অসমীয়া মন্ত্ৰ সাহিত্যত অলংকাৰ আৰু ছন্দৰ প্ৰয়োগ বিচাৰ
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়, দলগাঁও
সংক্ষিপ্তসাৰ
মন্ত্ৰ সাহিত্যৰ ইতিহাস অতি প্ৰাচীন৷ প্ৰাচীন কামৰূপ আৰু কামাখ্যা তন্ত্ৰ-মন্ত্ৰৰ চৰ্চাৰ পীঠস্থান আছিল৷ ‘মন্ত্ৰ সাহিত্য’ শব্দ দুটাৰ লগত প্ৰায়োগিক আৰু সাহিত্যিক— এই দুটা দিশ জড়িত হৈ আছে৷ লোকজীৱনৰ বেমাৰ-আজাৰ নিৰাময়ৰ উপৰি বিভিন্ন উদ্দেশ্য সিদ্ধি কৰিবলৈ মন্ত্ৰৰ প্ৰয়োগ কৰা হয়৷ প্ৰায়োগিক দিশৰ সমান্তৰালভাৱে মন্ত্ৰৰ সাহিত্যিক দিশটোও গুৰুত্বপূৰ্ণ৷ কাৰণ, অসমীয়া সাহিত্যৰ ইতিহাসৰ প্ৰথমাৱস্থাৰ নিদৰ্শন হিচাপে মন্ত্ৰই বহু বিশেষত্বপূৰ্ণ দিশৰ স্বাক্ষৰ বহন কৰি আছে৷ সাৰ্থক সাহিত্য সৃষ্টি কৰাটো মন্ত্ৰৰ উদ্দেশ্য নহয়; তথাপি, অসমীয়া মন্ত্ৰ সাহিত্যৰ কিছু কিছু মন্ত্ৰত সাহিত্যিক সমলৰ সন্ধান পোৱা যায়৷ বিশেষকৈ পদ্যধৰ্মী মন্ত্ৰসমূহত ছন্দ আৰু অলংকাৰৰ প্ৰয়োগে ইয়াৰ আংগিকত বৈচিত্ৰ্য দান কৰিছে৷ গদ্যধৰ্মী মন্ত্ৰসমূহতেও কোনো কোনো ঠাইত ছন্দৰ স্পন্দন পোৱা যায়৷ গতিকে, অসমীয়া মন্ত্ৰ সাহিত্যত ছন্দ আৰু অলংকাৰৰ কিদৰে প্ৰয়োগ হৈছে, সেই সম্পৰ্কে বিচাৰ কৰাই হৈছে এই আলোচনা-পত্ৰৰ মূল উদ্দেশ্য৷
বিষয়টো অধ্যয়নৰ গুৰুত্ব হ’ল— অসমীয়া মন্ত্ৰ সাহিত্যই অসমীয়া সমাজ-সাহিত্য-সংস্কৃতিৰ এছোৱা বিশেষ সময়ৰ বিভিন্ন দিশৰ সাক্ষী বহন কৰি আনিছে৷ গতিকে অসমীয়া সমাজ-সংস্কৃতিৰ প্ৰাচীন ঐতিহ্যৰ নিদৰ্শন হিচাপে তথা অসমীয়া ভাষা-সাহিত্যৰ ইতিহাসৰো এক গুৰুত্বপূৰ্ণ উপাদান হিচাপে মন্ত্ৰত নিহিত সাহিত্যিক প্ৰসংগ বিচাৰৰ গুৰুত্ব আছে৷ আলোচ্য বিষয়ৰ অধ্যয়নৰ ক্ষেত্ৰত বৰ্ণনাত্মক আৰু বিশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰা হৈছে৷ বিষয়ৰ অধ্যয়নৰ পৰিসৰত অসমীয়া লোকসমাজত মৌখিক আৰু লিখিত ৰূপত প্ৰবাহিত হৈ অহা মন্ত্ৰসমূহক সামৰি লোৱা হৈছে৷ অৱশ্যে, এইক্ষেত্ৰত যিসমূহ মন্ত্ৰত সাহিত্যিক বৈশিষ্ট্য ৰক্ষিত হৈ আছে, সেইসমূহকহে অগ্ৰাধিকাৰ প্ৰদান কৰি আলোচনাৰ পৰিসৰত সামৰি লোৱা হৈছে৷
বীজশব্দ: অসমীয়া মন্ত্ৰ সাহিত্য, ছন্দ, অলংকাৰ, সাহিত্যিক সৌন্দৰ্য৷
১.০০ প্ৰস্তাৱনা
মন্ত্ৰ সাহিত্যৰ ইতিহাস অতি প্ৰাচীন৷ সভ্যতাৰ আদিস্তৰত কৃষিভিত্তিক সমাজত নাৰী আৰু শক্তিক কেন্দ্ৰ কৰি বিভিন্ন যাদুবিশ্বাসৰ ধাৰণা প্ৰবাহিত হৈ আহিছিল৷ পৰৱৰ্তী সময়ত বৈদিক যুগত তন্ত্ৰ-মন্ত্ৰৰ অধিক প্ৰসাৰণ ঘটে৷ তান্ত্ৰিক ধাৰণাৰ দৰে বৈদিক ধাৰাত নাৰীৰ প্ৰাধান্য নাছিল যদিও বৈদিক যুগতে তন্ত্ৰ-মন্ত্ৰৰ ধাৰণাই অধিক প্ৰসাৰ লাভ কৰে৷ অসমতেও অতি প্ৰাচীন কালৰেপৰা তন্ত্ৰ-মন্ত্ৰৰ প্ৰয়োগ হৈ আহিছে৷ প্ৰাচীন কামৰূপ আৰু কামাখ্যা তন্ত্ৰ-মন্ত্ৰৰ চৰ্চাৰ পীঠস্থান আছিল৷ তন্ত্ৰত নাৰী প্ৰাধান্যৰ বাবেই কামাখ্যা তন্ত্ৰ চৰ্চাৰ অন্যতম কেন্দ্ৰভূমিত পৰিণত হ’ব পাৰিছিল৷ প্ৰাচীন কামৰূপৰ কামাখ্যাত দেৱীপূজাকে ধৰি বিভিন্ন পূজা-পাতল, যাদুমূলক আচাৰ-অনুষ্ঠান, ক্ৰিয়া-কৰ্ম আদিৰ চৰ্চা আৰু সাধনা হৈছিল৷ পৰৱৰ্তী সময়ত যাদুধৰ্মী ক্ৰিয়া-কৰ্মৰ সূত্ৰ ধৰিয়েই ‘মন্ত্ৰ সাহিত্য’ই লোকসমাজত স্থান পাবলৈ সক্ষম হয়৷ অসমত মৌখিক যুগৰপৰাই অৰ্থাৎ, সাহিত্যই লিখিত অৱস্থা পোৱাৰ পূৰ্বৰেপৰাই মন্ত্ৰৰ প্ৰচলন হৈ আছিল৷ সেয়ে, অসমীয়া সাহিত্যৰ ইতিহাসৰ আদি স্তৰত মৌখিক লোকসাহিত্যৰ সমপৰ্যায়ত মন্ত্ৰ সাহিত্যক স্থান দিয়া হয়৷
মন্ত্ৰ সাহিত্যক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল৷ বিভিন্ন উদ্দেশ্যত সিদ্ধি লাভৰ বাবে বিশেষ প্ৰক্ষেপণ পদ্ধতিৰ সহায়ত প্ৰয়োগ কৰা শব্দই মন্ত্ৰ আৰু সেই শ্ৰেণীৰ সাহিত্যকে মন্ত্ৰ সাহিত্য বুলিব পাৰি৷ মন্ত্ৰ সাহিত্যৰ সংজ্ঞাৰ পৰাই ইয়াৰ বৈশিষ্ট্যসমূহৰ বিষয়ে অনুধাৱন কৰিব পৰা যায়৷ গোপনীয়তা আৰু ৰক্ষণশীলতাৰ প্ৰাধান্য, ধ্বনিনিৰ্ভৰতা আদি মন্ত্ৰৰ প্ৰধান বৈশিষ্ট্য৷ অসমীয়া লোকসমাজত প্ৰায়োগিক দিশৰপৰা মন্ত্ৰসমূহৰ যিদৰে গুৰুত্ব আছে, সাহিত্যিক দিশৰপৰাও মন্ত্ৰ সাহিত্যৰ সমানে গুৰুত্ব আছে৷ কাৰণ, অসমীয়া ভাষা-সাহিত্যই পূৰ্ণ ৰূপত বিকাশ লাভ কৰাৰ পূৰ্বৰেপৰাই মন্ত্ৰ সাহিত্যৰ প্ৰচলন হৈ আহিছিল৷
তদুপৰি, অসমীয়া মন্ত্ৰ সাহিত্যত বিভিন্ন বীজ শব্দ, অৰ্থহীন শব্দ আদিৰ সঘন উল্লেখ পোৱা যায় যদিও, কেতবোৰ সাহিত্যিক বিশেষত্বও ইয়াত নিহিত হৈ আছে৷ বিশেষকৈ ছন্দ, অলংকাৰ আদিৰ প্ৰয়োগ, বিভিন্ন ৰসৰ প্ৰকাশ, লোককথাৰ সমল আদিয়ে মন্ত্ৰ সাহিত্যক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে৷ নান্দনিক সৌন্দৰ্য ৰক্ষা কৰাটো মন্ত্ৰৰ মুখ্য উদ্দেশ্য নাছিল, তথাপি স্বতঃস্ফূৰ্তভাৱে মন্ত্ৰ সাহিত্যত ছন্দ, অলংকাৰ, ৰস আদিৰ প্ৰতিফলন লক্ষ্য কৰা যায়৷ এই আলোচনা-পত্ৰত অসমীয়া মন্ত্ৰ সাহিত্যত ছন্দ আৰু অলংকাৰৰ কিদৰে প্ৰয়োগ ঘটিছে, সেই সম্পৰ্কে কিছু বিচাৰ কৰাৰ চেষ্টা কৰা হৈছে৷
২.০০ অলংকাৰৰ প্ৰয়োগ
অসমীয়া মন্ত্ৰ সাহিত্যত শব্দালংকাৰ আৰু অৰ্থালংকাৰ— এই দুবিধ অলংকাৰৰ ভিতৰত শব্দালংকাৰৰ প্ৰয়োগ বেছিকৈ দেখা যায়৷ শব্দালংকাৰৰ ভিতৰত অনুপ্ৰাস অলংকাৰৰ অধিক প্ৰয়োগ পৰিলক্ষিত হয়৷ ব্যৱহাৰিক দিশৰ লগত মন্ত্ৰটোৰ সাহিত্যিক পাঠৰ সম্পৰ্ক ৰক্ষা কৰাৰ সমান্তৰালভাৱে মন্ত্ৰৰ ৰচকে কাব্যিক দিশটোকো গুৰুত্ব প্ৰদান কৰা বুলি ক’ব পাৰি৷ মন্ত্ৰ সাহিত্য অৰ্থগত দিশৰ পৰা গভীৰ অৰ্থবহ তথা সাৰ্থক সৃষ্টিৰ শাৰীত ধৰিব নোৱাৰি বাবে ইয়াত অৰ্থালংকাৰৰ প্ৰয়োগো ব্যাপকভাৱে বিচাৰি পোৱা নাযায়৷ ক’ৰবাত দুই-এঠাইত অৰ্থালংকাৰৰ ক্ষীণাভাসহে পোৱা গৈছে৷
২.০১ শব্দালংকাৰৰ প্ৰয়োগ
অন্ত্যানুপ্ৰাস: অসমীয়া মন্ত্ৰ সাহিত্যৰ পদ্যধৰ্মী মন্ত্ৰৰ প্ৰায়বোৰতে অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ দেখা গৈছে৷ যিহেতু কাব্যৰ শেষৰ চৰণৰ ব্যঞ্জন বৰ্ণৰ মিল থাকিলেই অন্ত্যানুপ্ৰাস হয়, গতিকে অসমীয়া মন্ত্ৰ সাহিত্যৰ প্ৰায়বোৰ মন্ত্ৰৰে শেষৰ চৰণৰ ব্যঞ্জনৰ মিল দেখা যায়৷ উদাহৰণস্বৰূপে মানুহ পলালে ঘূৰি অহা মন্ত্ৰটোৰ আধাৰত এই বিষয়ে আলোচনা কৰিব পাৰি:
সোণৰ নাঙল ৰূপৰ ফাল
পলৰীয়া পলাইছে গিৰিৰ কাল
হাত বান্ধো পাৱ বান্ধো আৰু বান্ধো আখি
মই পলাই যোৱাক বান্ধো
ব্ৰহ্মদেৱ চন্দ্ৰ সূৰ্য সাক্ষী
আজিৰ পৰা যাব নোৱাৰ
ওলটি পালটি জেঙত পৰ৷
— [বৃহৎ বৈদ্যসাৰ]এই মন্ত্ৰটোত প্ৰথম শাৰীত উল্লেখ থকা ‘সোণৰ নাঙল ৰূপৰ ফাল’ বাক্যাংশটি বহু মন্ত্ৰত অলংকাৰ মিলোৱাৰ স্বাৰ্থত উল্লেখ পোৱা যায়৷ কোনো কোনো মন্ত্ৰত ‘সোণৰ নাঙল ৰূপৰ ফাল, ৰাম-লক্ষ্মণে জুৰিলে হাল’ এনেদৰে অৰ্থৱহভাৱে প্ৰয়োগ কৰা হয়৷ কিন্তু, উল্লিখিত মন্ত্ৰটোত পলাই যোৱা লোকজনৰ পৰিস্থিতিটোৰ লগত অলংকাৰ মিলাবৰ বাবেই উক্ত বাক্যাংশৰ প্ৰয়োগ কৰা বুলি ভাবিব পাৰি৷ লোকসমাজত ব্ৰহ্মদেৱ, চন্দ্ৰ, সূৰ্য আদি দেৱতাৰ স্থান অতি উচ্চ৷ গতিকে, এইসকল দেৱতাক সাক্ষী কৰি মন্ত্ৰৰ সহায়ত পলৰীয়াজনৰ হাত-ভৰি-চকু পৰ্যন্ত বান্ধি পেলোৱা হৈছে বুলি মন্ত্ৰত উল্লেখ আছে৷ ইয়াৰ ফলত তেওঁ আৰু কেনিও পলাই যাব নোৱাৰে, বৰঞ্চ ওলোটাই জেঙত বা বিপদত পৰাৰহে সম্ভাৱনা আছে৷ মন্ত্ৰটোত ফাল, কাল, আখি, সাক্ষী, নোৱাৰ, পৰ আদি শব্দৰ শেষৰ ব্যঞ্জনৰ মিল ঘটিছে৷
‘বান্ধমেলা মন্ত্ৰ’ত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ ঘটিছে এনেদৰে—
ককাই গৈল হাটে
ধুবুনী গৈল বাটে
তোক বোলে ধুবুনী বাই
এই পানীটুপি কৈত পায়
— [কামৰূপীয়া তন্ত্ৰ মন্ত্ৰ]মাছৰ কাঁইট লাগিলে গোৱা মন্ত্ৰত অন্ত্যানুপ্ৰাসৰ প্ৰয়োগ ঘটিছে এনেদৰে—
শিৰ শিৰ শিৰ শিৰ
শিমলুৰ ডাল
মই কাঁইট জাৰিছোঁ
হৈ যাওক ভাল৷
— [সংগ্ৰহ: জুনু দত্ত]অন্ত্যানুপ্ৰাসৰ সাৰ্থক প্ৰয়োগ ঘটা এনে অনেক উদাহৰণ অসমীয়া মন্ত্ৰ সাহিত্যত পোৱা গৈছে৷ মুঠৰ ওপৰত এনে ধৰণৰ প্ৰয়োগে মন্ত্ৰবোৰক শ্ৰুতিমাধুৰ্য দান কৰাৰ লগতে নান্দনিক সৌন্দৰ্যও প্ৰদান কৰিছে৷
ছেকানুপ্ৰাস: অন্ত্যানুপ্ৰাসৰ দৰে ছেকানুপ্ৰাসৰ প্ৰয়োগৰ পৰাও কাব্যই শুনিবলৈ শুৱলা গুণ আহৰণ কৰে৷ কাব্যত এটাতকৈ অধিক বৰ্ণ একেটা ক্ৰমত পুনৰাবৃত্তি ঘটিলে, তাক ছেকানুপ্ৰাস হিচাপে অভিহিত কৰা হয়৷ অসমীয়া মন্ত্ৰ সাহিত্যৰ বহু মন্ত্ৰত ছেকানুপ্ৰাসৰ প্ৰয়োগ দেখা গৈছে৷ উদাহৰণ স্বৰূপে, ‘শগুণী মন্ত্ৰ’ হিচাপে পৰিচিত ভূত খেদোৱা মন্ত্ৰ, সৰ্বজয় কৱছ মন্ত্ৰ, কালী কৱছ মহামন্ত্ৰ হিচাপে প্ৰয়োগ হোৱা মন্ত্ৰটোৰ কিছু অংশ উল্লেখ কৰিব পাৰি:
আলগত শগুণী নিলগত বাস
কাৰ পুত্ৰ তই কৰিলি আশ৷
— [মন্ত্ৰ সংগ্ৰহ পুথি]এই মন্ত্ৰত ‘আলগত’ আৰু ‘নিলগত’ এই শব্দ দুটাৰ ‘আ’ আৰু ‘নি’ বাদ দি ‘লগত’ অংশৰ দুবাৰ ধ্বনিত অৰ্থাৎ এবাৰ পুনৰাবৃত্তি হৈছে৷ গতিকে ইয়াত ছেকানুপ্ৰাসৰ সাৰ্থক প্ৰয়োগ ঘটিছে বুলি ক’ব পাৰি৷ মুখে মুখে প্ৰচলিত মোহিনী মন্ত্ৰ এটিৰ কিছু অংশ এনেধৰণৰ—
আলত কাপোৰ পালত দহি
কি কৰ কাপোৰ শয্যাত বহি৷পুৰুষ মোহিনীৰ আন এটা মন্ত্ৰত আছে—
অচল পুখুৰী নিচল পানী
তাতে বহিছে কামাখ্যাৰ ৰাণী৷
— [সংগ্ৰহ: ৰাজেন হাজৰিকা]উল্লিখিত মন্ত্ৰ কেইটাৰ প্ৰথমটোত ‘আলত’ শব্দৰ লগত ‘পালত’ শব্দৰ প্ৰয়োগ ঘটি ছেকানুপ্ৰাস হৈছে৷ ইয়াত দুয়োটা শব্দ অৰ্থপূৰ্ণ নহয়, তৎসত্বেও কাব্যিক সৌন্দৰ্য বা অলংকাৰ মিলোৱাৰ স্বাৰ্থতে শব্দ দুটাৰ প্ৰয়োগ হৈছে বুলি ধাৰণা কৰিব পাৰি৷ গতিকে, অসমীয়া মন্ত্ৰ সাহিত্যত ছেকানুপ্ৰাসৰ প্ৰয়োগৰ জৰিয়তেও মন্ত্ৰই নান্দনিক মূল্য আহৰণ কৰিবলৈ সক্ষম হৈছে৷
বৃত্তানুপ্ৰাস: এটা বা তাতোকৈ অধিক বৰ্ণ দুবাৰ বা তাতকৈ অধিকবাৰ আবৃত্ত হ’লে বৃত্তানুপ্ৰাস হয়৷ অসমীয়া মন্ত্ৰ সাহিত্যত এই অনুপ্ৰাসৰো প্ৰয়োগ ঘটিছে৷ উদাহৰণস্বৰূপে ‘মোহিনী মন্ত্ৰ’ এটাৰ কিছু অংশ বিচাৰ কৰি চাব পাৰি:
কট্ কট্ কটাৰী মত্ মত্ মুঠি
মই বস্ত্ৰ জাৰিলোঁ অমুকীৰ হিয়াত উঠি৷এই মন্ত্ৰত ‘ট’ বৰ্ণ বাৰে বাৰে আবৃত্ত হৈ ধ্বনিমাধুৰ্যৰ সৃষ্টি কৰিছে৷ শব্দৰ পুনৰাবৃত্তিয়ে একধৰণৰ সাংগীতিক লয়ৰ সৃষ্টি কৰে৷ এনে কৰাৰ ফলত প্ৰায়োগিক দিশত মন্ত্ৰ অধিক প্ৰভাৱশালী হোৱাৰ সম্ভাৱনা থাকে, কাৰণ ধ্বনিমাধুৰ্য বা ধ্বনিনিৰ্ভৰতা মন্ত্ৰ সাহিত্যৰ এক অন্যতম বিশেষত্ব৷ ফোঁহা নিৰ্মূলৰ এটা মন্ত্ৰ ‘চ’ আৰু ‘ৰ’ বৰ্ণৰ আবৃত্তিৰে বৃত্তানুপ্ৰাস হৈছে এনেদৰে—
চূৰ চূৰ মহাচূৰ চূৰ বান্ধো অনাদিপুৰ
চন্দ্ৰ সাক্ষী সূৰ্য সাক্ষী
মই চূৰ দিলো ত্ৰিভূবনত ৰাখি৷
— [বৃহৎ বৈদ্যসাৰ]সেইদৰে সকলোৰে জ্ঞাত পুৰুষ মোহিনীৰ মন্ত্ৰটোতো বৃত্তানুপ্ৰাসৰ প্ৰয়োগ ঘটিছে:
ফুলৰ পুখুৰী ফুলৰ পাৰ
ফুল ফুলি আছে চমৎকাৰ৷
— [বৃহৎ বৈদ্যসাৰ]মন্ত্ৰটোত ‘ফ’, ‘ল’ আৰু ‘ৰ’ বৰ্ণকেইটাৰ পুনৰাবৃত্তিৰ বাবে বৃত্তানুপ্ৰাস হৈছে৷ সৰ্বঢাক মন্ত্ৰত যুক্তবৰ্ণৰ সহায়ত বৃত্তানুপ্ৰাস ঘটিছে এনেদৰে—
গণ্ড গণ্ড মহাগণ্ড
গোসাঁইৰ চক্ৰে কাটি কৰোঁ খণ্ড খণ্ড৷
— [বৃহৎ বৈদ্যসাৰ]এনেদৰেই অসমীয়া মন্ত্ৰ সাহিত্যত সংযুক্ত আৰু বিযুক্ত— দুয়ো বৰ্ণৰে বৃত্তানুপ্ৰাস ঘটিছে বুলি ক’ব পাৰি৷
যমক: স্বৰব্যঞ্জন বৰ্ণৰ সমষ্টিৰ একেটা ক্ৰমতে সাৰ্থক-নিৰৰ্থকভাৱে পুনৰুক্তি হ’লে ‘যমক’ অলংকাৰ বুলি কোৱা হয়৷ অসমীয়া মন্ত্ৰ সাহিত্যত সাৰ্থক যমকৰ উদাহৰণ কম যদিও দুই-এঠাইত এই অলংকাৰৰ প্ৰয়োগ পোৱা গৈছে৷ প্ৰসৱৰ মন্ত্ৰ এটাত ‘যমক’ অলংকাৰৰ প্ৰয়োগ ঘটিছে এনেদৰে—
কালী কালী বিকালি কালী
মালতী ভৈল যুৱতী নাৰী৷
— [বৃহৎ বৈদ্যসাৰ]ইয়াত কালী দেৱীৰ লগত ‘বিকালি’ৰ ‘কালী’ অংশৰ নিৰৰ্থক প্ৰয়োগ ঘটি যমক অলংকাৰ সৃষ্টি কৰিছে৷ গতিকে, দেখা গ’ল যে অসমীয়া মন্ত্ৰ সাহিত্যত শব্দালংকাৰৰ প্ৰয়োগৰ জৰিয়তে মন্ত্ৰই কাব্যিক সৌন্দৰ্য লাভ কৰিছে৷
২.০২ অৰ্থালংকাৰৰ প্ৰয়োগ
অসমীয়া মন্ত্ৰ সাহিত্যত অৰ্থালংকাৰৰ সাৰ্থক প্ৰয়োগ পাবলৈ নাই৷ কাৰণ, মন্ত্ৰবোৰত অনৰ্থক শব্দৰ প্ৰয়োগ বেছি৷ তাৰ মাজতেও দুই-এঠাইত উপমা, ৰূপক আদিৰ আভাস পোৱা গৈছে৷ ‘মোহিনী মন্ত্ৰ’ত থকা ‘অমুকাই অমুকীক জপাৰ কাপোৰ যেন देखे’ বাক্যাংশত উপমাৰ প্ৰয়োগ ঘটিছে৷ জপাত সাঁচি থোৱা কাপোৰ যিদৰে সকলোৰে অতি মৰমৰ আৰু হেঁপাহৰ, সেইদৰে বিশেষ নাৰীগৰাকীও প্ৰিয়পাত্ৰী হৈ উঠাৰ ক্ষেত্ৰত নাৰীগৰাকীক জপাৰ কাপোৰৰ লগত তুলনা কৰা হৈছে৷
একেদৰে গাৰ বান্ধ মেলা মন্ত্ৰ এটাত থকা *‘মোৰ মুখ দাপোনৰ ছায়া মোৰ মুখলৈ চালে লাগিব মায়া’*ত উপমেয আৰু উপমানৰ মাজত অভেদ দেখা গৈছে৷ অৰ্থাৎ, মুখখনিৰ সৌন্দৰ্য বুজাবলৈ স্বচ্ছ দাপোনাৰ লগত অভেদ কৰি দেখুওৱা হৈছে৷ গতিকে, ইয়াত ৰূপক অলংকাৰৰ আভাস পোৱা হৈছে৷ সি যা নহওক, অৰ্থালংকাৰৰ দুই-এক আভাস পোৱা গ’লেও সি সাৰ্থক প্ৰয়োগ হৈ উঠিছে বুলি ক’ব নোৱাৰি৷
৩.০০ ছন্দৰ প্ৰয়োগ
ছন্দৰ লয় আৰু ছন্দৰ সজ্জাই অসমীয়া মন্ত্ৰ সাহিত্যৰ আংগিকত বৈচিত্ৰ্য প্ৰদান কৰিছে৷ সম্পূৰ্ণ মন্ত্ৰটোত এনে বিশেষত্ব ৰক্ষা কৰিব পৰা নাই যদিও, বহু মন্ত্ৰৰ কিছু কিছু অংশত ছন্দৰ এনে প্ৰয়োগে কাব্যিক সৌন্দৰ্য প্ৰদানত অৰিহণা যোগাইছে৷ মন কৰিবলগীয়া যে, পুৰণি অসমীয়া সাহিত্যত যিসমূহ ছন্দসজ্জাৰ প্ৰয়োগ হৈছিল, মন্ত্ৰ সাহিত্যত তাৰ কিছু আভাস পোৱা যায়৷ কোনো এটা মন্ত্ৰতে সম্পূৰ্ণ ৰূপত ছন্দসজ্জা পোৱা নাযায়; কিন্তু, ঠায়ে ঠায়ে দুই-একটা অংশ ঝুনা, ঝুমুৰি, পয়াৰ আদিৰ দৰে গঠন দেখা যায়৷ আনহাতে পদ্যধৰ্মী প্ৰায়বোৰ মন্ত্ৰতে ছন্দৰ লয় দেখা যায়৷ কোনো কোনো গদ্যধৰ্মী মন্ত্ৰৰো কিছু অংশত ছন্দৰ লয় অনুভূত হয়৷
৩.০১ ছন্দসজ্জা
অসমীয়া মন্ত্ৰ সাহিত্যৰ সকলোবোৰ মন্ত্ৰৰ পৰ্ব-অনুপৰ্ববোৰ সুসংবদ্ধ নহয় বাবে সুনিৰ্দিষ্ট ছন্দসজ্জাও পৰিলক্ষিত নহয়৷ তথাপিউ বহু মন্ত্ৰৰ কোনো কোনো অংশৰ মাজত ছন্দসজ্জাৰ আভাস বিচাৰি পোৱা যায়৷ অসমীয়া সাহিত্যৰ ইতিহাসৰ আদিছোৱাৰ মৌখিক ৰূপটোৰ নিদৰ্শন হিচাপে মন্ত্ৰ সাহিত্যত সুনিৰ্দিষ্ট ছন্দসজ্জা নথকাটোৱেই স্বাভাৱিক৷ তদুপৰি, মন্ত্ৰবোৰ সাহিত্যিক উদ্দেশ্যত ৰচিত হোৱা নাছিল, লোকজীৱনৰ ব্যৱহাৰিক প্ৰয়োজনীয়তাহে মন্ত্ৰৰ মূল উদ্দেশ্য আছিল৷ তৎসত্বেও কোনোবাটো মন্ত্ৰ ছন্দসজ্জাৰ ওচৰ চাপিব খোজাটোৱেই মন কৰিবলগীয়া দিশ৷
ঝুনা ছন্দসজ্জা: অসমীয়া মন্ত্ৰ সাহিত্যত ঝুনা ছন্দসজ্জাৰ পংক্তি বিভিন্ন মন্ত্ৰত পোৱা যায়৷ ৬+৫ ছন্দসজ্জাৰে সজ্জিত এই সজ্জাত এটা চৰণত মুঠ এঘাৰটা অক্ষৰ থাকে৷ ঝুনা ছন্দসজ্জাক একাৱলী বুলিও কোৱা হয়৷ মোহিনী মন্ত্ৰ, চূৰ দিয়া মন্ত্ৰ আদিত ঝুনা ছন্দসজ্জাৰ আভাস এনেদৰে পোৱা গৈছে—
ফুলৰ পুখুৰী ফুলৰ পাৰ
ফুল ফুলি আছে চমৎকাৰ৷— [বৃহৎ বৈদ্যসাৰ]
এই মন্ত্ৰটোৰ দুয়োটা চৰণত মুঠ এঘাৰটাকৈ অক্ষৰ আছে আৰু প্ৰতিটো চৰণ ৬+৫ এইদৰে সজ্জিত হৈছে৷ শংকৰদেৱৰ ৰচনাতো এই ছন্দসজ্জা পৰিলক্ষিত হয়৷ কীৰ্তন পুথিৰ ‘নাৰদৰ কৃষ্ণ দৰ্শন’ত ঝুনা ছন্দসজ্জা এনেদৰে পোৱা গৈছে—
মেঘ বুলি তাক ময়ূৰ গণে
গৃহত পড়িয়া নাচে সঘনে৷মন্ত্ৰ সাহিত্যৰ দৰে শংকৰদেৱৰ কাব্যত ঝুনা ছন্দসজ্জাৰ প্ৰয়োগৰ দিশটো বিচাৰ কৰিলে দেখা যায় যে মন্ত্ৰৰ ৰচকজন স্বভাৱ কবিৰ দৰে হোৱা বাবে স্বতঃস্ফূৰ্তভাৱে তেওঁৰ অজ্ঞাতসাৰেই এনে বিশেষত্ব সোমাইছে৷ তদুপৰি, ইয়াৰ আধাৰত মন্ত্ৰৰ সময়সীমা সম্পৰ্কেও কিছু ধাৰণা কৰিব পৰা যায়৷ বিৰিঞ্চি কুমাৰ বৰুৱাই অসমীয়া মন্ত্ৰ সাহিত্যসমূহ শংকৰদেৱৰ জন্মৰ পূৰ্বৰ বুলি কৰা মন্তব্যৰপৰাও এই কথা প্ৰমাণ হয়৷ বৰুৱাই ‘মন্ত্ৰ সাহিত্যত মধ্যযুগৰ অসম’ শীৰ্ষক প্ৰবন্ধত এই কথা উল্লেখ কৰিছে এনেদৰে— ‘‘অধিকভাগ মন্ত্ৰই যে শংকৰদেৱৰ আৱিৰ্ভাৱৰ পূৰ্বে ৰচনা হৈছিল, সেই কথা কেইবাটাও যুক্তিৰে অনুমান কৰিব পাৰি৷’’ (বৰুৱা, পৃ. ৮৯)
বৃহৎ বৈদ্যসাৰ মন্ত্ৰপুথিত প্ৰাপ্ত ঝুনা ছন্দসজ্জাৰ আৰু কিছু নিদৰ্শন:
- সোণৰ নাঙল ৰূপৰ ফাল
আঠিয়া কলৰ জুৰিলো হাল৷ - ফুলে ফুলেচৰী অমুকী আইতোক নেদেখিলে নিদ্ৰা নেযায়৷
- আলত কাপোৰ পালত দহি
কি কৰ কাপোৰ শয্যাত বহি৷
কুসুমমালা: কুসুমমালা ছন্দসজ্জাৰ প্ৰতিটো চৰণত ৬+৬ মাত্ৰাৰ সংযোজন দেখা যায়৷ এই মাত্ৰাৰে গঠিত কুসুমমালা ছন্দসজ্জাৰ আভাস অসমীয়া মন্ত্ৰ সাহিত্যৰ কোনো কোনো মন্ত্ৰত পোৱা গৈছে৷ উদাহৰণস্বৰূপে চেলাই খোৱা মন্ত্ৰটোৰ কিছু অংশ:
- কোন কোন চেলা কোন কোন জাতি
মই জানো তোৰ জনমৰ জাতি ৷— [বড় বেজালি]
পয়াৰ: পয়াৰৰ প্ৰতিটো চৰণ চৈধ্য অক্ষৰৰ মাত্ৰাৰে সুনিৰ্দিষ্টকৈ বন্ধা থাকে৷ প্ৰাচীন অসমীয়া কবিসকলৰ ৰচনাত পয়াৰ ছন্দৰ আংগিক দেখিবলৈ পোৱা যায়৷ অসমীয়া মন্ত্ৰ সাহিত্যতো পয়াৰ ছন্দৰ সজ্জাৰে মন্ত্ৰ পোৱা গৈছে৷ উদাহৰণ স্বৰূপে কালী কৱছ মহামন্ত্ৰটো উদ্ধৃত কৰিব পাৰি:
ডালত পৰি শগুণী মনে মনে গুণে
কেঠেলুৱা ভূত প্ৰেত ৰাখি থৈছে কোনে৷
— [মন্ত্ৰ সংগ্ৰহ পুথি]এই মন্ত্ৰটোত ৮+৬$সজ্জাৰে সুন্দৰকৈ সজ্জিত হৈ আছে৷ গতিকে, ইয়াত পয়াৰ ছন্দসজ্জাৰ সুন্দৰ প্ৰকাশ ঘটিছে বুলি ক’ব পাৰি৷
ছবি: অসমীয়া মন্ত্ৰ সাহিত্যত ছবি ছন্দসজ্জাৰে বন্ধা ছন্দৰ প্ৰয়োগ কম৷ ক’ৰবাত দুই-এঠাইত এনে ছন্দ দেখা যায়৷ ভূত-পিশাচ খেদাবৰ বাবে থকা এটি মন্ত্ৰৰ কিছু অংশত ছবি ছন্দসজ্জা পৰিলক্ষিত হৈছে৷ ছবি ছন্দসজ্জাৰ ৮+৮+১০ মাত্ৰাৰ এই মন্ত্ৰটো এনেধৰণৰ—
মাকৰ নাম হোৱাই
বাপেকৰ নাম শোকা
উপজিল বেটা মুণ্ড বেঁকা৷
— [বড় বেজালী, পৃ. ২৩]ঝুমুৰা: ঝুমুৰাৰ সাৰ্থক ছন্দ সজ্জাও অসমীয়া মন্ত্ৰ সাহিত্যৰ কোনো এটি মন্ত্ৰতে সম্পূৰ্ণকৈ পোৱা নাযায়৷ ‘ৰোৱা খোৱা পোকৰ’ মন্ত্ৰ এটাত সন্নিৱিষ্ট দুটিমান শাৰীত ঝুমুৰাৰ দৰে ৮+৮ এই গঠন দেখা গৈছে:
থোক কটা কেও কটা
বাহ কটা আদি নাও
মোৰ নাখাবি আনৰ খাবি
যদি খাৱ নষ্ট যাবি৷
— [বৃহৎ বৈদ্যসাৰ]মন্ত্ৰটোৰ ‘মোৰ নাখাবি আনৰ খাবি’ শাৰীটো বাদ দি বাকী তিনিটা শাৰীত ঝুমুৰাৰ প্ৰয়োগ দেখা গৈছে৷
৩.০২ ছন্দস্পন্দ বা ছন্দৰ লয়
অসমীয়া মন্ত্ৰ সাহিত্যৰ বহু মন্ত্ৰত ছন্দস্পন্দ বা ছন্দৰ লয় অনুভূত হোৱা দেখা যায়৷ নিৰ্দিষ্ট ছন্দসজ্জাৰ দ্বাৰা গঠিত নহ’লেও এনে ছন্দস্পন্দৰ বাবেই অসমীয়া মন্ত্ৰ সাহিত্যত এক কাব্যিক সৌন্দৰ্য অনুভূত হৈছে৷ নাৰেংগাৰ মন্ত্ৰত সুন্দৰ ছন্দৰ লয়েৰে এক কাব্যিক সৌন্দৰ্য প্ৰদান কৰা দেখা গৈছে—
বন কাটো মুঠি মুঠি ইকৰাৰ মাৰো গোঁজা
হাতীৰ ওপৰে তবলা বাই পাতে মহাদেউ ৰজা,
মোক দোলা কৰি নিয়া
গা কৰে পোৰা জ্বালা মূৰে কৰে ফালি,
আঠ আঙ্গুলীয়া পচলা খাই নিতে শুনে গালি,
গালিও গালি পৰ্বতীয়া গালি
ক’ত হেৰুৱালি পুখুৰী আলি,
পুখুৰী আলি গৈ দুটি মিছা পালে
মৰা গছত কাপোৰ থৈ দাঙি নচুৱালে৷
— [বড় বেজালি]
এই মন্ত্ৰটো বিশেষ অৰ্থপূৰ্ণ শব্দ বা অৰ্থপূৰ্ণ বাক্যৰ সমষ্টি নহ’লেও কোমল শব্দচয়নেৰে ইয়াত এক ছন্দৰ স্পন্দন অনুভূত হৈছে৷ এনে মন্ত্ৰৰ সৈতে অসমীয়া লোকসাহিত্যৰ শিশুৰ ওমলা গীতৰ লগত সাদৃশ্য আছে৷ ওমলা গীতৰ দৰেই ইয়াতো গছ-বন, জীৱ-জন্তু যেনে: হাতী, মিছা মাছ, পুখুৰী আদিৰ উল্লেখেৰে প্ৰকৃতিৰ লগত একাত্মতাৰে এখন কাল্পনিক ছবি দাঙি ধৰা হৈছে৷ ‘হৈ-গুদু’ খেলোঁতে গোৱা ‘আগুৰ গুৰ মাগুৰ জালি’ গীতটি উদাহৰণ হিচাপে ল’ব পাৰি:
আগুৰ গুৰ মাগুৰ জালি
ঘোঁৰাৰ আগত দিলোঁ পানী
ঘোঁৰাই বোলে নাখাওঁ পানী
বিৰিণাৰ আগ ঐ বনমলা ঘাটৈ
আতিৰাম কাতিৰাম দলনিতে লাগি যাম৷
শিশুৰ ওমলা গীতৰ দৰে উল্লিখিত মন্ত্ৰটোত কোনো নিৰ্দিষ্ট ছন্দ নাই বা গভীৰ অৰ্থও নাই৷ মাথোঁ কোমল শব্দচয়নৰ ধ্বনি মাধুৰ্যৰে এক ছন্দৰ স্পন্দন ইয়াত ৰক্ষিত হৈছে৷ ভাত ৰান্ধোতে ৰান্ধনীয়ে ভাত সোনকালে সিজিবলৈ গোৱা মন্ত্ৰটোও শিশুৰ ওমলা গীতৰ দৰে ছন্দময়—
অৰুণৰ ঢেঁকী বৰুণৰ থোৰা
অ’ ৰান্ধনী ঔ তই থাক ভাত ৰান্ধি
মই আহোঁ গাঁও ফুৰি
একেদৰে পিঠা ভাজোতে গোৱা ‘এঙনি বান্ধিলো জেঙনি বান্ধিলো বান্ধিলো গোহালিৰ গৰু, মাকক বান্ধিলো, জীয়েকক বান্ধিলো বান্ধিলো পিঠাৰ চৰু’ বা তেজ ৰখা মন্ত্ৰত থকা ‘ইছানি পুখুৰীৰ সিছানি পানী, ব্ৰহ্মাই দিলে পুখৰী খানি’ আদিৰ কথাও ক’ব পাৰি৷ এই মন্ত্ৰবোৰত সুনিৰ্দিষ্ট ছন্দসজ্জা নাথাকিলেও ছন্দৰ এক স্পন্দন প্ৰকাশিত হৈছে৷
৪.০০ সামগ্ৰিক বিশ্লেষণ
অসমীয়া মন্ত্ৰ সাহিত্যত ছন্দ আৰু অলংকাৰৰ প্ৰয়োগ বিষয়ক সামগ্ৰিক বিশ্লেষণ কৰিলে দেখা যায়, মন্ত্ৰসমূহক অৰ্থহীন শব্দৰ সমষ্টি বুলি ভবা হয় যদিও বহু মন্ত্ৰই সাহিত্যিক গুণ ৰক্ষা কৰিব পাৰিছে৷ সাৰ্থক সাহিত্যৰ বৈশিষ্ট্য মন্ত্ৰৰ মাজত বিচৰাটো অনুচিত, কিয়নো মন্ত্ৰৰ প্ৰকৃত উদ্দেশ্য সাহিত্য সৃষ্টি নহয়, লোকজীৱনৰ ব্যৱহাৰিক প্ৰয়োজনীয়তাহে৷ তাৰ মাজতেও মন্ত্ৰসমূহহত ছন্দ আৰু অলংকাৰৰ আভাস নিহিত থকাটো লক্ষ্যণীয় দিশ৷
এই দিশৰপৰা চালে মন্ত্ৰসমূহ কোনো এক স্বভাৱ কবিৰ ৰচনা বুলি ভবাৰ অৱকাশ থাকে৷ কাৰণ, লোকসমাজৰ লগত সম্পৰ্ক ৰক্ষা তথা স্বভাৱ কবিত্ব গুণ থাকিলেহে স্বতঃস্ফূৰ্তভাৱে এনে সাহিত্যিক সৌন্দৰ্য প্ৰকাশ পোৱাটো সম্ভৱ৷ ব্যৱহাৰিক উদ্দেশ্য সিদ্ধিৰ ক্ষেত্ৰত মন্ত্ৰৰ প্ৰয়োগ হৈছিল; কিন্তু, মন্ত্ৰ ৰচয়িতাজনৰ অজ্ঞাতসাৰেই হয়তো কেতবোৰ স্বভাৱ কবিৰ বিশেষত্ব মন্ত্ৰবোৰত নিহিত হৈ থাকিল৷ সেয়ে, কোনো কোনো গদ্যধৰ্মী মন্ত্ৰও ছন্দৰ লয় বা অলংকাৰৰ প্ৰয়োগৰ জৰিয়তে পদ্যৰ ওচৰ চপা দেখা যায়৷ ইয়াৰ ফলত মন্ত্ৰবোৰ শুনিবলৈ শুৱলা হোৱাৰ সমান্তৰালভাৱে মন্ত্ৰ প্ৰয়োগ কৰোঁতাজনৰ মনত ৰখাতো কিছু সহায়ক হয়৷ ছন্দ, অলংকাৰ, লয় আদিৰ সহায়ত দীঘল মন্ত্ৰ একোটাও সহজে পাঠ কৰাৰ বাবে উপযোগী হৈ পৰে৷
৫.০০ সিদ্ধান্ত
[ক] অসমীয়া মন্ত্ৰ সাহিত্যত শব্দালংকাৰৰ সঘন প্ৰয়োগ দেখা যায়৷ অন্ত্যানুপ্ৰাস, বৃত্তানুপ্ৰাস, ছেকানুপ্ৰাস আদিৰ প্ৰয়োগৰ ফলত বহু মন্ত্ৰই শ্ৰুতিমাধুৰ্য গুণ লাভ কৰিছে৷ অৱশ্যে, অৰ্থালংকাৰৰ সীমিত প্ৰয়োগহে দেখা যায়৷
[খ] ছন্দৰ প্ৰয়োগলৈ লক্ষ্য কৰিলে দেখা যায়, প্ৰাচীন অসমীয়া সাহিত্যত ব্যৱহৃত পদ বা পয়াৰ, ঝুনা, ঝুমুৰি, কুসুমমালা আদিৰ আংশিক প্ৰয়োগ ঘটিছে৷ অৰ্থাৎ, সম্পূৰ্ণ মন্ত্ৰটোত সুনিৰ্দিষ্ট ছন্দৰ সজ্জা ৰক্ষা নহ’লেও, মন্ত্ৰ একোটাৰ কিছু কিছু অংশত ছন্দসজ্জা দেখা যায়৷
[গ] অসমীয়া মন্ত্ৰ সাহিত্যৰ কোনো কোনো মন্ত্ৰত অৰ্থহীন শব্দৰ প্ৰয়োগৰ মাজতেও ছন্দস্পন্দ ৰক্ষা হোৱা দেখা যায়৷ এইক্ষেত্ৰত অসমীয়া লোকসাহিত্যৰ ওমলা গীতসমূহৰ লগত মন্ত্ৰৰ সাদৃশ্য বিচাৰ কৰি চাব পাৰি৷
[ঘ] সামৰণিত ক’ব পাৰি, লোকসমাজৰ ব্যৱহাৰিক প্ৰয়োজনীয়তা পূৰণ কৰা মন্ত্ৰৰ মূল উদ্দেশ্য৷ সাৰ্থক সাহিত্য ৰচনা কৰাটো মন্ত্ৰৰ উদ্দেশ্যৰ অন্তৰ্গত নাছিল, তথাপি মন্ত্ৰত স্বতঃস্ফূৰ্তভাৱে ছন্দ, অলংকাৰৰ আদিৰ প্ৰয়োগ হোৱাটো বিশেষত্বপূৰ্ণ৷ এই বিশেষত্বৰ বাবেই অসমীয়া মন্ত্ৰ সাহিত্যই এক স্বকীয়তা লাভ কৰিছে৷
গ্ৰন্থপঞ্জী
মুখ্য উৎস:
বৰকৰতী পুথি৷ গুৱাহাটী: সবিতা প্ৰকাশ, ২০১৪৷ মুদ্ৰিত৷
বড়বেজালি৷ ডিব্ৰুগড়: ভট্টাচাৰ্য এজেন্সী৷ মুদ্ৰিত৷
বৃহৎ বৈদ্যসাৰ৷ যোৰহাট: ললিত এজেন্সী৷ মুদ্ৰিত৷
মন্ত্ৰসংগ্ৰহ পুথি৷ ডিব্ৰুগড়: ভট্টাচাৰ্য এজেন্সী৷ মুদ্ৰিত৷
যোগিনীতন্ত্ৰ৷ গুৱাহাটী: দত্তবৰুৱা পাবলিচিং কোঃ প্ৰাঃ লিঃ, ২০১০৷ তৃতীয় প্ৰকাশ৷ মুদ্ৰিত৷
গৌণ উৎস:
গগৈ, লীলা৷ অসমৰ লোকসাহিত্যৰ ৰূপৰেখা৷ ডিব্ৰুগড়: বনলতা, ২০০৭৷ মুদ্ৰিত৷
গোস্বামী, প্ৰফুল্ল দত্ত৷ অসমিয়া জনসাহিত্য৷ পাণবজাৰ, গুৱাহাটী: বাণী প্ৰকাশ, ১৯৪৮৷ মুদ্ৰিত৷
গোস্বামী, হেমচন্দ্ৰ৷ অসমীয়া সাহিত্যৰ চানেকি: প্ৰথম খণ্ড৷ ডিব্ৰুগড়, গুৱাহাটী: বাণী মন্দিৰ, ২০০২৷ মুদ্ৰিত৷
চহৰীয়া, কনক চন্দ্ৰ৷ দৰঙী লোক-সাহিত্যৰ ৰূপৰেখা৷ গুৱাহাটী: অসম প্ৰকাশন পৰিষদ, ২০০৭৷ মুদ্ৰিত৷
নাথ, প্ৰফুল্ল কুমাৰ৷ অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ ৰূপৰেখা৷ গুৱাহাটী: বিশাল প্ৰকাশ, ২০১৭৷ মুদ্ৰিত৷
পাটগিৰি, হিমাংশু (সম্পা.)৷ লোক-সংস্কৃতি৷ পাঠশালা: স্বকাল প্ৰকাশ, ২০০০৷ মুদ্ৰিত৷
বৰগোহাঞি, যতীন্দ্ৰ কুমাৰ (অনু.)৷ লোকায়ত দৰ্শন৷ গুৱাহাটী: অসম প্ৰকাশন পৰিষদ, ২০০৭৷ মুদ্ৰিত৷
বৰদলৈ, নিৰ্মল প্ৰভা৷ অসমৰ লোকসংস্কৃতি৷ গুৱাহাটী: বীণা লাইব্ৰেৰী, ১৯৭২৷ মুদ্ৰিত৷
বৰুৱা, প্ৰহ্লাদ কুমাৰ (সম্পাদিত)৷ অসমীয়া লোকসাহিত্য৷ ডিব্ৰুগড়: অসম সাহিত্য সভা, ষটষষ্টিতম অধিৱেশন, ২০০১৷ মুদ্ৰিত৷
বৰুৱা, বিৰিঞ্চি কুমাৰ৷ অসমৰ লোকসংস্কৃতি৷ গুৱাহাটী: বীণা লাইব্ৰেৰী, ১৯৯৬৷ মুদ্ৰিত৷
— অসমীয়া কথা সাহিত্য৷ গুৱাহাটী: জাৰ্ণাল এম্পৰিয়াম, ১৯৯৭৷ মুদ্ৰিত৷
— অসমীয়া ভাষা আৰু সংস্কৃতি৷ গুৱাহাটী: জাৰ্ণাল এম্পৰিয়াম, ১৯৮৫৷ মুদ্ৰিত৷
বৰ্মন, শিৱনাথ৷ লোককৃষ্টিৰ উৎস৷ গুৱাহাটী: অসম প্ৰকাশন পৰিষদ৷ মুদ্ৰিত৷
Comments
Post a Comment