অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱন
সহকাৰী অধ্যাপক, অসমীয়া বিভাগ,
সাৰাংশ: শব্দীভৱন হৈছে আধুনিক ভাষাবিজ্ঞানের এটা অন্যতম শাখা৷ শব্দীভৱনে ভাষাবিশেষত ব্যৱহৃত সমকালীন ভাষিক ৰূপৰ আধাৰত শব্দৰ গাঁথনিক দিশ সম্পৰ্কে আলোচনা কৰে৷ ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু বিশ্লেষণৰ ক্ষেত্ৰত ভাষাত ব্যৱহৃত শব্দৰ গাঁথনিক দিশৰ পৰ্যালোচনাই তাৎপৰ্য বহন কৰে৷ অৱশ্যে প্ৰপৃৱীত প্ৰচলিত ভাষাসমূহৰ শব্দ গঠন পদ্ধতি ইমান বেলেগ যে বিশেষ এক নিয়ম বা পদ্ধতিৰে বিশ্লেষণ কৰাত অসুবিধা হয়৷ ভাষা বিশেষে মূল ৰূপ বা শব্দৰ লগত বদ্ধ ৰূপবোৰ কেতিয়াবা আগত, কেতিয়াবা মাজত, কেতিয়াবা পিছত যোগ হয়৷ অন্যহাতে কিছুমান ভাষাত বদ্ধৰূপবোৰ অস্পষ্ট হৈ থকাৰ বিপৰীতে কিছুমান ভাষাৰ বদ্ধ ৰূপবোৰ মূলৰূপৰ সৈতে এনেদৰে সংযোগ হৈ থাকে যে তাক সহজে চিনাক্ত কৰা কঠিন৷ পৃথিৱীত প্ৰচলিত বিভিন্ন ভাষাসমূহৰ ভিতৰত টাইমূলীয় ভাষাগোষ্ঠী অন্যতম৷ অসমত বসবাস কৰা টাই ভাষাগোষ্ঠীৰ অন্তৰ্গত ৬ টা ঠালৰ ভিতৰত টাই আহোম ভাষা বৰ্তমান বহুলভাৱে কথিত ৰূপ পোৱা নাযায় আৰু টাই টুৰুং ভাষা চিংফৌ ভাষাৰ সংমিশ্ৰণত মূল ভাষিক ৰূপৰ পৰিৱৰ্তন ঘটিছে৷ সেয়েহে এই অধ্যয়নত আইতন, খাময়াং, খামতি আৰু ফাকে এই চাৰিটা ভাষাৰ শব্দীভৱন সম্পৰ্কে আলোচনা কৰা হৈছে৷
বীজ শব্দ: ভাষাবিজ্ঞান, শব্দীভৱন, টাইমূলীয় ভাষা, শব্দ-গঠন৷
১.০ অৱতৰণিকা:
টাই বুলিলে এচিয়া মহাদেশৰ বৃহৎ অঞ্চলজুৰি বিস্তৃত হৈ থকা মংগোলীয় প্ৰজাতিৰ লোকসকলক বুজা যায়৷ প্ৰব্ৰজনকাৰী জাতি হিচাপে পৰিচিত টাইসকলক বিভিন্ন থলুৱা নামেৰে জনা যায়৷ ব্ৰহ্মদেশত যেনেকৈ শ্যাম্, থাইলেণ্ডত তenেকৈ শ্যান্ নামেৰে পৰিচিত হৈছে৷ ইন্দোচীনত আকৌ লাও নামেৰেহে জনা যায়৷ ১ টাইসকল প্ৰজাতিগত দিশৰ পৰা মংগোলীয় প্ৰজাতিৰ লোক৷ অৱশ্যে ভাষিক দৃষ্টিকোণেৰে টাইসকল কোন ভাষা পৰিয়ালৰ লোক সেই লৈ মতবিৰোধ আছে ৷ গ্ৰীয়াৰচন, সুনীতি কুমাৰ চেটাৰ্জী, তাৰাপোৱালা, নগেন ঠাকুৰ, ভীমকান্ত বৰুৱা প্ৰভৃতি ভাষাতত্ত্ববিদসকলে টাইসকলক পৃথিৱীৰ দ্বিতীয় সৰ্ববৃহৎ ভাষা পৰিয়াল চীন-তিব্বতীয় ভাষা পৰিয়ালত অন্তৰ্ভুক্ত কৰিছে ৷ আনহাতে আধুনিক পণ্ডিতসকলে টাইমূলীয় ভাষাগোষ্ঠীক টাই কাদাই [Tai-Kadai], ক্ৰা-দাই [Kra-Dai], আৰু কাদাই [Kadai] নামেৰে সুকীয়াকৈ শ্ৰেণীবিভাজন কৰিছে৷ অৱশ্যে টাই-কাদাই নামটো সৰ্বজন গৃহীত নহয়৷ টাই-কাদাইৰ পৰিৱৰ্তে কাদাই [Kadai] আৰু ক্ৰা-দাই [Kra-Dai] নাম ব্যৱহাৰ হ’ব লাগে বুলি কোনো কোনো ভাষাবিদে মত প্ৰকাশ কৰে৷ টাই-কাদাই নামটো টাই আৰু কাদাই– এই দুটা ভাষাগোষ্ঠীৰপৰা আহিছে৷ ১৯৪২ চনত Paul K. Benedict-য়ে কাদাই পৰিভাষাটো ব্যৱহাৰ কৰিছিল৷ তেওঁ কাদাই নামটোত টাই ভাষাগোষ্ঠীটো শব্দ আৰু অৰ্থগতভাৱে অন্তৰ্ভুক্ত হৈ আছে বুলি কৈছে৷ Benedict-য়ে গেলাо (Gelao), লাকুআ (Laqua) আৰু লাচি (Lachi) এই তিনিটা ক্ৰা [kra] পৰিয়ালৰ ভাষাক হাই [hlai] ভাষা গোষ্ঠীটোৰ সৈতে একেলগ কৰি কাদাই শব্দটো ব্যৱহাৰ কৰিছিল৷
Benedict-ৰ মতে— "Kra languages placed three (Gelao, Laqua (Qabiao) and Lachi) together with Hlai in a group that he called 'Kadai', from ka meaning 'person' in Gelao and Laqua (Qabiao), and Dai a form of a Hlai autonym৷" ২ অৰ্থাৎ কাদাই = কা + দাই ; গেলাও (Gelao), লাকুআ (Laqua) ভাষাত 'কা' মানে মানুহ আৰু দাই ভাষাত 'দাই' হৈছে মানুহৰ সমষ্টিগত সমাৰ্থক শব্দ৷ Benedict-য়ে পাছলৈ বংশগত অনুসৰি টাই, কাদাই আৰু মালায়-আদি পৰিনেছিয়ান ভাষাসমূহক আলোচনা কৰাত গুৰুত্ব প্ৰদান কৰিছিল৷ ৩ কাদাই নামটো অধিক গ্ৰহণযোগ্য বুলি Edmonson, Jerold, David B. Solnit আদি পণ্ডিতসকলে সমৰ্থন কৰে৷
আনহাতে Weera Ostapirat-য়ে কাদাই বুলি কোৱাতকৈ ক্ৰা-দাই [Kra-Dai] বুলি কোৱাৰহে যুক্তি দাঙি ধৰিছে৷ তেওঁৰ সমৰ্থনকাৰী ভাষাবিদসকলৰ ভিতৰত Norquest, Peter, Pittayawat, Peter James উল্লেখযোগ্য৷ দুয়োটা উপশাখাৰে ঐতিহাসিকভাৱে সুকীয়া চৰিত্ৰ আছে৷ ৪ শেহতীয়া ভাষা বিষয়ক গৱেষণাত এই ক্ৰা-দাই [Kra-Dai] নামটো অধিক ব্যৱহাৰ হৈছে৷
ভাষা অধ্যয়নৰ ক্ষেত্ৰত ধ্বনিতত্ত্ব, ৰূপতত্ত্ব, শব্দতত্ত্ব, বাক্যতত্ত্ব আৰু অৰ্থতত্ত্ব এইকেইটা দিশত গুৰুত্ব প্ৰদান কৰা হয় যদিও এই আলোচনাত শব্দতত্ত্বৰ অন্তৰ্গত অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাৰ শব্দীভৱন সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰা হ’ব৷
১.২ গৱেষণা কৰ্মৰ গুৰুত্ব আৰু উদ্দেশ্য:
ইউনেস্ক’ৰ সমীক্ষা অনুসৰি সম্প্ৰতি বিশ্বায়ন আৰু গোলকীকৰণৰ দ্ৰুত প্ৰভাৱৰ ফলত বিপন্নপ্ৰায় ভাষা হিচাপে আইতন, খামতি, খাময়াং আৰু ফাকে ভাষা অন্তৰ্ভুক্ত হৈছে৷ নিজস্ব লিপি আৰু লিখিত সাহিত্যত চহকী এই ভাষাকেইটা বৰ্তমান জনগোষ্ঠীটোৰ লোকৰ মাজতহে প্ৰচলন আছে৷ একবিংশ শতিকাত বিভিন্ন ভাষিক, সামাজিক, শৈক্ষিক অথবা বৃত্তিগত কাৰণত নৱপ্ৰজন্মৰ মাজত টাই ভাষাৰ ব্যৱহাৰ কৰি অহাটো কমি আহিছে৷ অন্যহাতে টাইভাষী লোকসকল দ্বিভাষী অথবা বহুভাষী হৈ হিন্দী, ইংৰাজী আৰু অসমীয়া ভাষা ব্যৱহাৰ কৰা বাবে ভাষাতাত্ত্বিক বৈশিষ্ট্য লোপ পাইছে বা পৰিৱৰ্তিত হৈছে৷ গতিকে টাইমূলীয় এই ভাষাকেইটা সংসংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰসাৰণৰ লগতে শুদ্ধ ভাষিক বৈশিষ্ট্য ৰক্ষাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত আৰু প্ৰণালীবদ্ধভাৱে শব্দৰ গাঁথনিক দিশৰ অধ্যয়নৰ গুৰুত্ব আছে৷
অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱন – শীৰ্ষক বিষয়টো অধ্যয়নৰ অন্তৰালত নিহিত হৈ থকা উদ্দেশ্যকেইটা হ’ল–
[ক] অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাৰ সমকালীন ৰূপৰ ভিত্তিত শব্দৰ গাঁথনিক দিশসমূহ বিচাৰ-বিশ্লেষণ কৰা৷
[খ] অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাত শব্দীভৱন হোৱা নতুন শব্দসমূহে কেনেকৈ ভাষাকেইটাক চহকী কৰিছে আৰু গাঁথনিক দিশত কিদৰে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কে আলোচনা কৰা এই অধ্যয়নৰ অন্যতম উদ্দেশ্য৷
১.৩ গৱেষণা কৰ্মৰ পদ্ধতি:
অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱন – শীৰ্ষক বিষয়টো অধ্যয়নৰ ক্ষেত্ৰত তথ্য সংগ্ৰহ কৰোঁতে সাক্ষাৎকাৰ পদ্ধতি আৰু সমল সংগ্ৰহৰ আৰ্হি হিচাপে শব্দসমূহ লিপিবদ্ধকৰণ আৰু বাণীবদ্ধকৰণ কৰা হৈছে৷ অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষা মূল নিৰ্ণয়ৰ ক্ষেত্ৰত ঐতিহাসিক পদ্ধতি আৰু শব্দৰ গাঁথনিক দিশসমূহ পৰ্যালোচনা কৰোঁতে বৰ্ণনাত্মক, বিশ্লেষণাত্মক আৰু প্ৰকাৰতাত্ত্বিক পদ্ধতি ব্যৱহাৰ কৰা হৈছে৷
২.০ শব্দীভৱনৰ ধাৰণা আৰু সংজ্ঞা:
প্ৰকৃতাৰ্থত যোগাযোগৰ মাধ্যম হিচাপে ভাষাই মানুহৰ ভাব, চিন্তা [Thought], অভিপ্ৰায় [Intention] আদিৰ বাহক হিচাপে কাম কৰে৷ ভাষাৰ এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে শব্দ৷ ভাষাত স্বাধীনভাৱে অৰ্থ প্ৰকাশ কৰা বৰ্ণ বা বৰ্ণ সমষ্টিয়েই হৈছে শব্দ৷ পৃথিৱীত প্ৰচলিত ভাষাসমূহৰ শব্দৰ গাঁথনিক দিশৰ পৰ্যালোচনা ভাষাবিজ্ঞানৰ আধাৰত কৰা হয়৷ সাধাৰণ অৰ্থত মানুহৰ ভাষাৰ বিষয়ে বিজ্ঞানসন্মত অধ্যয়ন বা বিশ্লেষণেই হৈছে ভাষাবিজ্ঞান৷ শব্দীভৱন হৈছে আধুনিক ভাষাবিজ্ঞানৰ এটা অন্যতম শাখা৷ ইংৰাজী Lexicalization শব্দৰ প্ৰতিশব্দ হিচাপে অসমীয়া ভাষাত শব্দীভৱন শব্দটো ব্যৱহাৰ কৰা হয় ৷ সাধাৰণ অৰ্থত শব্দীভৱন হৈছে শব্দৰ গঠন সম্পৰ্কে কৰা এক আলোচনা পদ্ধতি৷ শব্দীভৱনে ভাষাবিশেষৰ সমকালীন ৰূপৰ ওপৰত ভিত্তি কৰি এক বা একাধিক ভাষাত প্ৰচলিত নতুন শব্দৰ উৎপাদন আৰু গঠন, সিহঁতৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰে৷ অৰ্থাৎ শব্দীভৱনে শব্দ-সাৰ সম্পৰ্কে বিচাৰ কৰি নতুন শব্দাৱলীৰ বিভিন্ন অৰ্থ আৰু সেই অৰ্থসমূহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক যেনে— প্ৰতিশব্দ বা সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, শব্দৰ দ্ব্যৰ্থকতা, সমোচ্ছাৰিত শব্দ সম্পৰ্কে আলোচনা আগবঢ়ায় ৷
ইয়াৰ উপৰি ভাষাৰ স্বাভাৱিক নিয়ম অনুসৰি বিভিন্ন ভাষিক-সামাজিক কাৰণত এটা ভাষাই অন্য ভাষাৰ ভাষিক উপাদান গ্ৰহণ কৰে ৷ শব্দীভৱনে এই ঋণকৃত শব্দৰ উৎস ভাষা আৰু ৰূপ-সাধন প্ৰক্ৰিয়া সম্পৰ্কে আলোচনা কৰে ৷ কিয়নো ধাৰ-কৰা শব্দই উৎস ভাষাৰ শব্দৰ বানান বা উচ্চাৰণ গ্ৰহণ কৰে আৰু কেতিয়াবা দুয়োটাকে এৰি নতুন ৰূপ ধাৰণ কৰে ৷ এই অধ্যায়ত অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাৰ শব্দীভৱনৰ শ্ৰেণী আৰু ঋণকৃত শব্দৰ বিভিন্ন অংশসমূহৰ আভ্যন্তৰীণ গঠন আৰু পৰিৱৰ্তন সম্পৰ্কে আলোচনা কৰা হৈছে ৷
আধুনিক ভাষাবিজ্ঞানীসকলে শব্দীভৱন অভিধাটো বিভিন্ন অৰ্থত ব্যৱহাৰ কৰিছে ৷ তেওঁলোকৰ মন্তব্যসমূহ হ’ল–
ক] Blank-ৰ মতে: শব্দীভৱন এনে এক প্ৰক্ৰিয়া যাৰ জৰিয়তে নতুন ভাষাবৈজ্ঞানিক ধাৰণা, সৰল বা জটিল অথবা পৰম্পৰাগত শব্দভাণ্ডাৰলৈ অহা এক নতুন বিষয়৷ তেওঁ আকৌ উল্লেখ কৰিছে যে শব্দীভৱনে সমান্তৰালভাৱে অৰ্থগত দিশটোও সলনি কৰে ৷ ৫
খ] Hopper আৰু Traugott-য়ে আলোচনা কৰিছে যে: শব্দীভৱনে বিভিন্ন শব্দগত উপাদান আঁকোৱালি লয় আৰু সেইবোৰেই শব্দীভৱন ৷ ৬
গ] Lipka-ই মূল বিষয়ক সাঙুৰি মন্তব্য কৰিছে যে: শব্দীভৱন অভিধাটোৰ অৰ্থ হৈছে ভাষাত কিয় নতুন শব্দ আৰু জটিল শব্দ উৎপাদন হয় সেই সম্পৰ্কে কৰা আলোচনা ৷ প্ৰথমাৱস্থাত ঋণকৃত শব্দটো জটিল হৈ থাকে যদিও সময় পৰিৱৰ্তনৰ লগে লগে বহু সংখ্যক মানুহে ব্যৱহাৰ কৰে ৷ ধাৰ কৰা শব্দটো কিদৰে পৰিৱৰ্তন হৈ অন্য একটা ভাষাৰ অভিধানত অন্তৰ্ভুক্ত হৈছে, এই বিষয়ে কৰা আলোচনা প্ৰক্ৰিয়াটোক শব্দীভৱন বোলা হয়৷ ৭
অন্যহাতে Bauer, Anttila, Matthews আদি পণ্ডিতসকলে উল্লেখ কৰিছে যে - শব্দ একোটা যেতিয়া ভাষা এটাত সোমাই পৰে প্ৰথম ব্যৱহাৰ হওঁতে যি অৰ্থ বহন কৰিছিল, সেই শব্দটো পৰৱৰ্তী সময়ত প্ৰতিষ্ঠা লাভ কৰি অন্য বহু অৰ্থকো প্ৰতিনিধিত্ব কৰিব পাৰে ৷ এই মন্তব্যৰ আঁত ধৰি অসমীয়া ভাষাত ব্যৱহৃত শব্দীভৱনযুক্ত শব্দৰ উদাহৰণ এনেদৰে দিব পাৰি - সম্প্ৰতি অসমীয়া ভাষাত বহুল প্ৰচলিত এটি শব্দ হৈছে- ‘মাল’ ৷ একেসময়তে এই শব্দটো গেলামাল, মাল [ধুনীয়া ছোৱালী], মাল [সুৰা] আদি ভিন্ন অৰ্থত ব্যৱহাৰ হোৱা দেখা যায় ৷ অন্যহাতে ‘জেং’ শব্দটো - খেলিমেলিকৈ থোৱা বস্তু, খৰি, তুচ্ছাৰ্থত বেয়া ব্যক্তি বিশেষ, মান্যাৰ্থত ব্যক্তি বিশেষ, বিহু ইত্যাদি অৰ্থক প্ৰতিনিধিত্ব কৰে ৷
এই আলোচনাত অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাত হোৱা শব্দৰ উপাদানগত পৰিৱৰ্তন আৰু সমষ্টিগত শাব্দিক পৰিৱৰ্তনৰ বিভিন্ন দিশসমূহ বিচাৰ কৰা হ’ব ৷
৩.০ অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱনৰ শ্ৰেণী আৰু গঠন:
কোনো এটা ভাষাত বৰ্হিজগতৰ কোনো মূৰ্ত বা অমূৰ্ত বস্তু বুজাবৰ বাবে এক বা একাধিক ধ্বনি সমষ্টিৰে গঠিত যথেষ্ট শব্দ থাকে ৷ ভাষাত ব্যৱহৃত শব্দাৱলীৰ কেন্দ্ৰীয় ৰূপসমূহকেই শব্দ-সাৰ [Lexeme] বোলা হয় ৷ শব্দ-সাৰত কাৰক-বিভক্তি আৰু ক্ৰিয়া-বিভক্তি লগ লাগি বাক্যত ব্যৱহাৰৰ উপযোগী কৰি তোলে ৷ অসমৰ টাইমূলীয় ভাষাসমূহ এক অক্ষৰবিশিষ্ট আৰু অৰূপাত্মক৷ মৌলিক শব্দৰ লগত বিভিন্ন সহায়কাৰী শব্দ সংযোগ কৰি টাই ভাষাত সংযুক্ত শব্দবোৰ গঠন হয়৷ অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে এই ভাষাকেইটাত আঞ্চলিক পাৰ্থক্য আছে যদিও শব্দীভৱন হোৱা নতুন শব্দবোৰ আটাইকেইটা ভাষাত মিল দেখা যায়৷ শব্দীভৱনে যিহেতু ভাষাবিশেষৰ সমকালীন ৰূপৰ ওপৰত ভিত্তি কৰি শব্দ-সাৰ সম্পৰ্কে বিচাৰ কৰে, সেয়েহে অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱনৰ বিভিন্ন শ্ৰেণী অনুসৰি শব্দ-সাৰৰ গঠন সম্পৰ্কে তলত আলোচনা কৰা হ’ল৷
৩.১ পৰম্পৰাগত শব্দীভৱন:
টাইমূলীয় ভাষাত পৰম্পৰাগত শব্দীভৱনৰ ক্ষেত্ৰত দুটা মুক্ত প্ৰকৃতি লগ লাগি সমষ্টিগত অৰ্থ বহন কৰে৷ স্বতন্ত্ৰ অৰ্থ থকা উপাদান দুটাৰ ব্যাকৰণগত অৰ্থ অপৰিৱৰ্তিত থাকে ৷ এই শ্ৰেণী শব্দৰ উদাহৰণ হ’ল–
ক] কি [মুক্ত] + চাও [মন] = আনন্দ
খ] টি [ঠাই] + নঙ [শোৱা] = বিছনা
গ] খাও [প্ৰৱেশ] + হো [কান] = সম্পৰ্ক
৩.২ আলংকাৰিক শব্দীভৱন:
আলংকাৰিক শব্দীভৱনৰ ক্ষেত্ৰত শব্দগত উপাদান দুটাৰ অৰ্থ সলনি কৰি এটা সুকীয়া সমষ্টিগত আলংকাৰিক অৰ্থ প্ৰতিনিধিত্ব কৰে৷ এই শ্ৰেণী শব্দৰ উদাহৰণ হ’ল–
ক] মা [কুকুৰ] + নিন [পৃথিৱী] = শিয়াল
খ] ফাই [জুই] + ফা [আকাশ] = বজ্ৰপাত
৩.৩ অ-মানসম্পন্ন ব্যাকৰণগত শব্দীভৱন:
এই ধৰণৰ শব্দীভৱনত শব্দৰ উপাদান দুটাৰ স্পষ্ট অৰ্থ থাকে যদিও সমষ্টিবাচক শব্দটো স্থানীয় বক্তাৰ অনুভূতিৰ বিপৰীত হয় আৰু পৰম্পৰাগত অৰ্থৰ বিপৰীত হয়৷ এই শ্ৰেণী শব্দৰ উদাহৰণ হ’ল–
ক] চান [উদ্যম] + খ্ [বিনষ্ট] = চৰিত্ৰহীন
খ] চাউ [মন] + খট [বেকা] = উত্তেজনা
৩.৪ লোকাচাৰ আৰু মৌখিক কলাৰ শব্দীভৱন:
টাইমূলীয় ভাষাত এনেকুৱা কিছুমান শব্দ আছে যিখিনিয়ে টাই জাতিৰ লোকাচাৰ, পৌৰাণিক কথা, কিংবদন্তি, আৰু ঐতিহাসিক অভিজ্ঞতাবিলাক প্ৰতিনিধিত্ব কৰে ৷ লোকাচাৰ আৰু মৌখিক কলাৰ শব্দীভৱনৰ ক্ষেত্ৰত সংযোগী উপাদানকেইটাই সংযুক্ত অৰ্থ বহন কৰে আৰু কেতিয়াবা গুৰুত্বহীন হৈ পৰে৷ কেতিয়াবা সংযোগী অংশকেইটাই শব্দ গঠন কৰা ক্ষেত্ৰত ব্যক্তিগত অৰ্থ হেৰাই যায়৷ এই ধৰণৰ শব্দীভৱন অভিধাটোক লোকাচাৰগত শব্দীভৱন বোলা হয়৷
উদাহৰণস্বৰূপে - ‘চাইনিজ্ ৱাটাৰ’ [Chinese Water] হৈছে দুটা ব্যক্তিগত শাব্দিক উপাদান৷ কিন্তু সংযোগী অৰ্থটো হৈছে ‘জাপানিজ্’ [Japanese]৷ অৰ্থাৎ টাইমূলীয় সম্প্ৰদায়বিলাকত এটা জনশ্ৰুতিমূলক সাধুকথা প্ৰচলিত হৈ আছে যে, এসময়ত কিছুসংখ্যক চীনা লোকে নিজৰ মূৰ্খামিৰ বাবে নিজস্ব মাতৃভূমি ত্যাগ কৰি নিৰ্জন দ্বীপলৈ অনুপ্ৰৱেশ কৰিছিল, যিসকলক পৰৱৰ্তী সময়ত ‘জাপানিজ্’ বোলা হৈছিল৷
গতিকে দেখা যায় যে, সূক্ষ্ম পৰ্যবেক্ষণ অবিহনে টাই সম্প্ৰদায়সকলৰ মাজত থকা বিভিন্ন জনশ্ৰুতিমূলক গোপন তথ্যসমূহ উদ্ঘাটন কৰা বহুক্ষেত্ৰত জটিল হৈ পৰে৷ তলত এই শ্ৰেণী শব্দৰ তিনিটা উদাহৰণ দেখুওৱা হ’ল -
ক] ক্ৰা [বহিৰাগত] + ফুক [বগা] = ইংৰাজ
জনশ্ৰুতিমূলক আখ্যান [Legend] : ‘ক্ৰা’ প্ৰত্যেকখন ঠাইত অসমক নিম্ন কৰি ৰখা হয়৷
খ] হোং [সামগ্ৰী] + কিন্ [খোৱা] + নাম [পানী] = ৰামধেনু [পদাৰ্থ + খোৱা পানী]
পৌৰাণিক কথা [Myth] : যিজনে পানীয় দ্ৰব্য সৃষ্টি কৰে৷
গ] মা [দেশ] + নোম [নিমখ] = অসম
বুৰঞ্জী [History] : এনে এখন দেশ য’ত নিমখ পোৱা যায়৷
৩.৫ সম্পূৰ্ণ শব্দীভৱন:
টাইমূলীয় ভাষাত এনে কিছুমান সমষ্টিগত শব্দ পোৱা যায় যিবোৰৰ শাব্দিক উপাদান দুটাৰ মুখ্য অৰ্থ সম্পূৰ্ণ পোৱা যায়৷ টাই ভাষাত কেতিয়াবা এনে সম্পূৰ্ণ ভিন্ন অৰ্থযুক্ত শাব্দিক উপাদানকেইটাৰ অৰ্থ খাপ নোখোৱাকৈ সুকীয়া অৰ্থসূচক শব্দ গঠন হোৱা দেখা যায়৷ এনেধৰণৰ সাধিত শব্দৰ উদাহৰণ হ’ল -
ক] য়া [বিন্দু] + চৗন্ [কটা] = দ্বিধাবোধ
খ] চান [ধাক] + কু [সাহস] = সুগন্ধি [কাঠৰ ক্ষেত্ৰত]
৪.০ অসমৰ টাইমূলীয় ভাষাত দেশী আৰু বিদেশী ভাষাৰ নতুন শব্দৰ শব্দীভৱন:
অসমৰ টাইমূলীয় ভাষাত যথেষ্ট মৌলিক আৰু যৌগিক শব্দ পোৱা যায়৷ অৱশ্যে আধুনিক টাই ভাষাত বিভিন্ন ভাষিক-সামাজিক কাৰণত অন্য ভাষিক লোকৰ লগত কৰা পাৰস্পৰিক সম্পৰ্কৰ বাবে আমদানীকৃত শব্দ পোৱা যায়৷ তদুপৰি প্ৰব্ৰজন, ৰাজনৈতিক আৰু ধাৰ্মিক কাৰণত অসমৰ টাইমূলীয় ভাষাসমূহে অন্য ভাষাৰ শব্দ গ্ৰহণ কৰিছে৷ এই ধাৰ কৰা শব্দবোৰ কেতিয়াবা পোনপটীয়াভাৱে টাইমূলীয় ভাষাত ব্যৱহাৰ হৈছে আৰু কেতিয়াবা এক অক্ষৰযুক্ত টাই শব্দৰ লগত যোগ হৈ নতুন শব্দ গঠন কৰিছে৷ টাইমূলীয় ভাষাত ব্যৱহৃত ঋণকৃত শব্দবোৰ এনেদৰে দেখুৱাব পাৰি -
৪.১ বিভিন্ন ভাষাৰ পৰা ঋণকৃত শব্দৰ শব্দীভৱন:
৪.১.১ সংস্কৃত আৰু পালি শব্দ:
টাই ভাষাত সংস্কৃত আৰু পালি ভাষা কোৱা আৰু লিখা বাবে ব্যৱহাৰ কৰা হয়৷ প্ৰধানকৈ ভাষিক আৰু সাংস্কৃতিক কাৰণে সংস্কৃত আৰু পালি ভাষাৰ শব্দ গ্ৰহণ কৰিছে৷ যদিও টাই, থাই, বাৰ্মিজ আৰু দক্ষিণ-পূৱ এছিয়াৰ ভাষিক পৰিয়ালটো সংস্কৃত আৰু পালি ভাষাৰ সৈতে একে নহয়, তথাপিও বৌদ্ধ আৰু ব্ৰাহ্মণ্য ধৰ্মৰ বাবে টাই ভাষাত সংস্কৃত আৰু পালি ভাষাৰ শব্দ পোৱা যায়৷ এই শব্দবোৰ হ’ল–
| সংস্কৃত আৰু পালি | টাই শব্দ |
| ভাষা | ফা চা |
| অভিধান | ফি থান |
| বসুন্ধৰা | ৱা চু থা আ |
| সূৰ্য্য | চুই য়া |
৪.১.২ ইংৰাজী শব্দ:
আধুনিক টাই ভাষাত ইংৰাজী ভাষাৰ বহু শব্দ ব্যৱহাৰ হোৱা দেখা যায়৷ অৱশ্যে ইংৰাজী ভাষাৰ শব্দবোৰ উচ্চাৰণ টাই ভাষিক লোকে নিজৰ ধৰণেৰে কৰা দেখা যায়৷ এই শব্দবোৰ হ’ল -
| ইংৰাজী শব্দ | টাই শব্দ |
| Christian | খা ইত্ টান্ |
| Muslim | মো চা লাম্ |
| Jesus | য়ে চো |
| English | ইঙ্ কা লিট |
| School | ইচ কোল্ |
| College | কা লে চা |
| Photo | ফা টো |
পাৰিভাষিক শব্দ: টাইমূলীয় ভাষাৰ বিষয় বা সামগ্ৰী বুজোৱা বহু শব্দ টাই ভাষাত [ধাৰক শব্দ] নতুনকৈ সৃষ্টি কৰি লৈছে৷ এই শ্ৰেণী শব্দক পাৰিভাষিক শব্দ বুলি ক’ব পাৰি৷ উদাহৰণস্বৰূপে -
ইংৰাজী শব্দ: ফেন | পাৰিভাষিক শব্দ: বি লুম্ [বি (বচনী), লুম্ (বতাহ)] | অসমীয়া শব্দ: বিচনী/ফেন
ইংৰাজী শব্দ: চাইকেল | পাৰিভাষিক শব্দ: লেঙ্ লেও [লেঙ্ (গাড়ী), লেও (এজনীয়া)] | অসমীয়া শব্দ: চাইকেল
ইংৰাজী শব্দ: টৰ্চ লাইট | পাৰিভাষিক শব্দ: থাত্ ফাই [থাত্ (ধাতু), ফাই (জুই)] | অসমীয়া শব্দ: টৰ্চ লাইট ইত্যাদি ৷
৪.১.৩ অসমীয়া শব্দ:
অসমত বসবাস কৰা টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকেসকলে বিভিন্ন ভাষিক-সামাজিক-শৈক্ষিক কাৰণত অসমীয়া ভাষাৰ বহু শব্দ গ্ৰহণ কৰিছে৷ তলত উদাহৰণৰ সহায়ত দেখুৱা হ’ল -
| অসমীয়া শব্দ | টাই শব্দ |
| কাৱৈ | কা ৱৈ |
| শেৱালি | হে ৱালি |
| ফাঁকি | ফা কি |
| মৈ | মৈ |
| ইকৰা | ই ক’আ |
ইয়াৰ উপৰিও অসমৰ টাইমূলীয় ভাষাত অসমীয়া ভাষাৰ জৰিয়তে আৰ্যমূলীয়, আৰ্যভিন্ন আৰু বিদেশী ভাষাৰ বহু শব্দ প্ৰয়োগ হোৱা দেখা যায়৷ এই শব্দবোৰ হ’ল -
ক] আৰ্যমূলীয় শব্দ:
বাংলা শব্দ: জেলেপি | টাই শব্দ: ৱেল্ পি
বাংলা শব্দ: বৰফি | টাই শব্দ: ৱ’ ফি
হিন্দী শব্দ: খতম | টাই শব্দ: খ’ তম্
হিন্দী শব্দ: চাচা | টাই শব্দ: চা চা
হিন্দী শব্দ: ভাইয়া | টাই শব্দ: ভাই য়া
হিন্দী শব্দ: চাধা | টাই শব্দ: চা দা
হিন্দী শব্দ: খাদি | টাই শব্দ: খা দি
খ] আৰ্যভিন্ন শব্দ:
বড়ো শব্দ: হাওফাও | টাই শব্দ: হাও ফাও
খাচী শব্দ: জেং | টাই শব্দ: য়েঙ্
কোল বা মুণ্ডা শব্দ: চিকৰা | টাই শব্দ: চি ক’আ
কোল বা মুণ্ডা শব্দ: লাতুমা | টাই শব্দ: লা তুম্
মালয় শব্দ: গুদাম | টাই শব্দ: গো ডাম্
মালয় শব্দ: দলং | টাই শব্দ: ড লৗঙ্
গ] বিদেশী শব্দ:
আৰবী শব্দ: উকিল | টাই শব্দ: উ কিল
আৰবী শব্দ: কলম | টাই শব্দ: ক্ লম
আৰবী শব্দ: কয়দী | টাই শব্দ: কয় দি
পৰ্তুগীজ শব্দ: ফিটা | টাই শব্দ: ফি টা
পৰ্তুগীজ শব্দ: বুটাম | টাই শব্দ: বুটাম্
পৰ্তুগীজ শব্দ: বাল্টি | টাই শব্দ: বাল্ টি
ফৰাচী শব্দ: কাৰ্তিজ | টাই শব্দ: কা তিচ্
ফৰাচী শব্দ: কুপন | টাই শব্দ: কু প’ন
ফৰাচী শব্দ: চাবোন | টাই শব্দ: চা বোন
ওলণ্ডাজ শব্দ: লালপান | টাই শব্দ: লাল পান
ওলণ্ডাজ শব্দ: হৰ্তন | টাই শব্দ: হ’ তন
ওলণ্ডাজ শব্দ: ইস্কাপন | টাই শব্দ: ইচ কা পন
ওলণ্ডাজ শব্দ: ৰোহিতন | টাই শব্দ: লোহি তন
৪.১.৪ বাৰ্মিজ শব্দ:
প্ৰব্ৰজনকাৰী জাতি হিচাপে পৰিচিত বৃহৎ টাই জাতিৰ লোকসকলৰ প্ৰধান বসতিস্থল হৈছে চীন, ব্ৰহ্মদেশ, ম্যানমাৰ আৰু থাইলেণ্ড৷ অসমত বসবাস কৰা টাই ঠালৰ আইতন, খামতি, খাময়াং আৰু ফাকেসকল ব্ৰহ্মদেশৰ পৰা প্ৰব্ৰজন কৰিছিল বুলি টাই জাতিৰ বুৰঞ্জীত উল্লেখ আছে৷ সেয়েহে ব্ৰহ্মদেশৰ বাৰ্মিজ ভাষাৰ সৈতে থকা সম্পৰ্কসূত্ৰে টাইমূলীয় ভাষাত বাৰ্মিজ ভাষাৰ যথেষ্ট শাব্দিক উপাদান পোৱা যায়৷ এই শব্দবোৰ হ’ল -
| বাৰ্মিজ শব্দ | টাই শব্দ | অসমীয়া অৰ্থ |
| প্যা টা ইন পৗত | প’ টান প্ক | খিৰিকি |
| ক্যঙ | ক্যঙ | বৌদ্ধ বিহাৰ |
| প্য | প্য | আনন্দ |
| ইঙ | ইঙ | ঘৰ |
| ম্যা | ম্যা | বহুত ইত্যাদি৷ |
৫.০ অসমৰ টাইমূলীয় ভাষাত নতুন শব্দৰ শব্দীভৱন আৰু গঠন:
অসমৰ টাইমূলীয় ভাষাত টাই ভাষা আৰু অন্য ভাষাৰ শব্দ সংযোগ হৈ গাঁথনিক দিশত পৰিৱৰ্তন হোৱা দেখা যায়৷ সেই শ্ৰেণী শব্দৰ বিষয়ে তলত আলোচনা কৰা হ’ল –
৫.১ নতুন সংযুক্ত বা সাধিত শব্দৰ শব্দীভৱন:
অসমৰ টাইমূলীয় ভাষাত এনেকুৱা কিছুমান সংযুক্ত শব্দ পোৱা যায় যিবোৰ টাই ভাষা আৰু অন্য ভাষাৰ শাব্দিক উপাদান লগ লাগি গঠন হৈছে৷ এনেদৰে সাধিত শব্দবোৰ দুটা ভাগত ভাগ কৰিব পাৰি -
ক] স্থানীয় শব্দ + ঋণকৃত শব্দ:
i) ফা চা [সংস্কৃত/পালি] + খাম [টাই] = ভাষা (বক্তৃতা + ভাষা)
ii) পিন্ [টাই] + ফা চা [সংস্কৃত/পালি] = অনুবাদ (অনুকৰণ + ভাষা)
iii) ঘ’ ৰি [অসমীয়া] + কেন ৱান [টাই] = বেলি ঘড়ী (ঘড়ী + সূৰ্য্য)
খ] ঋণকৃত শব্দ + ঋণকৃত শব্দ:
i) ক্যাঙ [বাৰ্মিজ] + চ’ ৰা [সংস্কৃত/পালি] = বিদ্যালয়ৰ শিক্ষক (আশ্ৰম + শিক্ষক)
ii) ৰা থা [সংস্কৃত/পালি] + ধ’ ৰাত [বাৰ্মিজ] = ৰেলগাড়ী (বাহন + বৈদ্যুতিক)
৫.২ নতুন যৌগিক শব্দৰ শব্দীভৱন:
আধুনিক টাইমূলীয় ভাষাত বহু নতুন শব্দ সংযোজন হৈছে৷ এই নতুন শব্দবোৰ পুৰণি টাই শব্দকে নতুন অৰ্থ দি যৌগিক ৰূপত গঠন কৰা হৈছে৷ এই শব্দবোৰ হ’ল -
ক] কন ফু হান [এজন + মহান + উৎসাহ = পুলিচৰ মুৰব্বী]
খ] খুন পান চুন লৗন [উচ্চ স্থানৰ ব্যক্তি + শাসক + চৰকাৰ + ডাঙৰ = প্ৰধানমন্ত্ৰী]
গ] কুম মান [মুখ্য + দেশ = সভাপতি]
ঘ] খুন টান মান [উচ্চ স্থানৰ ব্যক্তি + সলনি + দেশ = কটকী]
ঙ] কুপ হা [প্ৰত্যয় জন্মা + নিয়মিত অনুসন্ধান = গৱেষণা]
৫.৩ পৰিৱৰ্তনশীল নতুন শব্দৰ শব্দীভৱন:
টাইমূলীয় ভাষাৰ কিতাপত বহুতো নতুন শব্দ আধুনিক নামকৰণ কৰা হৈছে৷ স্থানীয় মানুহৰ [Native Speaker] বাবে এই নতুন শব্দবোৰৰ পৰিৱেশটো সম্পূৰ্ণৰূপে জটিল হৈ পৰে৷ পৰিৱৰ্তনশীল নতুন শব্দৰ শব্দীভৱনৰ ক্ষেত্ৰত টাই ভাষাৰ পুৰণি শব্দবোৰ আধুনিকভাৱে নতুন হয়৷ এই শব্দবোৰ হ’ল -
| টাই শব্দ | অসমীয়া অৰ্থ | টাই গ্ৰন্থ |
| ক] কাম খাম | অকলশৰীয়া - মাত৷ বক্তৃতা | Basic Tai Grammar |
| খ] থাও খাম | শাৰী - মাত৷ বক্তৃতা | Basic Tai Grammar |
| গ] খৗ খাম | কথা - মাত৷ বক্তৃতা | Tai English-Assamese Dictionary |
| ঘ] খাও খাম | প্ৰকাশ - মাত৷ বক্তৃতা | Basic Tai Grammar |
৬.০ অসমৰ টাইমূলীয় ভাষাত নতুনকৈ শব্দীভৱন হৈ থকা শব্দসমূহৰ অৰ্থপূৰ্ণতা আৰু শাব্দিক পৰিচয়:
শব্দীভৱনৰ এটি লক্ষণীয় আলোচ্য দিশ হৈছে এটা ভাষাত সংযুক্ত হোৱা নতুন শব্দবোৰ কিদৰে ব্যৱহাৰ হৈ ভাষাটোৰ ৰূপগত দিশত পৰিৱৰ্তন আনিছে৷ অসমৰ টাইমূলীয় ভাষাৰ ইতিহাসত শব্দীভৱন হোৱা শব্দবোৰে এক নতুন পৰম্পৰা সৃষ্টি কৰিছে৷ টাইমূলীয় ভাষাত মৌলিক আৰু যৌগিক দুই ধৰণৰ শব্দ পোৱা যায় যদিও অধিকসংখ্যক শব্দই যৌগিক অথবা বদ্ধ প্ৰকৃতিৰ সংযোগত গঠিত৷ অৱশ্যে যৌগিক শব্দটোৰ প্ৰতিটো অংশৰে নিজস্ব অৰ্থ থাকে৷ নতুন শব্দৰ শব্দীভৱনৰ ক্ষেত্ৰত টাইমূলীয় ভাষাত নতুনকৈ শব্দীভৱন হোৱা শব্দসমূহৰ দুটা গুৰুত্বপূৰ্ণ দিশ হৈছে -
- ক] অধিকসংখ্যক নতুন শব্দ যৌগিক অথবা বদ্ধ প্ৰকৃতি
খ] অধিকসংখ্যক নতুন ৰূপ বদ্ধ প্ৰকৃতি
৬.১ অধিকসংখ্যক নতুন শব্দ যৌগিক অথবা বদ্ধ প্ৰকৃতি:
টাইমূলীয় ভাষাত নতুনকৈ সৃষ্টি কৰা অধিকসংখ্যক শব্দই যৌগিক অথবা বদ্ধ প্ৰকৃতিযুক্ত৷ এই যৌগিক শব্দবোৰ সংমিশ্ৰিত ৰূপত, সৰ্গ সংযোগত আৰু পুনৰুক্তিৰ দ্বাৰা গঠন হোৱা দেখা যায়৷ অৱশ্যে প্ৰতিটো শব্দাংশৰ পৰম্পৰাগত অৰ্থতকৈ সমষ্টিগত যৌগিক শব্দটোৰ নতুন অৰ্থ দিয়া হয়৷ উদাহৰণস্বৰূপে - 'it' এটা বদ্ধ প্ৰকৃতি, যাৰ অৰ্থ 'to press' বা ‘হেঁচি দিয়া’৷ এনে ধৰণৰ আৰু যৌগিক শব্দ আছে, সেইবোৰ হ’ল - ‘ইট খুট’ [it khut - পিচি দিয়া], ‘ইট নাম মান’ [it nam man - সৰিয়হ তেল] ইত্যাদি৷ টাই ভাষাত ‘টু প্ৰিণ্ট’ (to print - ছপা কৰা) শব্দটো প্ৰকাশ কৰিবলৈ কোনো শব্দ নাই আৰু ‘প্ৰিণ্ট’ শব্দটো অৰ্থগতভাৱে ‘টু প্ৰেছ’ (to press) ছপাশালৰ লগত সম্পৰ্ক আছে৷ গতিকে, টাইমূলীয় ভাষাত 'it' সংযোগ কৰি ইংৰাজী ‘প্ৰিণ্ট’ শব্দৰ নতুন অৰ্থ বুজোৱা হৈছে৷ যেনে -
- ক] it pa [ইট পা প্] : ছপা (print) + কিতাপ (book) = প্ৰকাশিত কিতাপ
খ] phu it ak [ফু ইট অক] : ব্যক্তি (person) + ছপা কৰা (to print) + বাহিৰ (to out) = প্ৰকাশক
৬.২ অধিকসংখ্যক নতুন ৰূপ বদ্ধ প্ৰকৃতি:
অযোগাত্মক টাইমূলীয় ভাষাত নতুনকৈ গঠন হোৱা যৌগিক শব্দসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ প্ৰত্যেকটো সংযোগী অংশ আৰু শব্দমূলৰ নিজস্ব অৰ্থ থাকে৷ সেইকাৰণে, সংযোগী শব্দমূলবোৰে উদ্দেশ্যগত অৰ্থ সৃষ্টি কৰে৷ কিন্তু টাইমূলীয় ভাষাত কেতিয়াবা সমস্যাও সৃষ্টি কৰে৷ কিয়নো নিজা অৰ্থ থকা নতুনকৈ গঠিত শব্দমূলবোৰ সামাজিকভাৱে পৰিচিত [স্বীকৃতিপ্ৰাপ্ত] নহয়৷ এই শব্দবোৰে পূৰ্বৰে পৰা অৰ্থ থকা শব্দমূলৰ সৈতে সংযোগী অৰ্থ প্ৰকাশ কৰে৷ সেইকাৰণে, নতুন শব্দমূলবোৰ বদ্ধ, যিবোৰে শব্দমূলৰ সৈতে স্পষ্ট অৰ্থ প্ৰকাশ কৰে৷ অসমৰ টাইমূলীয় ভাষাত নতুনকৈ সৃষ্টি কৰা বদ্ধ প্ৰকৃতিৰ উদাহৰণ হ’ল–
| ৰূপ | মূল অৰ্থ | উদাহৰণ | নতুনকৈ সংযুক্ত অৰ্থ | উদাহৰণ |
| ক] ক্যাঙ | বৌদ্ধ ধৰ্ম্মপন্থীৰ আশ্ৰম | ক্যাঙ ফাই [বিষ্ণু-জীৱন] | বিদ্যালয় | ক্যাঙ চা [শিক্ষক] |
| খ] পিন | সলনি | পিন খুন [সলনি-পোছাক] | অনুবাদ | পিন লিক [অনুবাদ সাহিত্য] |
৭.০ উপসংহাৰ:
অসমৰ টাইমূলীয় ভাষাৰ শব্দীভৱন এই গৱেষণা কৰ্মৰ সিদ্ধান্তসমূহ হ’ল –
অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাসমূহ একাক্ষৰী আৰু অৰূপাত্মক৷ অৱশ্যে এক অক্ষৰবিশিষ্ট টাইমূলীয় ভাষাৰ মৌলিক শব্দবোৰৰ লগত আন মুক্ত ৰূপ লগ হৈ সমষ্টিগত অৰ্থ বহন কৰে৷ টাইমূলীয় ভাষাত শব্দীভৱনৰ বিভিন্ন শ্ৰেণীসমূহ হৈছে পৰম্পৰাগত শব্দীভৱন, আলংকাৰিক শব্দীভৱন, ব্যাকৰণগত শব্দীভৱন, লোকাচাৰ আৰু মৌখিক কলাৰ শব্দীভৱন, সম্পূৰ্ণ শব্দীভৱন৷
অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে ভাষাত পালি শব্দ, ইংৰাজী শব্দ, অসমীয়া শব্দ, বাৰ্মিজ ভাষাৰ শব্দ শব্দীভৱন হৈছে৷ ঋণকৃত ভাষাৰ জৰিয়তে শব্দীভৱন হোৱা দেশী-বিদেশী শব্দবোৰ টাইসকলৰ নিজা ভাষিক বৈশিষ্ট্য অনুসৰি গঠন কৰি বাছি লৈছে৷ এই নতুনকৈ সংযুক্ত হৈ শব্দীভৱন হোৱা শব্দবোৰ সাধিত, যৌগিক আৰু পৰিৱৰ্তনশীল ৰূপত পোৱা যায়৷
অসমৰ টাইমূলীয় ভাষাৰ পাঠ্যপুথি, ব্যাকৰণ, অভিধান আৰু শব্দকোষ, গ্ৰন্থসমূহত বহু নতুন শব্দ শব্দীভৱন হৈছে৷ বিশেষকৈ আধুনিক সমাজ-ব্যৱস্থাই দাবী কৰিছে বাবে টাই ভাষাৰ লেখকসকলে এই নতুন শব্দবোৰ ব্যৱহাৰ কৰিছে৷ অতি কম সংখ্যক মানুহে যোগাযোগৰ বাবে ব্যৱহাৰ কৰা এই নতুন শব্দবোৰ বৃহৎ সংখ্যক সামাজিক মাধ্যমত মানুহে গ্ৰহণ কৰিলেহে টাই ভাষাসমূহত বৰ্তি থাকিব৷ অন্যথা নতুনকৈ শব্দীভৱন হোৱা শব্দবোৰ কেৱল লিখিত মাধ্যমতে সীমাবদ্ধ হৈ থাকিব৷
অসমৰ টাইমূলীয় আইতন, খামতি, খাময়াং আৰু ফাকে এই ভাষাকেইটাত আঞ্চলিক পাৰ্থক্য আছে যদিও শব্দীভৱন হোৱা নতুন শব্দবোৰ আটাইকেইটা ভাষাত মিল দেখা যায়৷
প্ৰসংগ সূত্ৰ:
গোহাঁই, আইম্যাখেং: টাই ভাষাৰ প্ৰাথমিক পাঠ ব্যাকৰণেৰে সৈতে, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, ১৯৯৭৷
বৰুৱা, ভীমকান্ত: অসমৰ ভাষা, ডিব্ৰুগড়, বনলতা, ২০০৩, চতুৰ্থ সংস্কৰণ৷
Blank, Andreas: Pathways of Lexicalization, Language Typology and Language Universals, Vol.II, 1596-1608 (Handbücher zur Sprach- und Kommunikationswissenschaft, 20.2). Eds. Martin Haspelmath, Ekkehard König, Wulf Oesterreicher and Wolfgang Raible. Berlin and New York: Walter de Gruyter, 2001.
Bloomfield, L.: Language, Delhi, Motilal Banarsidass, 1963.
Hooper, Paul J. & Traugott, Elizabeth Closs: Grammaticalization. Cambridge, Cambridge University Press, 2003.
Lipka, Leonhard: English Lexicology: Lexical Structure, Word Semantics and Word-Formation. Tübingen: Max Niemeyer Verlag, 3rd revised edn. Of An Outline of English Lexicology, 2002.
Taraporewala, I.J.S.: Elements of Science of Language, Calcutta, Calcutta University, 1962, 3rd Edition.
Comments
Post a Comment