সম্পাদকীয়
উদ্ভাস
Vol. II, Issue I, June 2026ISSN 2454-728X
উদ্ভাস নামৰ গৱেষণাধৰ্মী ই-জাৰ্নেলখনৰ প্ৰস্তুতি আৰু প্ৰকাশৰ যাত্ৰা আৰম্ভ হৈছিল আজিৰপৰা দহ বছৰৰ পূৰ্বেই। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সেইসময়ৰ গৱেষক ছাত্ৰসকলৰ সহযোগত তথা বিভাগৰে অধ্য়াপক সুবাসনা মহন্তৰ উদ্যোগত উদ্ভাস (udbhash) ই-পত্ৰিকাখনৰ এটা সংখ্যা প্ৰকাশ হৈছিল। এই সংখ্যাটোৰ সম্পাদক আছিল নৱ কুমাৰ চমুৱা আৰু কাৰিকৰী সম্পাদনাৰ দায়িত্বত আছিল সচ্ছিদানন্দ শইকীয়া। বিভিন্ন কাৰণত পত্ৰিকাখনৰ পৰৱৰ্তী সংখ্যাসমূহ প্ৰকাশ নাপালে। সম্প্ৰতি সুদীৰ্ঘ দহ বছৰৰ মূৰত নক্সা প্ৰকাশনৰ উদ্যোগত এই ই-পত্ৰিকাখনৰ নতুন পৰ্ব আৰম্ভ কৰা হৈছে।
অসমীয়া ভাষাত ই-আলোচনী বা ই-পত্ৰিকাৰ যাত্ৰাটো বহুত বেছি সুষম নহয়। এটা সময়ত শতাধিক অসমীয়া ই-আলোচনী প্ৰকাশ হৈছিল যদিও আজিৰ তাৰিখত দুই-এখনৰ বাহিৰে সৰহসংখ্যকেই মৃত। ২০০০ চনৰ দশকৰ পৰা অসমীয়াত ই-আলোচনীৰ এটা জোৱাৰ আহিছিল। বহুকেইখন উচ্চমানৰ ই-আলোচনী (যেনে— এনাজৰী, মুক্ত চিন্তা, সাঁকো, অসমীয়া ই-আলোচনী আদি) প্ৰকাশ পাইছিল আৰু এতিয়াও কিছুমান চলি আছে। কিন্তু সমস্যাটো হ’ল, বহু ক্ষেত্ৰত দেখা যায় যে অতি উৎসাহেৰে আৰম্ভ হোৱা আলোচনীসমূহ ২/৩টা সংখ্যা প্ৰকাশ হোৱাৰ পাছতে বন্ধ হৈ পৰে। ধাৰাবাহিকতা ৰক্ষা কৰাটো ইয়াত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিয়ে। ইয়াৰ কাৰণ হৈছে, প্ৰতি বছৰে আলোচনীসমূহৰ বাবদ পাঁচৰপৰা বিশ হাজাৰ পৰ্যন্ত টকা খৰছ কৰিবলগীয়া হয়। ই-আলোচনী বা পত্ৰিকা এখন প্ৰকাশৰ বাবে যিমান পৰিমাণৰ অৰ্থ ব্যয় হয়, সিমানখিনি আলোচনীখনে উপাৰ্জন কৰিব নোৱাৰে। মুদ্ৰিত আলোচনী এখনৰ অন্ততঃ বিজ্ঞাপন বা বিক্ৰীৰ এটা আৰ্হি ব্যৱস্থাপনা থাকে। কিন্তু অসমীয়া ই-আলোচনীসমূহৰ সৰহভাগেই সম্পূৰ্ণ অবাণিজ্যিক আৰু ব্যক্তিগত বা গোটীয়া প্ৰচেষ্টাৰে পৰিচালিত।পাঠকে ডিজিটেল সমলৰ বাবে ধন দিয়াৰ মানসিকতা এতিয়াও সম্পূৰ্ণকৈ গঢ়ি উঠা নাই। বিজ্ঞাপনদাতা সকলেও ই-আলোচনীতকৈ ছচিয়েল মিডিয়া বা মূলসুঁতিৰ ৱেবছাইটতহে বিনিয়োগ কৰিব খোজে। ইয়াৰ ফলত ৱেব হ’ষ্টিং, ডমেইন নবীকৰণ আৰু কাৰিকৰী খৰচখিনিও মূৰকত জেপৰ ধন ভাঙি কৰিবলগীয়া হয়, যাৰ বাবে এটা সময়ত উদ্যোক্তাসকল ভাগৰি পৰে।
অসমীয়া ই-আলোচনী প্ৰকাশৰ ক্ষেত্ৰত, আৰম্ভণিৰ দিনবোৰত ইউনিক’ড (Unicode) ব্যৱহাৰৰ জটিলতা আছিল। বৰ্তমান ইউনিক’ডৰ ব্যৱহাৰ সহজসাধ্য হৈছে যদিও এটা আকৰ্ষণীয়, মোবাইল-উপযোগী ৱেবছাইট ডিজাইন কৰা আৰু তাৰ এচইঅ’ (SEO) কৰাৰ বাবে যি কাৰিকৰী জ্ঞানৰ প্ৰয়োজন, সেয়া বহুতৰে নাথাকে। ফলত সমল ভাল হ’লেও কেৱল ডিজাইন বা কাৰিকৰী ত্ৰুটিৰ বাবে পাঠক আঁতৰি যায়।
সাহিত্যিক ই-আলোচনী কিছু পৰিমাণে ওলাইছে যদিও পিয়াৰ-ৰিভিউড (Peer-reviewed) বা ইউজিচি-কেয়াৰ লিষ্টেড (UGC-CARE) মানদণ্ডৰ গৱেষণামূলক অসমীয়া ই-জাৰ্নেলৰ সংখ্যা তেনেই নগণ্য। গৱেষকসকলে এতিয়াও মুদ্ৰিত জাৰ্নেলকহে অধিক গুৰুত্ব দিয়ে, কাৰণ ডিজিটেল জাৰ্নেলসমূহৰ স্থায়িত্ব আৰু শৈক্ষিক গ্ৰহণযোগ্যতা লৈ বিশ্ববিদ্যালয় পৰ্যায়ত এতিয়াও সংশয় আছে। যদি কোনোবা এটা ই-জাৰ্নেলৰ ডমেইন (Domain) বা ৱেব হ’ষ্টিং নৱীকৰণ কৰা নহয়, তেন্তে সমগ্ৰ ৱেবছাইটটোৱেই ইন্টাৰনেটৰ পৰা নোহোৱা হৈ যাব পাৰে। বিশ্ববিদ্যালয়সমূহে ভয় কৰে যে আজি এজন শিক্ষকে যিটো লিংকৰ আধাৰত পদোন্নতি পালে, ১০ বছৰ পিছত হয়তো সেই লিংকটোৱে কাম নকৰিবও পাৰে। কিন্তু আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে মানসিক। আমাৰ শৈক্ষিক জগতৰ নীতি-নিৰ্ধাৰকসকলৰ বেছিভাগেই পুৰণি প্ৰজন্মৰ, যিসকলে কিতাপ বা জাৰ্নেল হাতত লৈহে পঢ়ি ভাল পায়। তেওঁলোকৰ বাবে "ৱেবছাইটত ওলোৱা লেখা" আৰু "ফেচবুক/ব্লগত ওলোৱা লেখা"ৰ মাজৰ পাৰ্থক্যটো বহুত ধোঁৱা-কোঁৱা। তেওঁলোকে ভাবে যে ডিজিটেল মাধ্যমত গুৰুত্ব কম আৰু ইয়াত কপি-পেষ্ট (Plagiarism) কৰা সহজ।
উদ্ভাসৰ এই নতুন পৰ্বত এই ই-জাৰ্নেলখনক এটা পৰ্যায়লৈ নিব পৰাকৈ আমি পৰিকল্পনা কৰিছোঁ। লেখক-পাঠকৰ প্ৰয়োজন সাপেক্ষে ইয়াৰ প্ৰিণ্ট কপিও উপলব্ধ কৰা হৈছে। আনহাতে এমাজন কিণ্ডলত (www.amazon.in, Kindle Direct Publishing) ই-জাৰ্নেল হিচাপেও উপলব্ধ কৰা হৈছে -- যাতে যিকোনো লেখক-পাঠক-গৱেষকে, সহজতে আৰু সুলভ ৰূপত এই পত্ৰিকাখনৰ সন্ধান কৰিব পাৰে। আশা কৰোঁ, এই তিনিওটা মাধ্যমেই এই ই-পত্ৰিকাখনক স্থায়িত্ব দিব আৰু লেখক-গৱেষক-পাঠকৰ চিন্তা-গৱেষণাৰ খোৰাক যোগাব।।
Comments
Post a Comment