খোৱাং সোনোৱাল বঙালী গাঁৱৰ সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ
সংক্ষিপ্তসাৰ
অসমত বসবাস কৰা জনগোষ্ঠীসমূহৰ ভিতৰত তৃতীয় বৃহৎ জনগোষ্ঠী হৈছে সোনোৱাল কছাৰী। তেওঁলোকৰ লোকভাষাটো হৈছে কথিত অসমীয়া ভাষা। কথিত ভাষাটো মান্য ভাষাৰ লগত নিমিলে। কিয়নো তেওঁলোকে কিছুমান নিজা শব্দ ব্যৱহাৰ কৰে। যিবোৰ শব্দ বৰ্তমানেও মান্য অসমীয়া ভাষাত অন্তৰ্ভুক্ত হোৱা নাই, সেই শব্দবোৰক নিজা শব্দ বুলি ক’ব পাৰি। সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰি অহা কথিত ভাষাটো নিজস্ব স্বতন্ত্ৰ ভাষা। খোৱাং সোনোৱাল বঙালী গাঁৱখনত বসবাস কৰা সোনোৱাল কছাৰীলোকসকলৰ কিছু সংখ্যক ব্যক্তিয়ে নিজৰ ভাষাটো এৰি দিছে। তেওঁলোকৰ কথোপকথনত ভালেমান অসমীয়া শব্দ ব্যৱহাৰ কৰিলেও ধ্বনি উচ্চাৰণৰ ক্ষেত্ৰত সৰল উচ্চাৰণে ভাষাটোক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে। গাঁওখনত বসবাস কৰা সোনোৱাল কছাৰীলোকসকলৰ কথিত ভাষাৰ গাঁথনিক দিশসমূহৰ সম্পৰ্কে গৱেষণা-পত্ৰখনত আলোচনা কৰা হৈছে। কথিত ভাষাটো ৰূপ গঠনত কেনেদৰে ব্যৱহাৰ কৰে, নিজৰ কথিত ভাষাত ভাষাটো বৰ্তমান সময়ত কিমান চহকী তাৰ আভাস দাঙি ধৰা হৈছে।
গোলকীকৰণ আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰসাৰণত সোনোৱাল কছাৰীসকলৰ কথিত ভাষাটোৰ ৰূপগত দিশত কিমান শুদ্ধভাৱে তেওঁলোক সচেতন, তাৰ বিৱৰণ দাঙি ধৰা হৈছে গৱেষণা-পত্ৰখনত। আৰু বিশ্বায়নৰ প্ৰভাৱে সোনোৱাল কছাৰীসকলৰ ভাষিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ অনা পৰিৱৰ্তন ৰোধ কৰাত এনে অধ্যয়নে তথ্য সংৰক্ষণত সহায় কৰিব।
তুলনামূলক অধ্যয়নে কথিত অসমীয়া ভাষা আৰু মান্য অসমীয়া ভাষা দুটাৰ মাজত ভাষিক দিশৰ সাদৃশ্য আৰু বৈসাদৃশ্যসমূহ পোহৰলৈ অনাৰ বাবে অসমীয়া ভাষা শুদ্ধৰূপে আহৰণত সোনোৱাল কছাৰীসকলৰ নতুন প্ৰজন্মৰ বাবে সহায়ক হ’ব।
সূচক শব্দ: ভাষা, ৰূপতত্ত্ব, সোনোৱাল-কছাৰী, জনগোষ্ঠী, কথিত, মান্য, ইত্যাদি।
০.০ অৱতৰণিকা
০.১ বিষয়ৰ পৰিচয়
বাস্তৱিকতে অসম প্ৰদেশখন বিভিন্ন জাতি, জনগোষ্ঠী, সম্প্ৰদায় আদিৰ আৱাসস্থল। এই আৱাসভূমিত জাতি-গোষ্ঠী-সম্প্ৰদায়ৰ হেজাৰ বছৰীয়া ভাৱনা আৰু কৰ্ম পদ্ধতিৰ পৰিণতিত ইয়াত সৃষ্টি হৈছে এটি সমন্বয়সূচক যৌগিক সমষ্টিগত জাতি। যিটো বৃহৎ অসমীয়া জাতি। এই জাতিটোৰ আছে এক উমৈহতীয়া চহকী ঐতিহ্যপূৰ্ণ আৰু ঐক্যপূৰ্ণ সংস্কৃতি। অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবোৰৰ ভিতৰত বিশেষকৈ উজনি অসমত বসবাস কৰা সোনোৱাল কছাৰীসকল অন্যতম। নৃতাত্ত্বিক দৃষ্টিকোণৰ পৰা এই সোনোৱাল কছাৰী লোকসকল মংগোলীয় প্ৰজাতিৰ অন্তৰ্গত। বিশেষকৈ তেওঁলোক কেতিয়াৰ পৰা ‘সোনোৱাল’ নামেৰে পৰিচিত হ’ল, তাৰ বিতং তথ্য পোৱা নাযায়। এই ‘সোনোৱাল’ শব্দটো কেনেকৈ হ’ল, তাৰ বিষয়ে হেমচন্দ্ৰ বৰুৱাই ‘হেমকোষ’ অভিধানত ‘বালি ধুই সোণ উলিওৱা মানুহ’ বুলি উল্লেখ কৰিছে।
ঐতিহাসিক তথ্য মতে, সোনোৱাল কছাৰীসকল পূৰ্বতে উজনি অসমৰ শদিয়া অঞ্চলত বসবাস কৰিছিল। পৰৱৰ্তী পৰ্যায়ত শদিয়াৰ পৰা দক্ষিণলৈ লুইত পাৰ হৈ বৰ্তমান সোনোৱাল কছাৰীসকল উজনি অসমৰ ধেমাজি, লক্ষীমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আদি অঞ্চলত বসবাস কৰি আছে। ইয়াৰ উপৰিও অৰুণাচল প্ৰদেশৰ কিছু কিছু অঞ্চলত, নাগালেণ্ডৰ কিছু কিছু অঞ্চলত তেওঁলোকে বসবাস কৰি আছে। এই জনগোষ্ঠীৰ লোকসকলৰ পূৰ্বতে এটা নিজা ভাষা আছিল যদিও বৰ্তমান তেওঁলোকৰ মাজত পূৰ্বৰ ভাষাৰ প্ৰচলন দেখা নাযায়। সোনোৱাল কছাৰীসকলে বসবাস কৰা এখন উল্লেখযোগ্য গাঁৱৰ নাম হৈছে ডিব্ৰুগড় জিলাৰ খোৱাং সোনোৱাল বঙালী গাঁও। প্ৰায় ১১০ টা মান পৰিয়াল বসবাস কৰা এইখন গাঁৱৰ সোনোৱাল কছাৰীলোকসকলৰ এটা নিজা ভাষা আছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মুঠ জনসংখ্যা ১৮২৮ জন। তাৰে পুৰুষ ৯২৬ জন আৰু মহিলাৰ সংখ্যা ৯০২ জন। তেওঁলোকৰ লোকভাষাটো হৈছে কথিত অসমীয়া ভাষা, যিটো ভাষা মান্য অসমীয়া ভাষাৰ লগত নিমিলে। তেওঁলোকৰ কিছু কিছু লোকে নিজা ভাষাটো ব্যৱহাৰ কৰা দেখা নাযায়। সোনোৱাল কছাৰীলোকসকলে কেতিয়াৰ পৰা নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈ এৰিলে, তাৰো সঠিক তথ্য পাবলৈ নাই।
সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰা অসমীয়া নৃগোষ্ঠীয় উপভাষাত অসমীয়া আৰু তেওঁলোকৰ পূৰ্বৰ ভাষাৰ ৰূপ কম-বেছি পৰিমাণে সংমিশ্ৰণ ঘটিছে। বৰ্তমান তেওঁলোকে ব্যৱহাৰ কৰা ভাষাত পূৰ্বতে ব্যৱহৃত ভাষাৰ কিছুমান উপাদান আৰু মান্য অসমীয়া ভাষাৰ উপাদান সোমাই পৰাৰ বাবে এই কথিত ৰূপটো এক স্বকীয় বৈশিষ্ট্যৰে গঢ় লৈ উঠা দেখা যায়।
০.২ বিষয়ৰ উদ্দেশ্য আৰু গুৰুত্ব
खोৱাং সোনোৱাল বঙালী গাঁওখনত বসবাস কৰা সোনোৱাল কছাৰীসকলৰ কথিত ভাষাৰ ক্ষেত্ৰত পৰিলক্ষিত ৰূপতাত্ত্বিক দিশসমূহৰ গাঁথনিক দিশসমূহ জনাৰ উপৰিও ভাষাটোৰ সংৰক্ষণ আৰু সংবৰ্ধনত সহায় হ’ব। আৰু তেওঁলোকৰ মাজত ভাষিক সচেতনতা জগাই তোলাৰ লগতে ভাষাটোৰ বৰ্তমানৰ ভাষিক স্থিতি পোহৰলৈ অনাৰ প্ৰয়াসেই প্ৰধান উদ্দেশ্য। সোনোৱাল কছাৰীসকলে কথিত ভাষাটো ৰূপ গঠনত কেনেদৰে ব্যৱহাৰ কৰে, সেয়াও আন এক প্ৰধান উদ্দেশ্য।
অঞ্চলটোত বসবাস কৰা সোনোৱাল কছাৰীলোকসকলৰ মাজত কথিত অসমীয়া ভাষাটোৰ সম্পৰ্কে যেনেদৰে অধ্যয়ন হ’ব লাগিছিল, তেনেদৰে হোৱা নাই। গতিকে তেওঁলোকৰ ভাষাটোৰ মাজত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব আছে।
সোনোৱাল কছাৰীলোকসকলৰ কথিত অসমীয়া ভাষা সম্পৰ্কে ৰাজ্যিক, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বৰ্তমানলৈকে কোনো বিজ্ঞানসন্মত অধ্যয়ন হোৱা নাই। সেয়ে বিষয়বস্তু অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আছে।
০.৩ অধ্যয়নৰ পৰিসৰ
লিখিতভাৱে সোনোৱাল কছাৰীসকলে মান্য অসমীয়া ভাষা ব্যৱহাৰ কৰিলেও কথিত ৰূপত ধ্বনিগত, ৰূপগত, শব্দগত আৰু বাক্যগত দিশত মান্য অসমীয়াতকৈ সুকীয়া। তেওঁলোকে ব্যৱহাৰ কৰা কথিত ভাষাৰ উল্লেখিত দিশসমূহৰ বিস্তাৰিত ৰূপৰ ভিতৰত ৰূপগত দিশৰ বৈশিষ্ট্যসমূহ ফঁহিয়াই চাবলৈ যত্ন কৰা হৈছে।
০.৪ তথ্য আহৰণৰ উৎস
গৱেষণামূলক বিষয়টো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত খোৱাং অঞ্চলত বসবাস কৰা বিশেষকৈ দুই-এজন অভিজ্ঞ ব্যক্তিৰ পৰা মৌখিকভাৱে তথ্য সংগ্ৰহ কৰা হৈছে আৰু গৱেষণা পদ্ধতিমূলক দুই-এখন গ্ৰন্থ, আলোচনী, কাকত-পত্ৰ, অন্যান্য গ্ৰন্থ আদিৰ পৰা তথ্য সংগ্ৰহ কৰা হৈছে।
০.৫ বিষয় অধ্যয়নৰ পদ্ধতি
“খোৱাং সোনোৱাল বঙালী গাঁৱৰ সোনোৱাল কছাৰীলোকসকলৰ কথিত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ” - শীৰ্ষক প্ৰস্তাৱিত গৱেষণা বিষয়টোৰ অধ্যয়নত ঘাইকৈ সাক্ষাৎকাৰ পদ্ধতি আৰু তুলনামূলক পদ্ধতি এই দুই ধৰণৰ পদ্ধতি অৱলম্বন কৰা হৈছে। বিশেষকৈ তেওঁলোকৰ কথিত ভাষাৰ শব্দসমূহৰ লগত মান্য অসমীয়া ভাষাৰ শব্দৰ তুলনামূলক পদ্ধতিৰে গৱেষণা-পত্ৰখন প্ৰস্তুত কৰা হৈছে।
১.০ ৰূপতাত্ত্বিক দিশ
সাধাৰণতে ক’বলৈ গ’লে ৰূপতত্ত্বই শব্দ গঠনৰ সকলো দিশ সামৰি লয়। ৰূপতত্ত্ব হৈছে যিকোনো ভাষাৰ ব্যাকৰণগত অধ্যয়ন যাক ইংৰাজীত ‘Morphology’ বুলি কোৱা হয়। এই ৰূপতত্ত্বত ভাষাৰ প্ৰত্যয়, লিংগ, বচন, কাৰক, কাল, বিভক্তি, ক্ৰিয়া, সৰ্বনাম, অব্যয় ইত্যাদি ব্যাকৰণৰ ভিন্ন দিশ আলোচনা কৰা হয়। ৰূপতত্ত্বৰ একক হৈছে ৰূপ বা প্ৰাকৃত। এইবোৰৰ শ্ৰেণী বিভাগ আৰু ভূমিকাৰ সকলো আলোচনা ৰূপতত্ত্বৰ অন্তৰ্গত। বাণীকান্ত কাকতিয়ে তেখেতৰ গৱেষণামূলক ‘Assamese, its Formation and Development’ গ্ৰন্থখনৰ দ্বিতীয় অংশটোত (Part II) Morphology বিষয়টো অন্তৰ্ভুক্ত কৰি তাত গঠনমূলক প্ৰত্যয়, নিৰ্দিষ্টতাবাচক প্ৰত্যয়, লিংগ, বচন, কাৰক, সৰ্বনাম, ধাতু, ক্ৰিয়াৰ গঠন, অনুপদ, ইত্যাদি ভিন্ন দিশত ব্যাখ্যা কৰিছে। গতিকে অকল শব্দৰ গঠনৰ বাখ্যাই নহয়, পদৰ গঠনৰ বিভিন্ন দিশো ৰূপতত্ত্বত সামৰি লৈছে (ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা, ড° অনুৰাধা শৰ্মা, পৃষ্ঠা - ২৫৩)। আকৌ বাক্যৰ মাজত শব্দৰ ভূমিকা আৰু সেই ভূমিকা কিদৰে চিহ্নিত হয়, সেয়াও ৰূপতত্ত্বৰ আলোচ্য বিষয়। ভাষা বিশেষে ব্যাকৰণগত নিয়ন্ত্ৰণ বেলেগ বেলেগ হয়। এনে নিয়ন্ত্ৰণৰ ওপৰতে প্ৰকৃততে এটা ভাষাৰ ৰূপতত্ত্বৰ মূল বৈশিষ্ট্য নিৰ্ভৰ কৰে। গতিকে ক’ব পাৰি যে যিকোনো একটা ভাষাৰ শুদ্ধ ৰূপৰ অধ্যয়নে ভাষা এটা জীয়াই থকত সহায় কৰে। ভাষা থাকিলেহে ৰূপৰ গুৰুত্ব থাকিব।
সেয়েহে উল্লিখিত গৱেষণামূলক পত্ৰখনত সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰা কথিত অসমীয়া ভাষাটোৰ ৰূপগত দিশৰ বৈশিষ্ট্যসমূহ ফঁহিয়াই চাবলৈ যত্ন কৰা হৈছে।
২.০ সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষা
ইতিহাসৰ পাতত সোনোৱাল কছাৰীসকলৰ বিষয়ে বিশেষ উল্লেখ পোৱা নাযায় যদিও বৃহত্তৰ মংগোলীয় প্ৰজাতিৰ লোকৰ ভিতৰত এওঁলোকক কছাৰী বুলি জনা যায়। সোনোৱাল কছাৰীসকল কেতিয়াৰ পৰানো ‘সোনোৱাল’ নামেৰে পৰিচিত হ’ল, সেই বিষয়ে তথ্য পাবলৈ নাই। তেওঁলোকৰ লোকগীতত ‘আদি যুগৰ হাইদাং দে’ বুলি জাতিটোৰ এটা পৰিচয় দিবলৈ চেষ্টা কৰে (উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠী: সমাজ আৰু সংস্কৃতি, প্ৰথম খণ্ড, সম্পাদক: ড° অৰ্পণা কোঁৱৰ আৰু সহঃ সম্পাদক: ড° হেমন্ত কোচ - প্ৰবন্ধ: ‘সোনোৱাল কছাৰীসকলৰ ইতিহাস আৰু সংস্কৃতি’, ড° লক্ষ্যজিৎ বুঢ়াগোহাঁই আৰু ড° ডলী চুতীয়া, পৃষ্ঠা - ২১৩)।
অসমত বসবাস কৰা অন্যান্য মংগোলীয় জনগোষ্ঠীৰ দৰে সোনোৱাল কছাৰীসকলৰ পূৰ্বতে এটা নিজা ভাষা আছিল বুলি ধাৰণা কৰিব পাৰি যদিও বৰ্তমান এই লোকসকলৰ মাজত পূৰ্বৰ ভাষাৰ প্ৰচলন হৈ থকা নাই। সোনোৱাল কছাৰীসকলে কেতিয়াৰ পৰা নিজৰ ভাষাটো ক’বলৈ এৰিলে, নিৰ্ভৰযোগ্য তথ্য পাবলৈ নাই। সোনোৱাল কছাৰীৰ ভাষা-সমাজ-संस्कৃতি বিষয়ক আলোচনাসমূহত এই ভাষা সম্পৰ্কে নিৰ্ভৰযোগ্য তথ্য পোৱা নাই।
গগন চন্দ্ৰ সোনোৱালে সোনোৱাল কছাৰীসকলৰ ভাষা সম্পৰ্কে এনেদৰে কৈছে - “মূলতঃ কছাৰীসকলৰ ভাষা কছাৰী (বড়ো) আছিল যদিও সোনোৱাল আৰু ঠেঙাল কছাৰীসকলে নিজ ৰাজ্য এৰাৰ পিছতে স্বধৰ্ম আৰু ভাষা ত্যাগ কৰি অসমীয়া ভাষা গ্ৰহণ কৰে”। প্ৰাচীন কালত কামৰূপত বসবাস কৰা কছাৰীসকলৰ (বড়ো) নিজা ভাষা আছিল। বোধ কৰোঁ এই বড়ো-কছাৰীসকলৰ দৰে সোনোৱাল কছাৰীসকলৰো ভাষা আছিল। কিন্তু বিভিন্ন সময়ত অসমত হোৱা ৰাজনৈতিক উত্থান-পতন, সংস্কৃতিৰ বিবৰ্তনৰ বাবেই উজনিৰ কছাৰীসকলে তেওঁলোকৰ সুৰীয়া ভাষাটো হেৰুৱাই পেলাই প্ৰাচীন অসমৰ লুইতপৰীয়া ভাষা অৰ্থাৎ বৰ্তমানৰ অসমীয়া ভাষাটোকে মাতৃভাষাৰূপে গ্ৰহণ কৰিলে।
সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰা অসমীয়া নৃগোষ্ঠীয় উপভাষাত অসমীয়া আৰু তেওঁলোকৰ পূৰ্বৰ ভাষাৰ ৰূপ কম-বেছি পৰিমাণে সংমিশ্ৰণ ঘটিছে। বৰ্তমান তেওঁলোকে ব্যৱহাৰ কৰা ভাষাত পূৰ্বতে ব্যৱহৃত ভাষাৰ কিছুমান উপাদান আৰু মান্য অসমীয়া ভাষাৰ উপাদান সোমাই পৰাৰ বাবে এই কথিত ৰূপটো এক স্বকীয় বৈশিষ্ট্যৰে গঢ় লৈ উঠিছে।
৩.০ খোৱাং সোনোৱাল বঙালী গাঁৱৰ সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক বিশ্লেষণ:
৩.১ বিশেষ্য শব্দৰ গঠন
সাধাৰণতে নাম বুজোৱা শব্দকে বিশেষ্য বুলি কোৱা হয়। সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ ৰূপগঠন পদ্ধতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হ’ল- (ক) বিশেষ্য শব্দ গঠন আৰু (খ) বিশেষ্য পদ গঠন।
• বিশেষ্য শব্দ গঠন
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত বিশেষ্য শব্দৰ লগত সাধাৰণতে প্ৰত্যয় আৰু বিভক্তি যোগ কৰি পদ গঠন কৰা হয়। অৱশ্যে তেওঁলোকৰ কথিত ভাষাত বিশেষ্য শব্দবোৰ একৰূপ আৰু বহুৰূপৰ দ্বাৰা গঠিত। এনেদৰে গঠন হওয়া বিশেষ্য শব্দবোৰৰ মূল ৰূপৰ কোনো পৰিৱৰ্তন নহয় যদিও দুটা বা ততোধিক ৰূপেৰে গঠন হোৱা বিশেষ্য শব্দৰ অৰ্থৰ পৰিৱৰ্তন হোৱা দেখা যায়। বিশেষ্য শব্দৰ গঠন অনুসৰি মৌলিক শব্দ আৰু যৌগিক—এই দুটা ভাগত ভাগ কৰা হয়। মান্য অসমীয়া ভাষাৰ মৌলিক বিশেষ্য শব্দৰ উপৰিও সোনোৱাল কছাৰীসকলে কথিত ভাষাত কিছুমান নিজা শব্দ ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে —
| কথিত ভাষা | মান্য অসমীয়া ভাষা |
| হগ্ৰা | চিকাৰী নৃত্য |
| ঝামুক | জামুক |
| নাফু | কাঠফুলা |
| বিলি | বেলি |
| ঘ | ঘৰ |
| লেতা | লতা ইত্যাদি। |
আকৌ মৌলিক বিশেষ্য শব্দৰ দৰে যৌগিক বিশেষ্য শব্দ ভিন্ন ধৰণে তেওঁলোকে ব্যৱহাৰ কৰে। মান্য অসমীয়া ভাষাৰ যৌগিক শব্দসমূহ সোনোৱাল কছাৰীসকলে তেওঁলোকৰ কথিত ভাষাত উচ্চাৰণ বৈশিষ্ট্যৰ আধাৰত ব্যৱহাৰ কৰা দেখা যায়। কথিত ভাষাৰ যৌগিক বিশেষ্য শব্দৰ গঠন তলত দেখুওৱা হৈছে —
১) মুক্তৰূপ + মুক্তৰূপ
বিশেষ্য + বিশেষ্য = সাধিত শব্দ
বাঘ ‘বাঘ’ + ধেকা ‘ঢকা’ = বাঘঢেকা ‘বাঘঢকা’
ঘাই ‘মূল’ + ঘ ‘ঘৰ’ = ঘাইঘ ‘মূলঘৰখন’
বিশেষণ + বিশেষ্য = সাধিত শব্দ
উনা ‘গৰম’ + ভাত ‘ভাত’ = উনাভাত ‘গৰমভাত’
হো ‘সোঁ’ + হাত ‘হাত’ = হোহাত ‘সোঁহাত’ ইত্যাদি।
২) মুক্তৰূপ + বদ্ধৰূপ
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত মান্য অসমীয়া ভাষাৰ দৰেই মুক্তৰূপ বিশেষ্য আৰু ধাতুৰ লগত প্ৰত্যয় যোগ কৰি নতুন বিশেষ্য শব্দ গঠন কৰা হয়। উদাহৰণস্বৰূপে —
(ক) ধাতু + প্ৰত্যয় = কৃদন্তৰূপ
ক ‘ক’ + ংতা = কংতা ‘কওঁতা’
গা ‘গা’ + ংতা = গাংতা ‘গাওঁতা’ ইত্যাদি।
(খ) বিশেষ্য + প্ৰত্যয় = বিশেষ্য শব্দ
ডেকা ‘ডেকা’ + ভুন = লআভুন ‘ল’ৰাবোৰ’
মানহ ‘মানুহ’ + খিনি = মানহখিনি ‘মানুহবোৰ’ ইত্যাদি।
• বিশেষ্য পদসাধন
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত -এ, -ক, -দিগি, -পা, -ৰ, -ত আদি শব্দ বিভক্তি যোগ কৰি বিশেষ্য পদ সাধন কৰা হয়। যেনে —
-এ: গুৰোৱে ঘাঁহ খাই (গৰুৱে ঘাঁহ খায়)
-ক: তোক কি লাগি (তোমাক কি লাগে)
-ৰ: মোৰ বুহি (মোৰ বহী) ইত্যাদি।
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত কেতিয়াবা শব্দ বিভক্তি যোগ নোহোৱাকৈ বিশেষ্য পদ সাধিত হয় আৰু কেতিয়াবা বিশেষ্য পদৰ বচনবাচক ৰূপটোৰ পিছত শব্দবিভক্তি যোগ হয়। উদাহৰণস্বৰূপে —
থত ঘ = তহঁতৰ ঘৰ
হেত ছাগলী = সিহঁতৰ ছাগলী
গছ পা = গছৰ পৰা ইত্যাদি।
৩.২ বচন
এটা বা এটাতকৈ বেছি বুজোৱা ৰূপৰ সমষ্টিক বচন বুলি কোৱা হয়। কথিত ভাষাত বচন প্ৰধানকৈ দুই প্ৰকাৰ, যেনে — একবচন আৰু বহুবচন।
(ক) একবচন: এজন বা এটা সংখ্যাক বুজালে একবচন বুলি কোৱা হয়। উদাহৰণস্বৰূপে —
| কথিত ভাষা | মান্য অসমীয়া |
| মনহতটু | মানুহজন |
| বুহিখন | বহীখন |
| চআইজিনী | চৰাইজনী ইত্যাদি। |
(খ) বহুবচন: দুই বা ততোধিক বা এটাতকৈ অধিক বুজালে বহুবচন বুলি কোৱা হয়। উদাহৰণস্বৰূপে —
| কথিত ভাষা | মান্য অসমীয়া |
| লৱাখিনি | ল’ৰাবোৰ |
| চাৰহাত | শিক্ষকসকল |
| কলমখিনি | কলমবোৰ ইত্যাদি। |
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাৰ বহুবচনৰ ক্ষেত্ৰত মানুহ, ইহঁত, প্ৰাণী-অপ্ৰাণী আদি বুজোৱা শব্দৰ বিশেষ্য, বিশেষণ আদি শব্দৰ পিছত -খিনি / -ভুৰ / -ভু / -ভুণ বহুবচনাত্মক প্ৰত্যয় ব্যৱহাৰ কৰি একবচন ৰূপক বহুবচন কৰা হয়। যেনে —
| একবচন | বহুবচন |
| কাৱৈ (কাউৰী) | কাৱৈখিনি/ভুৰ (কাউৰীবোৰ) |
| সেইটু (সেইটো) | সেইখিনি/ভুন (সেইবোৰ) |
| টিবুল (টেবুল) | টিবুলভুৰ (টেবুলবোৰ) ইত্যাদি। |
৩.৩ লিংগ
পুৰুষ আৰু স্ত্ৰী চিনিবৰ বাবে যি চিন ব্যৱহাৰ কৰা হয়, তাকে লিংগ বোলে। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত লিংগ প্ৰধানকৈ চাৰি প্ৰকাৰ। যেনে — যিবিলাকে পুৰুষ প্ৰাণী বা ব্যক্তিক বুজায় সেইবোৰ পুংলিংগ; যিবিলাকে স্ত্ৰী বা মহিলাক বুজায় সেইবোৰক স্ত্ৰীলিংগ; যিবিলাক শব্দই মতা-মাইকী উভয়ক বুজায় সেইবোৰ শব্দক উভয়লিংগ আৰু যিবিলাক শব্দই পুৰুষ-স্ত্ৰী কোনোটিকে নিৰ্দেশ নকৰে সেইবোৰক ক্লীৱলিংগ বোলা হয়। তেওঁলোকে লিংগৰ ক্ষেত্ৰত বিভিন্ন ধৰণেৰে শব্দ ব্যৱহাৰ কৰে। তলত তেওঁলোকৰ কথিত ভাষাৰ লিংগৰ বিষয়ে আলোচনা কৰা হ’ল —
| পুংলিংগ | স্ত্ৰীলিংগ |
| লআ (ল’ৰা) | ছোৱালী (ছোৱালী) |
| মমাই (মামা) | মানী (মামী) |
| ডেকা (ডেকা) | ঝীয়য়ী (জীয়ৰী) |
| কাই (ককাই) | বৌ (বৌ) ইত্যাদি। |
| উভয়লিংগ | পুংলিংগ | স্ত্ৰীলিংগ |
| দোকানী (দোকানী) | দোকানীটু | দোকানীজনী |
| ৰান্ধনী (ৰান্ধনী) | ৰান্ধনীটু | ৰান্ধনীজিনী ইত্যাদি। |
৩.৪ কাৰক আৰু শব্দবিভক্তি
সোনোৱাল কছাৰীসকলে কথিত অসমীয়া ভাষাত মান্য অসমীয়া ভাষাৰ দৰেই সাতটা কাৰক ব্যৱহাৰ কৰা দেখা পায়। যেনে — কৰ্তা, কৰ্ম, কৰণ, নিমিত্ত, অপাদান, সম্বন্ধ, আৰু অধিকৰণ। এই সাতটা কাৰকৰ লগত সাত প্ৰকাৰ বিভক্তি যোগ হয়। যেনে —
| কাৰক | বিভক্তি |
| কৰ্তা | প্ৰথমা বিভক্তি - এ |
| কৰ্ম | দ্বিতীয়া বিভক্তি - ক |
| কৰণ | তৃতীয়া বিভক্তি - ৰে, -দিগি (দি), -পা (দ্বাৰা) |
| নিমিত্ত | চতুৰ্থী বিভক্তি - ক (-লৈ) |
| অপাদান | পঞ্চমী বিভক্তি - পা (-পৰা) |
| সম্বন্ধ | ষষ্ঠী বিভক্তি - ৰ |
| অধিকৰণ | সপ্তমী বিভক্তি - ত |
উল্লেখযোগ্য যে সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ প্ৰথমা, দ্বিতীয়া, ষষ্ঠী আৰু সপ্তমী বিভক্তিৰ লগত মান্য অসমীয়া ভাষাৰ সম্পূৰ্ণ সাদৃশ্য দেখা পোৱা যায়। উল্লেখিত সাত প্ৰকাৰৰ কাৰকবোৰ উদাহৰণসহকাৰে তলত দেখুওৱা হ’ল —
কৰ্তা কাৰক:
১) ময় পহি আছং (মই পঢ়ি আছোঁ।)
২) ময় কালিয়ে আহলং (মই কালিয়ে আহিলোঁ।)
কৰ্ম কাৰক:
১) তয় তাক কথাটু নকবে (তুমি তাক কথাটো নকবা।)
২) মোক এখন কিতাপ দে (মোক এখন কিতাপ দিয়া।)
কৰণ কাৰক:
১) হাতে ভাঙি দিলং (হাতেৰে ভাঙি দিলোঁ।)
২) সেইদিগি যাং (সেই ফালেদি যাওঁ।)
নিমিত্ত কাৰক:
১) মই গুৱাহাটীক যাম (মই গুৱাহাটীলৈ যাম।)
২) ময়ানক যাবে নেকি? (মৰাণলৈ যোৱা নেকি?)
অপাদান কাৰক:
১) ৰীমা পা কিতাপখন ললং (ৰীমাৰ পৰা কিতাপখন ললোঁ।)
২) ডিবুঘ পা তিনিচুকীয়ালৈ যায় (ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়ালৈ যায়।)
সম্বন্ধ কাৰক:
১) তোৰ বাউ না (তোমাৰ ভাল নে?)
২) মহৰ ঘ (মোৰ ঘৰ)
অধিকৰণ কাৰক:
১) মআনত থাকং (মৰাণত থাকোঁ।)
২) টিবুলত কিতাপ পহং (টেবুলত কিতাপ পঢ়ো।) ইত্যাদি।
৩.৫ প্ৰত্যয়
ৰূপ বা শব্দ ধাতু অথবা প্ৰতিপাদিকৰ সৈতে লগ লাগি শব্দ গঠন কৰে, তাৰ নাম প্ৰত্যয়। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত প্ৰত্যয় প্ৰধানকৈ তিনিটা ভাগত বিভক্ত। যেনে —
(ক) নিৰ্দিষ্টতাবাচক প্ৰত্যয়
(খ) অনিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু
(গ) স্বাৰ্থিক প্ৰত্যয়।
কোনো বস্তু বা প্ৰাণীৰ আকৃতি বা স্বৰূপটো বুজাবলৈ সোনোৱাল কছাৰীসকলে কথিত ভাষাত কিছুমান নিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰে। যেনে — -যুৰ (-যোৰ), -মঠা (-মোঠা), -ঝপা (-জোপা) ইত্যাদি। উদাহৰণস্বৰূপে — কাপুযু (কাপোৰযোৰ)।
আকৌ কথিত অসমীয়া ভাষাত কোনো বস্তু বা প্ৰাণীক অনিৰ্দিষ্টকৈ বুজাবলৈ কিছুমান অনিৰ্দিষ্টতাবাচক প্ৰত্যয় ব্যৱহাৰ কৰে। যেনে — ধেই মানহ (কেইবাজনো মানুহ), এছকমান তামল (এখনমান
তামোল) ইত্যাদি।
ঠিক তেনেদৰে তেওঁলোকৰ কথিত অসমীয়া ভাষাত স্বাৰ্থিক প্ৰত্যয়সমূহ মূল শব্দৰ অৰ্থ প্ৰকাশত বিশেষভাৱে সহায় কৰে। যেনে — -কিনে (-কেনে), -নিকি (-নেকি), -নো (-নো) ইত্যাদি। উদাহৰণস্বৰূপে — সি হয় নিকি (সি হয় নেকি), সি যাব নিকি (সি যাব নেকি) ইত্যাদি।
৩.৬ সৰ্বনাম
সাধাৰণতে বিশেষ্য বা বিশেষ্যৰ দৰে খণ্ডবাক্য বা বাক্যাংশৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা পদেই সৰ্বনামৰূপে পৰিচিত। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত সৰ্বনামসমূহক কেইবাটাও ভাগত ভাগ কৰিব পাৰি —
১) ব্যক্তিবাচক সৰ্বনাম
২) নিশ্চয়বাচক সৰ্বনাম
৩) স্থানবাচক সৰ্বনাম
৪) কালবাচক সৰ্বনাম
৫) অনিৰ্দিষ্টবাচক সৰ্বনাম
৬) প্ৰশ্নবাচক সৰ্বনাম
৭) সম্বন্ধবাচক সৰ্বনাম।
উল্লেখিত সৰ্বনামসমূহৰ বিষয়ে তলত উদাহৰণসহকাৰে আলোচনা কৰা হ’ল —
ব্যক্তিবাচক সৰ্বনাম:
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ব্যক্তিবাচক সৰ্বনামত তিনিটা পুৰুষ পোৱা যায়। যেনে — প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ।
প্ৰথম পুৰুষ - ময় (মই)
দ্বিতীয় পুৰুষ - তয় (তই / তুমি)
তৃতীয় পুৰুষ - সি (সি / সিহঁত)
নিশ্চয়বাচক সৰ্বনাম:
অন্যান্য পুৰুষ আৰু বস্তুক বুজাবলৈ তেওঁলোকৰ কথিত ভাষাত কিছুমান নিশ্চয়বাচক সৰ্বনাম শব্দ পোৱা যায়। যেনে — ‘এয়া/ই’ (এইয়া / এওঁ / এখেত), ‘সেইটু/সি’ (সেইটো / সেইয়া / তেখেত) ইত্যাদি। উদাহৰণস্বৰূপে — ই মোৰ লআ (এওঁ মোৰ ল’ৰা), সেইটু মোয়ে (সেইটো মোৰ) ইত্যাদি।
স্থানবাচক সৰ্বনাম:
‘তলত’ (তলত), ‘ওপত’ (ওপৰত), ‘এয়াত’ (ইয়াত), ‘ওচত’ (ওচৰত)। উদাহৰণস্বৰূপে — পুইচাখিনি বাকচ তলত থচি (পইচাবোৰ বাকচৰ তলত থৈছে), আমখিনি গছ একেবাই ওপত লাগি আছি (আমবোৰ গছৰ একেবাৰে ওপৰত লাগি আছে) ইত্যাদি।
কালবাচক সৰ্বনাম:
সময় অৰ্থাৎ কাল বুজাবলৈ সোনোৱাল কছাৰীসকলে ইতিয়া (এতিয়া), আগতে (আগত), তিতিয়া (তেতিয়া), পুঅহি (পৰহি) ইত্যাদি কালবাচক সৰ্বনাম ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে — ইতিয়া বখুন দিচি (এতিয়া বৰষুণ দিছে), মই তিতিয়া নাচি আছলং (মই তেতিয়া নাচি আছিলোঁ) ইত্যাদি。
অনিৰ্দিষ্টতাবাচক সৰ্বনাম:
কোনো বস্তু বা ব্যক্তিক অনিৰ্দিষ্টকৈ বুজাবলৈ -কনবা (কোনোবা), -কন (কোন), -ইকো (একো) ইত্যাদি সৰ্বনাম ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে — তাত কন মানহ vanished (তাত কোনো মানুহ নাই), মোৰ ইকো নাই (মোৰ একো নাই) ইত্যাদি।
প্ৰশ্নবাচক সৰ্বনাম:
কোনো ব্যক্তি বা বস্তুৰ বিষয়ে সোধোঁতে সোনোৱাল কছাৰীসকলে -কন (কোন), -কেনেকে (কেনেকৈ), -কি (কি) ইত্যাদি সৰ্বনাম ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে — সি কন হয় (সি কোন হয়), সি কেনেকে জানল (সি কেনেকৈ জানিলে) ইত্যাদি।
সম্বন্ধবাচক সৰ্বনাম:
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত কেৱলমাত্ৰ এটা সম্বন্ধবাচক সৰ্বনাম বুজাবলৈ — ‘যি’ (যি) ৰূপটো ব্যৱহাৰ কৰা হয়। এই সৰ্বনামটোৱে পুংলিংগ, স্ত্ৰীলিংগ আৰু ক্লীৱলিংগ সকলোকে বুজায়। উদাহৰণস্বৰূপে — যিজনীয়ে আমাক নাচ শিকায় সি বৰ বাউ (যিজনীয়ে আমাক নাচ শিকায় তেখেত বহুত ভাল), যিখিনি বস্তু নাপালি সেইখিনি আকৌ বিছা (যিবোৰ বস্তু নাপালা সেইবোৰ আকৌ বিচাৰা) ইত্যাদি।
৩.৭ ক্ৰিয়া
যিবোৰ শব্দৰ পুৰুষ, কাল আৰু ভাৱ অনুযায়ী পৰিৱৰ্তন ঘটে, সেইবোৰক ক্ৰিয়া বুলি কোৱা হয়। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত মান্য অসমীয়া ভাষাৰ দৰে পুৰুষ, কাল আৰু ভাৱ অনুযায়ী ক্ৰিয়া ৰূপৰ সলনি হয়। বচন আৰু লিংগ অনুসৰি ক্ৰিয়াৰ কোনো সলনি নহয়।
ক্ৰিয়াৰ গঠন
মান্য অসমীয়া ভাষাৰ দৰে সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ক্ৰিয়াৰ গঠন প্ৰণালী অতি সাধাৰণ। পুৰুষ, কাল আৰু ভাৱ অনুসৰি ক্ৰিয়াপদ গঠনত তলত দাঙি ধৰা প্ৰক্ৰিয়া কেইটা অৱলম্বন কৰা হয়। যেনে —
ক) ধাতু + পুৰুষসূচক বিভক্তি: ময় খাং (মই খাওঁ)
খ) ধাতু + ০: তয় খা (তুমি খোৱা)
গ) ধাতু + দশা + পুৰুষসূচক বিভক্তি: তয় খাছ (তুমি খাইছা)
ঘ) ধাতু + কালসূচক প্ৰত্যয় + পুৰুষসূচক বিভক্তি: সি খাল (সি / তেওঁ খালে)
ঙ) ধাতু + দশা + কালসূচক প্ৰত্যয় + পুৰুষসূচক বিভক্তি: সি খাছল এ (সি খাইছিল)
চ) ধাতু + কালসূচক প্ৰত্যয় + ০: ময় খাম (মই খাম) ইত্যাদি।
ক্ৰিয়াৰ ভাব
সোনোৱাল কছাৰীসকলে কথিত অসমীয়া ভাষাত মান্য অসমীয়া ভাষাৰ দৰেই কোনো কাৰ্য সম্পাদনাত প্ৰকাশ পোৱা কৰ্তাৰ মনোভাৱৰ ওপৰত ভিত্তি কৰি ক্ৰিয়াৰ ভাবক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে — (ক) নিৰ্দেশক ভাৱ আৰু (খ) অনুজ্ঞা ভাব।
নিৰ্দেশক ভাব:
নিৰ্দেশক ভাবত কোনো এক সময়ৰ কোনো এক কাৰ্য প্ৰকাশ কৰোঁতে ধাতুৰ পিছত ‘ঙ’, ‘এ’, ‘য়’ আদি প্ৰত্যয় ব্যৱহাৰ কৰা হয়। যেনе — ময় কং এ (মই কওঁ), হেতি কয় (সিহঁতে কয়) ইত্যাদি।
অনুজ্ঞা ভাব:
তেওঁলোকৰ কথিত ভাষাত অনুজ্ঞা ভাবত কোনো লোকক আদেশ, অনুৰোধ বা কাকূতি-মিনতি, পৰামৰ্শ দিয়া আদি ভাববোৰ বুজাবলৈ ধাতুৰ পিছত ‘-ক’ আৰু ‘-বে’, ‘-ব’ প্ৰত্যয় যোগ কৰা হয়। যেনে — তয় ক (তুমি কোৱা), থতে কুবে (তোমালোকে কৰা), তয় যাবে (তুমি যাবা) ইত্যাদি।
ক্ৰিয়াৰ বাচ্য
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত মান্য ভাষাৰ দৰেই তিনি প্ৰকাৰৰ বাচ্য পোৱা যায়। যেনে —
১) কৰ্তৃ বাচ্য
২) কৰ্ম বাচ্য
৩) ভাব বাচ্য
কৰ্তৃ বাচ্য:
সাধাৰণতে বাক্যত কৰ্তাই প্ৰধান আৰু কৰ্তা ৰূপৰ লগত ক্ৰিয়া ৰূপৰ অন্বয় হোৱাকে কৰ্তৃ বাচ্য বোলা হয়। এনে বাক্যত কৰ্তা প্ৰধান হৈ বহে অৰ্থাৎ ক্ৰিয়াৰূপ কৰ্তা অনুযায়ী হৈ কৰ্তাকেই প্ৰধানকৈ বুজায়। সোনোৱালসকলৰ ভাষাত কৰ্তাৰ বিষয়ে কোনো কথা ক’লে কৰ্তৃ বাচ্য হয়। কৰ্তৃবাচ্যত ক্ৰিয়াই কৰ্তাৰ কথা বিশেষভাৱে প্ৰকাশ কৰে আৰু ক্ৰিয়াৰ লগত কৰ্তাৰ সম্বন্ধ ঘটে। যেনে — সীতাই কিতাপ পুঢ়িছি (সীতাই কিতাপ পঢ়িছে), কুশলে কাম কুইছি (কুশলে কাম কৰিছে) ইত্যাদি।
কৰ্ম বাচ্য:
কৰ্ম বাচ্যত কৰ্মই প্ৰধান অৰ্থাৎ বাক্যত ক্ৰিয়াই মুখ্যভাৱে কৰ্তাৰ ওপৰত নিৰ্ভৰ নকৰি কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। কৰ্মবাচ্যৰ গঠনৰ ক্ষেত্ৰত কৰ্তাৰ পিছত অপাদান কাৰকৰ ‘পা’ (দ্বাৰা) যোগ কৰা হৈছে। সোনোৱাল কছাৰীসকলৰ ভাষাত কৰ্ম বাচ্যই কেৱল কৰ্মৰ কথাহে বিশেষভাৱে প্ৰকাশ কৰে। ইয়াত কৰ্তাৰ ভূমিকা গৌণ। উদাহৰণস্বৰূপে — কাজি পা কামটু কআ হ’ল (কাজিৰ দ্বাৰা কামটো কৰা হ’ল)।
ভাব বাচ্য:
যিবোৰ বাক্যত ক্ৰিয়াই নিজ অৰ্থ প্ৰধানকৈ বুজায়, য’ত কৰ্তা, কৰ্ম অপ্ৰধান হৈ থাকে, সেইবোৰ বাচ্যক ভাব বাচ্যৰ বাক্য বোলে। এই বাচ্যত কৰ্তাৰ পিছত অধিকৰণ কাৰক ‘-ত’ বা কৰণ কাৰক ‘-ৰ’ যোগ কৰি ক্ৰিয়াৰ পাছত কেতিয়াবা ‘-আ’ প্ৰত্যয় যোগ কৰি ‘হল’ (হয়) শব্দাংশ যোগ কৰা হয় আৰু কেতিয়াবা যোগ কৰা নাহয়। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ভাব বাচ্যৰ উদাহৰণ হৈছে — ৰাম শুল (ৰামৰ শোৱা হৈছে), তহৰ/তো পঢ়া হ’ব (তোমাৰ পঢ়া হ’ব), সেতি কয় (সিহঁতে কয়) ইত্যাদি।
ক্ৰিয়াৰ কৰ্ম
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ক্ৰিয়াপদক দুটা ভাগত ভাগ কৰা হ’ল —
(ক) সকৰ্মক ক্ৰিয়া
(খ) অকৰ্মক ক্ৰিয়া
সকৰ্মক ক্ৰিয়া:
যিবিলাক ক্ৰিয়াৰ কৰ্ম থাকে, সেইবিলাক সকৰ্মক ক্ৰিয়া বুলি কোৱা হয়। সকৰ্মক ক্ৰিয়া মাত্ৰ কৰ্তা বা উদ্দেশ্যক অৱলম্বন কৰিয়েই সম্পূৰ্ণ নহয়, কৰ্মক অৱলম্বন কৰিহে সম্পূৰ্ণ হয়। যেনে — মই ভাত খাং (মই ভাত খাওঁ), কিতাপখন দিল (কিতাপখন দিলে) ইত্যাদি।
অকৰ্মক ক্ৰিয়া:
যি ক্ৰিয়াৰ কৰ্ম নাথাকে, সেইয়াই হ’ল অকৰ্মক ক্ৰিয়া। এনে ক্ৰিয়াৰ কৰ্তাৰ বাহিৰে আনৰ লগত সম্পৰ্ক স্থাপন নহয়। যেনে — বতাহ বুলিছি (বতাহ বলিছে), মানহে হাঁহি (মানুহে হাঁহে), মানুহ মুয়ি (মানুহ মৰে) ইত্যাদি।
প্ৰকৃতি অনুসৰি সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ক্ৰিয়াপদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। যেনে —
১) সমাপিকা ক্ৰিয়া আৰু
২) অসমাপিকা ক্ৰিয়া
সমাপিকা ক্ৰিয়া:
যিবোৰ ক্ৰিয়াপদে ক্ৰিয়া কাৰ্যৰ সমাপ্তি বুজোৱাৰ লগতে বাক্যও শেষ হোৱা বুজায়, তাকে সমাপিকা ক্ৰিয়া বুলি কোৱা হয়। যেনে — মায়ে ভাত বনাইছি (মায়ে ভাত ৰান্ধিছে)।
অসমাপিকা ক্ৰিয়া:
যিবোৰ ক্ৰিয়াই বাক্যত ব্যৱহাৰ হৈ বাক্য অৰ্থপূৰ্ণ কৰে কিন্তু সম্পূৰ্ণ কৰিব নোৱাৰে, তাকে অসমাপিকা ক্ৰিয়া বোলে। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ব্যৱহৃত অসমাপিকা ক্ৰিয়াৰ ৰূপবোৰ কাল নিৰপেক্ষ আৰু সকলো পুৰুষতে ইয়াৰ ৰূপ একে থাকে। যেনে — কামটো কয়িকেনে মআনক যাম (কামটো কৰি মৰাণলৈ যাম), ময় কলে সি যাব (মই ক’লে তেওঁ যাব)।
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত সাধাৰণতে ধাতুৰ পিছত ‘-লে’, ‘-ল’, ‘-লং’ আদি প্ৰত্যয় যোগ কৰি অসমাপিকা ক্ৰিয়া গঠন কৰা হয়। যেনে —
| ধাতু | প্ৰত্যয় | অসমাপিকা ক্ৰিয়া |
| √খা | -লে | খালে ‘িলে’ |
| √খা | -ল | খাল ‘খালত’ |
| √আহ | -লং | আহ্ লং ‘আহিলত’ ইত্যাদি। |
কাৰ্য সম্পাদনাৰ অৰ্থৰ ভিত্তিত ক্ৰিয়াক প্ৰধানকৈ আকৌ দুটা ভাগত ভাগ কৰিব পাৰি। যেনে —
(ক) সদৰ্থক ক্ৰিয়া
(খ) নঞাৰ্থক ক্ৰিয়া
সদৰ্থক ক্ৰিয়া:
যিবিলাক ক্ৰিয়াপদে হোৱা, কৰা, থকা আদি বুজায়, সেইবোৰ ক্ৰিয়াক সদৰ্থক ক্ৰিয়া বুলি কোৱা হয়। উদাহৰণস্বৰূপে — ময় সদায় কিতাপ পহং (মই সদায় কিতাপ পঢ়ো), তয় চাকয়ি কুই কি কোবে (তুমি চাকৰি কৰি কি কৰিবা) ইত্যাদি।
নঞাৰ্থক ক্ৰিয়া:
আকৌ যিবিলাক ক্ৰিয়াপদে নোহোৱা, নथকা আদি বুজায়, সেইবোৰ ক্ৰিয়াক নঞাৰ্থক ক্ৰিয়া বুলি কোৱা হয়। মান্য অসমীয়া ভাষাৰ দৰে সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত ধাতুৰ আগত ‘ন’ যোগ দি নঞাৰ্থক ক্ৰিয়া গঠন কৰা হয়। যেনে — ময় কাম নোকোং (মই কাম নকৰোঁ), ৰাম কালি নাহ্ ল (ৰাম কালি নাহিল), হৰি কালিকে নাহি (হৰি কাইলৈ নাহে) ইত্যাদি।
৩.৮ অব্যয়
যিবোৰ শব্দৰ পাছত বচন আৰু লিংগবাচক প্ৰত্যয় নাইবা শব্দ বিভক্তি যোগ নহয়, কিন্তু কোনো কোনো ক্ষেত্ৰত জোৰ বুজোৱা প্ৰত্যয় লগ লাগে, সেইবোৰক অব্যয় বুলি কোৱা হয়। সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত অৰ্থগত দিশৰ পৰা কেইবাপ্ৰকাৰো অব্যয় পোৱা যায়। যেনে —
১) সংযোজক অব্যয়
২) পৃথকবোধক অব্যয়
৩) সন্দেহবোধক অব্যয়
৪) ভাববোধক অব্যয়
৫) সম্বোধনবোধক অব্যয়
৬) সমিধানবোধক অব্যয়
৭) প্ৰশ্নবোধক অব্যয়।
উল্লেখিত অব্যয়সমূহৰ বিষয়ে তলত আলোচনা কৰা হ’ল —
সংযোজক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত কিছুমান অব্যয় শব্দই দুটা শব্দ বা বাক্যৰ মাজত থাকি শব্দ বা বাক্য দুটাৰ সংযোগ ঘটোৱা দেখা যায়। উদাহৰণস্বৰূপে — ক্ষয়কনো (কিয়নো), তামানে (কাৰণ), আউ (আৰু) ইত্যাদি।
১) মোক ক্ষয়কনো দিব লাগে (মোক কিয়নো দিব লাগে)।
২) তয় আউ ময় লগত যাম (তুমি আৰু মই লগতে যাম) ইত্যাদি।
পৃথকবোধক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত কিছুমান অব্যয় শব্দই দুটা শব্দ বা বাক্যৰ মাজত থাকি শব্দ বা বাক্য দুটাক ভিন্নকৈ বুজোৱা দেখা যায়। যেনে — বা/নহলেবা (বা / নাইবা / অথবা), তৌ (তথাপি), তেও / তাপা (কিন্তু) ইত্যাদি। উদাহৰণস্বৰূপে —
১) তয় নহলেবা ময় যাম (তুমি নাইবা মই যাম)
২) সি আম গায়ে হয় তৌ চিনি নেপাং (তাইক / তেওঁ মই বুজাইছিলোঁ তথাপি বুজি নাপালে)
সন্দেহবোধক অব্যয়:
যিবোৰ অব্যয়ে সন্দেহ, সম্ভাৱনা, অনিশ্চয়তা আদি ভাৱ প্ৰকাশ কৰে, সেইবোৰ হ’ল সন্দেহবোধক অব্যয়। যেনে — কিজানি (কিজানি), হিনু (হেনো), হ’লেও (যদিও), যি (যদি) ইত্যাদি।
১) সি কিজানি মোক মাতিছিলই (সি কিজানি মোক মাতিছিল)।
২) তাই হিনু তোক কৈছিল (তাই মোক কৈছিল)।
৩) সি লেয়েলা হ’লেও শকত (সি ক্ষীণ যদিও বলী) ইত্যাদি।
ভাববোধক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত ভাষাত সুখ-দুখ, আশ্চৰ্য আদি মনৰ ভাব প্ৰকাশক কিছুমান ভাববোধক অব্যয় পোৱা যায়। যেনে — ছেঃ/আইআহ (উঃ), ইয়উ (বাঃ) ইত্যাদি।
১) ছেঃ ইমান গঅম (উঃ কি গৰম)
২) ইয়উ এইটু কি? (বাঃ এইটো কি?) ইত্যাদি
সম্বোধনবোধক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত আনক সম্বোধন কৰিবলৈ ঐ (অ’ / ঐ / হেৰ’ / হেৰা / হেৰি) অব্যয় শব্দ ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে —
১) ঐ হৰি তয় নেজাবে (অ’ হৰি তুমি নাযাবা)
২) ঐ আই ভাত দে (অ’ মা ভাত দিয়া)
৩) ঐ দ্বীপ কক্ যা (হেৰ’ দ্বীপ কলৈ যাৱ) ইত্যাদি।
সমিধানবোধক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত মানুহৰ কথা বা আচৰণৰ উত্তৰস্বৰূপে ব্যৱহাৰ কৰা কিছুমান সমিধানবোধক অব্যয় শব্দ পোৱা যায়। যেনে — হল (হৈছে), দেই (বাৰু) ইত্যাদি। উদাহৰণস্বৰূপে —
১) হল সেনেকে নক্ বে (হৈছে, তেনেকৈ নকবা)
২) আহিম দেই (আহিম বাৰু) ইত্যাদি।
প্ৰশ্নবোধক অব্যয়:
সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাত প্ৰশ্ন কৰা বুজাবলৈ কিছুমান প্ৰশ্নবোধক অব্যয় ব্যৱহাৰ কৰা হয়। যেনে — হবলা/পাই (হ’ব পাই), না (নেকি), কি (কি) ইত্যাদি। উদাহৰণস্বৰূপে —
১) তয় ঘক যাবে না? (তুমি ঘৰলৈ যাবা নেকি?)
২) তহৰ নাম কি? (তোমাৰ নাম কি?) ইত্যাদি।
৪.০ সামৰণি
খোৱাং সোনোৱাল বঙালী গাঁৱৰ সোনোৱাল কছাৰীসকলে ব্যৱহাৰ কৰা কথিত ভাষাটো নিজা বৈশিষ্ট্যৰে চহকী। তেওঁলোকৰ ভাষা-সংস্কৃতি আৰু অসমীয়া ভাষা-সংস্কৃতিৰ মাজত পৰস্পৰৰ আদান-প্ৰদানৰ জৰিয়তে এক সমন্বয় সাধিত হৈছে। অসমৰ শ্ৰেষ্ঠ জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ এটা নৃগোষ্ঠীয় শাখা সোনোৱাল কছাৰীসকলৰ লগত খোৱাং সোনোৱাল বঙালী গাঁৱত বসবাস কৰা সোনোৱাল কছাৰীসকল ভাষা-সাহিত্যৰ ক্ষেত্ৰত পৃথক নহয়।
সোনোৱাল কছাৰীসকলৰ উচ্চাৰণ বৈশিষ্ট্যৰ হেতু মান্য অসমীয়া ভাষাৰ সৈতে তেওঁলোকৰ কথিত অসমীয়া ভাষাৰ মাজত কেতবোৰ পাৰ্থক্য পৰিলক্ষিত হয়। তেওঁলোকৰ কথিত ভাষাত পৰিলক্ষিত হোৱা পাৰ্থক্যসমূহ ধ্বনিগত, ৰূপগত, শব্দগত, আৰু বাক্যগত দিশত দেখিবলৈ পোৱা যায়। মান্য অসমীয়া ভাষাৰ lgt থকা এই পাৰ্থক্যসমূহৰ বাবে সোনোৱাল কছাৰীসকলৰ কথিত ভাষাটোক এক সুকীয়া বৈশিষ্ট্য প্ৰদান কৰিছে। অসমীয়া ভাষাৰ এই নৃগোষ্ঠীয় উপভাষাৰ ছেগা-চোৰাকৈ অধ্যয়ন হৈছে যদিও এই ঔপভাষিক ৰূপসমূহৰ বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰিবলৈ এতিয়াও বহু বাকী আছে।
ৰূপতত্ত্বৰ গাঁথনিক দিশৰ অধ্যয়নে জনগোষ্ঠীয় লোকৰ মাজত ভাষিক সচেতনতা জগাই তোলাৰ লগতে ভাষাটোৰ বৰ্তমানৰ ভাষিক স্থিতি পোহৰলৈ অনাত সহায়ক হৈছে। মান্য অসমীয়া ভাষাৰ লগত সোনোৱাল কছাৰীসকলৰ কথিত অসমীয়া ভাষাৰ তুলনামূলক অধ্যয়নে ভাষা দুটাৰ মাজত থকা ভাষিক দিশৰ সাদৃশ্য-বৈসাদৃশ্যসমূহ পোহৰলৈ অনাৰ বাবে অসমীয়া ভাষা শুদ্ধৰূপে আহৰণত সোনোৱাল কছাৰীসকলৰ নতুন প্ৰজন্মৰ বাবে সহায়ক হৈছে। বিশ্বায়নৰ প্ৰভাৱ তথা সাম্প্ৰতিক পৰিস্থিতিয়ে সোনোৱাল কছাৰীসকলৰ ভাষিক, সামাজিক আৰু সাংস্কৃতিক জীৱনলৈ অনা পৰিৱৰ্তন ৰোধ কৰাত এনে অধ্যয়নে তথ্য সংৰক্ষণত সহায় কৰিছে।
সহায়ক গ্ৰন্থপঞ্জী
১. কোঁৱৰ, অৰ্পণা – অসমীয়া ভাষাচিন্তন, আগষ্ট ২০২২।
২. কোঁৱৰ, অৰ্পণা, আৰু হেমন্ত কোঁচ – উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠী: সমাজ আৰু সংস্কৃতি (প্ৰথম খণ্ড), অক্টোবৰ, ২০২৩।
৩. গোস্বামী, উপেন্দ্ৰনাথ – অসমীয়া ভাষাৰ ব্যাকৰণ, মে’ ২০২২।
৪. শৰ্মা, অনুৰাধা – ভাষাবিজ্ঞান আৰু অসমীয়া ভাষা, নৱেম্বৰ ২০২২。
৫. সন্দিকৈ, বলীন – সোনোৱাল কছাৰী জনগোষ্ঠী আৰু ভাষা, ২০২৩।
Comments
Post a Comment