৰ্ক অতি নিবিড়। যিহেতু এই তত্ত্ব অনুসৰি শিল্প মূলতঃ মানুহৰ অন্তৰ্জগতৰ এক সূক্ষ্ম আৰু সজীৱ প্ৰকাশ (Jung, 1966)। এই দৃষ্টিভংগীত শিল্পক কেৱল বাহ্যিক বাস্তৱতাৰ অনুকৰণ বুলি নাভাবি, ব্যক্তিৰ মানসিক অৱস্থা, অনুভূতি আৰু অন্তৰ্মুখী অভিজ্ঞতাৰ দৃশ্যমান বা সৃজনশীল ৰূপ বুলি বিবেচনা কৰা হয়। সেই অৰ্থত শিল্প হৈছে মানসিক অৱস্থাৰ প্ৰকাশ—শিল্পীয়ে নিজৰ অন্তৰ্জগতত অনুভৱ কৰা আনন্দ, দুঃখ, ভক্তি, ভয় বা আধ্যাত্মিক অনুভূতিক চিত্ৰ, শব্দ বা আকৃতিৰ মাধ্যমেৰে প্ৰকাশ কৰে (Freud,1958)। এই প্ৰকাশ প্ৰক্ৰিয়াটো স্বাভাৱিকতে ব্যক্তিগত আৰু আভ্যন্তৰীণ, য’ত শিল্পীৰ মানসিক অৱস্থাই মূল চালিক শক্তি হিচাপে কাম কৰে।

ঠিক একেদৰে এই তত্ত্বই শিল্পীৰ সৃষ্টিশীলতাকো অন্তৰ্দৃষ্টিৰ ফল বুলিয়েই মত প্ৰকাশ কৰে। শিল্পীয়ে যেতিয়া নিজৰ অভিজ্ঞতা, চিন্তা আৰু কল্পনাক অন্তৰ্মুখীভাৱে অনুধাৱন কৰে, তেতিয়াই নতুন ধাৰণা, চিত্ৰ বা ৰূপৰ সৃষ্টি হয়। এই অন্তৰ্দৃষ্টি কেৱল চেতনা নহয়; ই এক গভীৰ মানসিক প্ৰক্ৰিয়া, য’ত স্মৃতি, অনুভূতি আৰু কল্পনা একেলগে মিলি তেওঁৰ সৃষ্টিশীলতাক উজ্জীৱিত কৰে (Jung, 1966)। সেয়েহে, শিল্পৰ সৃষ্টি কেৱল কাৰিকৰী দক্ষতাৰ ফল নহয়; ই এক গভীৰ অন্তৰ্মুখী অভিজ্ঞতাৰ ফলশ্ৰুতিও হয়।

আনহাতে এই তত্ত্বই শিল্পক সদায় ব্যক্তিনিৰ্ভৰ বুলি কয়। অৰ্থাৎ, একেটা শিল্পকলা ভিন্ন ব্যক্তিয়ে ভিন্নভাৱে অনুভৱ আৰু ব্যাখ্যা কৰিব পাৰে। এজন দৰ্শকে নিজৰ ব্যক্তিগত অভিজ্ঞতা, মানসিক অৱস্থা আৰু সাংস্কৃতিক পটভূমিৰ ওপৰত ভিত্তি কৰি শিল্পৰ অৰ্থ নিৰ্মাণ কৰে (Dewey, 1934)। সেয়েহে, শিল্পৰ কোনো একক বা স্থিৰ অৰ্থ নাথাকে; ই সদায় পৰিৱৰ্তনশীল আৰু বহুস্তৰীয়। এই ব্যক্তিনিৰ্ভৰ অৰ্থ-গঠনে শিল্পক এক জীৱন্ত আৰু গতিশীল অভিজ্ঞতা ৰূপে প্ৰতিষ্ঠা কৰে, য’ত শিল্পী আৰু দৰ্শক দুয়ো সক্ৰিয়ভাৱে জড়িত থাকে।

২.০ মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিঃ এক সংক্ষিপ্ত পৰিচয়

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি অসমৰ সাংস্কৃতিক, ধৰ্মীয় আৰু শিল্প-ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ আৰু সমৃদ্ধ অংশ, য’ত লিখিত পাঠ আৰু চিত্ৰকলাৰ এক সু-সমন্বিত ৰূপ দেখা যায় (Neog, 1985)। এই পুথিসমূহ সাধাৰণতে সাঁচিপাত, তুলাপাত বা অন্যান্য স্থানীয় উপকৰণেৰে প্ৰস্তুত কৰা হৈছিল আৰু ইমানেই যত্ন সহকাৰে সংৰক্ষণ কৰা হৈছিল যে এশৰো অধিক পুথি এতিয়াও সাংস্কৃতিক ঐতিহ্য হিচাপে সংৰক্ষিত হৈ আছে। এই পুথিখিনিৰ প্ৰধান বৈশিষ্ট্য হৈছে, ইয়াত চিত্ৰ আৰু পাঠ একেলগে সংযুক্ত হৈ এক সম্পূৰ্ণ অৰ্থবহ একক গঠন কৰে, য’ত চিত্ৰসমূহে পাঠৰ বৰ্ণনাক সহায় কৰে বা কেতিয়াবা স্বতন্ত্ৰ ভাৱেও অৰ্থ প্ৰকাশ কৰে।

এই পুথিসমূহৰ বিকাশ বিশেষকৈ ১৫শৰ পৰা ১৯শ শতিকাৰ ভিতৰত বৈষ্ণৱ ভক্তি আন্দোলনৰ প্ৰভাৱত ঘটিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ অনুগামীসকলৰ দ্বাৰা প্ৰচাৰিত নৱ-বৈষ্ণৱ ভক্তি আন্দোলনে ধৰ্মীয় শিক্ষাক সহজ ভাষা আৰু দৃশ্যমান মাধ্যমৰ জৰিয়তে জনসাধাৰণলৈ আগবঢ়াবলৈ গুৰুত্ব আৰোপ কৰিছিল। ফলত এই পুথিসমূহ কেৱল পাণ্ডিত্যৰ সীমাতে আবদ্ধ নাথাকি, সজীৱ সাংস্কৃতিক আৰু ধৰ্মীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হিচাপে পৰিগণিত হৈছিল। বিশেষকৈ সত্র আৰু নামঘৰসমূহ এই পুথি তৈয়াৰ, সংৰক্ষণ আৰু পাঠৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে বিকশিত হৈছিল (Deka, 2007)

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহৰ বিষয়বস্তুয়ে সাধাৰণতে ভাগৱত পুৰাণ, ৰামায়ণ, মহাভাৰত আদিৰ বৈষ্ণৱ ধৰ্মীয় কাহিনীৰ উপৰি শাক্ত ধৰ্মীয় কাহিনী, বৌদ্ধ ধৰ্মীয় কাহিনী, আনকি লৌকিক বিষয়বস্তুকো সামৰি লৈছিল। এই কাহিনীসমূহত মূলতঃ নৈতিক শিক্ষা, ব্যৱহাৰিক জ্ঞান, ভক্তি আৰু ধৰ্মীয় আদৰ্শৰ প্ৰচাৰ কৰা হৈছিল। চিত্ৰসমূহত সাধাৰণতে সৰল আৰু স্পষ্ট ৰেখা, উজ্জ্বল আৰু প্ৰাণৱন্ত ৰং আৰু প্ৰতীকী উপস্থাপন দেখা পোৱা যায়। যিয়ে কাহিনীসমূহক সহজে বুজাত দৰ্শক-পাঠকক সহায় কৰিছিল।

তদুপৰি, এই পুথিসমূহে এক বিশেষ দৃশ্য-ভাষাৰ বিকাশ ঘটায়, য’ত চিত্ৰ আৰু শব্দ একেলগে মিলি বিষয়বস্তুৰ পূৰ্ণ অৰ্থ তৈয়াৰ কৰে। পুথিত চিত্ৰসমূহ কেৱল অলংকাৰ নহয়; ইবোৰে কাহিনীৰ মূল ভাব, আবেগ আৰু আধ্যাত্মিক তাৎপৰ্য্যক দৃশ্যমান ৰূপত উপস্থাপন কৰে। এই পদ্ধতিয়ে বিশেষকৈ নিৰক্ষৰ বা অল্পশিক্ষিত জনসাধাৰণক ধৰ্মীয় আৰু নৈতিক বাণীসমূহ সহজে বুজাত সহায় কৰিছিল।

সাংস্কৃতিক দৃষ্টিকোণৰ পৰা চালে সচিত্ৰ পুথিসমূহ অসমৰ সামাজিক জীৱনৰ সৈতে গভীৰভাৱে জড়িত। এইবোৰে সমসাময়িক জনসাধাৰণৰ মাজত ধৰ্মীয় চেতনা বৃদ্ধি কৰাৰ লগতে নৈতিক মূল্যবোধ আৰু সামাজিক ঐক্য গঢ়ি তোলাতো মুখ্য ভূমিকা লৈছিল (Neog, 1985)। একে সময়তে এই পুথিসমূহে শিল্প আৰু সাহিত্যৰ মাজত এক সুন্দৰ সমন্বয় ঘটাই এক স্বতন্ত্ৰ শিল্পধাৰাৰ সৃষ্টি কৰিছিল, যাক অসমীয়া পাণ্ডুলিপি চিত্ৰকলাৰ বিশেষ বৈশিষ্ট্য হিচাপে গণ্য কৰা হয়।

সেয়েহে, মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰাক কেৱল পুৰণি পুথি বা ধৰ্মীয় দস্তাবেজ হিচাপে চোৱা উচিত নহয়; ই এক জটিল আৰু বহুমাত্ৰিক সাংস্কৃতিক প্ৰণালী, য’ত শিল্প, ধৰ্ম, সাহিত্য আৰু সমাজ একেলগে মিলি এক গভীৰ ঐতিহ্য গঠন কৰিছিল।

৩.০ অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বৰ আধাৰত মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰাৰ বিষয়ে বিশ্লেষণ কৰিলে দেখা যায় যে এই পুথিসমূহ কেৱল ধৰ্মীয় কাহিনীৰ চিত্ৰায়ন নহয়; ই শিল্পীৰ অন্তৰ্জগতৰ গভীৰ মানসিক আৰু আধ্যাত্মিক অভিব্যক্তি। তলত অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিৰ বিষয়ে আলোচনা কৰা হ-

৩.১ শিল্পীৰ অন্তৰ্জগতৰ প্ৰকাশ

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান দৃষ্টিভংগী অনুসৰি শিল্প হৈছে শিল্পীৰ অন্তৰ্জগতৰ এক সজীৱ প্ৰকাশ (Jung, 1966)। এজন শিল্পীয়ে কেৱল বাহ্যিক বাস্তৱতাৰ অনুকৰণ নকৰে; বৰং নিজৰ অন্তৰ্নিহিত অনুভূতি, মানৱীয় অভিজ্ঞতা, ভক্তি, কল্পনা আৰু আধ্যাত্মিক চিন্তাক শিল্পৰ মাধ্যমেৰে এক দৃশ্যমান ৰূপ দিয়ে। এই তত্ত্ব অনুসৰি শিল্প সৃষ্টিৰ মূল উৎস হৈছে মানুহৰ অন্তৰ্মুখী অনুভৱ আৰু আত্মিক অভিজ্ঞতা। সেই অৰ্থত মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহক শিল্পীৰ মানসিক আৰু আধ্যাত্মিক জগতৰ এক প্ৰতিফলন হিচাপে চাব পাৰি।

মধ্যযুগীয় অসমৰ বৈষ্ণৱ সাংস্কৃতিক পৰিৱেশত শিল্পীসকল প্ৰথমে গভীৰ ভক্তিমূলক চেতনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। সেয়ে তেওঁলোকৰ দ্বাৰা অংকিত চিত্ৰসমূহত ঈশ্বৰ ভক্তি, শান্তি, সমৰ্পণ আৰু আধ্যাত্মিক আনন্দৰ অনুভৱ সুস্পষ্ট ভাৱে প্ৰকাশ পাইছিল(কলিতা ১৯৯৬)। বিশেষকৈ ৰাম, কৃষ্ণ বা ভাগৱত আদি পুৰাণ, উপ-পুৰাণৰ বিভিন্ন ঘটনাৰ চিত্ৰায়নত দেখা যায় যে শিল্পীয়ে কেৱল কাহিনীৰ দৃশ্য উপস্থাপন কৰা নাই; তেওঁ নিজৰ ভক্তিমূলক অনুভূতি আৰু অন্তৰ্জগতৰ আধ্যাত্মিক অভিজ্ঞতাকো দৃশ্যমান কৰি তুলিছে। উদাহৰণস্বৰূপে, শ্ৰীকৃষ্ণ চৰিত্ৰৰ চিত্ৰণত মুখমণ্ডলত কোমলতা, শান্তি আৰু দয়াৰ অভিব্যক্তি বা ভক্তসকলৰ নম্ৰ অংগী-ভঙ্গী— এইবোৰে শিল্পীৰ অন্তৰ্নিহিত আধ্যাত্মিক অনুভূতিক প্ৰতিফলিত কৰে।

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত শিল্পীৰ অন্তৰ্মুখী চিন্তা আৰু কল্পনাশক্তিৰো সুস্পষ্ট প্ৰকাশ দেখা যায়। বাস্তৱ জগতৰ দৃশ্যসমূহক শিল্পীয়ে সম্পূৰ্ণ বাস্তৱিক ৰূপত উপস্থাপন নকৰি, নিজৰ মানৱীয় অভিজ্ঞতা আৰু কল্পনাৰ সৈতে সংমিশ্ৰণ ঘটাই এক বিশেষ দৃশ্য-জগত সৃষ্টি কৰিছে। ইয়াৰ ফলত চিত্ৰসমূহ কেৱল বৰ্ণনামূলক নহৈ এক আবেগিক আৰু আধ্যাত্মিক অভিজ্ঞতাৰ ৰূপ লাভ কৰে। বিশেষকৈ উজ্জ্বল ৰং, সৰল ৰৈখিক ৰেখাৰ প্ৰয়োগ আৰু প্ৰতীকী বিন্যাসৰ মাধ্যমেৰে শিল্পীসকলে নিজৰ মানসিক অৱস্থা আৰু অনুভূতিক প্ৰকাশ কৰিছিল।

অন্তৰ্দৃষ্টিমূলক তত্ত্ব অনুসৰি শিল্প সৃষ্টিৰ সময়ত শিল্পীয়ে নিজৰ অনুভূতি আৰু চেতনাক গভীৰভাৱে পৰ্যবেক্ষণ কৰে। এই আত্ম-অনুধাৱনৰ ফলত পিছতহে শিল্প একোটাৰ সৃষ্টি সম্ভৱ হয়। সচিত্ৰ পুথিসমূহত এই আত্ম-অনুভৱৰ ছাপ স্পষ্টকৈ লক্ষ্য কৰা যায়। শিল্পীসকলৰ বাবে এই চিত্ৰায়ন কেৱল নান্দনিক অনুশীলন নাছিল; ই আছিল এক আধ্যাত্মিক সাধনা আৰু মানসিক অভিব্যক্তিৰ মাধ্যম। সেয়ে এই চিত্ৰসমূহত প্ৰতিফলিত আধ্যাত্মিক শান্তি, ভক্তি আৰু অন্তৰ্মুখী অনুভৱৰ গভীৰতাই পৰৱৰ্তী সময়ত দৰ্শকৰ মনতো এক বিশেষ আবেগিক প্ৰতিক্ৰিয়া সৃষ্টি কৰে।

তদুপৰি শিল্পীৰ অন্তৰ্জগতৰ এই প্ৰকাশ তদানীন্তন সামাজিক আৰু সাংস্কৃতিক পৰিৱেশৰ সৈতেও সম্পৰ্কিত। বিশেষকৈ বৈষ্ণৱ ধৰ্মৰ ভক্তিমূলক আদৰ্শ আৰু নামধৰ্মৰ আধ্যাত্মিক চেতনাই শিল্পীসকলৰ মানসিক গঠনক প্ৰভাৱিত কৰিছিল। ফলত শিল্পীয়ে নিজৰ ব্যক্তিগত অনুভূতিৰ সৈতে সামূহিক ধৰ্মীয় চেতনাকো চিত্ৰসমূহত সংপৃক্ত কৰিছিল। ফলস্বৰূপে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত শিল্পীৰ ব্যক্তিগত মানৱীয় অভিজ্ঞতা আৰু সমষ্টিগত আধ্যাত্মিক চেতনা একেলগ হৈ এক গভীৰ আৰু সজীৱ শিল্প ধাৰাৰ সৃষ্টি কৰিছিল।

 

 

 

৩.২ অনুভূতি, আবেগ আৰু ৰঙৰ মনোবৈজ্ঞানিক সু-প্ৰয়োগ

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত অনুভূতি আৰু আবেগে এক গুৰুত্বপূৰ্ণ নান্দনিক আৰু মানসিক উপাদান হিচাপে কাম কৰে। চিত্ৰসমূহত ব্যৱহৃত উজ্জ্বল আৰু প্ৰাণৱন্ত ৰঙে দৰ্শকৰ মনত আনন্দ, ভক্তি আৰু   আধ্যাত্মিক উচ্ছাসৰ অনুভূতি জাগ্ৰত কৰে (Arnheim, 1974)। বিশেষকৈ কৃষ্ণলীলা বা বৈষ্ণৱ ধৰ্মীয় দৃশ্যসমূহৰ চিত্ৰায়নত ব্যৱহৃত উজ্জ্বল ৰঙা(হেঙুল), নীলা(নীল) আৰু হালধীয়া(হালধীয়া) ৰঙে চিত্ৰসমূহক এক আধ্যাত্মিক উজ্জ্বলতা প্ৰদান কৰিছিল। আনহাতে সৰল আৰু কোমল ৰেখাসমূহে দৰ্শক-পাঠকৰ মনত শান্তি, স্থিৰতা আৰু সমাহিত মনোভাৱৰ প্ৰকাশ ঘটাইছিল। এইবোৰৰ মাধ্যমেৰে শিল্পীয়ে নিজৰ অন্তৰ্নিহিত অনুভূতি আৰু মানসিক অৱস্থাক দৃশ্যমান ৰূপত উপস্থাপন কৰিছিল।

ব্যক্তিগত অনুভূতিৰ প্ৰতিফলন হিচাপে এই পুথিসমূহত শান্ত মুখমণ্ডল, নম্ৰ অংগী-ভঙ্গী আৰু সু-সংযত চিত্ৰ-বিন্যাস বিশেষভাৱে লক্ষ্যণীয়। উদাহৰণস্বৰূপে, কৃষ্ণ বা ভক্তসকলৰ মুখত দেখা পোৱা মৃদু হাঁহি, শান্ত দৃষ্টি আৰু কোমল মুখাবয়বে এক আধ্যাত্মিক প্রশান্তিৰ অনুভৱ সৃষ্টি কৰিছিল। এইবোৰে শিল্পীৰ নিজা মানসিক স্থিতি, ভক্তিমূলক চেতনা আৰু অন্তৰ্মুখী অনুভৱক প্ৰতিফলিত কৰে। অন্তৰ্দৃষ্টিমূলক তত্ত্ব অনুসৰি শিল্পীয়ে নিজৰ মানসিক অভিজ্ঞতাক গভীৰভাৱে অনুভৱ কৰি সেই অনুভূতিক চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰে।

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত ৰঙৰ ব্যৱহাৰৰ ক্ষেত্ৰত এক বিশেষ মনোবৈজ্ঞানিক তাৎপৰ্য নিহিত হৈ থকা দেখিবলৈ পোৱা যায়। আনকি ভিন্ন ৰঙে ভিন্ন মানসিক অনুভূতি আৰু আধ্যাত্মিক ভাবধাৰাক প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে—

. নীলা ৰং সাধাৰণতে শান্তি, অসীমতা আৰু আধ্যাত্মিকতাৰ প্ৰতীক। বিশেষকৈ শ্ৰীকৃষ্ণৰ দেহত নীলা ৰঙৰ ব্যৱহাৰেৰে তেওঁৰ ঐশ্বৰিক আৰু অতিমানৱীয় সত্তাক প্ৰকাশ কৰা হয়।

. ৰঙা ৰং তেজ, কাম, যৌনতা, অনুৰাগ, উৰ্বৰতা, উত্তেজনাৰ প্ৰতীক। এই ৰঙৰ ব্যৱহাৰে চিত্ৰসমূহত এক ধৰণৰ গতিশীলতা আৰু আবেগিক তীব্ৰতা সৃষ্টি কৰিছিল।

. হালধীয়া ৰং আনন্দ, পূৰ্ণতা, প্ৰাণচঞ্চলতা, প্ৰশান্তিৰ প্ৰতীক হিচাপে ব্যৱহৃত হয়। সচিত্ৰ পুথিৰ চিত্ৰসমূহত এই ৰঙৰ ব্যৱহাৰেৰে সকলোৰে মনত ভক্তি আৰু পবিত্ৰতাৰ অনুভূতি জাগ্ৰত কৰিছিল(ফুকন ১৯৮৭)

এই ৰংসমূহ কেৱল দৃশ্যগত সৌন্দৰ্য বৃদ্ধিৰ বাবে ব্যৱহৃত হোৱা নাছিল; ইবোৰে দৰ্শকৰ মনত বিশেষ আবেগিক আৰু মানসিক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল (Arnheim, 1974)। অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে চালে ৰঙৰ এই বহুমাত্ৰিক ব্যৱহাৰ শিল্পীৰ অন্তৰ্নিহিত অনুভূতি, ভক্তিমূলক চেতনা আৰু মানসিক অভিজ্ঞতাৰ এক গভীৰ প্ৰকাশ।

তদুপৰি চিত্ৰসমূহৰ চাক্ষুষ আৰু সামগ্ৰিক বিন্যাসেও দৰ্শক-পাঠকৰ মনত আবেগ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। বহুসময়ত কেন্দ্ৰীয় বা মূল চৰিত্ৰসমূহক উজ্জ্বল ৰূপত উপস্থাপন কৰাৰ প্ৰয়াসৰ মাধ্যমেৰে সাধাৰণতে দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছিল। মুঠতে সচিত্ৰ পুথিসমূহত অনুভূতি, আবেগ আৰু ৰঙৰ মনোবিজ্ঞান একেলগ হৈ এক গভীৰ নান্দনিক আৰু মানসিক অভিজ্ঞতাৰ সৃষ্টি কৰিছিল।

Top of Form

Bottom of Form

৩.৩ বাস্তৱতা আৰু কল্পনাৰ সু-সংমিশ্ৰণ

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিৰ চিত্ৰসমূহত  বাস্তৱতা আৰু কল্পনাৰ এক সুন্দৰ সংমিশ্ৰণ লক্ষ্য কৰা যায়। এই চিত্ৰসমূহ কেৱল বাহ্যিক জগতৰ বাস্তৱ দৃশ্যৰ অনুকৰণ নহয়; ই শিল্পীৰ অন্তৰ্জগতত গঢ় লৈ উঠা মানসিক অভিজ্ঞতা, কল্পনাশক্তি আৰু আধ্যাত্মিক অনুভৱৰ দৃশ্যমান ৰূপ (Jung, 1966)। অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে শিল্প সৃষ্টিৰ মূল উৎস হৈছে ব্যক্তিৰ অন্তৰ্মুখী চিন্তা আৰু মানসিক প্ৰক্ৰিয়া। সেয়ে শিল্পীয়ে বাস্তৱ ঘটনাক হুবহু পুনৰাবৃত্তি নকৰি নিজৰ অনুভূতি, স্মৃতি আৰু কল্পনাৰ সংমিশ্ৰণ ঘটাই এক নতুন দৃশ্য-জগত সৃষ্টি কৰে।

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত ৰাম, কৃষ্ণ বা ভাগৱত আদি পুৰাণ, উপ-পুৰাণৰ বিভিন্ন ঘটনাৰ চিত্ৰায়নত এই কল্পনাশক্তিৰ গভীৰ প্ৰয়োগ দেখা যায়। উদাহৰণস্বৰূপে, ঐশ্বৰীয় গুণসম্পন্ন চৰিত্ৰসমূহক সাধাৰণ মানুহৰ তুলনাত অধিক উজ্জ্বল, সৌন্দৰ্যমণ্ডিত বা অতিমানৱীয় ৰূপত উপস্থাপন কৰা হৈছিল(কলিতা ১৯৯৬)। এই উপস্থাপন কেৱল বাস্তৱতাৰ অনুকৰণ নহয়; ই পুৰামাত্ৰাই শিল্পীৰ মানসিক আৰু আধ্যাত্মিক উপলব্ধিৰ ফল আছিল। ইয়াৰ মাধ্যমেৰে শিল্পীয়ে ঐশ্বৰীয় শক্তি, ভক্তি আৰু আধ্যাত্মিক অনুভূতিক অধিক স্পষ্ট আৰু প্ৰভাৱশালী ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল।

সাধাৰণতে অন্তৰ্দৃষ্টিৰ জৰিয়তে শিল্পীয়ে নিজৰ মানসিক জগতক চিত্ৰৰ মাধ্যমেৰে দৃশ্যমান ৰূপ দিয়ে। এই প্ৰক্ৰিয়াত ব্যক্তিগত অনুভূতি, কল্পনা, স্মৃতি আৰু অভিজ্ঞতা একেলগে মিলিত হয়। ফলত চিত্ৰসমূহ কেৱল বৰ্ণনামূলক নহৈ এক গভীৰ মানসিক অভিব্যক্তিত পৰিণত হয়। এই দৃষ্টিকোণৰ পৰা মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিৰ চিত্ৰসমূহক এক ধৰণৰ “মানসিক চিত্ৰকল্প (mental imagery) হিচাপে ধৰিব পাৰি, য’ত শিল্পীৰ অন্তৰ্মুখী অনুভৱ আৰু মানসিক গঠনে দৃশ্যমান ৰূপ লাভ কৰে।

তদুপৰি এই মানসিক চিত্ৰকল্পসমূহে দৰ্শকৰ মনতো বিশেষ কল্পনাশক্তি আৰু অনুভূতিৰ উদ্ৰেক কৰে। দৰ্শকে চিত্ৰসমূহৰ মাধ্যমেৰে কেৱল কাহিনী একোটাকে নেদেখে; তেওঁ শিল্পীৰ অনুভূতি, আধ্যাত্মিক অভিজ্ঞতা আৰু কল্পনাশক্তিৰ সৈতে মানসিকভাৱে সংযুক্ত হয়। সেয়েহে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত কল্পনা আৰু মানসিক গঠন এক গুৰুত্বপূৰ্ণ সৃষ্টিশীল শক্তি হিচাপে প্ৰকাশ পাইছিল। এই সৃষ্টিশীল শক্তিয়ে শিল্পধাৰাটোক অধিক জীৱন্ত, আবেগময় আৰু আধ্যাত্মিক কৰি তুলিছিল।

৩.৪ দৰ্শকৰ অন্তৰ্দৃষ্টি আৰু অৰ্থ-গঠন

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগী অনুসৰি শিল্প উপভোগ কেৱল বাহ্যিক দৃশ্য অৱলোকনৰ প্ৰক্ৰিয়া নহয়; ই এক গভীৰ অন্তৰ্মুখী মানসিক অভিজ্ঞতা। এজন দৰ্শকে যেতিয়া কোনো শিল্পকৰ্ম বা সচিত্ৰ পুথিৰ চিত্ৰসমূহ অৱলোকন কৰে, তেতিয়া তেওঁ কেৱল চিত্ৰৰ আকাৰ, ৰং বা বিন্যাসকে নেদেখে; বৰং নিজৰ ব্যক্তিগত অভিজ্ঞতা, বিশ্বাস, স্মৃতি, মানসিক অৱস্থা আৰু সাংস্কৃতিক পটভূমিৰ সহায়ত তাৰ অৰ্থ নিৰ্মাণ কৰে (Dewey, 1934) সেয়ে শিল্পৰ অৰ্থ কেতিয়াও স্থিৰ বা চিৰ সত্য নহয়; ই দৰ্শকৰ অন্তৰ্দৃষ্টি আৰু অনুভৱৰ ওপৰত ভিত্তি কৰি পৰিৱৰ্তিত হব পাৰে।

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহৰ ক্ষেত্ৰতো এই কথাটো বিশেষভাৱে প্ৰযোজ্য। বিভিন্ন সচিত্ৰ পুথিৰ চিত্ৰসমূহে এজন ভক্ত বা দৰ্শকৰ মনত গভীৰ ভক্তি আৰু আধ্যাত্মিক অনুভূতি জাগ্ৰত কৰিব পাৰে, আনহাতে এজন শিল্প-সমালোচকে সেই একেটা চিত্ৰক লৈ নান্দনিকতা, চিত্ৰবিন্যাস বা ৰঙৰ মনোবিজ্ঞান বিশ্লেষণ কৰিব পাৰে। ঠিক একেদৰে, ভিন্ন সাংস্কৃতিক বা সামাজিক পটভূমিৰ দৰ্শকসকলেও একেটা চিত্ৰক ভিন্নভাৱে ব্যাখ্যা কৰিব পাৰে। সেয়ে শিল্পৰ অৰ্থ সদায় ব্যক্তিনিৰ্ভৰ।

এগৰাকী দৰ্শকৰ ব্যক্তিগত অভিজ্ঞতাইও চিত্ৰৰ অৰ্থ-গঠনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতিজন দৰ্শকেই নিজৰ মানসিক অৱস্থা আৰু জীৱন-অভিজ্ঞতাৰ ভিত্তিত চিত্ৰসমূহৰ সৈতে সংযোগ স্থাপন কৰে, একাত্মতা গঢ়ে। উদাহৰণস্বৰূপে, নিজৰ জীৱনত আধ্যাত্মিক সাধনাৰ অভিজ্ঞতা থকা এজন চিত্ৰ ৰসিক ব্যক্তিয়ে কৃষ্ণৰ ধ্যানমগ্ন ৰূপৰ চিত্ৰ এখনৰ মাজত গভীৰ আধ্যাত্মিক শান্তিৰ অনুভৱ লাভ কৰিব পাৰে। আনহাতে অন্য এজন সাধাৰণ দৰ্শকে সেই একেটা দৃশ্যত নান্দনিক সৌন্দৰ্য আৰু চিত্ৰ অংকনৰ দক্ষতা অনুভৱ কৰিব পাৰে। সেয়ে দৰ্শকৰ অনুভূতি আৰু অন্তৰ্জগত শিল্পৰ অৰ্থ নিৰ্মাণৰ এক সক্ৰিয় অংশ।

তদুপৰি এই সচিত্ৰ পুথিসমূহে বহুস্তৰীয় অৰ্থ-গঠন কৰাও দেখা যায়। একোটা চিত্ৰই একে সময়তে ধৰ্মীয়, নান্দনিক, সামাজিক আৰু মানসিক আদি ভিন্ন অৰ্থ বহন কৰিব পাৰে। উদাহৰণস্বৰূপে, শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ চিত্ৰায়ন যেনেদৰে ভক্তিৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰিব পাৰি, ঠিক তেনেদৰে সেই একেটা চিত্ৰকে মানৱীয় প্ৰেম, সৌন্দৰ্যবোধ বা সামাজিক সম্পৰ্কৰ দৃষ্টিভংগীৰেও ব্যাখ্যা কৰিব পাৰি। এই বহুস্তৰীয় অৰ্থ-গঠনে সচিত্ৰ পুথিসমূহক অধিক গতিশীল আৰু জীৱন্ত কৰি তুলিছিল।

অন্তৰ্দৃষ্টিমূলক তত্ত্ব অনুসৰি শিল্পৰ প্ৰকৃত তাৎপৰ্য দৰ্শকৰ মানসিক অংশগ্ৰহণৰ মাজতেই নিহিত থাকে। সেয়ে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহ কেৱল দৃশ্যমান শিল্প নহয়; ই দৰ্শক আৰু শিল্পীৰ মাজত এক মানসিক আৰু আধ্যাত্মিক সংযোগ সৃষ্টি কৰাৰ মাধ্যম। এই সংযোগৰ মাধ্যমতেই শিল্পৰ অৰ্থ সদায় নতুনভাৱে গঠিত আৰু পুনৰ্নিৰ্মিত হৈ থাকে।

৩.৫ আধ্যাত্মিক অভিজ্ঞতা আৰু মন

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত ধৰ্মীয় আৰু আধ্যাত্মিক বিষয়বস্তুৱে এক মুখ্য স্থান অধিকাৰ কৰি আছে। এই পুথিসমূহত মূলতঃ কৃষ্ণলীলা, ভাগৱত, ৰামায়ণ আৰু বৈষ্ণৱ ধৰ্মীয় আদৰ্শসমূহৰ চিত্ৰায়নৰ মাধ্যমেৰে ঈশ্বৰভক্তি, নৈতিকতা আৰু আধ্যাত্মিক সাধনাৰ বাণী প্ৰকাশ কৰা হৈছিল (Neog, 1985)। কিন্তু এইবোৰ কেৱল ধৰ্মীয় উপদেশ বা কাহিনীৰ দৃশ্যায়ন নহয়; ই এক গভীৰ মানসিক আৰু আধ্যাত্মিক অভিজ্ঞতাৰ মাধ্যম হিচাপেও বিবেচিত। অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে এই শিল্পসমূহ ব্যক্তিৰ অন্তৰ্জগতৰ সৈতে গভীৰভাৱে সম্পৰ্কিত আৰু ই সদায় আত্ম-অনুভৱৰ পথো উন্মোচন কৰে।

এই পুথিসমূহত ধ্যান, ভক্তি আদি আত্ম-অনুসন্ধানৰ উপাদানসমূহ বিশেষভাৱে লক্ষ্য কৰা যায়। ধ্যানমগ্ন ভঙ্গী, শান্ত মুখাবয়ব আৰু আধ্যাত্মিক পৰিৱেশে দৰ্শকৰ মনত এক প্ৰশান্ত আৰু সমাহিত অনুভূতি সৃষ্টি কৰে। বিশেষকৈ শ্ৰীকৃষ্ণ বা বৈষ্ণৱ সাধুসকলৰ চিত্ৰসমূহত দেখা পোৱা শান্ত আৰু স্নিগ্ধ অভিব্যক্তিয়ে আধ্যাত্মিক ধ্যান আৰু আত্মিক স্থিৰতাৰ অনুভৱ জাগ্ৰত কৰে। এই চিত্ৰসমূহে দৰ্শকক বাহ্যিক জগতৰ পৰা এখন অন্তৰ্মুখী জগতৰ দিশে আগবঢ়াই নিয়ে।

ভক্তিও এই পুথিসমূহৰ এক মুখ্য মানসিক উপাদান। বিশেষকৈ বৈষ্ণৱ ধৰ্মীয় চেতনাৰ প্ৰভাৱত পৰা শিল্পীসকলে ঈশ্বৰৰ সৈতে এক আত্মিক সম্পৰ্ক স্থাপনৰ অনুভূতিক নিজৰ চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণৰ প্ৰতি গোপীসকলৰ সমৰ্পণমূলক মনোভাৱ, ভক্তসকলৰ নম্ৰ অংগী-ভঙ্গী বা নাম-কীৰ্তনৰ চিত্ৰসমূহে গভীৰ ভক্তিমূলক আবেগ প্ৰকাশ কৰিছিল। এই ভক্তি কেৱল ধৰ্মীয় আচাৰ নহয়; ই এক অন্তৰ্মুখী মানসিক অৱস্থা, য’ত ব্যক্তি এগৰাকীয়ে নিজৰ অস্তিত্বক ঐশ্বৰীয় শক্তিৰ সৈতে সংযোগ হোৱাৰ একাত্মতা অনুভৱ কৰে।

আত্ম-অনুসন্ধানো এই পুথিসমূহৰ এক গুৰুত্বপূৰ্ণ দিশ। অন্তৰ্দৃষ্টিমূলক তত্ত্ব অনুসৰি মানুহে নিজৰ অন্তৰ্জগতক অনুধাৱন কৰাৰ মাধ্যমেৰেই আত্ম-সচেতনতা লাভ কৰে। মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহৰ আধ্যাত্মিক চিত্ৰসমূহে দৰ্শকক পোনেপোনে নিজৰ জীৱন, বিশ্বাস আৰু মানসিক অৱস্থাৰ বিষয়ে চিন্তা কৰিবলৈ উদ্বুদ্ধ কৰিছিল।

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত আধ্যাত্মিকতা আৰু মনৰ মাজৰ এক গভীৰ সম্পৰ্ক দেখা যায়। এইবোৰে শিল্পক কেৱল দৃশ্যমান সৌন্দৰ্যৰ মাধ্যম হিচাপে নেদেখুৱাই, বৰং আত্ম-অনুভৱ, মানসিক শান্তি আৰু আধ্যাত্মিক জাগৰণৰ এক গুৰুত্বপূৰ্ণ পথ হিচাপে প্ৰতিষ্ঠা কৰিছিল।

৪.০ সামাজিক আৰু সাংস্কৃতিক প্ৰভাৱ

মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহ কেৱল ধৰ্মীয় বা শিল্পমূলক সম্পদ নহয়; ই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনৰ ওপৰতো গভীৰ প্ৰভাৱ পেলাইছিল। এই পুথিসমূহৰ মাধ্যমেৰে সমাজত বৈষ্ণৱ ধৰ্মীয় আদৰ্শ, নৈতিক মূল্যবোধ আৰু সমষ্টিগত সাংস্কৃতিক চেতনাই বিস্তাৰ লাভ কৰিছিল। অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে এই প্ৰভাৱসমূহ কেৱল বাহ্যিক সামাজিক পৰিবৰ্তনতে সীমাবদ্ধ নাথাকি মানুহৰ মানসিক গঠন, অনুভূতি আৰু চেতনাৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল।

৪.১ মানসিক গঠন

সচিত্ৰ পুথিসমূহে মানুহৰ মাজত ধৰ্মীয় চেতনা আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল (Deka, 2007)। ভাগৱত, ৰামায়ণ আদিৰ চিত্ৰ আৰু কাহিনীসমূহৰ মাধ্যমেৰে ভক্তি, দয়া, সহানুভূতি, সত্যনিষ্ঠা আৰু আত্ম-সমৰ্পণৰ দৰে আদৰ্শসমূহ সমাজত প্ৰচাৰিত হৈছিল। চিত্ৰসমূহত উপস্থাপিত ঐশ্বৰীয় চৰিত্ৰ, সাধুসকলৰ জীৱন বা ভক্তসকলৰ সমৰ্পণে দৰ্শকৰ মনত গভীৰ আধ্যাত্মিক আৰু নৈতিক অনুভূতি জাগ্ৰত কৰিছিল।

অন্তৰ্দৃষ্টিমূলক দৃষ্টিভংগী অনুসৰি এই প্ৰক্ৰিয়া কেৱল বাহ্যিক শিক্ষা নহয়; ই এক অন্তৰ্মুখী মানসিক অভিজ্ঞতা। দৰ্শকে এই চিত্ৰসমূহৰ সৈতে মানসিকভাৱে সংযুক্ত হৈ নিজৰ জীৱন, আচৰণ আৰু বিশ্বাসৰ বিষয়ে আত্ম-অনুধাৱন কৰিবলৈ আৰম্ভ কৰে। এনেদৰেই সচিত্ৰ পুথিসমূহে ব্যক্তিৰ মানসিক গঠন আৰু নৈতিক চেতনাক সুদৃঢ় কৰাত সহায় কৰিছিল।

৪.২ সমষ্টিগত অভিজ্ঞতা

মধ্যযুগীয় অসমত সচিত্ৰ পুথিসমূহ নামঘৰ আৰু সত্রসমূহত পাঠ আৰু প্ৰদৰ্শনৰ মাধ্যমেৰে সমষ্টিগতভাৱে উপভোগ কৰা হৈছিল। এই সমষ্টিগত পাঠ আৰু চিত্ৰদৰ্শনে সমাজৰ মাজত এক সাংস্কৃতিক ঐক্য আৰু সামূহিক অনুভূতি সৃষ্টি কৰিছিল (Neog, 1985)। নামঘৰত পুথি পাঠৰ সময়ত ধৰ্মীয় সংগীত, ব্যাখ্যা আৰু চিত্ৰদৰ্শনৰ মাধ্যমেৰে মানুহে এক সামূহিক আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছিল।

এই সমষ্টিগত অভিজ্ঞতাই মানুহৰ মাজত ভক্তি, সহমর্মিতা আৰু সামাজিক সংযোগৰ অনুভূতি বৃদ্ধি কৰিছিল। অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীৰে এই সামূহিক অনুভূতিসমূহে ব্যক্তিৰ মানসিক অৱস্থা আৰু সামাজিক চেতনাক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। অৰ্থাৎ, ব্যক্তিয়ে নিজৰ ব্যক্তিগত অনুভূতিক সমষ্টিগত অভিজ্ঞতাৰ সৈতে মিলাই এক বৃহত্তৰ সাংস্কৃতিক আৰু আধ্যাত্মিক পৰিচয় গঠন কৰিছিল।

তদুপৰি সচিত্ৰ পুথিসমূহে শিল্প আৰু সাহিত্যৰ মাজত এক সুন্দৰ সমন্বয় ঘটাইছিল। চিত্ৰ আৰু লিখিত পাঠ একেলগে মিলি এক সমন্বিত দৃশ্য-সাংস্কৃতিক অভিজ্ঞতাৰ সৃষ্টি কৰিছিল। এই সমন্বিত দৃশ্য-সাংস্কৃতিক অভিজ্ঞতাই অসমীয়া সমাজত নান্দনিক চেতনা আৰু সাংস্কৃতিক ঐতিহ্যৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মুঠতে সচিত্ৰ পুথিসমূহে কেৱল ধৰ্মীয় বাণী প্ৰচাৰ কৰা নাছিল; ই মানুহৰ মানসিক গঠন, সামাজিক সম্পৰ্ক আৰু সাংস্কৃতিক চেতনাকো গভীৰভাৱে প্ৰভাৱিত কৰিছিল।

.মূল বিষয়ৰ আলোচনা

অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ দৃষ্টিভংগীয়ে শিল্পক কেৱল বাহ্যিক বাস্তৱতাৰ অনুকৰণ বা প্ৰতিফলন হিচাপে নেদেখুৱাই, বৰং ই মানুহৰ অন্তৰ্জগতত উদ্ভৱ হোৱা মানসিক আৰু আধ্যাত্মিক অভিজ্ঞতাৰ প্ৰকাশ হিচাপে ব্যাখ্যা কৰে (Jung, 1966)। এই দৃষ্টিভংগীৰে মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহ বিশ্লেষণ কৰিলে দেখা যায় যে এইবোৰ কেৱল ধৰ্মীয় কাহিনীৰ দৃশ্যায়ন নহয়; ই শিল্পীৰ অনুভূতি, ভক্তি, কল্পনা আৰু আধ্যাত্মিক উপলব্ধিৰ এক সজীৱ প্ৰকাশ। শিল্পীয়ে নিজৰ অন্তৰ্মুখী চিন্তা, মানসিক অৱস্থা আৰু আধ্যাত্মিক অভিজ্ঞতাক চিত্ৰৰ মাধ্যমেৰে দৃশ্যমান ৰূপত উপস্থাপন কৰিছিল। ফলত সচিত্ৰ পুথিসমূহ এক গভীৰ মানসিক আৰু আবেগিক অভিব্যক্তিত পৰিণত হৈছিল।

এই ক্ষেত্ৰত দৰ্শকৰ ভূমিকাও সমভাৱেই গুৰুত্বপূৰ্ণ। অন্তৰ্দৃষ্টিমূলক তত্ত্ব অনুসৰি শিল্পৰ অৰ্থ কেৱল শিল্পীৰ উদ্দেশ্যৰ মাজতেই সীমাবদ্ধ নাথাকে; দৰ্শকৰ ব্যক্তিগত অভিজ্ঞতা, অনুভূতি আৰু সাংস্কৃতিক পটভূমিৰ ওপৰত নিৰ্ভৰ কৰি শিল্পৰ অৰ্থ গঠিত হয় (Dewey, 1934)। অৰ্থাৎ, শিল্পীৰ অনুভূতি আৰু দৰ্শকৰ ব্যাখ্যা— এই দুয়োটা উপাদান একেলগে মিলিহে শিল্প একোটাৰ সম্পূৰ্ণ অৰ্থ সৃষ্টি কৰে।

অন্তৰ্দৃষ্টিমূলক দৃষ্টিভংগীৰ অন্যতম শক্তি হৈছে ই সদায় শিল্পৰ আভ্যন্তৰীণ মানসিক আৰু আবেগিক দিশসমূহ বুজাত সহায় কৰে। বিশেষকৈ মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহত ভক্তি, আধ্যাত্মিকতা আৰু আত্ম-অনুভৱৰ দৰে উপাদানসমূহৰ গভীৰ বিশ্লেষণ এই তত্ত্বৰ মাধ্যমেৰে অধিক স্পষ্ট হয়। শিল্পৰ সৈতে মানসিক প্ৰক্ৰিয়া, কল্পনাশক্তি আৰু ব্যক্তিগত অনুভৱৰ সম্পৰ্ক এই দৃষ্টিভংগীয়ে গভীৰভাৱে ব্যাখ্যা কৰিব পাৰে (Freud, 1958)

তথাপি, এই তত্ত্বৰ কিছু সীমাবদ্ধতা আছে। প্ৰথমতে, অন্তৰ্দৃষ্টিমূলক বিশ্লেষণ অত্যধিক ব্যক্তিনিৰ্ভৰ। শিল্পীৰ অন্তৰ্জগত বা দৰ্শকৰ অনুভূতি সম্পূৰ্ণভাৱে ব্যক্তিগত হোৱাৰ বাবে ইয়াক বৈজ্ঞানিকভাৱে পৰিমাপ কৰা কঠিন। এজন দৰ্শকে যি অনুভৱ কৰে, অন্যজনৰ ক্ষেত্ৰত সেই অনুভূতি সম্পূৰ্ণ ভিন্ন হ’ব পাৰে (Titchener, 1912)। মুঠতে এই তত্ত্বৰ আধাৰত কৰা বিশ্লেষণ কেতিয়াবা বস্তুনিষ্ঠতাৰ অভাৱত ভুগিব পাৰে। দ্বিতীয়তে, এই দৃষ্টিভংগীয়ে কেতিয়াবা সামাজিক, ঐতিহাসিক আৰু ৰাজনৈতিক পৰিপ্ৰেক্ষিত (perspectives)সমূহক তুলনামূলকভাৱে উপেক্ষা কৰে। মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহৰ বিকাশ মূলতঃ নৱ-বৈষ্ণৱ আন্দোলন, সত্র-সংস্কৃতি, সামাজিক গঠন আৰু ঐতিহাসিক পৰিস্থিতিৰ সৈতে গভীৰভাৱে জড়িত আছিল (Neog, 1985)। কিন্তু অন্তৰ্দৃষ্টিমূলক তত্ত্বই মূলতঃ ব্যক্তিৰ মানসিক অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত এই বহিৰাগত সামাজিক উপাদানসমূহৰ বিশ্লেষণ সীমিত হৈ পৰে। সেয়েহে, মধ্যযুগীয় অসমৰ সচিত্ৰ পুথি পৰম্পৰাক সম্পূৰ্ণভাৱে বুজিবলৈ অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞানৰ লগতে সামাজিক, সাংস্কৃতিক, নান্দনিক আৰু ঐতিহাসিক দৃষ্টিভংগীৰ সমন্বিত প্ৰয়োগ প্ৰয়োজন। তথাপি, এই তত্ত্বই সচিত্ৰ পুথিসমূহৰ অন্তৰ্নিহিত মানসিক আৰু আধ্যাত্মিক তাৎপৰ্য অনুধাৱন কৰাত এক গুৰুত্বপূৰ্ণ বিশ্লেষণাত্মক পদ্ধতি হিচাপে পৰিগণিত হৈছে।

.০ উপসংহাৰ

উপৰ্যুক্ত আলোচনাৰ পৰা আমি কেইটামান সিদ্ধান্তলৈ আহিব পাৰোঁ-

১. মধ্যযুগীয় অসমৰ সচিত্ৰ পুথিসমূহ সমসাময়িক সমাজৰ ধৰ্মীয় বিশ্বাস, শিল্প-সংস্কৃতি আৰু সামাজিক জীৱনৰ এক ঐতিহাসিক দলিল হিচাপে বিবেচিত। মূলতঃ নৱ-বৈষ্ণৱ আন্দোলনৰ প্ৰভাৱত সৃষ্টি হোৱা এই পুথিসমূহে অসমীয়া সমাজত আধ্যাত্মিক চেতনা, ভক্তিমূলক সংস্কৃতি আৰু নৈতিক মূল্যবোধ গঢ়ি তোলাত বিশেষ ভূমিকা পালন কৰিছিল। সাহিত্য, চিত্ৰকলা আৰু ধৰ্মীয় ভাবধাৰাৰ সমন্বয়ে এই পুথিসমূহক অসমীয়া সাংস্কৃতিক ঐতিহ্যৰ এক অনন্য সম্পদত পৰিণত কৰিছে।

২. অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্ব অনুসৰি শিল্প হৈছে শিল্পীৰ অন্তৰ্নিহিত অনুভূতি আৰু মানসিক অৱস্থাৰ বহিঃপ্ৰকাশ। সচিত্ৰ পুথিসমূহৰ চিত্ৰসমূহ কেৱল কাহিনীৰ বৰ্ণনা নহয়; ই শিল্পীৰ ভক্তি, আধ্যাত্মিক অনুভৱ আৰু কল্পনাশক্তিৰ দৃশ্যমান ৰূপ। শিল্পীয়ে নিজৰ মানসিক জগত আৰু আধ্যাত্মিক উপলব্ধিক চিত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰিছে, যাৰ ফলত এই চিত্ৰসমূহ অধিক আবেগময় আৰু জীৱন্ত হৈ উঠিছে।

৩. সচিত্ৰ পুথিসমূহত ব্যৱহৃত উজ্জ্বল ৰং, কোমল ৰেখা আৰু শান্ত অংগী-ভঙ্গীয়ে বিশেষ মানসিক অনুভূতি সৃষ্টি কৰে। নীলা ৰং আধ্যাত্মিকতা আৰু শান্তিৰ প্ৰতীক, ৰঙা ৰং আবেগ আৰু শক্তিৰ প্ৰতীক, আনহাতে হালধীয়া ৰঙে পবিত্ৰতাৰ অনুভৱ জাগ্ৰত কৰে। এই উপাদানসমূহে চিত্ৰসমূহক কেৱল নান্দনিক নকৰি মানসিকভাৱেও প্ৰভাৱশালী কৰি তোলে।

৪. অন্তৰ্দৃষ্টিমূলক দৃষ্টিভংগী অনুসৰি শিল্পৰ কোনো স্থিৰ অৰ্থ নাথাকে। এজন দৰ্শকে নিজৰ ব্যক্তিগত অনুভূতি, বিশ্বাস, স্মৃতি আৰু সাংস্কৃতিক অভিজ্ঞতাৰ ভিত্তিত শিল্পৰ অৰ্থ নিৰ্মাণ কৰে। ফলক একেটা চিত্ৰই ভিন্ন দৰ্শকৰ মনত ভিন্ন অনুভূতি আৰু ব্যাখ্যা সৃষ্টি কৰিব পাৰে। এই বহুস্তৰীয় অৰ্থ-গঠনে সচিত্ৰ পুথিসমূহক অধিক জীৱন্ত আৰু গতিশীল কৰি তোলে।

৫. সচিত্ৰ পুথিসমূহৰ মূল বিষয়বস্তু আধ্যাত্মিকতা আৰু ভক্তিৰ সৈতে জড়িত। ধ্যানমগ্ন ভঙ্গী, কৃষ্ণভক্তি, নাম-সংকীৰ্তন আৰু ঐশ্বৰীয় চিত্ৰসমূহে দৰ্শকৰ মনত এক বিশেষ আধ্যাত্মিক অনুভূতি জাগ্ৰত কৰে। এই অভিজ্ঞতাই দৰ্শকক আত্ম-অনুসন্ধান আৰু অন্তৰ্মুখী চিন্তাৰ দিশে আগবঢ়াই নিয়ে। ফলত এই পুথিসমূহ কেৱল দৃশ্যমান শিল্প নহৈ এক মানসিক আৰু আধ্যাত্মিক সাধনাৰ মাধ্যমলৈ ৰূপান্তৰিত হয়।

৬. নামঘৰ আৰু সত্রসমূহত পুথি পাঠ আৰু চিত্ৰদৰ্শনৰ মাধ্যমেৰে মানুহে এক সমষ্টিগত আধ্যাত্মিক অভিজ্ঞতা লাভ কৰিছিল। এই প্ৰক্ৰিয়াই সমাজত ভক্তি, সহমর্মিতা, নৈতিকতা আৰু সামাজিক ঐক্যবোধ গঢ়ি তুলিছিল। এই শিল্প আৰু সাহিত্যৰ সমন্বয়ে অসমীয়া সমাজত এক শক্তিশালী সাংস্কৃতিক পৰিচয় গঠনত সহায় কৰিছিল।

৭. অন্তৰ্দৃষ্টিমূলক মনোবিজ্ঞান তত্ত্বই শিল্পৰ অন্তৰ্নিহিত মানসিক প্ৰক্ৰিয়া, অনুভূতি আৰু কল্পনাশক্তিক বিশ্লেষণ কৰাৰ সুযোগ প্ৰদান কৰে। বিশেষকৈ সচিত্ৰ পুথিসমূহৰ আধ্যাত্মিক আৰু আবেগিক তাৎপৰ্য অনুধাৱন কৰাত অন্তৰ্দৃষ্টিমূলক দৃষ্টিভংগী অত্যন্ত সহায়ক। যদিও এই তত্ত্বৰ কিছু সীমাবদ্ধতা আছে, তথাপি ই শিল্প আৰু মানুহৰ মনৰ মাজৰ গভীৰ সম্পৰ্কক বুজিবলৈ এক গুৰুত্বপূৰ্ণ বিশ্লেষণাত্মক পদ্ধতি হিচাপে বিশেষ তাৎপৰ্য বহন কৰে।

সহায়ক গ্ৰন্থপঞ্জী

কলিতা, নৰেন. (১৯৯৬). অসমৰ পুথিচিত্ৰ. অসম প্ৰকাশন পৰিষদ.

ফুকন, নীলমণি. (১৯৮৭). লোক কল্পদৃষ্টি. অসম প্ৰকাশন পৰিষদ.

Arnheim, R. (1974). Art and visual perception: A psychology of the creative eye. University of California Press.

Deka, P. C. (2007). Sattra culture and neo-Vaishnavism in Assam. Bani Mandir.

Dewey, J. (1934). Art as experience. Minton, Balch & Company.

Freud, S. (1958). Leonardo da Vinci and a memory of his childhood (A. A. Brill, Trans.). Vintage Books.

Jung, C. G. (1966). The spirit in man, art, and literature. Princeton University Press.

Neog, M. (1985). Early history of the Vaishnava faith and movement in AssamSankaradeva and His Times. Motilal Banarsidass.

Titchener, E. B. (1909). Experimental psychology of the thought processes. Macmillan.

Titchener, E. B. (1912). A textbook of psychology. Macmillan.

Wundt, W. (1998). Outlines of psychology. Thoemmes Press.

 

***

 

 

Comments

Popular posts from this blog

অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতাত দেশপ্ৰেম তথা জাতীয়তাবোধ

ভূপেন হাজৰিকাৰ গীতত অৰ্থনৈতিক দ্বৈততা (Economic Dualism) আৰু সামাজিক অসমতাৰ প্ৰকাশ